তোমাৰ জীৱনৰ লক্ষ্য অসমীয়া ৰচনা AssamQna Tomar jibonor lakhya assamese essay Essay in assamese

তোমাৰ জীৱনৰ লক্ষ্য অসমীয়া ৰচনা
AssamQna
Tomar jibonor lakhya assamese essay
Essay in assamese


তোমাৰ জীৱনৰ লক্ষ্য অসমীয়া ৰচনা AssamQna Tomar jibonor lakhya assamese essay Essay in assamese



আৰম্ভণি : কোনো এক নির্দিষ্ট স্থানত উপনীত হোৱা সংগ্ৰামৰ নামেই হৈছে লক্ষ্য । প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত । লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নোহোৱা নাওঁৰ দৰে । কিন্তু ব্যক্তি এজনে তেওঁৰ দক্ষতা অভিৰুচি অনুসৰি লক্ষ্য নিৰ্ধাৰণ কৰা উচিত । 

জীৱনৰ লক্ষ্য : আন বহুতৰ দৰে ময়ো মোৰ অভিৰুচি অনুসৰি জীৱনৰ এক লক্ষ্য বুকুত বান্ধি লৈছোঁ । মোৰ জীৱনৰ লক্ষ্য হৈছে এজন শিক্ষক হোৱা । ছাত্র জীৱনেই হৈছে লক্ষ্য স্থিৰ কৰা সঠিক সময় । সেয়ে মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি তাত উপনীত হ'বলৈ যত্ন কৰি আছোঁ । 

লক্ষ্য বাছি লোৱাৰ কাৰণ / লক্ষ্য নিৰ্ধাৰণৰ কাৰণ : এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত এজন আদর্শ শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । সেয়ে মোই এজন প্রকৃত শিক্ষক হ'ব বিচাৰোঁ । শিক্ষক এজন হৈছে সকলোৰে ভাল বন্ধু , দার্শনিক আৰু পথ - প্ৰদৰ্শক যিয়ে তেওঁৰ উচ্চ নৈতিক , সৎ আৰু আদৰ্শ জীৱন শৈলীৰ জৰিয়তে অকল ছাত্র - ছাত্রীসকলোকে নহয় , তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহক সুশিক্ষা দিয়ে । শিক্ষকে নিজৰ জ্ঞানৰ পোহৰেৰে এখন অন্ধকাৰ সমাজ পোহৰাই তুলিব পাৰে । শিক্ষকে নিজৰ দক্ষতাৰে এজন ছাত্রক ডাক্তৰ , ইঞ্জিনিয়াৰ , উকীল অথবা এজন সুনাগৰিক হ'বলৈ প্ৰস্তুত কৰি তোলে । সকলোকে মানৱীয় গুণৰ শিক্ষা দিয়া শিক্ষক পদটো মই মোৰ জীৱনৰ লক্ষ্য হিচাপে নির্বাচন কৰাৰ কাৰণ অনেক । শিক্ষকৰ সুআদর্শ তথা আন আন কাৰণে মোক শিক্ষক হ'বলৈ অনুপ্ৰেৰণা যোগাইছে ।

লক্ষ্যত উপনীত হোৱাৰ উপায় : জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ আত্মবিশ্বাসৰ লগতে চেষ্টাৰ প্ৰয়োজন । মই মোৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰকাৰে প্ৰস্তুতি চলাই আছোঁ । মই যিহেতু এতিয়া এজন শিক্ষার্থী গতিকে বর্তমান মই এজন ভাল ছাত্র হোৱাৰ চেষ্টা কৰি আছোঁ । আজৰি সময়ত ভাল ভাল কিতাপ পঢ়াৰ অভ্যাস কৰি আছোঁ যাতে সকলো আকাৰৰ জ্ঞান আয়ত্ব কৰিব পাৰোঁ । ভবিষ্যতেও উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ স্থিৰ কৰিছোঁ আশা কৰিছো যে এই প্রস্তুতিসমূহে মোক এজন প্রকৃত শিক্ষক হোৱাত সহায় কৰিব |

সামৰণি : লক্ষ্য সাধনৰ বাবে প্ৰয়োজন অধ্যাৱসাৰ । ' যত্ন কৰিলে ৰত্ন পায় ' কথাষাৰ মনত পুতি লৈ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে একাগ্র চিত্তে শিক্ষা সাধনত ব্ৰতী হৈ আছোঁ । মোৰ দৃঢ় বিশ্বাস যে মই এদিন মোৰ লক্ষ্যত উপনীত হৈ নিজক প্রতিষ্ঠিত কৰাৰ লগতে মোৰ সমাজ তথা দেশখনক উপকৃত কৰিব পাৰিম ।

*

Post a Comment (0)
Previous Post Next Post