ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম ইতিহাস পাঠ ৫ class 10 social science question answer assamese medium history chapter 5 seba hslc class 10 AssamQna

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম ইতিহাস পাঠ ৫
class 10 social science question answer assamese medium history 
chapter 5
seba hslc class 10  AssamQna

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম ইতিহাস পাঠ ৫ class 10 social science question answer assamese medium history  chapter 5 seba hslc class 10  AssamQna




অনুশীলনী


অতি চমু উত্তৰৰ প্রশ্ন


১) সিন্ধু সভ্যতাৰ পূব  সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?
উত্তৰ:- মিৰাট পৰ্যন্ত ǀ


২) সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল ǀ


৩) ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ ৰ মানৰ ভিতৰত ঋকবেদ ৰচিত হৈছিল ǀ


৪) ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?
উত্তৰ:-‘মুণ্ডক উপনিষদ’ৰ পৰা লোৱা হৈছে ǀ


৫) প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি ?
উত্তৰ:- কৌটিল্যৰ অৰ্থশাস্ত্ৰ


৬) ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্হৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?
উত্তৰ:- জৱহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ (Discovery of India) নাম গ্ৰন্হৰ জৰিয়তে ǀ


৭) ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান  কলা কৌশলন প্রয়োগ কৰা হৈছিল ?
উত্তৰ:- গান্ধাৰ শিল্পকলাত ।


৮) ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল ?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ ৰ মানৰ ভিতৰত ভৰত মুনিৰ নাট্যশাস্ত্র ৰচিত হৈছিল ǀ


৯) ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে ?
উত্তৰ:- ৬০০০ শ্লোক আছে ǀ


১০) হেৰাকা আন্দোলন কি ?
উত্তৰ:- স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা’ নামৰ আন্দোলনৰ জন্ম দিয়ে ǀ


১১) নগালেণ্ডৰ 'হৰ্ণবিল উৎসৱ’ কি জীৱৰ নামত উৎসৰ্গিত ?
উত্তৰ:- ধনেশ পক্ষী ǀ


১২) ‘চপচৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?
উত্তৰ:- মিজো সকলৰ পৰম্পৰাগত উৎসৱ ǀ


১৩) ‘মিজো  শব্দৰ অৰ্থ কি?
উত্তৰ:- ‘মিজো’ শব্দৰ অৰ্থ হ’ল- পাহাৰৰ বাসিন্দা ǀ


১৪) উত্তৰ পূর্বাঞ্চলৰ কোন ৰাজ্যত মতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ?
উত্তৰ:- মেঘালয়


১৫) মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে।
উত্তৰ:- চৈতন্য মহাপ্ৰভুৰ শৈশৱ ,কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি  ǀ


১৬) অসমৰ প্ৰাচীন নাম কি আছিল ?
উত্তৰ:- অসমৰ প্ৰাচীন নাম আছিলঃ প্ৰাগজ্যোতিষ আু কামৰূপ


১৭) কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ?
উত্তৰ:-‘হা-চোম’ শব্দৰপৰা


১৮) চৰ্যাপদ মানে কি  ?
উত্তৰ:- চৰ্যাপদ হৈছেঃ কেইটামান সহজযান পন্থীয় গীত ǀ


১৯) চৰ্যাপদ কেতিয়া ৰচিত হৈছিল ?
উত্তৰ:- খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত ǀ


২০) মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?
উত্তৰ:- বৰাহী ৰজা মহামাণিক্যৰ ǀ


২১) অসমৰ গদ্য সাহিত্যব সূচনা কোনে কবিছিল ?
উত্তৰ:- ভট্টদেৱ ǀ


২২) জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উত্তৰ:- আজানপীৰ নামেৰে খ্যাত চাহ মিলনে ǀ


২৩) আজানপীৰ কোন ?
উত্তৰ:- এজন চুফী সাধক ǀ


২৪) আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰ:-  স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ǀ


২৫) দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল ?
উত্তৰ:- খ্ৰীষ্টীয় ষষ্ঠ শতিকাত ǀ


২৬) চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?
উত্তৰ:- আহোম শাসন ব্যৱস্হাত মঠ মন্দিৰ,ৰাস্তা ঘাট,ফ্ৰসাদ,ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য,জোখ মাখ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল ǀ


