অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম ইতিহাস পাঠ ৩
class 10 social science question answer assamese medium history
chapter 3
seba hslc class 10 AssamQna
অনুশীলনী
অতি চমু উত্তৰৰ প্রশ্ন
১) ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?
উত্তৰ:- ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিত টকা বা মুদ্ৰাৰ সংযোজন কৰা হৈছিল ৷
২) কোন চনত মফট মিলচ অসমলৈ আহিছিল ?
উত্তৰ:- ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল ৷
৩) কেঞাসকল কোন আছিল ?
উত্তৰ:- কেঞাসকল আছিল বাহিৰাগত মাৰোৱাৰী মহাজন ৷
৪) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ:- অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল ৷
৫) ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ?
উত্তৰ:- ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে আহোম ৰাজকোঁৱৰ কন্দপেৰ্শ্বৰ সিংহক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ৷
৬) মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল ?
উত্তৰ:- মণিৰাম দেৱানক মধু মল্লিকে সহায় কৰিছিল ৷
৭) মণিৰাম দেৱানৰ লগত আৰু কোন ফাচীকাঠত ওলমিব লগা হৈছিল ?
উত্তৰ:- মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাচীকাঠত ওলমিব লগা হৈছিল ৷
৮) কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?
উত্তৰ:- কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ৷
৯) অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ:- অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ তলত উল্লেখ কৰা হ’ল –
(i) অসমত বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল ৷
(ii) বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল ৷
১০) কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰ:- ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ৷
১১) ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰ:- ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ –
(i) ব্ৰিটিছ চৰকাৰে আৰোপ কৰা অত্যাধিক কৰ ৷
(ii) প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, অনাবৃষ্টি, মাহামাৰী আদি ৷
১২) লেফটেনেন্ট ছিংগাৰ কোন আছিল ?
উত্তৰ:- ১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেন্ট ছিংগাৰ নগাঁওৰ সহকাৰী উপায়ুক্ত আছিল ৷
১৩) ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ:- ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল ৷
১৪) ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ:- ৰঙিয়াৰ কৃষক বিদ্রোহ ১৮৯৩ চনত সংঘটিত হৈছিল ৷
১৫) লচিমা ক’ত অৱস্থিত ?
উত্তৰ:- অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত ৷
১৬) লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ:- লচিমাৰ কৃষক বিদ্রোহ ১৮৯৪ চনত সংঘটিত হৈছিল ৷
১৭) পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ?
উত্তৰ:- পথৰুঘাটৰ কৃষক বিদ্রোহ ১৮৯৪ চনত হৈছিল ৷
১৮) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ:- ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিয়া নেতাজন উকিয়াংনবা ৷
১৯) ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ:- ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব শম্ভুধন ফংলোচাই দিছিল ৷
২০) টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?
উত্তৰ:- টিকেন্দ্রজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ৷
২১) জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল ?
উত্তৰ:- জে ডব্লিউ কুইণ্টনক ১৮৯১ চনত চনত হত্যা কৰিছিল ৷
দীঘল প্ৰশ্ন আৰু উত্তৰ
১) ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা ǀ
উত্তৰ:- ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায় ǀ এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণৰ জাতীয় চেতনা আৰু আত্মসন্মানত যথেষ্ঠ আঘাত জন্মিছিল ǀ সেয়ে তেওঁলোক সংগঠিত হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায় ǀ
ইয়াৰ উপৰিও আহোম ৰাজবংশৰ উচ্চপদস্হ বিষয়া সকলে কন্দপেশ্বৰ সিংহক পুনৰ সিংহাসনত বহোৱাৰ যো-জা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতো বিদ্ৰোহৰ জুই জ্বলিছিল |
সাধাৰণ জনতাৰ ওপৰত ইংৰাজে জধে মধে কৰ আৰোপ কৰিছিল ǀ মাটিৰ খাজানা বৃদ্ধি কৰিছিল ǀ কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল |
ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে ব্ৰাহ্মণ, গোঁহাই, আৰু সত্ৰাধিকাৰ সকলে বিনা খাজানাত লাখেৰাজ ভূমি লাভ কৰিছিল ǀ ইংৰাজে তেওঁলোকৰ পৰা সেই ভূমি কাঢ়ি লয় |
অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে ব্ৰিটিছ শাসনৰ লগত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিও আধুনিক শিক্ষাৰে শিক্ষিত নোবোৱাৰ বাবে বিফল হব লগীয়া হৈছিল ǀ ইংৰাজ শাসনত বংগদেশৰ পৰা শিক্ষিত ব্যক্তি আনি অসমৰ অফিচ কাছাৰীত নিয়োগ কৰা হৈছিল ǀ ফলত অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে নিজৰ নিজৰ কৰ্মসংস্হাপন হেৰুৱাবলগীয়া হৈছিল ǀ কিছুসংখ্যকে মৌজাদৰ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্ব পাইছিল যদিও বংগদেশ আৰু পশ্চিম ভাৰতৰ পৰা অহা বঙালি আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক বেছিভাগ দায়িত্ব অৰ্পণ কৰা হৈছিল ǀ ইংৰাজ শাসনৰ তলত বিদ্ৰোহৰ নেতা মণিৰাম দেৱানেও নিজৰ চৰকাৰী পদবী হেৰুৱাবলগীয়া হৈছিল
আহোমৰ ৰাজবংশৰ পৰিয়ালৰ ব্যক্তি, উচ্চ পদস্হ বিষয়া, পোৰোহিত,বাহ্মণ ইত্যাদি লোকসকলে নিজৰ লগত লগুৱা,চাকৰ ,বান্দী, বেটী ৰাখিব পাৰিছিল ǀ ইংৰাজে সেই পৰম্পৰা উঠাই দিয়ে ǀ ইয়াৰ ফলতো সমাজৰ আঢ্যবন্ত লোকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট আছিল ǀ
২) অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰ:- মণিৰাম দেৱান আৰু অসমৰ পূৰণি অভিজাত শ্ৰেণীৰ কিছু লোকে অসমৰ পৰা ব্রিটিছ শাসন ওফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰসিংহক সিংহাসনত প্রতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্রতিষ্ঠা কৰাৰ সপোন দেখিছিল) যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল সেই সময়ত মণিৰাম দেৱানে এজন আহোম ৰাজকোৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্রিটিছ চৰকাৰক এখন আর্জি পেচ কৰিবলৈ গৈছিল।
কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰপৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্র ৰচনা কৰিছিল) বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াম নাজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্রতি সঁহাৰি জনাইছিল) এইটো ঠিক হৈছিল যে আহোম কোৱৰ কন্দপেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্রসহ কলিকতাৰপৰা আহি সহায়ৰ হাত আগবঢ়াব।
কিন্তু ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰৰ প্রিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ ) সক্ষম হয়, যত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ উল্লেখ আছিল) কেপ্টেইন হলৰইডৰ আহ্বানত কেপ্টেইন লউডাৰে ছেপ্টেম্বৰৰ ৭ তাৰিখে কন্দপেশ্বৰ সিংহক আটক কৰে) আহোম ৰাজকোৱৰক কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰখা হয়।
কন্দপেশ্বৰ সিংহৰ গ্ৰেপ্তাৰৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্রেপ্তাৰ কৰি ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয়) কেপ্টেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰে) সেই অনুযায়ী ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত দুয়োজনকে ফাঁচী দিয়া হয়।
৩) কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যৰ্থ হৈছিল আলোচনা কৰা ǀ
উত্তৰ:- ক) এই বিদ্ৰোহত সমাজৰ সকলো শ্ৰেণীৰ লোকক জড়িত হোৱা নাছিল আৰু মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে এই সম্পৰ্কত কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল ǀ
খ) বিদ্ৰোহৰ নেতাসকলৰ সময়জ্ঞান নাছিল ǀ তেওলোকে বিভিন্ন পৰিকল্পনা প্ৰস্তুত কৰিও সেইবোৰক সময়মতে কাৰ্যকাৰী কৰিব পৰা নাছিল ǀ
গ) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল ǀ মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ কথা আছিল যদিও আগতেই তেঁও ধৰা পৰে ǀ
ঘ) ব্ৰিটিছে তেওঁলোকৰ প্ৰায়ভাগ পৰিকল্পনাৰ আগতীয়াকৈ উমান পাইছিল আৰু সেই মতে বিদ্ৰোহ মষিমূৰ কৰিছিল ǀ
ঙ) বিদ্ৰোহীৰ সংখ্যা যথেষ্ঠ কম আছিল ǀ বিদ্ৰোহৰ সমৰ্থক সকল কেৱল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল ǀ
চ) ব্ৰিটিছে বহু চক্ৰান্তৰে বিদ্ৰোহৰ মুখ্য প্ৰশাসক মণিৰাম দেৱানক বিদ্ৰোহস্হলীৰ পৰা বহু নিলগত ৰাখিছিল ǀ মণিৰাম দেৱান কলিকতাত থাকি তাৰপৰা চিঠিপত্ৰ আৰু আদেশ পঠিয়াই বিদ্ৰোহটো পৰিচালিত কৰিছিল ǀ
ছ) ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যই বিদ্ৰোহত যোগদান কৰা নাছিল ǀ ইয়াৰ ফলতো বিদ্ৰোহৰ শক্তি কমি আহিছিল ǀ
