পৰিৱেশ প্ৰদূষণ অসমীয়া ৰচনা Paribekh pradukhan assamese essay AssamQna

পৰিৱেশ প্ৰদূষণ অসমীয়া ৰচনা
Paribekh pradukhan assamese essay
AssamQna


পৰিৱেশ প্ৰদূষণ অসমীয়া ৰচনা Paribekh pradukhan assamese essay AssamQna



আৰম্ভণি : আমি বাস কৰা ঠাইৰ চাৰিওফালৰ বায়ু , পানী , মাটি আদিৰ অৱস্থা আৰু এই বোৰে দেখুওৱা গুণ ধৰ্মই হ'ল সহজ অৰ্থত পৰিবেশ , আৰু বিভিন্ন উপাদানৰ দ্বাৰা স্বাভাৱিক পৰিবেশৰ অৱনতি ঘটাকে পৰিবেশ প্ৰদূষণ বোলা হয় ।

পৰিবেশ প্ৰদূষণৰ প্ৰকাৰ : পৰিবেশ প্ৰদূষণৰ প্ৰকাৰ সমূহ সংক্ষেপে এনেদৰে ভাগ কৰিব পাৰি 
( ক ) বায়ু প্ৰদূষণ 
( খ ) পানী প্ৰদূষণ 
( গ ) মাটি প্ৰদূষণ 
( ঘ ) শব্দ প্ৰদূষণ

বায়ু প্ৰদূষণ আৰু ইয়াৰ কাৰণ : বায়ুমণ্ডলত থকা উপাদান সমূহৰ পৰিমাণৰ ভাৰসাম্যহীন অৱস্থা হোৱাকে প্ৰদূষণ বুলিব পাৰি । বায়ু প্ৰদূষণৰ মূল কাৰণ হৈছে অত্যধিক পৰিমাণত জীৱাশ্ম ইন্ধন ব্যবহাৰ কৰা।বিভিন্ন ধৰণৰ গাড়ী মটৰ , উদ্যোগ বা কল কাৰখানাত জীৱাশ্ম ইন্ধন কৰা হয় । এই বোৰৰ পৰা ওলোৱা ধোঁৱাত মৰাত্মক ছালফাৰ ডাই অক্সাইড , কার্বন ডাই অক্সাইড আদিৰ পৰিমাণ বেছি থাকে আৰু বায়ুত মিহলি হৈ বায়ু দূষিত কৰে । কিছুমান প্রাকৃতিক ঘটনা যেনে আগ্নেয়গিৰি উদিগৰণ , বনজুই আদিয়েও বায়ু প্ৰদূষিত কৰে ।

পানী প্ৰদূষণ : পানীত যেতিয়া অলাগতিয়াল দ্রব্য দ্ৰৱীভূত হয় , তেতিয়া পানীয়ে নিজস্ব গুণ হেৰুৱাই ; তেতিয়াই পানী প্ৰদূষণ হোৱা বুলি ক'ব পাৰি ৷ বিভিন্ন কল কাৰখানা , চিকিৎসালয় , নগৰ আদিৰ পেলনীয়া দ্ৰব্য সমূহ বৈজ্ঞানিক পদ্ধতিৰে নিষ্পতি নকৰি পানীৰ উৎস সমূহত পেলাই দিয়া হয় । ফলত সেই আবৰ্জনাবোৰ গেলি পচি পানী দূষিত কৰে।তাৰোপৰি পানীৰ উৎস সমূহত জীৱ জন্তুৰ মল মূত্ৰ পেলোৱা , গা ধোৱা , কাপোৰ ধোৱা আদি কাৰ্য্যৰ ফলতো পানী দূষিত হয়।খেতিৰ মাটিত বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলতো পানী দূষিত হয় ।

মাটি প্ৰদূষণ : মাটিৰ উপাদান সমুহৰ লগত যেতিয়া অতিৰিক্ত বা অলাগতিয়াল উপাদান মিহলি হয় , তেতিয়া মাটিয়ে নিজস্ব গুণ হেৰুৱাই আৰু তাকে মাটি প্ৰদূষণ হোৱা বুলি কোৱা হয় । মাটিত সহজে পচি নোযোৱা বস্তু যেনে পলিথিন , প্লাষ্টিক জাতীয় বস্তু মাটিত পেলাই দিয়া , খেতিৰ মাটিত কীটনাশক দ্ৰব্য আৰু ৰসায়নিক সাৰ আদি প্ৰয়োগ কৰা ইত্যাদি বোৰ কাৰণত মাটি প্ৰদূষণ হয় ।