২৭) লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল ?
উত্তৰ:- প্ৰতিমা পাণ্ডে বৰুৱা ǀ


২৮) অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি ?
উত্তৰ:- অৰুণোদই ǀ


২৯) উত্তব-পূর্বাঞ্চলব অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তভুক্ত জনজাতিটো কি ?
উত্তৰ:- খাছীয়া ǀ


৩০) ৰচয়িতাসকলৰ নাম লিখা ।
উত্তৰ:- (ক) অর্থশাস্ত্র- কৌটিল্য
            (খ) হস্তিবিদ্যার্ণব- সুকুমাৰ বৰকাইথ
             (গ) কীর্তন- শংকৰদেৱ
             (ঘ) নামঘোষা- মাধৱদেৱ
             (ঙ) চোৰধৰা পিম্পৰা গুচোৱা- মাধৱদেৱ
             (চ) কালিয় দমন- শংকৰদেৱ
             (ছ) ৰামবিজয়- শংকৰদেৱ
             (জ) কথাগীত- ভট্টদেৱ
             (ঝ) ৰাজতৰঙ্গিনী- কলহল
             (ঞ) ভাৰত সন্তেদ- জৱহৰলাল নেহৰু


চমু উত্তৰৰ প্ৰশ্ন 


১। খ্ৰীষ্টীয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?
উত্তৰ:- গ্ৰীক, মোগল ǀ


২। সিদ্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মুৰ্ত্তিৰ নাম লিখা ?
উত্তৰ:- পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি


৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ।
উত্তৰ:- ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ǀ


8। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে ?
উত্তৰ:- বর্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংবক্ষণ কৰাৰ ক্ষেত্রত দেশখনৰ বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্রহণ কৰি আহিছে । কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণত কোনো অঞ্চল হয়তো আর্থিকভাবে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে আকৌ অন্য কোনোটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্নহৈ , কষ্টসাধ্য  জীৱন-যাপন কৰিবলগীয়া হৈছে।


৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা ।
উত্তৰ:- ঋকবেদ, যজুঃবেদ, অথৰ্ববেদ আৰু সামবেদ ǀ


৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?
উত্তৰ:- এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে ǀ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয় ৰ বাট মুকলি কৰিব লাগে ǀ


৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰ:- সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় ǀ


৮)ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ǀ
উত্তৰ:- আৰ্যভট্ট আৰু বৰাহমিহিৰ ।


৯) প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা ǀ
উত্তৰ:- চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা ।


১০)ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভাগ কৰিব পাৰি ?
উত্তৰ:- দুটা ভাগত ভগাব পাৰি ǀ 
সেই ভাগকেইটা হৈছেঃ  বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰকাৰ চিত্ৰ ǀ


১১) চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা ǀ
উত্তৰ:- আকবৰ আৰু জহাংগীৰ


১২) ক্ষুদ্ৰকাৰ চিত্ৰ যুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা ǀ
উত্তৰ:- লৱ কুশৰ যুদ্ধ আৰু গীত গোবিন্দ । 


১৩) হস্তীবিদ্যাৰ্ণৱ গ্ৰন্হখনৰ চিত্ৰকাৰ দুগৰাকীৰ নাম লিখা ǀ
উত্তৰ:- দিলবৰ আৰু দোচাই


১৬) ওজাপালিৰ দুটা ভাগৰ নাম লিখা ǀ
উত্তৰ:- ব্যাসৰ ওজা আৰু সুকনান্নী ওজা ।


১৭) প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী বৈজ্ঞানিকৰ নাম লিখা ǀ
উত্তৰ:- আৰ্যভট্ট আৰু বৰাহমিহিৰ


১৮) আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ǀ
উত্তৰ:- দেওধাই বুৰঞ্জী আৰু তুংখুঙীয়া বুৰঞ্জী


১৯) বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্হানীয় উৎসৱ উল্লেখ কৰা ǀ
উত্তৰ:- দৰঙ জিলাত উদযাপিত দেউল আৰু গোৱালপাৰা জিলাত উদযাপিত বাঁসপূজা


১৪)ঝুম খেতি মানে কি বুজা ?
উত্তৰ:- পাহাৰীয়া অঞ্চলত হাবি বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা সাঁজুলিৰে যি খেতি কৰা হয় , তাকে ঝুম খেতি বোলে ǀ


