তোমাৰ প্ৰিয় গ্ৰন্থখন অসমীয়া ৰচনা
Tomar priyo granthakhan assamese essay AssamQna
আৰম্ভণি:- এজনী মজলীয়া অৱস্থাৰ গাঁৱলীয়া পৰিয়ালৰ ছাত্ৰী । আজৰি পৰত মই ঘৰুৱা কাম বনতো অলপ লাগি ভাগি দিব লাগে।তথাপি তাৰ মাজতে ঢৌতে খৰ মাৰি দুই চাৰিখন বাহিৰা কিতাপ নপঢ়া নহয় । দেউতা উচ্চ শিক্ষিত নহলেও শিক্ষাৰ প্ৰতি অনুৰাগী । আমাৰ ঘৰত ন পুৰণি দুয়োবিধ পুথিৰে অলপ অচৰপ চৰ্চা হয়।সৰুতে আইতাৰ মুখত বকাসুৰ বধ , কুলাচলৰ বধ , ৰামায়ণৰ কাহিনী , মহাভাৰতৰ কাহিনী , নাটক , উপন্যাস আদি শুনি কিমান যে আনন্দ পাইছিলোঁ । এই কাহিনী , নাটক , উপন্যাস , আদি শুনিয়েই নেকি মোৰ পুৰণি পুথিৰ প্ৰতি সৰুৰে পৰা ধাউতি উপজিছিল আৰু লিখা পঢ়া শিকিয়েই প্রথমে মই এখন পুৰণি পুথি পঢ়িবলৈ লওঁ । পুথি খন পঢ়ি ইমানেই ৰস পাওঁ যে ভাত পানী খোৱাৰ পৰ্যন্ত পাহৰি যাওঁ।ইয়াৰ পাছতো কেইবা বাৰু মই সেই পুথিখন পঢ়িছিলোঁ।সিদিনা বছৰিকা পৰীক্ষা পাছতো আকৌ এবাৰ পুথি খন পঢ়ো।এতিয়া মোৰ দৃষ্টি ভংগী সলনি হৈছে।তথাপি পুথি খনৰ আকৰ্ষণ কমা নাই । গল্প বস্তুৰ প্ৰতি আকৰ্ষণ কমিলেও সাহিত্যিক সৌন্দৰ্য্যই মোক এতিয়া বৰকৈ আৰ্কিষ্ট কৰে।মই যিমান বোৰ কিতাপ পুথি পঢ়িছোঁ আটাইবোৰে মোৰ ভাল লাগে । আজি যিহেতু এখন ভালপোৱা পুথি নিৰ্দিষ্ট কৰিব লগা হোৱাত মোৰ মনলৈ সেই পুথি খনৰ কথাই বাৰে বাৰে আহিছে।সেইখনেই হল ৰজনীকান্ত বৰদলৈ দেৱৰ মিৰিজীয়ৰী |
গন্ধকাৰৰ চমু সাহিত্যিক পৰিচয়:- ঔপন্যাসিক সম্ৰাট ৰজনীকান্ত বৰদলৈ দেৱে গল্প , প্রবন্ধ , উপন্যাস লিখে । 1876 চনত বৰদলৈ দেৱে গুৱাহাটীত জন্ম গ্ৰহণ কৰে । মিৰিজীয়ৰী সর্বোচ্চ সামাজিক উপন্যাস । মিৰিজীয়ৰী বুৰঞ্জীত আচোৰ নাই । তাত মিৰিসকলৰ মৰম লগা কাহিনী এটা অংকিত কৰিছে ।1894 চনত লখিমপুৰ পৰা বৰপেটা লৈ নাৱেৰে যাওতে বৰদলৈ দেবে নাৱৰ ভিতৰত দুদিনতে উপন্যাস খন লিখি উলিয়াই । এই উপন্যাসখনৰ লগত বৰদলৈ দেৱৰ ব্যক্তিগত স্মৃতি জড়িত হৈ আছে । সোৱণশিৰীৰ প্ৰাকৃতিক দৃশ্য আৰু ৰাজ্যত প্ৰাকৃতিৰ প্ৰভাবত সৰল জীৱনৰ মাজত লৰালি কালৰ সৰল মিলাপ্ৰীতিয়ে জঙ্কি আৰু পানৈ পুষ্ট প্ৰেমত পৰিণত হোৱা এখনি হুবহু চিত্ৰ দাঙি ধৰা হৈছে ।
কিতাপ খনৰ কাহিনীভাগ বা গ্ৰন্থৰ বিষয় বস্তু:- জঙ্কি আৰু পানৈ মিৰিজীয়ৰী উপন্যাস খনৰ নায়ক নায়িকা মিৰি চাং ত সিহঁতৰ জন্ম হয় । সিহঁতৰ মাজত গঢ়ি উঠা শৈশৱৰ মিলা প্ৰীতিয়েই যৌৱনত প্ৰেমলৈ ৰূপান্তৰিত হল।এদিন দুয়ো সোৱণশিৰি দেৱতাক সাক্ষী কৰি দুয়ো জীৱনে মৰণে নেৰিবলৈ প্ৰতিজ্ঞা কৰিলে । সেই সময়ত মিৰি সকলৰ এটা দস্তৰ আছিল যে দৰাই কইনাৰ ঘৰত গা খাটি দিব লাগিব । যিজনে আটাইতকৈ বেছি গা খাটি দিব তেওঁ কইনাৰ প্ৰণ প্ৰাৰ্থী।জঙ্কি কেউ কিছু নোহোৱা দুখীয়া লৰা । সেয়েহে পানৈ পিতাকে পানৈক জঙ্কিলৈ দিবলৈ অমান্তি হল।