জ) অসমৰ বিদ্ৰোহীসকলে তেওলোকৰ কাৰ্যপন্হাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল ǀ ব্ৰিটিছে তেওঁলোকৰ কাৰ্যপন্হাৰ আগতীয়া উমান লৈ বহুতো পৰিকল্পনা ব্যৰ্থ কৰিছিল ।
৪) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰ:- অসমত ১৮৫৭ চনৰ বিদ্ৰোহ এক উল্লেখযোগ্য ঘটনা ৷ ১৮৫৭ চনৰ বিদ্রোহ যদিও ব্রিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।
দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।
তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।
৫) ফুলগুৰি ধেৱাৰ ওপৰত এটি টোকা লিখা ।
উত্তৰ:- ক) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত ফৎপাদিত প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল ǀ
খ) অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে ) গ) ৰাইজৰ আক্ৰোশ বাঢ়িল- বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা,চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত ǀ
ঘ) নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহত ৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল ǀ
ঙ) সেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ লবলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলঙ নদীৰ সুঁতিত উটুৱাই দিয়ে ǀ
চ) পিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ǀ
ছ) ৩৯জন নিৰীহ কৃষকৰ মৃত্য হয় ǀ ৬৬জন লোকক আটক কৰি ইয়াৰে ৩২জনক কলীয়াপানীলৈ প্ৰেৰণ কৰে ǀ ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নিশংসভাৱে হত্যা কৰে ǀ
৬) ১৮৯৪ চনৰ উত্তৰ কামৰূপত সংঘটিত কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা ǀ
উত্তৰ:- ১৮৬১ চনৰ ফুলগুৰি হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল ǀতাৰ পৰিবৰ্তে কৃষক ৰ ওপৰত খাজানাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল ǀ ১৮৯২ চনত অসমৰ চীফ কমিচনাৰ ৱাৰ্ডে খাজানা হাৰ পূৰ্বতকৈ ১০০% লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল ǀ তাৰে পৰিণাম স্বৰূপে ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল ǀ উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমা কেইবাটাও অঞ্চলৰ লোকে খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল ǀ ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰেধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজানা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হব বুলিও ঘোষণা কৰিছিল ǀ ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলক ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধেও যুঁজ দিছিল ǀ
১৮৯৩ চনৰ ২৪ ডিচেম্বৰ দিনা ৰঙিয়া বজাৰ লুটপাতেৰে বিদ্ৰোহৰ আৰম্ভণি হয় ǀ৩০ ডিচম্বৰৰ ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্চনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধকীৰ নথি লুটপাত কৰে ǀসিদিনা চৰকাৰৰ হস্তক্ষেপত পৰিস্হিতি নিয়ন্ত্ৰিত হয় ǀ কৃষকসকল সুসংগঠিত হৈ থকাৰ বাবে পুলিচ প্ৰশাসনে প্ৰথম অৱস্হাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ǀ ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষকসকলে নিজৰ অভাৱ অভিযোগ উপায়ুক্তক জনাবলৈ এখন ৰাইজমেল অনুস্হিত কৰিছিল ǀ তাৰ পৰা ১৫ জন কৃষকক পুলিচে আটক কৰে ǀ ১০ জানুৱাৰীত পুনৰ অনুস্হিত এখন ৰাইজমেলত বিভিন্ন মৌজাৰ প্ৰায় ৩০০০ কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ দাবী উপায়ুক্তক জনায় ǀ উপায়ুক্তই আলোচনাৰ বাবে তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচৰাত কৃষকসকলে চিঞৰি চিঞৰি বৰ্ধিত খাজানা দিয়া নহব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰবেশৰ চেষ্টা চালই ǀ উপায়ুক্ত মেক কেবে গুলীচালনাৰ নিৰ্দেশ দিয়াত কৃষকসকলে সেই স্হান ত্যাগ কৰে ǀ তাৰ পিছত উপায়ুক্তই এখন জাননী দাৰী কৰি তেওঁৰ আগতীয়া অনুমতি অবিহনে কোনেও কতো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰী কৰে ǀ উপায়ুক্তই চক্ৰান্তৰে কৃষকৰ মাজৰে পৰা কিছু ব্যক্তিক কনিষ্টবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজনা দিবলৈ ৰাজী কৰোৱাৰ লগতে ৰায়তত শান্তি স্হাপনৰ চেষ্টা চলাইছিল ǀ অৱশ্যে চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো ৰাইজমেলবোৰ বন্ধ হোৱা নাছিল ǀ উত্তৰ কামৰূপৰ অন্য প্ৰান্তত প্ৰতিবাদ অব্যাহত আছিল ǀ
