প্ৰিয় সাহিত্যিক অসমীয়া ৰচনা
AssamQna
Priya khahitik assamese essay
Priya khahitik essay in assamese
আৰম্ভণি:- মই যি সকল ব্যক্তিৰ লিখনি পঢ়িছোঁ আটাইবোৰই মোৰ ভাল লাগে । অসমৰ সাহিত্য ক্ষেত্ৰৰ গুৰি ধৰোঁতা সকলৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা এজন লেখত লবলগীয়া সাহিত্যিক । মেধা আৰু পজ্ঞাৰ সাধনাৰে লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যিক জগত খনত নিজৰ নাম সোণালী আখৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে । পুৰণি ভঁৰালটোক নতুন দৃষ্টিৰে বিনন্দীয়া কৈ সঁজালে । এনে এগৰাকী সাহিত্যিক সকলো পাঠকৰ অনুপ্ৰেৰণাৰ উৎস । সকলো বয়সৰ পাঠকে তেখেতৰ ৰচনা ৰাজিৰ পৰা ৰস্বাদন কৰিব পাৰে । সেয়েছে এই গৰাকী সাহিত্যিকে মোৰ প্ৰিয় সাহিত্যিক হিচাপে বিবেচনা কৰিলোঁ । তেখেতৰ জীৱন দৰ্শন আৰু সাহিত্যক ৰসে মোক বৰকৈ আকৃষ্ট কৰে ।
বংশৰ পৰিচয় , জন্ম , শিক্ষা , বিবাহ:- 1868 চন । লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা । তেওঁ এজন মুকিফ আছিল । তেওঁ নগাঁওৰ পৰা বৰপেটালৈ বদলি হওঁতে বৰ লুইতৰ বুকুৰে বৰপেটালৈ গৈছিল । আৰু নাৱতে খানেশ্বৰী বেজবৰুৱা গৰ্ভত অসমৰ যোগ যুগান্তৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম হয় । লক্ষ্মী পূর্ণিমা তিথিত জন্ম হৈছিল বাবে তেওঁক লক্ষ্মীনাথ বেজবৰুৱাৰ নাম দিলে ।
তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলত পঢ়ে আৰু তাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰে আৰু কলিকতাত বি এ আৰু এম এ আৰু আইন পঢ়িছিল । তেওঁ কলিকতাত থকা কালতে বিখ্যাত ঠাকুৰ পৰিয়ালৰ কণ্যা প্রজ্ঞা সুন্দৰী লগত বিবাহ পাশত আবদ্ধ হয় ।
সাহিত্যক প্ৰভাৱ:- বেজবৰুৱাৰ কলিকতীয়া জীৱনে আনে তেওঁলৈ সাহিত্য সাধনাৰ অফুৰন্ত শক্তি আৰু অনুপ্ৰেৰণা ৰোমাণ্টিক কাবাদৰ্শনৰ ত্ৰিমূৰ্তি বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ কলিকতাত মিলন অসমীয়া সাহিত্য - ভাগতলৈ সৌভাগ্যৰ পটভূমি । তেওঁলোকৰ প্ৰচেষ্টাত প্রতিষ্ঠিত হয় অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু উদয় হয় মুখপত্র ' জোনাকী ” । জোনাকীয়ে অসমলৈ কঢ়িয়াই আনে নৱজাগৰণ । কাবা , গল্প উপন্যাস , প্রবন্ধ , কবিতাৰে ৰৌজাল - বৌজাল হৈ জোনাকীয়ে অসমৰ বুকুত শিহৰণ তুলিছিল বেজবৰুৱা আছিল ত্রি - মূৰ্তিৰ ভিতৰত সব্যসাচী । লঘু অথচ মধুৰ হাস্যৰসৰ ভঁৰাল " লিটিকাই ’ ৰে সাহিত্যিক জীৱনৰ পাতনি মেলি কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা , ' নোমন ' , ' পাচনি ' আদিৰে অসমৰ বুকুত হাঁহিৰ ৰোল তোলাৰ মাজেদি , বলীয়া , সোৰোপা খোদ অসমীয়া জাতিটোৰ অন্তৰত সঞ্জীবনী সুধা ঢালি প্ৰাণৰ সঞ্চাৰ কৰিলে ৷ বিশেষকৈ ' কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা'টো মেলি অসমীয়া জাতিক মৰমৰ বিদ্রূপ বাণীৰে থকা সৰকা কৰি জাতীয় চেতনা জগাই তুলিলে । হাঁহিব নজনা অসমীয়া -জাতিক তেখেতেই সর্বপ্রথমে নিলুষ হাস্যৰসৰ সন্ধান দিয়ে ।
' কবিতা হয় যদি হওক , নহয় যদি নহওক ' বুলি ৰচনা কৰা কবিতাবোৰ ' কদম কলি পুথিত সন্নিবিষ্ট কৰা গৈছে । এই কবিতাবিলাকৰ কেইটিমান কবিতাই এখানে যেনেকৈ বেজবৰুৱাৰ স্বাধীন - চিতীয়া স্বদেশ প্রেমিক অন্তৰ এখনত ভঁতৰি - এমৰি উঠা জাতীয় গৌৰৱগাথারূপে শ্ৰেষ্ঠতাৰ কবিতা দাবী কৰিব পাৰে , সেইদৰে কবিতা হিচাপেও শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে । বীপ বৰাগী , অসম সংগীত আদি এনে শ্রেষ্ঠ কবিতাৰ নিদর্শন । এই স্বদেশপ্রেমমূলক " কবিতাকেইটিত আক্ষেপ নাই , নৈৰাশ্য নাই , অৱসাদ নাই । সিবোৰত এটি সঞ্জীৱনী শক্তি বিৰাজ কৰিছে । " ধনবৰ আৰু ৰতনী , “ ৰতনীৰ বেজাৰ ” আদি গাথা কবিতাকেইটা ৰোমাণ্টিক ভাবধাৰাৰ অনুভূতিশীলতা , ভাব প্ৰৱণতা প্রকাশ- ভংগিমাৰ লীলায়িত গতি আৰু সংবেদনশীলতাৰ চূড়ান্ত নিদর্শন । বেজবৰুৱাৰ সকলোবোৰ কবিতাতে ছন্দোময় সুৰৰ অংকাৰ নাথাকিব পাৰে , তথাপি তেওঁৰ কৰি - হৃদয়ৰ দুৱাৰ খুলি অফুৰন্ত তাশি চিৰ প্ৰৱাহমান বলিয়া লুইতৰ তৰংগমালাৰ দৰেই বৈ আছে ।
বেজবৰুৱাৰ একমাত্র উপন্যাস ' পদুম কুঁৱৰীয়ে ঘৰদণ্ড আৰু বীৰদত্তৰ স্বদেশপ্ৰেমৰ মনোৰম সাক্ষ বহন কৰি এখনি উপভোগ্য উপন্যাস বুলি পৰিগণিত হৈছে ।
তেখেতৰ আলোচনী ' বাঁহীয়ে পঞ্চমত সুৰ তুলি লুইতৰ বুকুত উখল - মাখনৰ সৃষ্টি কৰি অসমীয়া জাতিক সাহিত্যৰ সুৰেৰে বিমোহিত কৰিছিল । লগতে হাজাৰ হাজাৰ লোকৰ প্ৰাপত সাহিত্যৰ সৃষ্টি কৰিছিল । বাঁহী যে অসমীয়া জাতিক আকৌ এবাৰ ন - কৈ ' কাহুদী আৰু খাৰলি'ৰ সোৱাদ দি জাতীয় চেতনা জগাই তুলিছিল । “ ক্যমত কৃতিত্ব লভিবৰ সঙ্কেতে অসমীয়া জাতিৰ অন্তৰত কৰ্ম প্ৰেৰণা জগাই তুলিছিল
“ সাধুকথাৰ ঝুঁকি ” , “ বুঢ়ী আইৰ সাধু " , " ককাদেউতা আৰু নাতিল'ৰা তেখেতৰ মনোৰম সাধুকথাৰ পুথি । সাধুকথাবোৰ এনে শুৱনা আৰু হৃদয়স্পর্শী যে এইবোৰে লৰা - বুঢ়া - ডেকা সকলোকে সমানে আমোদ দিয়াৰ লগতে তাগিত হৃদয়ত দয়া ঋথা কৰণা আৰু সহানুভূতি জগাই তুলি শান্তিৰ বাণী
