অসমৰ প্ৰাকৃতিক সম্পদ অসমীয়া ৰচনা
AssamQna
Asomor prakritik sampad assamese essay
আৰম্ভণি : প্ৰকৃতিৰ বুকুত মুক্তভাৱে পোৱা বা প্ৰকৃতিৰ বুকুত উদ্ভব হোৱা সম্পদেই প্রাকৃতিক সম্পদ । দেশ এখনৰ সামগ্রিক উন্নয়নত প্রাকৃতিক সম্পদৰ গুৰুত্ব অপৰিসীম । যিখন দেশ প্রাকৃতিক সম্পদত চহকী , সেইখন দেশৰ সামগ্রিক উন্নয়নৰ পথ সিমানে প্রশস্ত । ভাৰতৰ পূৰ্ব প্ৰান্তত অৱস্থিত অসম নামৰ প্ৰদেশখনো প্রাকৃতিক সম্পদত ভাৰতৰ আন আন প্ৰদেশৰ তুলনাত ঈৰ্ষাজনক ভাৱে চহকী ।
প্রাকৃতিক সম্পদৰ প্ৰকাৰ : অসমৰ গাঁৱে - ভূয়ে , পাহাৰে পৰ্বতে , হাবি - জঙ্গলে , ভূমিয়ে - নদীয়ে অলেখ - অপাৰ সম্পদ যেন প্রকৃতিদেৱী নিজ হাতে অসমী আইৰ সন্তানসকলৰ বাবে চিৰদিন সঞ্চয় কৰি ৰাখিছে । অসমৰ এনে অলেখ - অপাৰ প্ৰাকৃতিক সম্পদক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰিব পাৰি , যথা : ( ক ) বনজ সম্পদ ( খ ) খনিজ সম্পদ ( গ ) জলজ সম্পদ আৰু ( ঘ ) কৃষিজ সম্পদ ।
বনজ সম্পদ : অসমৰ বনজ সম্পদক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি যেনে- ( ১ ) গছ - গছনি আৰু ( ২ ) জীৱ - জন্তু । অসমৰ হাবি - বননিত বহুমূল্যবান গছ গছনি যথা - শাল , চেগুণ , তিতাচপা , গামেৰী , শিশু , চন্দন , অগৰ আদি যথেষ্ট পৰিমাণে পোৱা যায় । এইবোৰৰ দ্বাৰা গৃহ নির্মাণ , আচৱাব - পত্ৰ নিৰ্মাণ , ৰেলৰ শিপাৰ নিৰ্মাণ আদি কামত ব্যৱহাৰ কৰা হয় । চন্দন , অগৰ আদি ঔষধ আৰু সুগন্ধি তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয় । নাও তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা চাও গছো অসমত পোৱা যায় । শিমলু গছ প্লাইউড উদ্যোগত ব্যৱহাৰ কৰা হয় । অসমৰ হাবিত গছ - গছনিৰ উপৰিও অন্যান্য জীৱ - জন্তু , চৰাই - চিৰিকতি পোৱা যায় । জন্তুবোৰৰ ভিতৰত বাঘ , ভালুক , সিংহ , হৰিণ , বান্দৰ , হাতী , গড় আদি উল্লেখযোগ্য । অসমৰ এশিঙ্গিয়া গড় বিশ্ব বিখ্যাত । ই অসমৰ এদনীয়া সম্পদ । অসমৰ হাবিত পোৱা চৰাই - চিৰিকতিৰ ভিতৰত মইনা , কাউৰী , ভাটো , মৰা চৰাই , ধনেশ , বাদুলী , কাউৰী , কেতেকী আদি যথেষ্ট পৰিমাণে পোৱা যায় । এই বনজ সম্পদবোৰৰ ওপৰত ভিত্তি কৰি অসমত কেইবাটাও উদ্যোগ গঢ়ি উঠিছে যেনে- দিয়াচলাই উদ্যোগ , প্লাইউড উদ্যোগ , কাগজ উদ্যোগ , বনস্পতি উদ্যোগ , আদি । অসমে প্রতি বছৰে প্ৰাকৃতিক সম্পদ আহৰণ কৰি আৰু সেইবোৰ বিদেশলৈ ৰপ্তানি কৰি যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰে ।
