বিজ্ঞানৰ অৱদান অসমীয়া ৰচনা
AssamQna
Bigyanor Abodan Assamese essay
আৰম্ভণি : আজি মানৱ সভ্যতাই যি স্তৰত আহি উপনীত হৈছে তাক লৈ আমি মানৱ জাতি গৌৰৱান্বিত , মানর সভ্যতাৰ এই বিকাশ বিজ্ঞান ৰ ফলশ্রুতি বুলি কব লাগিব । বিজ্ঞানে মানুহৰ জ্ঞানৰ জখলাৰে আগবহাই আনি আজিৰ এই সু সভ্য অৱস্থাত উপনীত কৰাইছেহি । আদিম অৱস্থাত মানুহে উলংগ জীৱন যাপন কৰি , গছৰ বাকলি পিন্ধি , হাবিৰ ফল মূল আৰু জীৱ জন্তু খাই জীৱন ধাৰণ কৰাৰ পৰা বৰ্তমান বিলাসী জীৱন যাপন কৰি মহাকাশ দপদপাই থকা লৈকে সকলো বিজ্ঞানৰেই অৱদান সেয়েহে কোৱা হয় আজিৰ যুগ বিজ্ঞানৰ যুগ ।
অৱদান : বিজ্ঞানৰ অৱদান ৰ কথা অন্তহীন বাখ্যাৰেও শেষ কৰিব নোৱাৰি । আজি আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত পৰা লৈকে গোটেই সময়খিনি বিজ্ঞানৰ লগতেই থাকো । আন আন দিশৰ লগতে যাতায়ত , যোগাযোগ , চিকিৎসা , কৃষি , শিক্ষা আদি সকলো দিশতে বিজ্ঞানে পৰিবৰ্তন আনি দিছে । আ U জি বিজ্ঞানৰ উদ্ভাৱন দ্রুতবেগী যানবাহন , আকাশীযান , আদিয়ে দেশ বিদেশ ভ্রমণ কৰাটো সহজ কৰি তুলিছে । আজি ছুপাৰ ইণ্টাৰনেট ব্যৱস্থাই গোটেই পৃথিৱী খনকে এক গ্লোবেল ভিলেজ ত পৰিণত কৰিছে । হাতত সৰু এটা মোবাইল লৈয়েই পৃথিৱীৰ যিকোনো মানুহৰ লগত কথা পাতিব পাৰি । চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে দুৰাৰোগ্য ৰোগ ব্যাধি ৰোধ কৰাৰ লগতে মানুহৰ আয়ুস বৃদ্ধি হৈছে । কৃষি ক্ষেত্ৰত ন ন সঁজুলিৰ উদ্ভাৱন , উন্নত বীজ , সাৰ আদিৰ প্ৰয়ুগৰে কৃষকৰ কষ্ট লাঘৱ কৰাৰ লগতে উৎপাদন বৃদ্ধি কৰিছে । শিক্ষাৰ ক্ষেত্ৰত কব পাৰি আজিৰ ছাত্ৰ ছাত্ৰী এজনে কম্পিউটাৰৰ সন্মুখত বহি ইণ্টাৰনেট ৰ জৰিয়তে গোটেই পৃথিৱীৰ জ্ঞানৰ তথ্য পাব পাৰে । আজিৰ covid 19 r মহামাৰীৰ সময়ত ইন্টাৰনেট এ অনলাইন ক্লাছ কৰাত বহুত সুবিধা দিছে । মুঠতে আজি বিজ্ঞানে অসাধ্য সাধনেৰে গোটেই বিশ্বত বিজ্ঞান বিপ্লৱৰ সূচনা কৰিছে ।
অপকাৰ : বিজ্ঞানৰ ভাল দিশৰ লগতে অপকাৰী দিশ ও আছে । আজি সমগ্র বিশ্বতে ভয়াবহ সমস্যা ৰূপে মূৰ দাঙি উঠা পৰিবেশ প্ৰদূষণ , " বায়ু প্ৰদূষণ , জল প্ৰদূষণ , শব্দ প্ৰদূষণ আদিবোৰৰ বাবে জগৰীয়া বিজ্ঞানৰ অবদানবোৰ । সিফালে খাদ্য সম্ভাৰত ব্যৱহাৰ কৰা নানা ৰাসায়নিক পদাৰ্থই মানুহৰ শৰীৰত বৰ বিহৰ কাম কৰিছে । বিধ্বংসী অস্ত্ৰ সস্ৰ বোৰে মানুহৰ জীৱনটো ভাবুকি কহিয়াই আনিছে । মোবাইল ইণ্টাৰনেটৰ পন্য ছবিয়ে ছাত্র সমাজত বিপদ গমি কৰিছে । মুঠতে বিজ্ঞানৰ উদ্ভাবনে মানুহৰ স্বাভাবিক চিন্তা ধাৰা কলুষিত কৰি মানুহৰ মানৱতা মশিমুৰ কৰি পেলাইছে ।
সামৰণি : বিজ্ঞান যদি মানৱ জাতিৰ বাবে ধ্বংসৰ কাৰণ হয় তেন্তে ই নিছয় কৈ গৌৰবৰ বিষয় হব নোৱাৰে । কিন্তু মানুহে জীৱ শ্রেষ্ঠ হিচাপে যদি বিজ্ঞানৰ ধ্বংসকাৰি দিশ বোৰ ত্যাগ কৰি ইয়াৰ উদ্ভাৱন দিশ বোৰ সৃষ্টিমূলক কামত প্ৰয়োগ কৰিব পাৰে তেন্তে ই মানৱ জাতিৰ বাবে আশীৰ্বাদ হৈ পৰিব ।
