ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম ইতিহাস পাঠ ৪
class 10 social science question answer assamese medium history
chapter 4
seba hslc class 10 AssamQna
অনুশীলনী
অতি চমু উত্তৰৰ প্রশ্ন
১) য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ǀ
২) কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয় ?
উত্তৰ:- ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ ǀ
৩) অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰ:- ১৮৩৬ চনৰ পৰা ǀ
৪) বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰ:- ১৮৭৩ চনত ǀ
৫) অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?
উত্তৰ:- মিলন
৬)ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?
উত্তৰ:- ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্হাৰ বিৰোধিতা কৰা ǀ
৭) সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?
উত্তৰ:- ১৯৩৩ চনত ǀ
৮) আহোম সভাৰ সম্পাদক কোন আছিল ?
উত্তৰ:- পদ্মনাথ গোঁহাইবৰুৱা ǀ
৯) যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?
উত্তৰ:- ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত ǀ
১০) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?
উত্তৰ:- সভাপতি –কুলধৰ চলিহা আৰু সম্পাদক-নবীন চন্দ্ৰ বৰদলৈ
১১) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল ?
উত্তৰ:- বিষ্ণুৰাম মেধি ǀ
১২) অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল ?
উত্তৰ:- গোপীনাথ বৰদলৈ ǀ
১৩) কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?
উত্তৰ:- সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত ǀ
১৪) গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্হাপিত হৈছিল ?
উত্তৰ:- ১৯৪৮ চনৰ ২৬ জানুৱাৰীত ǀ
১৫) অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
উত্তৰ:- ১৯৪৭ চনৰ ৩ নবেম্বৰ ǀ
১৬)গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
উত্তৰ:- ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ ǀ
চমু উত্তৰৰ প্রশ্ন
১)' অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ:- দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰননেতৃত্বত ১৮৭২ চনত কলিকতাত অসমীয়া লিটাৰেৰী ছ’চাইটী’ গঠন হৈছিল। এই অনুষ্ঠান প্রধান উদ্দেশ্য আছিল সাহিত্যচর্চা। কিন্তু ৰাজনৈতিক চিন্তাৰো প্রকাশ ঘটিছিল। ১৮৭২ চনত এই সংগঠনৰ প্রসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটীৰ তৰফৰপৰা সেই সময়ৰ ভাইচৰয় লর্ড নর্থব্রুকক এখন স্মাৰক-পত্র দাখিল কৰিছিল। সেই স্মাৰক-পত্ৰত তেওঁলোকে অসমৰ প্রাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্রিয় হৈ আছিল।
২) জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটি চমু আভাস দিয়া ǀ
উত্তৰ:- ১৮৮৮ চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনৰে নাম আছিল জোনাকী ǀ এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল ǀ ইয়াত প্ৰকাশিত কবিতা, প্ৰবন্ধ সমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল ǀ
ব্ৰিটিছসকলৰ আগমনৰ ফলতঅসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল ǀকনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল ǀ
লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ,অসম সংগীত,বীণ বৰাগী; অম্বিকাগিৰী ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশপ্ৰেমৰ ঢল বোৱাইছিল ǀ
৩) আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।
উত্তৰ:- আহোম সভাৰ ৰাজনৈতিক দাবী আছিল – ‘আহোসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা ৷
৪) আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল ?