খনিজ সম্পদ : বনজ সম্পদৰ দৰে খনিজ সম্পদতো অসম অন্যান্য ভাৰতীয় ৰাজ্যবোৰৰ তুলনাত ঈর্ষাজনকভাৱে চহকী । অসম খাৰুৱা তেলৰ বাবে ভাৰত বিখ্যাত । অসমত কয়লা যথেষ্ট পৰিমাণে পোৱা যায় । অসমৰ লিডু মাৰ্ঘেৰিটা , বৰ গোলাই , টিপয় মাকুম আদিত কয়লাৰ খনি আছে । কয়লাবোৰ বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয় । প্রতিবছৰে অসমে কয়লাৰ পৰা যথেষ্ট ৰাজহ লাভ কৰে । অসমৰ ডিগবৈ , নাহৰকটীয়া , মৰাণ , লাকুৱা , হুগ্ৰীজান আদিত তেলৰ পুং আৱিষ্কাৰ হৈছে । অসমত চূণশিলো পোৱা যায় । ইয়াক চিমেন্ট কাৰখানাত ব্যৱহাৰ কৰা হয় । ইয়াৰ উপৰি অসমত বালিচন্দা , সোণ আৰু লোৰ আকৰ পোৱা যায় । অসমৰ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি বঙাইগাও , গুৱাহাটীৰ নুনমাটি , ডিগবৈ আদিত তেল শোধানাগাৰ স্থাপন কৰা হৈছে ।
জলজ সম্পদ : জলজ সম্পদৰ ভিতৰত অসম ভাৰতৰ ভিতৰত চহকী ৰাজ্য । অসমত যথেষ্ট নদ - নদী আছে । ব্রহ্মপুত্ৰ অসমৰ প্ৰধান নৈ । ইয়াৰোপৰি বাৰিষা কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয় । ফলত অসমৰ জলজ সম্পদ ইমানেই বৃদ্ধি পায় যে অসমীয়া মানুহে সেইবোৰৰ ব্যৱহাৰ কৰিব নোৱাৰাত বিশ্বই অসমবাসীক অকর্মণ্য আৰু সম্পদৰ মূল্য নুবুজা জাতি বুলি গালি দিয়ে । অসমৰ জলভাগত মাছ কাছ , জলজ উদ্ভিদ আদি যথেষ্ট পৰিমাণে উৎপন্ন হয় । কৃষিজাত সম্পদ : কৃষিজাত সম্পদকো প্রাকৃতিক সম্পদ হিচাপে ধৰিব হয় । কিয়নো ভূমিৰ সাৰুৱা গুণৰ বাবেই কৃষিজাত সামগ্রী উৎপাদন সম্ভৱ হয় । অসমত ধান , মাহ , সৰিয়হ , মৰাপাট , তামোল , কঁঠাল , মাটি কঁঠাল আদি যথেষ্ট পৰিমাণে উৎপন্ন হয় । অসমৰ এৰি , মুগা আদিও প্রাকৃতিক সম্পদ । এইেবাৰ সম্পদৰ ওপৰত ভিত্তি কৰি পলু পোহা হয় ।
সামৰণি : মুঠতে অসমখন প্ৰকৃতিৰ বাৰেমিহলি সম্পদৰে মেটমাৰি আছে । মাত্র আমি অসমীয়াসকলহে সেইবোৰৰ মূল্য বুজিব পৰা নাই । অসমৰ প্ৰাকৃতিক সম্পদৰাজি উপযুক্তভাৱে কামত লগাব পাৰিলে আৰু কৰ্ম বিমুখ অসমীয়া লোকে আলস্য এৰি অসমৰ প্রাকৃতিৰ সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰিলে , অসম ভাৰতৰ ভিতৰতে চহকী প্ৰদেশত পৰিণত হ'ব আৰু অসমৰ নিৱনুৱা সমস্যা ও সমাধান হ'ব । শেষত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাত ক'ব পৰি
“ আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হম ,
সকলো আছিল , সকলো আছে
নুশুনো নলও গম । "