৭) ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰ:- উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰোঁতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্রোহে দেখা দিয়ে) ইয়াৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই বিভিন্ন ঠাইত খাজনা বৃদ্ধি প্রতিবাদ, খাজনা সংগ্রহত বাধা প্রদান, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ প্ৰতিবাদ, অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ পৰিপ্ৰেক্ষিতত ৰাইজমেল আয়োজন কৰিছিল ৷ জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ পথৰুঘাটত তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত কৃষকসকলে গোট খোৱাৰ কথা আছিল) কিন্তু এই সমাবেশৰ কথা জিলাধিপতি জে ডি এণ্ডাৰছনৰ কাণত পৰাত তেওঁ কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।
পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কার্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লোকে সম্পত্তি ক্রোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰাত তেওঁ কোনোমতে ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়) কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ জিৰণি শিবিৰৰ ফালে ধাৱমান হয়) এই কৃষক সকলক উপায়ুক্ত এণ্ডাৰছনে তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে যদিও তেওঁলোকে অমান্তি হয় ৷ তাৰ পিছত উপাযুক্তৰ নির্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়োগ কৰি খেদিবলৈ চেষ্টা কৰোঁতে কৃষকসকলে উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি পুলিচ-মিলিটাৰী, প্রশাসনিক বিষয়া সকলোক চকু মেলিব নোৱাৰা অৱস্থা কৰিলে ৷ তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে) ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়) আনহাতে, চৰকাৰী হিচাপ মতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়।
এই বিদ্রোহত অংশগ্রহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে, মুঠতে ৩৭জন কৃষকক গ্রেপ্তাৰ কৰি মঙলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবৰ দ্বাৰা বিচাৰ কার্য সমাধা কৰিছিল) এই বিদ্রোহত গ্রেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকলু শ্বেখ আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা হয়) বাকী সকলোকে মুকলি কৰি দিয়ে।
৮) ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা
উত্তৰ:- ক) জয়ন্তীয়া ৰাজ্যখন ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায় ǀ ইংৰাজৰ লগত চামিল হোৱাৰ বাবে স্বাধীনচিতিয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰে ǀ
খ) ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল ǀ কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াই ǀ
গ) জনজাতি লোকসকলে মুকলিকৈ সামূহিকভাৱে মাছধৰা, খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ বাট মুকলাই ǀ তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে আয় কৰ ,ঘৰ কৰ বহুৱাইছিল ǀ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ,পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল
ঘ) প্ৰথমে ব্ৰিটিছে ঘৰ কৰ প্ৰৰ্ৱতন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰ জনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে ǀলগে লগে জয়ন্তীপুৰ,মূলাগোল,জাফলং,চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয় ǀ
ঙ) ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্ব ত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে ǀ
চ) ১৮৬২ চনৰ ১৭ জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোৱাই- চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী- জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে ǀ
ছ) জয়ন্তীয়াসকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্য বাহিনীয় প্ৰজাৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল ǀ বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল ǀ
জ) জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে। নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ বাবে বিদ্ৰোহসকলৰ শক্তি কমি আহিল ǀ