উত্তৰ:- আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হৈছে-
1) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল ǀ
2) আছাম এছ’চিয়েচনে স্হানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল ǀ
3) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্হা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল ǀ
4) শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল ǀ সেই উদ্দেশ্যে আছাম এছ’চিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্হাপনৰ হকে মাত মাতিছিল ǀ
5) ১৯১৮চনৰ মন্টোগ’- ছেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল ǀ সেই উদ্দেশ্যে দাবী উত্থাপনৰ বাবে সাতজনীয়া এটা সঁজাতী দল কলিকতালৈ গৈছিল ǀপৰবৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নকুমাৰ বৰুৱা সেই দাবী লৈ লণ্ডনলৈও গৈছিল ǀ আছাম এছ’চিয়েচনৰ হেচাতে অসম মন্টেগ’ ছেমচফৰ্ড সংস্কাৰ আচনিৰ অধীনত আহিল ǀ
6) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্হাপনৰ বাবে দাবী তুলিছিল ǀ
7) ১৯২১ চনৰ অসহযোগ আন্দোলনত আছাম এছ’চিয়েচনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ǀ
8) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত আছাম এছ’চিয়েচনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল ǀ
9) বিধানসভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল ǀ
৫) অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ:- অসমত চন্দ্রনাথ শর্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। সেইসকলৰ অগ্রগণ্য কেইজনমান হ’ল– লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শর্মা আদি। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্রহণ কৰিছিল।
৬) কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা ǀ
উত্তৰ:- আইন অমান্য আন্দোলনক বহ্মপুত্ৰ উপত্যকাত এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ঠ অৰিহণা আগবঢ়াইছিল ǀ সেয়ে ইংৰাজ চৰকাৰে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ব্যৱস্হা কৰিছিল ǀ ১৯৩০ চনত কানিংহাম চাৰ্কুলাৰ তেনে এক ব্যৱস্হাৰে অংশ আছিল ǀকানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল ǀ চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হব বুলি ঘোষণা জাৰি কৰিছিল ǀ চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল ǀ
৭) গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা ǀ
উত্তৰ:- স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হব লগীয়া হৈছিল ǀ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ পূৱ ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল ǀমাত্ৰ ১২ কি মি বহল সংকীৰ্ণ স্হলভাগে উত্তৰ পূবক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল ǀ বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পথপৰিবহন হঠাৎ পূৱ পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল ǀবিভাজনৰ বাবে বংগ,অসম আৰু আৰাকান অঞ্চলৰ মাজত চলি থকা অৰ্থনৈতিক বাণিজ্যত বাধা আহি পৰিছিল ǀইয়াৰ আগতে অঞ্চলটোত কৃষি শিল্পজাত সামগ্ৰী, চাহ, নীল, মৰাপাট,ৰেচম আদিৰ আন্তজাৰ্তিক বাণিজ্যৰ প্ৰচলন আছিল ǀ কিন্তু বিভাজনৰ পিছত আন্তজাৰ্তিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিবেশ কৰা হয় ǀ ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞলত ভৌগোলিক পুনৰগঠন আৰু অনুপ্ৰৱেশকাৰী সমস্যাও দেখা দিছিল ǀ ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণে উত্তৰ পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছিল ǀ
৮) অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠান চমু ইতিহাস লিখা।
উত্তৰ:- অসম কৃষি বিশ্ববিদ্যালয় গোপীনাথ বৰদলৈ মন্ত্ৰী সভাৰ নেতৃত্বত গঢ়ি উঠা এক অনুষ্ঠান ৷ ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গবেষণা কেন্দ্র প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভলি বুলি ক’ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰমভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যক হৈ পৰিছিল ৷ সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল ৷ এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয় ৷
