মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম ইতিহাস পাঠ ২
class 10 social science question answer assamese medium history
chapter 2
seba hslc class 10 AssamQna
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১) মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?
উত্তৰ:- ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ
২) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল ?
উত্তৰ:- দক্ষিণ আফ্ৰিকাত।
৩) ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় 'নাইট উপাধি' ত্যাগ কৰিছিল ?
উত্তৰ:- জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত
৪) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎআন্দোলনৰ সূচনা হৈছিল ?
উত্তৰ:- মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ।
৫) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ:- ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।
৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?
উত্তৰ:- লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নিৰ্দয় ভাৱে লাঠি চালনা কৰে, য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে ।
৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন ত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?
উত্তৰ:- ১৯২৯ চনৰ লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত।
৮)গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?
উত্তৰ:- ৩৮৫ কিলোমিটাৰ দূৰত্ব।
৯) সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উত্তৰ:- খান আব্দুল গফুৰ খান ।
১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?
উত্তৰ:- মহাত্মা গান্ধীয়ে ।
১১) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?
উত্তৰ:- ৰামজে মেকডোনাল্ড।
১২) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল ?
উত্তৰ:- ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন
১৩) আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ?
উত্তৰ:- নেতাজী সুভাষচন্দ্ৰ বসু ।
১৪) 'মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম' এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?
উত্তৰ:- নেতাজী সুভাষচন্দ্ৰ বসুৰ ।
১৫) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
উত্তৰ:- ৰেডক্লিফ লাইন ǀ
দীঘল উত্তৰৰ প্ৰশ্ন
১) সত্যাগ্ৰহ বুলিলে কি বুজা ? যি তিনিটা স্হানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা ǀ
উত্তৰ:- সত্যাগ্ৰহ হল এক আধ্যাত্মিক আন্দোলন,এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চত কৰণ প্ৰক্ৰিয়া ǀ ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহ ক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰবৰ্তী সময়ত তেও এজন প্ৰভাৱশালী ৰাজলৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল ǀ উক্ত ঘটনা কেইটা আছিল-
ক) চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল ǀ
খ) খেড়াত, কৃষকসকলৰ খেতিনষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰৰ বিপক্ষে মাত মাতিছিল ǀ
গ) আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিলǀ
উল্লেখযোগ্য যে উক্ত প্ৰতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্ৰহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা ǀ
২) ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?
উত্তৰ:- প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কনি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্রাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দূর্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূর্বৰ মৰ্যাদালৈ ঘূৰাই অনা। উক্ত উদ্দেশ্য আগত ৰাখি ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ৷ গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বার্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনাইছিল ৷
৩) ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?
উত্তৰ:- ‘অসহযোগ আন্দোলন’ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন যত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফুত ভাৱে অংশগ্ৰহণ কৰিছিল ǀ অসহযোগ আন্দোলনত ইন্ধন যোগোৱা প্ৰদান কাৰক সমূহ আছিল –
1) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সকলৰ অসন্তুষ্টি
2) ৰাওলট আইনৰ দমনমূলক নীতি
3) ১৯১৯ চনৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড
4) ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ
5) খিলাফৎ আন্দোলনৰ প্ৰতি সমৰ্থন
উক্ত ঘটনাৱলীৰ পৰিপেক্ষিতত ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়।
ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আছিল-
1) বিদেশী বয়বস্তু, বস্ত্ৰ,সুৰা আদি বৰ্জন কৰা
2) ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ
3) দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন
4) দেশৰ স্বাৰ্থত কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণপোষণৰ ব্যৱস্হা কৰা-
5) স্বেচ্ছাসেৱকক সদস্যভৰ্তি কৰোৱা
6) দেশত যঁতৰ প্ৰস্তুত কৰা
7) জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী
8) আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা ǀ
সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সহাৰি লাভ কৰাৰ সময়তে ১৯২২ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্হানীয় পুলিছ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় ǀ এই ঘটনাত তিনিজন প্ৰতিবাদকাৰী পুলিছৰ গুলীত নিহত হোৱাত উন্মত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিছক হত্যা কৰে ǀ এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয় ǀ অৱশেষত ১৯২২ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে ǀ
৪) আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?