২০) দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা
উত্তৰ:-  ক) ঢেপা ঢুলীয়া নৃত্য 
   খ) বৰঢুলীয়া নৃত্য 


২৯) চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা ?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয়  ১)আকৃতি , ২)জোখমাখ ৩) আবেগ অনুভূতি প্ৰকাশক কৌশল ৪) কলাত্মক উপস্হাপন, ৫) সাদৃশ্য জ্ঞান , ৬) তুলিকা ব্যৱহাৰ নিয়মৰ  চৰ্চা হৈছিল যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায় ǀ


৩০) ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা ǀ
উত্তৰ:- যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্র মানৱ সমাজলৈই এক অনবদ্য অৱদান । সিন্ধু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি । বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল । আনুমানিক খ্রীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্রন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে । তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূর্ণ প্রণালী হিচাপে এক দর্শনৰ ৰূপত গঢ় দিছিল।


৩১) ভাৰতৰ স্হাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ǀ
উত্তৰ:- ক) নাগৰ শৈলীঃ উত্তৰ ভাৰতত এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায় ǀএই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ হৈ থাকে ǀ

খ) দ্ৰাবিড় শৈলীঃ  এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ সমূহ দক্ষিণ ভাৰতত পোৱা যায় ǀ ǀদক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (বিমান) আয়তাকাৰৰে ওপৰলৈ ক্ৰমে সৰু হৈ যায় ǀ

গ) ৱেচ শৈলীঃ এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায় ǀৱেচ শৈলীৰ মন্দিৰ বিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায় ǀ


৩২) ৰঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?
উত্তৰ:- ৰঙালী বিহুৰ সাতদিনক ক্ৰমেঃ গৰু বিহু,মানুহ বিহু,গোসাই বিহু,কুটুম বিহু,চেনেহী বিহু,মেলা বিহু আৰু চেৰা বিহু ǀ


৩৩) কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূলবিষয়বস্তু কি ?
উত্তৰ:- কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূলবিষয়বস্তু  হৈছে- জীৱনৰ সুখ দুখ, দেহৰ ক্ষণভংগুৰতা,জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ দেৱীৰ প্ৰশস্তি আদি ǀ


৩৪) অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা ǀ
উত্তৰ:- ৰামায়ণ, মহাভাৰত আৰু বিষ্ণুপুৰাণ ǀ 


দীঘল উত্তৰৰ প্ৰশ্ন


১) ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা ৷
উত্তৰ:- ভাৰতীয় সংস্কৃতি দুটা বিশেষ বৈশিষ্ট্য হল- সাংস্কৃতিক বঙ্গবাদ আৰু ‘বৈচিত্র্যৰ মাজত একতা’। সাংস্কৃতিক বহুত্ববাদে কোনো সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবর্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়।  ভাৰতৰ ভাষিক, ধর্মীয়, ভৌগোলিক, আর্থিক আদি অনেক ক্ষেত্রত অনেক বিবিধতা থকা সত্ত্বেও ভাৰতীয় সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্রিয়া কৰি আহিছে। হিন্দুধর্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস; বিভিন্ন যুগৰ শাসকসকলৰ ধর্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্রন্থ দুখনে ভাৰতৰ বিভিন্ন প্রান্তক মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। এইবোৰৰ উপৰি এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্রতিটো গোট পৰস্পৰ বন্ধন যুক্ত হৈ থকা দেখা যায়। যিবোৰ বিষয়ত বিবিধতাৰ সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে ঐক্যবদ্ধ কৰাও দেখা যায়। দুটা গোট যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোক হয়তো ভাষিক ভাৱে অথবা ধর্মীয়ভাৱে ঐক্যবদ্ধ; কোনোবা যদি ধর্মীয়ভাৱে পৃথক তেওঁলোক হয়তো ভাষিকভাৱে অথবা ভৌগোলিকভাৱে বন্ধনযুক্ত হৈছে।


২) ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’—বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা ǀ
উত্তৰ:- ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’- কথাষাৰ সত্য ǀ বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য, গীতা, পুৰাণ, বেদাংগসমূহ (জ্যোতিষ,ব্যাকৰণ, ছন্দ,নিৰুক্ত, কল্প আৰু শিক্ষা); ৰাজনীতি বিষয়ক গ্ৰন্হ; কৌটিল্যৰ অৰ্থশাস্ত্ৰ; চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা; কালিদাস,শুদ্ৰক ,বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজী ভাৰতীয় সাহিত্যৰ উজ্বল নিদৰ্শন ǀ কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মাধবাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শন গ্ৰন্হসমূহ; বুৰঞ্জীমুলক গ্ৰন্হ কলহনৰ ৰাজতৰংগিনী; আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত, প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্হ, দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্হৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে ǀ
উপৰুক্ত ৰচনাৰাজিয়ে জীৱন আৰু জগতৰ সম্পৰ্কে দৃষ্টিভংগী, ধৰ্ম বিশ্বাস, বিজ্ঞান মানসিকতা, কাৰিকৰী জ্ঞান,ৰাজনীতি ,চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্ৰতিফলিত কৰে ǀএই গ্ৰন্হসমূহে ভাৰতীয়সকলৰ সমাজব্যৱস্হা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল ǀ
হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্ৰম ব্যৱস্হা, পিতৃ, মাতৃ, গুৰু, অতিথি বিদ্যা আৰু বিদ্বানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থ ৰাজীয়ে প্ৰসাৰ কৰিছিল ǀ জন্মান্তৰবাদ,অৱতাৰবাদ,মোক্ষ,স্বৰ্গ,নৰক,পাপ-পূণ্য আদিৰ ধাৰণাও এই গ্ৰন্থ সমূহে জনপ্ৰিয় কৰি তুলিছিল ǀ গ্ৰন্থসমূহত উল্লেখ থকা ‘সত্যমেৱ জয়তে’ (মুণ্ডক উপনিষদ),‘অহিংসা পৰম ধৰ্ম’ (মহাভাৰত),‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী’ (ৰামায়ন), ‘বসুধৈৱ কটুম্বকম’ (মহোপনিষদ) আদি আমোঘ বাণীয়ে ভাৰতীয় মূল্যবোধৰ ভেটি ৰচনা কৰিছিল ǀǀ অসত্যৰ বিপৰীতে সত্যৰ প্ৰতি, অজ্ঞান আন্ধাৰৰ বিপৰীতে জ্ঞানৰ প্ৰতি,জড়তাৰ বিপৰীতে চেতনা লৈ নিয়াৰ  প্ৰাৰ্থনা- ‘অসতো মা সদগময়, তমসোমা জ্যোতিগময়, মৃত্যুৰ্মা অমৃতগময়’ আদি আমোঘ বাণীয়ে ভাৰতীয় মনস্তত্ত্বক প্ৰেৰণা যোগায় আহিছে ǀ
    সংস্কৃত ভাষাত ৰচিত গ্ৰন্হৰাজী পৰবৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে ǀ ইয়াৰ বহু কথা পৰিয়ালসমূহত বংশানুক্ৰমে,মৌখিকভাৱে,সমূহীয়া নাম কীৰ্তনৰূপে বা সামাজিক ৰীতি নীতি হিচাপে প্ৰৱাহমান হৈ আছে ǀ


৩) ভাৰতৰ ধর্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰ:- ভাৰতৰ প্রাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবর্তিতা, সংযোজন আৰু সংমিশ্রণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্রহণ কৰিছিল। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্রতিও শ্রদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেবাটাও তত্ত্বগতভাৱে পৰস্পৰ বিৰোধী দর্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধর্মৰ সংঘর্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়।  পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্রান্তত উদ্ভৱ হোৱা খ্রীষ্টিয়ান, ইছলাম, জোৰাষ্ট্ৰাৰ,, ইহুদী আদি ধর্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্র নির্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধর্মপন্থা দেখা যায়।