আৰু নমেদ গান নামৰ এজন ধনী মানুহৰ পুতেক কুমুডক জোঁৱাই খাতিবলৈ মাতিলে।নিমন্ত্রণ পাই কুমুদে পানৈৰ ঘৰলৈ গা খাতিবলৈ আহিল।এই ঘটনা জানিব পাৰি পানৈ বলিয়াৰ দৰে হল । সেয়েহে তাই জঙ্কি লগত ঘৃণাসুঁতি পাৰৰ এখন হাবিলৈ পলাই গল । কিন্তু জঙ্কি আৰু পানৈ দেউতাকৰ হাতত ধৰা পৰিল।মিৰি দস্তৰ মতে সিহঁতৰ বিচাৰ হল বিচাৰত পানৈক দেউতাকৰ ঘৰত থাকিবলৈ আদেশ দিয়া হল । এদিন পানৈক দেউতাকে জোৰ জুলুমকৈ কুমুদৰ লগত বিয়া দিবলৈ দৃঢ় প্রতিজ্ঞা হল।এই কথা জানিব পাৰি পানৈ পুনৰ ঘৰৰ পৰা পলাই গল । ৰাতিপুৱা তাইক ঘৰত কোনোয়েও নেদেখি সকলোৱে তাইক বিচাৰি গল।তেনেতে জঙ্কি আহি পানৈ মাক দেউতাক কলে যে এইবাৰ পানৈ অকলে গৈছে জঙ্কি তাই লগত যোৱা নাই । পানৈ মাক দেউতাকে এইবাৰ পানৈক জঙ্কি লৈ বিয়া দিবলৈ মান্তি হল । পানৈ বিৰহত কাতৰ হৈ জঙ্কি হাবি বননী ভাঙি পানৈক বিচাৰি ফুৰিবলৈ ধৰিলে । এদিন সি এনেকৈ ঘূৰি ফুৰোতে খাচী মিৰিৰ হাতত ধৰা পৰিল।সিহঁতে তাৰ টকা পইচা কাঢ়ি নিয়ে । আৰু ধৰি বান্ধি পৰ্বতৰ ওপৰলৈ লৈ গল । ৰাতিপুৱা সিহঁতে তাক খেতি পথাৰৰ কামত লগাই দিয়ে।।একেটা সময়তে সি দেখা পালে পানৈ যে পথাৰত কাম কৰি আছে।সি আচৰিত হল । সিহঁত দুয়ো লগ হল । আৰু দুয়ো পলাবলৈ লওঁতে গাঁৱৰ মিৰি হাতত ধৰা পৰিল । বিচাৰপতি গামেই মংগল চোৱাই সিহঁতক দোষী বুলি অভিহিত কৰিলে।সিহঁতক বিচাৰ হল । বিচাৰক ৰায় দিলে সিহঁতক মৃত্যু দণ্ড দিব লাগে।সিহঁতক লোৰ শলাৰে বিন্ধাই সোৱণশিৰীৰ নৈত উটুৱাই দিলে।জঙ্কি আৰু পানৈ ভালপোৱা প্ৰতি পানৈৰ মাক দেউতাকে সঁহাৰি নিদিলে । সমাজেও সিহঁতৰ প্ৰেমত স্বীকৃতি দিব নুখুজিলে।ফলস্বৰূপে তেওঁলোকে কৰুণ ভাৱে মৃত্যুক সাৱটি লব লগাত পৰিল । ইয়াৰ বাবে জঙ্কি আৰু পানৈৰ কোনো দোষ নাছিল।দোষ মাক দেউতাক আৰু সমাজৰ । আজিও সোৱণশিৰীৰ নদী দেখিলে কৰুণ কাহিনী মনত পৰে ।
আজিও সোৱণশিৰীৰ পাৰত বহি মিৰি ডেকা গাভৰুযে প্রেম কৰে । আজিও সোৱণশিৰীৰ পাৰত বহিলে জঙ্কি আৰু পানৈৰ কৰুণ কাহিনী মনত পৰে । কেনেকৈ প্ৰবিত্ৰ প্ৰেমৰ তাড়নাত দুটি নিষ্পাপ জীৱন অঁকালতে মৰহি গল । সেয়েহে সোৱণশিৰীৰ সেই প্রবিত্র প্ৰেমৰ নীৰৱ সাক্ষী হিচাপে আজিও বৈ আছে ।
সামৰণি:- মিৰিজীয়ৰী উপন্যাসেই প্রথম অসমীয়া সামাজিক উপন্যাস।এনেকুৱা সৰ্বাংসুন্দৰ অসমীয়া ভাষাত খুব তাকৰ । মিৰিজীয়ৰীৰ দৰে উপন্যাসে পৰৱৰ্তী সমাজৰ ৰীতি নীতি , অন্ধ বিশ্বাস আদিৰ পৰিৱৰ্তন ঘটাবলৈ সক্ষম হব পাৰে । একেটা জাতিৰ ইতিহাস তেওঁলোকৰ ধর্ম , সমাজ , আইন কানুনৰ বিষয়ে জানিব পাৰি এনেকুৱা উপন্যাসৰ জৰিয়তে । এটা সৰু অথচ ভাব গধুৰ উপন্যাস খনে মিৰিসমাজৰ হুবহু চিত্ৰ অংকিত কৰি দেখুৱাইছে বৰ্তমান আমাৰ সমাজত চলা দুৰ্নীতি ব্যভিচাৰৰ পৰিসমাপ্তি ঘটাবলৈ এনেকুৱা সুস্থ সবল উপন্যাসৰ সঁচাকৈয়ে প্রয়োজন ।