৯) অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ:- অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ৷ ১৯০০ চনতে ডিব্ৰুগড়ত ডᵒ জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড° জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
দীঘল উত্তৰৰ প্রশ্ন
১) অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কার্যাৱলীৰ বিষয়ে আলোচনা কৰা।
উত্তৰ:- অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৮৮৮ চনত গঠিত হৈছিল ৷সেই সময়তকলিকতালৈ উচ্চ শিক্ষাৰ বাবে যাোৱা ছাত্ৰসকলে অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ অর্থে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল। বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্রতাৰ ওপৰত হোৱা আক্ৰমণৰ প্রৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ উদ্দেশ্যেৰে অঃ ভাঃ উঃ সাঃ সভাৰ গঠন কৰিছিল ৷ এই সভাই অমসীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত প্ৰৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। তদুপিৰ, সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে হাতত লৈছিল। এই সভাৰ প্রচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতি হেমকোষ’ প্রকাশৰ কাম হাতত লৈছিল।
আঃ আঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আৰু ভাষা সম্পর্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্রমান্বয়ে অসমৰ ভিন্ন প্রান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি কহিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অঃ ভাঃ উঃ সাঃ সভাৰ শাখা গঠনৰ বাবে অগ্রণী ভূমিকা লৈছিল ৷ উল্লেখযোগ্য যে এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী ‘জোনাকী’য়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল।
২) অসম ছাত্র সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰ:- ১৯১৬ চনত অসম ছাত্র সম্মিলন গঠন হৈছিল ৷ এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্র সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্রদান কৰি এক সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্রথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্রিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল।
এই সন্মিলনৰ বার্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্রহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা,পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য । ছাত্র সন্মিলনৰ মুখপত্ৰ আছিল মিলন। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।
৩) ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খাতিয়ান দাঙি ধৰা ǀ
উত্তৰ:- ১৯ শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আু নগাঁও ৰায়ত সভা গঠন কৰা হৈছিল ǀ
ৰায়ত সভাৰ উদ্দেশ্য আছিল-
ক) গ্ৰেজিং কৰ বন্ধ কৰা,
খ) মাটিৰ খাজানা হ্ৰাস কৰা,
গ) পূৰ্ববংগৰ পৰা হোৱা প্ৰৱজন ৰোধ কৰা
ৰায়ত সভাৰ ভূমিকা
1) ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্হাৰ বিৰোধিতা কৰিছিল ǀ অৱশ্যে ১৮৬১-১৮৯৩ চনলৈ ভূমি ৰাজহৰ প্ৰতিবাদত কৃষকৰ দ্বাৰা উত্তৰ কামৰূপকে ধৰি অন্য ঠাইত হোৱা প্ৰতিবাদত ৰায়ত সভাই কোনো ভূমিকা লোৱা নাছিল ǀ
2) ১৯৩০-৩৪ চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ সমিতিৰ তত্বাবধানত অসমত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল ǀএইবিলাকৰ ভিতৰত নদুৱাৰ,ছয়দুৱাৰ ,শিৱসাগৰ আৰু দৰঙৰ ৰায়ত সভাবোৰ উল্ল্েখযোগ্য ǀআইন আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০% ভূমি ৰাজহ হ্ৰাস কৰাৰ বাবে দাবী জনাইছিল ǀ
3) ১৯৩৪ ৰ পৰা ১৯৩৯ চনৰ ভিতৰত অসমত প্ৰায় ৩০০খন ৰায়ত সভা গঢ়ি উঠিছিল ǀ কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ১৯৩৯ চনৰ পৰা অসমত ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিল আৰু বিভিন্ন অঞ্চলৰ ৰায়ত সভাসমূহ কংগ্ৰেছ সমিতিত বিলীন হৈ পৰিল ǀ
৪) যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যৱলী সম্পৰ্কে লিখা ǀ
উত্তৰ:- উদ্দেশ্য-
1) ৰাইজৰ আশা,আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা
2) চৰকাৰৰ উদ্দেশ্য নীতি জনসাঘাৰণক বুজোৱা
3) জনসাধাৰণৰ অৱস্হাৰ উন্নতি সাধন কৰা
কাৰ্যৱলীসমূহ-
1) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্হাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ǀ
2) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল ǀ
3) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰিছিল ǀ