ঝ) অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবা ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্হিতিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলোমাই ǀপৰবৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্বইচ্ছাই ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে ǀ ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ অৱসান ঘটে ǀ
৯) ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্রিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উত্তৰ:- ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। মণিপুৰত সিংহাসন লাভৰ বাৰে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় ৷ কিন্তু তলে তলে চলি থকা ব্রিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা কৰা, ব্রিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়।
চমু টোকা লিখা
১) অসমত ইংৰাজে প্ৰৰ্ৱতন কৰা ৰাজহ ব্যৱস্থা ।
উত্তৰ:- উনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল ǀ বিভিন্ন কায়দাৰে প্ৰশাসন যন্ত্ৰ নিজৰ হাতলৈ অনাৰ পিছত এক নতুন ৰাজহ ব্যৱস্হাৰে অৰ্থনীতি নজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ǀ নতুন ৰাজহ ব্যৱস্হাত চৰকাৰখনে কেৱল কৰকাটল সংগ্ৰহ কৰাতহে গুৰুত্ব দিছিল ǀ দৰিদ্ৰ প্ৰজাৰ দুঃখ দুৰ্দশা মোছন কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল ǀ মুদ্ৰা বা টকাৰ মাধ্যমত কৰ কাটল সংগ্ৰহৰ ব্যৱস্হাই অসমীয়া প্ৰজাৰ অৱস্হা অধিক শোচনীয় কৰি তুলিছিল ǀ মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু প্ৰজাই এই মহাজনসকলৰ পৰা টকা ধাৰলৈ লৈ ব্ৰিটিছক ৰাজহ দিছিল ǀ ব্ৰিটিছৰ ৰাজহ ব্যৱস্হাই জনসাধাৰণৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল ǀ
২) মণিৰাম দেৱান
উত্তৰ:- মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম দেৱান নামেৰে পপিচিত হৈছিল। ১৮২৮ চনত ব্রিটিছে তেখেতক চিৰস্তাদা হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ সাধন কৰিছিল ৷ ইয়াৰ পিছত তেওঁ পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰা ইস্তফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্রিটিছ চৰকাৰৰপৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে।
মণিৰাম দেৱানে উপলব্ধি কৰিছিল যে ব্রিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি কোনোমতেই সম্ভৱ নহয়। গতিকে আহোম ৰাজতন্ত্র পুনৰ প্রতিষ্ঠা কৰিলেহে যে নিজৰ অৱস্থাৰ উন্নতি হ’ব সেইটো পতিয়ন গৈছিল। গতিকে তেওঁ প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰসিংহক সিংহাসনত প্রতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্রতিষ্ঠা কৰাৰ সপোন দেখিছিল।
তেওঁ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু ব্রিটিছ চৰকাৰক কন্দপেশ্বৰ সিংহক অসমৰ সিংহাসনত প্রতিষ্ঠা কৰিবলৈ আবেদন কৰিবলৈ স্থিৰ কৰিছিল। কিন্তু তেওঁ বংগদেশৰ লেফটেনেন্ট গৱৰ্ণৰক সাক্ষাৎ কৰাৰ কোনো সুযোগেই লাভ নকৰিলে।
সেই সময়তে তেওঁ উত্তৰ ভাৰতত ব্রিটিছ ফৌজত থকা ভাৰতীয় সৈন্যই আৰম্ভ কৰা বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্রোহ কৰি ব্রিটিছ শাসন ওফৰোৱাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰপৰা কিছু গোপন পত্র যোৰহাটত থকা কন্দপেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। কিন্তু দুর্ভাগ্যক্রমে এই সকলো গোপন ষড়যন্ত্র কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত মণিৰাম দেৱান, পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহকে আদি কৰি অন্যান্যক গ্রেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমায় ৷
৩) ফুলগুৰি ধেৱা ।
উত্তৰ:- ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে ধনৰ ভঁৰাল টনকিয়াল কৰাৰ প্ৰয়োজনত অসমত ফৎপাদিত প্ৰয়বিলাক সামগ্ৰীৰ ওপৰত আয়কৰ বহুৱাইছিল ǀ অসমৰ চৌদিশে ইংৰাজ চৰকাৰৰ শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছিল ǀৰাইজৰ আক্ৰোশ বাঢ়িল- বিশেষকৈ আফু খেতি নিষিদ্ধ কৰা,চাপৰি মাটিত খাজনা বৃদ্ধি কৰা, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ আৰোপ কৰাত ǀ নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰৰ অধীনত ফুলগুৰি বৰআঁহত ৰ তলতে ১৮৬১ চনৰ ১৮ অক্টোবৰত বিভিন্ন অঞ্চলৰ পৰা অহা নেতৃত্বহীন কৃষকৰ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত হৈছিল ǀসেইদিনা বিদ্ৰোহৰ বিষয়ে বুজ লবলৈ অহা ইংৰাজ বিষয়া ছিংগাৰক ক্ষোভিত ৰাইজে কোবাই কোবাই হত্যা কৰে আৰু মৃতদেহটো কলঙ নদীৰ সুঁতিত উটুৱাই দিয়ে ǀপিছদিনা একে ঠাইতে সমবেত হৈ থকা প্ৰতিবাদী জনতাৰ ওপৰত সশস্ত্ৰ ইংৰাজ বাহিনীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে ৩৯জন নিৰীহ কৃষকৰ মৃত্য হয় ǀ ৬৬জন লোকক আটক কৰি ইয়াৰে ৩২জনক কলীয়াপানীলৈ প্ৰেৰণ কৰে ǀ ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নিশংসভাৱে হত্যা কৰে ǀ