শব্দ প্ৰদূষণ : শব্দ প্ৰদূষণেও আমাৰ পৰিবেশৰ স্বাভাৱিক প্ৰক্ৰিয়াত বাধা জন্মায় । আমাৰ দৈনন্দিন জীৱন যাপনত যিবোৰ শব্দই আমনি লগায় বা অশান্তি দিয়ে , সেই বোৰেই হৈছে শব্দ প্ৰদূষণ । শব্দ প্ৰদূষণে আমাৰ শ্ৰৱণেন্দ্ৰীয়ত বিৰূপ ক্রিয়া কৰে । শব্দ প্ৰদূষণৰ মূল উৎস সমূহ হৈছে বিভিন্ন প্ৰকাৰৰ গাড়ী মটৰ , কল কাৰখানা ইত্যাদি ।

পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় : বৰ্তমান যুগত যিদৰে বৰ্দ্ধিত মাত্ৰাত পৰিবেশ প্ৰদূষণ হৈছে তাক সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰিলেও কিছুমান পদক্ষেপ গ্রহণ কৰিলে বহু পৰিমাণে নিয়ন্ত্ৰিত কৰিব পৰা হ'ব । এই পদক্ষেপ সমূহ এনেধৰণৰ --
( ক ) গছ গছনিয়ে যিহেতু বায়ু বিশুদ্ধ কৰি ৰাখে সেয়ে অধিক পৰিমাণত বৃক্ষ ৰোপণ কৰিব লাগে । 
খ ) জাবৰ জোথৰ বা পেলনীয়া আবৰ্জনাবোৰ য'তে ত'তে পেলাই নিদি বৈজ্ঞানিক পদ্ধতিৰে নিষ্পতি কৰা দৰকাৰ । 
( গ ) পলিথিনৰ ব্যৱহাৰ হ্ৰাস কৰি মৰাপাট বা সূতাৰ বেগ ব্যবহাৰ কৰিব লাগে । 
( ঘ ) মাটিত সহজে পচি নোযোৱা বস্তু যেনে প্লাষ্টিক , পলিথিন আদিৰ বস্তু পেলাই বা জ্বলাই নিদি পুনঃ উৎপাদনৰ বাবে পঠাব লাগে ।
( ঙ ) খেতিৰ মাটিত ৰসায়নিক সাৰৰ পৰিবৰ্তে প্ৰাকৃতিক ভাবে প্রস্তুত কৰা সাৰ প্রয়োগ কৰিব লাগে আৰু কীটনাশক দ্ৰব্য প্ৰয়োগৰ মাত্রা হ্ৰাস কৰিব লাগে । 
( চ ) কম দূৰত্বৰ যাতায়তৰ বাবে গাড়ী মটৰৰ সলনি চাইকেল ব্যবহাৰ লাগে । 
( ছ ) জীৱাশ্ম ইন্ধনৰ সলনি সৌৰশক্তি আৰু জলবিদ্যুতৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে । 

এই বোৰৰ উপৰিও অত্যধিক জনসংখ্যা বৃদ্ধিও যিহেতু পৰিবেশ প্ৰদূষণৰ অন্য এক কাৰণ , সেয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে যথোচিত আঁচনি গ্রহণ কৰা উচিত ।

সামৰণি : প্রাকৃতিক ভাৰসাম্য ৰক্ষা হ'লেই পৰিবেশ সুস্থ থাকে আৰু সুস্থ প্রাকৃতিক পৰিবেশ জীৱকূলৰ বাবে অতি দৰকাৰী । পৰিবেশ প্ৰদূষণে জীৱকূলৰ বাবে বিপজ্জনক সংকেত কঢ়িয়াই আনিছে । গতিকে আমাৰ পৰিবেশ বিশুদ্ধ আৰু স্বাস্থ্য সন্মত কৰি ৰাখিবলৈ প্ৰত্যেকেই যত্নপৰ হ'ব লাগে ।

*

Post a Comment (0)
Previous Post Next Post