4) ১৯০৫ চনৰ বংগভংগৰ বিৰোধিতা কৰিছিল ǀ পূৰ্ববংগৰ সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হব বুলি মতামত আগবঢ়াইছিল ǀ পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰৰোচনাত পৰি সভাপতি জগন্নাথ বৰুৱা বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল ǀ এই সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল ǀ
৫) আছাম এছচিয়েচনৰ ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰ:- অসমৰ কথা সামগ্রিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছচিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। আছাম এছচিয়েছনে ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবেলোৱা কেইটামান পদক্ষেপ তলত উল্লেখ কৰা হ’ল –
(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।
(ii) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল ৷
(iii) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
(iv) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছচিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল ।
(v) বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ চৰকাৰক দাবী জনাইছিল ৷
(vi) ১৯১৮ চনৰ মন্টেগ’ছেমছফৰ্ড ৰিপ’ৰ্টৰ আধাৰত প্ৰস্তাবিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল ৷
(vii) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল ৷
৬) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া ǀ
উত্তৰ:- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম-
ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত জন্ম লাভ কৰিছিল ǀ ভাৰতৰ অন্য ৰাজযৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিবেশনসমূহত অংশ গ্ৰহণ কৰি আহিছিল ǀ
অসমত আছাম এছ’চিয়েচনে কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয় ৰাজনীতিত অংশ লবলৈ অগ্ৰসৰ হৈছিল ǀ আছাম এছ’চিয়েচনৰ কিছুসংখ্যক সদস্যই প্ৰথমৰে পৰা অনুষ্ঠানটোক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন একাংশই তাৰ বিৰোধিতা কৰিছিল ǀ তথাপিও সেই সময়ত কংগ্ৰেছ নীতি আদৰ্শ আু কাৰ্যপন্হাই মধ্যবিত্ত অসমীয়া সকলক বাৰুকৈ আকৰ্ষিত কৰিছিল ǀ
আছাম এছ’চিয়েচনক কংগ্ৰেছ সংগঠনৰ ৰূপ দিবলৈ ১৮ এপ্ৰিল ১৯২১ চনত ছৱিলাল উপাধ্যয়ৰ পৌৰহিত্বত এখন বিশেষ অভিবেশন অনুষ্ঠিত কৰা হয় ǀসেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছৱিলাল উপাধ্যয়,কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয় ǀ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকা-
১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰগঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল ǀ কংগ্ৰেছ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল ǀ ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাবধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল ǀসেই বছৰৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছ কমিটিখনৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিলে ǀ ফলত আন্দোলনটো অসমত চৌদিশে বিয়পি পৰিল ǀঅসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিবেশন আয়োজন কৰিছিল ǀ
১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হৈছিল ǀ
যেতিয়া কেবিনেট মিছনে অসমক পূব বংগৰ লগত সন্নিবিষ্ট কৰি গোট-গ (Group-C) গঠন কৰিব বিচাৰিছিল,সেই সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত ইয়াৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদক মহাত্মা গান্ধীয়েও সমৰ্থন জনাইছিল ǀ তাৰে পৰিপেক্ষিতত অসম পূব বংগৰ লগত চামিল নোহোৱাকৈ থাকিল ǀ
৭) স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ:- ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কার্যকৰী হোৱাৰ লগে লগে ‘পূর্ব বংগ আৰু অসম’ এখন লেফটেনেন্ট গৱৰ্ণৰ শাসিত প্রদেশ হয়। অসমৰ দুটা ৰাজনৈতিক অনুষ্ঠান ‘যোৰহাট সার্বজনিক সভা আৰু অসম এছোচিয়েচন’ৰ বংগ বিভাজন বিৰোধিতা কৰাত বিষেশ ভূমিকা নাছিল যদিও একে সময়তে পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, ত্রিগুণা বৰুৱা, ৰক্তিম বৰা প্ৰমুখ্যে এচাম মুখিয়াল ব্যক্তিৰ বংগ ভংগ বিৰোধী স্থিতি ষ্পষ্ট আছিল ৷ তেওঁলোকে অসমবাসীৰ মাজত বংগ ভংগৰ বিৰুদ্ধে প্রচাৰ চলাইছিল।