স্বদেশ আৰু ৰজাতিৰ প্ৰতি তেখেতৰ ভালপোৱা কিমান গভীৰ সেই কথা তেখেতৰ প্ৰতিখন গ্ৰন্থৰ পাতে পাতে , আখৰে আখৰে মূৰ্তভাৱে প্ৰকাশ পাইছে । তেখেতে সদায় অসমীয়া জাতিক চিঞৰি চিঞৰি কৈছে ! “ স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল - মন্দিৰৰ সিংহৰুৱাৰ হৈছে মাতৃভাষা । ” তেখেতে খাওঁতে , শোওঁতে , সুদূৰৰ সম্বলপুৰৰ হাবিত কাঠ কাটোতেও অসমীয়া জাতিৰ মংগলৰ কথাই চিন্তা কৰিছিল প্রতি মুহূর্তে তেওঁৰ দৃষ্টিপটভ এখনি সুন্দৰ , ঐশ্বৰ্যময় অসমৰ মানচিত্রই প্রতিভাত হৈ উঠিছিল ।
" চক্রব্বজ সিংহ " " জয়মতী কুঁৱৰী " বেলিমাৰ ” আদি ঐতিহাসিক নাটকৰ যোগেদি বেজবৰুৱাই অসম বুৰঞ্জীৰ একোটা উত্থানৰ গৌৰৱোজ্জ্বল অধ্যয়ৰ কাহিনী গৌৰৱমণ্ডিতকৈ আৰু পতনৰ বাহিনী করুণ আৰু ব্যাথা লগাকৈ দাঙি ধৰিছে ।
সুবৰ্তী , জোনবিৰি কেহোকলি আদি তেখেতৰ আধুনিক গল্পৰ পুথি চুটিগল্প লিখাতো বেজবৰুৱা সিদ্ধহস্ত আছিল । ' তদৰী " , " মুক্তি " , " লো " আদি গল্পৰ যোগেদি দৈনন্দিন জীৱনৰ সুখ - দুখ কান্দোন অনুভূতি আনি তেখেতে সুন্দৰভাৱে দাতি ধৰিছে ।
" কৃপাবৰ বৰুৱাৰ ওভতনি " , " ভাবৰ বুৰবুৰণি " আদি নানাবিধ প্ৰবন্ধৰ পুথি ভাব - গধুৰ ৰচনাৰ ভিতৰত “ শঙ্কৰদেৱ " শ্রীপঙ্কৰদেৱ আৰু মাধৱদের " , " তত্ত্বকথা " , " কৃষ্ণকথা " - আমি নানা প্ৰবন্ধ আৰু তত্ত্বমূলক ৰচনা বৈষ্ণর ভাবধাৰাৰ উৰ সুন্দৰ সুন্দৰ সমালোচনাৰ পুথি ।
" মোৰ জীৱন সোঁৱৰণ " - বেজবৰুৱাৰ কর্মময় জীৱনৰ হাঁহি - কান্দোনৰ সোণালী স্বা সুন্দৰ কথন - ভংগী , ৰসিকতাৰ মাজেদি তেওঁৰ জীৱন দাপোণত প্ৰতিফলিত হোৱা অসমীয়া জাতিটোৰ বিস্তাৰিত সামাজিক চিত্র চিত্রায়িত হৈছে এই আত্মজীৱনীখনত ।
ব্যক্তিত্ব:- লক্ষ্মীনাথ বেজবৰুৱা এজন ব্যক্তিত্ব সম্পন পুৰুষ আছিল । তেখেতৰ লিখনি বোৰ আছিল নিৰ্ভাক্ত , বলিষ্ট আৰু প্রভাবশালী । তেখেতৰ ৰচনা ৰাজীত হাস্য ৰাৰ উমান পাই বাবে ৰসৰাজ আখ্যা দিয়া হয় । অসমীয়া সাহিত্যৰ সকলো দিশৰে পথ প্ৰদৰ্শক হিচাপে তেখেতক সাহিত্য ৰবী উপাধীৰে বিভূষিত কৰিছে ৷ 1924 চনত বহা অসম সাহিত্য সভাৰ সপ্তম বন অধিবেশনৰ সভাপতি আছিল ।
সামৰণি:- অসমীয়া জাতি আৰু সাহিত্যৰ যিটো অংশই অসম্পূর্ণ বা পাবলগীয়া অৱস্থা দেখা পাইছিল তাৰেই পৰিপুষ্টিৰ বাবে বেজবৰুৱাই আহোপুৰুষাৰ কৰিছিল ৷ মহাপুরুষ শ্ৰীমন্ত শংকৰদেৱ পাস্তুতে একমাত্র বেজবৰুৱাইহে ভাষা সাহিত্য সকলো অংগ লৈকে অনবৈদ্য অৱদান আগবঢ়াই গৈছে । এইজনা একনিষ্ট ভাষা সাহিত্যৰ পূজাৰীয়ে 1938 চনত ইহাদীলা সমৰণ কৰে । তেখেতৰ মৃত্যুত অসমৰ যি ক্ষতি হল চায় অপূৰণীয় ।
