কৰʼণা মহামাৰী অসমীয়া ৰচনা AssamQna
Korona mahamari assamese essay
Corona virus essay in assamese
আৰম্ভণি : মানৱ ইতিহাসৰ এটা ভয়াবহ ঘটনা হৈছে কৰণা মহামাৰী বা COVID - 19 ৰোগ । এই মহামাৰীয়ে গোটেই বিশ্বকে ত্রস্তমান আৰু স্তব্ধ কৰি পেলালে । লাখ লাখ মানুহৰ মৃত্যুৱে কঁপাই তুলিলে সকলোৰে অন্তৰ । এই মহামাৰী পৃথিৱী ব্যাপি সোঁচৰি পৰে , যাৰ ফলত অর্থনৈতিক , সামাজিক , শৈক্ষিক আদি সকলো দিশতে অপূৰণীয় ক্ষতি হ'ল ।
ৰোগৰ উৎপত্তি : " COVID - 19 " বা " Corona Virus Disease " ৰোগ বিধ " SARS - COV - 2 " ভাইৰাচৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ । এই ৰোগ প্ৰথমে ২০১৯ চনত , চীন দেশৰ য়ুহান চহৰত আৰম্ভ হৈছিল । ক্রমান্বয়ে এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰে আৰু গোটেই বিশ্বকে গ্ৰাস কৰি পেলায় ।
ৰোগৰ লক্ষণ আৰু সংক্ৰমণ : " COVID - 19 " ৰোগৰ মুখ্য লক্ষণ সমূহ হৈছে -- জ্বৰ , শুকান কাহ আৰু ভাগৰ লগা । গৌণ লক্ষণ সমূহ হৈছে মূৰ কামোৰণি , গাৰ বিষ , ডিঙি চেৰচেৰোৱা , পানী পায়খানা হোৱা , সোৱাদ আৰু গোন্ধ নোপোৱা , চকু ৰঙা পৰা ইত্যাদি । এই ৰোগৰ গুৰুতৰ লক্ষণ বোৰ হৈছে উশাহ লোৱাত কষ্ট পোৱা , বুকুৰ বিষ , কথা ক'ব নোৱাৰা আৰু খোজ কাঢ়িব নোৱাৰা ইত্যাদি । এই ৰোগ অতি সহজে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে।এই ৰোগত আক্ৰান্ত হোৱা এজন ব্যক্তিয়ে কাহিলে বা হাঁচি মাৰিলে বা কথা পাতোতে ওলোৱা কণিকা আন এজনৰ গাত পৰিলে ৰোগ সোঁচৰিব পাৰে।তাৰোপৰি আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা বা তেনে লোকে ব্যৱহাৰ কৰা বস্তু চুই চকু , নাক আৰু মুখত হাত লগালেও এই ৰোগ হ'ব পাৰে ।
অর্থনৈতিক দিশত প্ৰভাৱ : কৰণা মহামাৰীয়ে বিশ্বৰ অৰ্থনীতিক অধিক ক্ষতিগ্রস্ত কৰে।মহামাৰী নিয়ন্ত্ৰণৰ বাবে পৃথিৱীৰ প্ৰায় বোৰ দেশে তলাবন্ধ ( lock down ) ৰ ব্যৱস্থা গ্ৰহণ কৰে।দীঘলীয়া তলাবন্ধৰ ফলত প্ৰতিখন দেশৰে কৃষি , শিল্প , বাণিজ্য , যাতায়ত আদি সকলো দিশ বন্ধ হৈ পৰে।মুঠ ঘৰুৱা উৎপাদনৰ হাৰ দ্ৰুতগতিত নিম্নগামী হয়।ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ বন্ধ হৈ পৰাৰ ফলত অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হয় ।
সামাজিক দিশত প্ৰভাৱ : কৰণা মহামাৰীয়ে সমাজ জীৱনত বেয়াকৈ প্ৰভাৱ পেলায়।সামাজিক বা শাৰীৰিক দূৰত্ব বজাই ৰখাটো জৰুৰী হৈ পৰা বাবে সকলো ধৰণৰ সামাজিক অনুষ্ঠান , উৎসৱ পাৰ্বণ আদি বাতিল কৰা হয়।ফলত সমাজ জীৱনত এক অকল্পনীয় প্রতিবন্ধকে দেখা দিয়ে ।
শৈক্ষিক দিশত প্ৰভাৱ : কৰণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্কুল কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান দীৰ্ঘদিনৰ বাবে বন্ধ কৰি দিয়া হয় , ফলত ছাত্র ছাত্রী সকল আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগীয়া হয় । আনকি শিক্ষা বর্ষ কেইবামাহো ধৰি পিছুৱাই দিব লগা হয় ।
ল'বলগীয়া সাৱধানতা : কৰণা মহামাৰীৰ পৰা হাত সাৰি থাকিবৰ বাবে ল'ব লগা সাৱধানতা বোৰ হৈছে শাৰীৰিক দূৰত্ব বজাই ৰখা , মুখত মাক্স পৰিধান কৰা , ঘনাই চাবোনেৰে হাত ধোৱা ইত্যাদি ।
প্রতিষেধক : প্রতিষেধক হৈছে " COVID - 19 " ৰ দৰে মহামাৰী প্ৰতিৰোধ কৰাৰ একমাত্র উপায়।বছৰ জোৰা মহামাৰী সন্ত্ৰাসৰ পৰা মানৱ সমাজক মুক্ত কৰিবৰ বাবে বিভিন্ন দেশৰ বিষাণুবিদ আৰু অণুজীৱবিদ সকলে অহৰহ চেষ্টা কৰি আছে।তাৰে কেইটামান প্ৰতিষেধক মানৱ দেহত সফলতাৰে পৰীক্ষা কৰা হৈছে।ভাৰত বৰ্ষতো নিজাববীয়াকৈ Bharat Biotech আৰু Zydus Cadila নামৰ কোম্পানী দুটাই প্ৰতিষেধক প্ৰস্তুতৰ কাম সফলতাৰে আগবঢ়াইছে ।
সামৰণি : কৰণা মহামাৰীয়ে একবিংশ শতিকাৰ মানৱ সমাজক প্ৰায় পঙ্গু কৰি পেলালে । বিশ্বৰ প্ৰায়বোৰ দেশতে আক্রান্ত আৰু মৃত্যুৰ সংখ্যা অতি বেছি । সকলোৰে বাবে প্রতিষেধক উপলব্ধ নোহোৱালৈকে বা প্রতিষেধক দিয়া কাম শেষ নোহোৱালৈকে সকলোৱে এই তাৎক্ষণিক ভাৱে সোঁচৰা ৰোগ বিধৰ পৰা বাচি থাকিবলৈ ব্যক্তিগত সাৱধানতা লোৱা নিতান্তই প্রয়োজন । " COVID - 19 " ৰোগ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ , বিভাগীয় কর্তৃপক্ষ , ডাক্তৰ - নাৰ্চ আৰু অন্যান্য কৰ্মচাৰী সকলে যি ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিলে , সেয়া সঁচাকৈ প্ৰশংসনীয় ।