৪) লচিমাৰ কৃষক বিদ্রোহ
উত্তৰ:- ব্রিটিছ প্রশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্রোহ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল। বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল ৷ বজালী অঞ্চলত লচিমা, চৌখুটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন বহিছিল পানাগাঁৱৰ চাপৰিত । ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্রহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫জন লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। প্রায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুক্ত কৰে ৷ পিছদিনা উপায়ুক্ত মেক কেবে ৫৯জন বিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰে ৷ বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোৱাৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬জনক বিভিন্ন শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইক’ৰ্টৰ নিৰ্দেশত এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল।
৫) পথৰুঘাটৰ ৰণ ।
উত্তৰ:- কামৰূপৰ দৰে দৰং জিলাতো ১৮৯৪ চনৰ জানুৱাৰীৰ পৰাই বৰ্ধিত খাজনাৰ বিৰুদ্ধে ৰাইজমেল আদি অনুষ্ঠিত কৰি জনতাই প্ৰতিবাদ সাব্যস্ত কৰি আছিল ǀ তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মঙ্গলদৈ মহকুমাৰ কলাইগাওঁ, মঙ্গলদৈ,ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিল ǀ নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে এখন তিনিদিনীয়া এক বৃহৎ ৰাইজমেল আয়োজন কৰিলে ǀ ৰাইজমেলৰ খৱৰ পাই মহকুমাধিপতি য়ে জিলাধিপতি জে ডি এণ্ডৰাছনক সেই সম্পৰ্কে অৱগত কৰিলে ǀ কৃষকৰ সমাবেশ বন্ধ কৰিবলৈ জিলাধিপতি য়ে পুলিচ অধীক্ষক জে আৰ ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনী লৈ পথৰুঘাটত উপস্হিত হয় ǀ
সমাবেশস্হলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনক সমবেত ২০০মান ৰাইজে আগুৰি ধৰে ǀ কোনোমতে তেওঁ ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিৱিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ সবিশেষ জনায় ǀ কেইঘণ্টামানৰে পিছতে প্ৰায় ২০০০ মান কৃষকে হাতে হতে লাঠি আৰু বাহৰ কাঁমি লৈ শিৱিৰৰ দিশে ধাৱমান হয় ǀউত্তেজিত ৰাইজ আহি জিৰণি শিৱিৰত উপস্হিত হোৱাত, জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আতৰি যাবলৈ নিৰ্দেশ দিয়ে ǀ কৃষক সকল তাৰ পৰা আতৰি নোযোৱাত পুলিছ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আতৰাবলৈ নিৰ্দেশ দিয়ে ǀ পুলিছে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওতে উত্তেজিত ৰাইজে লাঠি,কামি,মাটিৰ দলিৰে উভতি ধৰিলেǀ তেনে অৱস্হাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে ǀএই ঘটনাত চৰকাৰী হিচাপত ১৫ জন মৃত্যু আৰু ৩৭ জন আহত হয় কিন্তু বেচকাৰী হিচাপ মতে ১৪০জন কৃষকৰ মৃত্যু হয় তথা ১৫০ জন আহত হয় ǀ
৬) অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব ।
উত্তৰ:- অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ বা গুৰুত্ব এনেধৰণৰ-
ক) যদিও ১৮৫৭ চনৰ অসমত হোৱা বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল তথাপি, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল ǀ
খ) ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলিব পাৰি ǀ
গ) অসমত হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায় এক গোট হৈ বিদ্ৰোহত অংশ গ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল ǀ
ঘ) ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন#2509;দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মইৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল ǀ
৭) টিকেন্দ্রজিৎ
উত্তৰ:- ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। মণিপুৰত সিংহাসন লাভৰ বাৰে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় ৷ কিন্তু তলে তলে চলি থকা ব্রিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা কৰা, ব্রিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়।