৪) উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে ?
উত্তৰ:- উত্তৰ পূৰ্বাঞ্চল শব্দটো বিট্ৰিছ শাসকসকলে উদ্ভাৱন কৰিছিল ǀ এই শব্দটোৱে সামৰি লোৱা অঞ্চলবোৰ হৈছে- অসম, অৰুণাচল প্ৰদেশ , নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় (পৰবৰ্তী সময়ত ছিক্কিম ও ইয়াত অন্তৰ্ভুক্ত হয়) প্ৰত্যেকৰে নিজা নিজা কৃষ্টি সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাস আছে ǀএই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবে অঞ্চলটোৱে এক সুকীয়া পৰিচয় লাভ কৰিছে ǀ
উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্হিতিয়ে বিশেষ সহায় কৰিছে ǀ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই পাহাৰীয়া ǀ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ, পূৱ আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখনে আৱৰি আছে ǀ ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যকেইখন বাংলাদেশ,ভূটান ম্যানমাৰ আদি বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ǀ
অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ  লোকেই বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক ǀ নগাসকলৰ একাংশৰ মাজত নিগ্ৰো নৃ-গোষ্ঠীৰ উপাদান পোৱা যায় ǀ মেঘালয়ৰ খাছীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক ǀ পাহাৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণ ঠাইবিশেষে হিন্দু,খ্ৰীষ্ট্ৰীয়ান,বৌদ্ধ ধৰ্মৰ অনুৰাগী ǀ 
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা-প্ৰশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীয় লোকে বাস কৰে ǀপৰম্পৰাগত পোছাক,নৃত্য গীত,বাদ্য, উৎসৱ, দোৱান, লোক বিশ্বাস, ৰীতি নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায় ǀ প্ৰতিখন ৰাজ্যতে  কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন, পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা মদিৰাপান, আমিষ খাদ্য, পৰম্পৰাগত গ্ৰাম্য প্ৰশাসন, খেৰ বাঁহ আদিৰে নিৰ্মিত চাঙঘৰ বা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায় ǀ 
উপৰুক্ত কাৰণসমূহৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হৈছে ǀ 


৫) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- ঔপনিবেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়ালোকসকলৰ মাজত মিছনেৰিসকলে খ্রীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধর্মৰ প্ৰসাৰ অতি প্রাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধর্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে মনকৰিবলগীয়া যে পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রষ্টিয় আৰু বৌদ্ধ ধর্মাবলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অর্থাৎ চন্দ্র-সূর্য তেওঁলোকৰ জনপ্রিয় দেৱতা।  নগাসকলে ধনেশ পক্ষীক এক ত্রাণকর্তা পবিত্র জীৱ হিচাপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত এই ‘ হৰ্ণবিল’ উৎসৱটো উদ্যাপন কৰে ৷ মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্ৰভাৱিত গীত বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায়।  মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধর্মপন্থৰ প্রচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধর্মালম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্রকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্রীষ্টিয়ান ধর্ম দীক্ষিত হ’ব ধৰে আৰু বর্তমান সত্তৰ শতাংশতকৈ অধিক লোক খ্রীষ্টিয়ান ধৰ্মাৱলম্বী।


৬) অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল – প্ৰসংগটো চমুকৈ আলোচনা কৰা ǀ
উত্তৰ:- ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল ǀ চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল ǀ তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে , আক্ৰমণকাৰী হিচাপে,ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্হায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ǀ এইবোৰৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা ,সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে ǀইয়াৰ লগতে উল্লেখ কৰিব পাৰি ভাৰতত বাস কৰা প্ৰধান নৃ-গোষ্ঠী (দ্ৰাবিড়, নিগ্ৰো,অষ্ট্ৰিক আৰু মংগোলীয় আদি) কেইটাৰ অসমতো উপস্হিতি দেখা যায়  আৰু সামগ্ৰিক ভাৱে ভাৰতত সংঘটিত হোৱা নৃতাত্বিক আৰু সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল ǀ ফলস্বৰূপে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল ǀ


৭) অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- অসমত সপ্তদশ শতিকা মানৰপৰা  চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখন মান সচিত্র পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচুড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয় ভাবে আহৰণ কৰা সামগ্ৰীৰ পৰা প্রাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্রসমূহ আঁকা হৈছিল। প্রথমতে চিত্রৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্রসমূহ আঁকা হৈছিল।  চিত্রসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্ত্তি, যুদ্ধৰ চিত্র, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি আঁকা হৈছিল। খালী ঠাইবোত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পাশ্বাংশ দুয়োধৰণৰ চিত্র অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ- জন্তুৰ ছবিবোৰত মুখাৱয়ৱৰ নিখুত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টি নন্দন৷ সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যার্ণৱ পুথিখনত দিবৰ আৰু দোচাই নামে দুগৰাকী চিত্রকৰে অংকন কৰা বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে ।