স্বদেশী আন্দোলনৰ প্রতিক্রিয়া অসমলৈকো বিস্তাৰিত হৈছিল। বিশেষকৈ ব্ৰহ্মপুত্র উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্র ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্রই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে বন্দিনী ভাৰত’ নামৰ এখন বিদ্রোহাত্মক নাটক ৰচনা কৰিছিল ৷ ক্ষুদিৰাম বসু, বাৰীন্দ্র ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। ১৯০৬ খ্রীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যামফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল। পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰীক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ ১৯১৪ খ্রীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দী ৰূপে থাকিব লগা হৈছিল।
ব্রিটিছ চৰকাৰে ব্ৰহ্মপুত্র উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ কেইটামান জনহিতকৰ কাম কৰিছিল –
i) অসমীয়া ভাষা-সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেঞ্চ পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা।
ii) কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা।
iii) ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা।
iv) মাটিত কুৰিদফীয়া বন্দোৱক্তিৰ প্ৰৱৰ্তন কৰা ইত্যাদি।
এয়া স্বদেশী আন্দোলনৰ পৰোক্ষ প্রভাৱ বুলি ক’ব পাৰি।
৮) অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ:- ভাৰতৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূর্ণ অধ্যায়। ১৯২০ চনৰ ডিচেম্বৰত তেজপুৰত বহা অসম এছ’চিয়েছনৰ ১৭ সংখ্যক অধিৱেশনত অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ গ্রহণ হৈছিল ৷ ১৯২১ চনত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন আৰু মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্রিয় কৰি তুলিছিল।
গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি বিসর্জন দিছিল। চন্দ্রনাথ শর্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্রহণ কৰিছিল। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল ৷ ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান ‘তিলক সোঁৱৰণী স্কুল’ প্রতিষ্ঠা কৰা হৈছিল। অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল– কানিৰ প্ৰচলন বন্ধ। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল— খাদীৰ প্ৰচলন জনপ্রিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।
বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্রচুৰ সমর্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। মজুৰি বৃদ্ধিৰ দাবী জনোৱাৰ লগতে ‘গান্ধী মহাৰাজৰ জয় ধ্বনি দি তেওঁলোক বাগিচাৰপৰা ওলাই আহিছিল। মালিকসকলে বনুৱাসকলক বল প্রয়োগ কৰি ওভতাই আনিবলৈ জিলা প্রশাসন হেঁচা দিছিল। এনে বল প্রয়োগৰ ফলত বহুতো বনুৱাৰ মৃত্যু হৈছিল আৰু বাকীসকল বাগিচালৈ উভতি আহিবলৈ বাধ্য হৈছিল।
৯)আইন অমান্য আন্দোলনত অসম ভূমিকা সম্পৰ্কে এটি খাতিয়ান ডাঙি ধৰা ǀ
উত্তৰ:- ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্হাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বানক্ৰমে ১৯৩০ চনত সমগ্ৰ ভাৰতত আইন আমান্য আন্দোলন আৰম্ভ হৈছিল ǀ
অসমত হেমচন্দ্ৰ বৰুৱা,মহম্মদ তৈয়বুল্লা,বিষ্ণুৰাম মেধি,অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্ব আৰম্ভ হোৱা লোণ আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে ǀকলিকতাত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল ǀ
কিন্তু পৰবৰ্তী সময়ত লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী পালন কৰাত অসুবিধাই দেখা দিয়ে ǀ অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয় ǀ তৰুণ ৰাম ফুকন,ৰোহিনী কুমাৰ চৌধুৰী,নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আন্দোলনৰ সময়ত কোনো সক্ৰিয়তা নাছিল ǀআনহাতে-হেমচন্দ্ৰ বৰুৱা,মহম্মদ তৈয়বুল্লা,বিষ্ণুৰাম মেধি,অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে নিষ্ঠাৱান নেতাসকলে কোনোমতে সংগঠনৰ কামকাজ চলাই ৰাখিছিল ǀ আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল ǀ এই সমিতিবিলাকৰ উদ্দেশ্য আছিল-পুজি বৃদ্ধি কৰা,বিদেশী বস্তু বৰ্জন কৰা,কানি আৰু সুৰাৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰা,শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা ǀ
অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰথম অৱস্হাত আশানুৰূপ সহাৰি পোৱা নাছিল ǀ ǀঅৱশ্যে ১৯৩০ চনৰ ১৪ এপ্ৰিলত জৱহৰলাল নেহেৰু আৰু ৫ মে’ত মহাত্মা গান্ধীক পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশ গ্ৰহণ কৰিছিল ǀছাত্ৰসকলে শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল ǀকানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল ǀ চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমণা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হব বুলি ঘোষণা জাৰি কৰিছিলǀ চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল ǀ
১৯৩০ চনৰ জুলাই আৰু আগষ্ট মাহত ক্ৰমে- ১৫,১৮৬ জনৰ ভিতৰত ৩১১৭ জন ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰে ǀমদ আৰু কানিৰ দোকানসমূহ বন্ধ কৰি পেলোৱা হৈছিল ǀ ৫০শতাংশ ভূমিৰ খাজনা হ্ৰাসৰ দাবীৰে কৃষকসকলো এই আন্দোলনত জপিয়াই পৰিল ǀ
মুঠতে ছাত্ৰসকলৰ সবল নেতৃত্বত আইন অমান্য আন্দোলনে অসমত যথেষ্ঠ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ǀ
১০) অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰ:- ১৯৪২ চনৰ ৮ আগষ্টত সর্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাইত বিখ্যাত ভাৰত ত্যাগ’ আন্দোলনৰ ঘোষণা কৰিছিল। এই আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে তেওঁৰ শক্তিশালী কৰিম কিম্বা মৰিম ‘ শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্বান জনাইছিল।
চৰকাৰে কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতৰ অন্যান্য প্রান্তৰ দৰে অসমতো কংগ্রেছৰ প্রধান নেতাসকলক গ্রেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰ্তাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল।
এই আন্দোলনক ব্রিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন কৰিবলৈ চেষ্টা কৰিছিল।অসমত এই আন্দোলন দমন কৰিবলৈ ব্রিটিছসকলে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। চৰকাৰে অতি কঠোৰ হাতেৰে ১৯৪২ চনৰ আন্দোলন দমন কৰিছিল। নগাঁৱৰ বেবেজীয়া, বাপুজীয়া, বঢ়মপুৰ, জোঙালবলহু গড়, দৰঙৰ গহপুৰ, ঢেকিয়াজুলি, বৰপেটাৰ পাটাছাৰকুছি আৰু গোৱালপাৰাৰ ফকিৰাগ্ৰাম আদি ঠাইত পুলিচৰ গুলিচালনাত ন্যূনাধিক ২৭গৰাকী লোক ছহিদ হৈছিল। শ শ লোকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ ১৪ বছৰীয়া কনকলতা বৰুৱাও আছিল।
এনে ধৰণে কঠোৰ নীতিৰ দ্বাৰা চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সক্ষম হৈছিল। কিন্তু জেলৰ বাহিৰত থকা কিছুসংখ্যক নেইতা যেনে জয়প্রকাশ নাৰায়ণ, এছ এম যোশী, অৰুণা আছিফ আলী আদিয়ে আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল।
ব্রিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কর্মসূচী আছিল। অসমৰ বজালী, ঢকুৱাখনা, ৰহা, জামুগুৰি, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতাসকল জেল খাটি থকাৰ সময়তে ১৯৪৪ত ঔপনিৱেশিক চৰকাৰে সর্বশক্তি প্ৰয়োগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশাগ্রস্ত হৈছিল।
১১) বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰ :- বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱা হ’ল –
অসম কৃষি বিশ্ববিদ্যালয় – অসম কৃষি বিশ্ববিদ্যালয় গোপীনাথ বৰদলৈ মন্ত্ৰী সভাৰ নেতৃত্বত গঢ়ি উঠা এক অনুষ্ঠান ৷ ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গবেষণা কেন্দ্র প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভলি বুলি ক’ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰমভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যক হৈ পৰিছিল ৷ সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল ৷ এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয় ৷
গুৱাহাটী বিশ্ববিদ্যালয় – গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯১৭ চনত ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছ’চিয়েছনৰ বার্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্য-পাতি সংগ্রহ আৰু এক উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে ১৯৪০ চনত সূৰ্য্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত ১৭খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল।
অসম চিকিৎসা মহাবিদ্যালয় – অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ৷ ১৯০০ চনতে ডিব্ৰুগড়ত ডᵒ জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড° জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