উত্তৰ:- আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ‘পূর্ণ স্বৰাজ’ বা ‘সম্পূর্ণ স্বাধীনতা’৷ ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে গান্ধীয়ে ব্রিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লর্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে। এই দাবীসমূহ আছিল
(i) মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ;
(ii) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি;
(iii)মাটিৰ খাজনাৰ পৰিমাণ কম কৰা;
(iv) লোণ কৰ বৰ কৰা,
(v)সৈন্য বাহিনীৰ ব্যয় কমোৱা;
(vi) প্রশাসনীয় ব্যয় সংকোচন কৰা;
(vii) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ;
(viii)ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা;
(ix)অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি
(x)”সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া
(xi) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্র ৰখাৰ বৈধতা প্রদান কৰা।
গান্ধীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে যদি এই ১১টা দাবী মানি লোৱা নহয় তেতিয়া দেশে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব ।
১৯৩০ চনত আইন অমান্য আন্দোলন গান্ধীৰ লোণ সত্যাগ্রহ’ৰ জৰিয়তে আৰম্ভ হৈছিল যাক দাণ্ডি যাত্রা বুলি জনা যায়। ১৯৩০ চনৰ ১২ মার্চত এই যাত্ৰাৰ গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সৰমতী আশ্রমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ আৰম্ভণি কৰিছিল ৷ একেৰাহে ২৫ দিন যাত্রা কৰি প্রায় ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰাৰ পিছত তেওঁলোক ১৯৩০ চনৰ ৬ এপ্রিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতেই লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্রস্তুত কৰি চৰকাৰৰ প্রতি প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল। ক্রমে এই আন্দোলন সর্বত্রে বিয়পি পৰিছিল আৰু দেশৰ অন্যান্য প্রান্ততো লোন আইন প্রত্যাহ্বান জনোৱা হৈছিল।
উত্তৰ-পশ্চিম সীমান্ত প্রদেশত খান আব্দুল গফুৰ খানৰ নেতৃত্বত ‘ৰেড চার্টছ’ হিচাপে জনপ্রিয় ‘খুদাই খিটমদগাৰছ (ঈশ্বৰৰ সেৱক) সকলে আন্দোলনটো চলাই নিছিল। আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বর্জন কৰিছিল।
৫) কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া ।
উত্তৰ:- ১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল ǀ গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধী আছিল ǀ কিন্তু ভাৰতৰ ক্ষেত্ৰত ‘সম্পূৰ্ণ স্বাধীনতাৰ’ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ǀ কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে ǀ প্ৰতিবাদস্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে ১৯৩৯ চনত মন্ত্ৰিত্ব ত্যাগ কৰে ǀ
১৯৪২ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টফাৰ্ড ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে ǀ উদ্দেশ্য আছিল – ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন গোটোৱা ǀক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱ্স্হা কৰা ,লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হব বুলি ঘোষণা কৰা হৈছিল ǀ অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয় ǀ
ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল- জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি ǀ
ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদি নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা,সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যান্য উদাহৰণ আছিল ǀ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফুত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ǀ স্বাধীনতাৰ বাবে আপোচবিহীন ভাৱে কৰা এই সংগ্ৰামত জাতি,ধৰ্ম নিৰ্বিশেষে
ছাত্ৰ,মহিলা,খেতিয়ক আৰু শ্ৰমিক সকলো জপিয়াই পৰিছিল ǀ এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল ǀ সকলো দিশৰ পৰা চালিজাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুটি বুলি অভিহিত কৰিব পাৰি ǀ
৬) ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰ:- ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে। ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅতি বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ গঠন কৰা হৈছিল। ইয়াৰ পিছত ১৯৪২ চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নির্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। বেংকক অধিৱেশনে সুভাষ চন্দ্র বসুকো জাপানলৈ নিমন্ত্রণ জানায়। তেওঁৰ জাপানত উপস্থিত হোৱাৰ পিছতে ৰাসবিহাৰী বসুই ভাৰতীয় স্বতন্ত্ৰ লীগৰ সভাপতিৰ আসনখন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়। লগতে আই এন এৰ সর্বোচ্চ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়।
১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ গঠন কৰি ব্রিটিছৰ-মুক্ত ভাৰত গঠনৰ সংকল্প গ্রহণ কৰে। ভাৰতীয় জাতীয় সেনা বাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভর্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু জান্সি ৰাণী ৰেজিমেন্ট’ নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়।
ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’। ব্রিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্রহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমর্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্ম-সমর্পণ কৰিবলৈ বাধ্য কৰে। সুভাষ চন্দ্র বসুই ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুর্ঘটনাত প্রাণ হেৰুৱায় বুলি কোৱা হয়।