৮) অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা ǀ
উত্তৰ:- অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে ǀ অসমৰ অধিকাংশ লোক হিন্দু ǀ ইয়াৰ পিছতে আছে- ইছলাম,খ্ৰীষ্টিয়ান,জৈন,বৌদ্ধ,শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক ǀ
হিন্দু ধৰ্মৰ ভিতৰত শাক্ত,শৈৱ,বৈষ্ণৱ, সৌৰপন্হী লোক দেখা যায় ǀ অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে , এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত ǀ নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল ǀ
 খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ǀ হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই ǀ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত ǀ
মানৰ আক্ৰমণৰ সময়ত  ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ  পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰৰ্মে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজিকৈ থাকি গৈছিল ǀ তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে ǀ
অসমৰ পূৱ অংশত বাস কৰা টাইফাকে,তুৰুং,আইতন,খামটি,খাময়াং, শ্যাম সকল বৌদ্ধ ধৰ্মাৱলম্বী ǀমধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্হলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাও প্ৰদান কৰিছিল ǀ  


৯) উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱর্তন কিয় অধিকতৰ হৈছে ?
উত্তৰ:- উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্রহ্মপুত্র উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰপৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীর্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ী ভাৱে বসবাস কৰিবলৈ লৈছিল।  ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্রিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্রণৰ প্রক্রিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আর্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল।


১০) “লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে” – এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা ǀ
উত্তৰ:- এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং, সুখ–দুখ ,শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় ǀ সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে কিন্তু সেইবোৰৰ সৈতে অপৰিচলোক এজনে লোক সংস্কৃতি বিষয়ক প্ৰতিটো কথাই সুক্ষ্মভাৱে পৰ্যবেক্ষণ  কৰিলেহে বুজি পাব ǀ উদাহৰণ স্বৰূপে আমাৰ অসমৰ কথাকে উল্লেখ কৰিব পাৰি ǀ অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক পৰিচ্ছদ, আ-অলংকাৰ,খোৱা বোৱা,গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছধৰা, বিভিন্ন উৎসৱ, বাঁহ বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক, ৰীতি নীতি আদি বিষয়ক অনেক দিশত লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায় ǀ গতিকে দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মূহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ  যোগেদি লোকসংস্কৃতি প্ৰতিফলিত হয় ǀ


চমুটোকা লিখা


১) প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প।
উত্তৰ:- ভাৰতৰ ভাস্কর্য শিল্পৰ নিদর্শন সিন্ধু সভ্যতাৰ সময়ৰ পৰাই দেখিবলৈ পোৱা যায়। ভাৰতৰ ভাস্কর্য শিল্পৰ উৎকৰ্ষৰ এক পৰিপক্ক পর্যায় প্রাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাৰ সময়ৰপৰাই ভাৰতৰ ভাস্কর্য শিল্পৰ নিদর্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে মূর্তি নির্মাণ কৰা শৈলীত  ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা-কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। এই মূর্তিসমূহৰ মাজত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূর্তিৰপৰা আৰম্ভ কৰি  সমানুপাতিক পোছাক, নিখুত অলংকৰণেৰে সু-সজ্জিত মূর্তি দেখা যায়। ভাৰতৰ বিভিন্ন প্রান্তত দেখিবলৈ পোৱা মূর্তিবোৰত বিভিন্ন অনুভূতি প্রকাশ কৰিব পৰাকৈ মুখাবয়ৱত তথা অংগ-প্রত্যংগত সূক্ষ্ম কলা-কৌশলৰ প্ৰয়োগ কৰা দেখা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূর্তি এই ভাস্কর্যসমূহৰ ভিতৰত দেখা যায়। কৰিছিল। বিভিন্ন পাৰ্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কর্য শিল্পকলাক গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা, তামৰাৱতী শিল্পকলা নামেৰে তিনিটা প্রধান ভাগত ভাগ কৰিব পাৰি।  খ্রীষ্টপূর্ব প্রথম শতিকাৰ পৰা খ্রীষ্টীয় সপ্তম শতিকা পর্যন্ত জীৱন্ত হৈ থকা গান্ধাৰ শিল্পকলাত গ্রীক-ৰোমান ভাস্কর্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহু বুদ্ধ মূর্তি নির্মাণ কৰা হৈছিল। মথুৰা শিল্পকলা আৰম্ভণিতে স্বকীয়ভাৱে বিকশিত হৈছিল যদিও পিছলৈ গান্ধাৰ শিল্পকলাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই শিল্পকলাই গুপ্তযুগত চৰম উৎকর্ষ লাভ কৰিছিল। অমৰাৱতী শিল্পকলা খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ পৰা প্রায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল। মধ্যযুগত ভাৰতীয় ভাস্কর্য শিল্পৰ অৱনতি ঘটে।


