অসমৰ বানপানী অসমীয়া ৰচনা
AssamQna
Asomor banpani essay in assamese
Axomor banpani essay
আৰম্ভণি : অসম এখন সমস্যাৰে জৰ্জৰিত ৰাজ্য । অতীতৰে পৰা নানা সমস্যাই অসমক জুমুৰি দি আহিছে । তাৰ এটি প্রধান সমস্যা হ’ল অসমৰ বানপানী সমস্যা ।
বানপানী হোৱাৰ কাৰণ : অসম এখন নদীমাতৃক দেশ । মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি নানান নদ - নদীৰে অসমখন ভৰি আছে । বাৰিষা থৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নাশুকায় । কিন্তু বাৰিষা পানী উপচি প্ৰায়ে পাৰ বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে । ১৯৫০ চনৰ ভূমিকম্পৰ পাছৰে পৰা অসমত প্ৰায়ে প্ৰতি বছৰে প্ৰৱল বানপানী হৈ থকা দেখা গৈছে । ইয়াৰ উপৰি মানুহৰ অসাৱধানমূলক কিছুমান কৰ্মৰ ফলত সৰু - সুৰা নৈবোৰৰ পানী জমা হৈয়ো কৃত্রিম বানৰ সৃষ্টি হয় ।
বানপানীৰ পৰা হোৱা ক্ষয় - ক্ষতি : বানপানীৰ ফলত ৰাস্তা - ঘাট , আলি - পদূলি , ঘৰ - দূৱাৰ , খেতি - বাতি আদি ধ্বংস বা নষ্ট হোৱাৰ উপৰি মানুহকে আদি কৰি বহুতো জীৱ - জন্তুৱে প্ৰাণ হেৰুৱাব লগা হয় । বানপানী শুকাই যোৱাৰ পিছতো বিভিন্ন সমস্যা আৰম্ভ হয় । বানপানীয়ে এৰি যোৱা আৱৰ্জনাৰ ফলত পৰিৱেশ দূষিত হয় । মানুহৰ লগতে জীৱ - জন্তুৰো নানান বেমাৰ হয় । প্রতি বছৰে বানপানীয়ে দুর্যোগ সৃষ্টি কৰি অহাৰ বাবে অসম অর্থনৈতিকভাৱে সদায় ক্ষতিগ্রস্ত হৈ আহিছে ।
বানপানীৰ পৰা হোৱা উপকাৰ : বানপানীয়ে অকল অপকাৰেই কৰে এনে নহয় । অসমৰ পথাৰত বানপানীয়ে প্ৰচুৰ পলস পেলাই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে আৰু আবৰ্জনাবোৰ আতঁৰাই নিয়ে ।
বানপানী প্ৰতিৰোধৰ উপায় : অসমত প্ৰতিবছৰে বানপানীৰ পৰা হোৱা ক্ষয় - ক্ষতিলৈ মন কৰি বান নিয়ন্ত্ৰণৰ বাবে উচিত পদক্ষেপ লোৱাটো অতি জৰুৰী হৈ পৰিছে । বৈজ্ঞানিক পদ্ধতিৰে নদীসমূহৰ গতি নিয়ন্ত্রণ , মথাউৰি নিৰ্মাণ , নদীৰ অতিৰিক্ত পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰা , নদীসমূহৰ ভূ - গর্ভ দ কৰাৰ ব্যৱস্থা কৰা আদি পদক্ষেপ চৰকাৰে অনতিপলমে লোৱা উচিত ।
সামৰণি : বানপানী এক প্রাকৃতিক পৰিঘটনা । ইয়াক নোহোৱা কৰিব পৰা নাযায় । কেৱল মাত্ৰ ইয়াৰ পৰা হোৱা ক্ষয় - ক্ষতি কৰিবলৈ পৰিকল্পিতভাৱে আগবঢ়া ভাল । চৰকাৰে এইক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।