২) ভাৰতীয় চিত্ৰকলা
উত্তৰ:- প্ৰাচীন ভাৰতৰ চিত্ৰকলাসমূহক দুটা ভাগত ভাগ কৰিব পাৰি ǀ বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ ǀ বৃহদাকাৰ চিত্ৰসমূহ পাহাৰ পৰ্বতৰ শিলাখণ্ডত অংকন কৰা হৈছিল আনহাতে ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্হসমূহ অলংকৃত কৰা তথা সচিত্ৰ বিবৰণ দিবলৈ অংকন কৰা হৈছিল ǀ দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্হানত বৌদ্ধ ,জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ,তামিলনাডুৰ চিত্তনাৱাচল আৰু আৰমামালাই আদিৰ গুহাৰ দেৱাল সমূহত অংকন কৰা হৈছিল ǀ এইবোৰৰ ভিতৰত অজন্তাৰ দেৱাল চিত্ৰবোৰ পৃথিৱী বিখ্যাত ǀ
দশম শতিকা মানৰ পৰা অসম, ৰাজস্হান, উৰিষ্যা, মহীশূৰ,তাঞ্জোৰ আদি ঠাইত তালপাত,সাঁচিপাত, পাটকাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অকা হৈছিল মূলঃত সংশ্লিষ্ট গ্ৰন্হসমূহৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে ǀ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয়  ১)আকৃতি , ২)জোখমাখ ৩) আবেগ অনুভূতি প্ৰকাশক কৌশল ৪) কলাত্মক উপস্হাপন, ৫) সাদৃশ্য জ্ঞান , ৬) তুলিকা ব্যৱহাৰ নিয়মৰ  চৰ্চা হৈছিল যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায় ǀ প্ৰথমে দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল ǀ এলান্ধু,হালধী,সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু বৰ্ণিল চিত্ৰ অংকন কৰা হৈছিল ǀ চুলতানী যুগত পাৰস্য দেশীয়কলা ৰীতিৰে অনুস্তপীয়াকৈ আৰম্ভ কৰা  চিত্ৰশিল্পৰ চৰ্চাৰ প্ৰমাণো আজিৰ দিনত উদ্ধাৰ হৈছে ǀ মোগলসকলৰ দিনত আকবৰ,জাহাংগীৰ আৰু ছাহজাহানৰ  পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল ǀ পাদছাহনামা, তুতুনামা, জাহাংগীৰনামা,দাস্তান-ই-আমিৰ, খামছা আদি গ্ৰন্হ সচিত্ৰকৈ অঁকা হৈছিল ǀ মোগল যুগৰ চিত্ৰসমূহ সম্ৰাটসকলৰ ছৱি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ ,বাগিছা,ফুল, গছ, লতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল আৰু চিত্ৰসমূহত পৰিপক্কতা দেখা গৈছিল ǀ ফাৰ্ছী ৰীতিৰ চিত্ৰশৈলীৰে ৰামায়ন,মহাভাৰত আদি হিন্দুধৰ্ম গ্ৰন্হত চিত্ৰ অঁকা  হৈছিল ǀ


৩) ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য।
উত্তৰ:- সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্রসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদগাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱর্তী সময়ত উদ্গাতাসকলৰ সুৰ, তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্রশাখাত বিভক্ত হৈ পৰে। ভাৰতৰ ধ্রুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য অনুক্রমে বর্তমান সময়লৈ সবল ৰূপত বর্তি আছে। মোগল সকলৰ দিনত ইয়াৰ বিশেষ উৎকর্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্রকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢােল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা মৃদংগ, খোল, চাৰংগী, চন্তুৰ, জলতৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতা, বিভিন্ন প্রকাৰৰ বীণা আদি বাদ্যযন্ত্র ধ্রুপদী সংগীত আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বর্তমানে সেই বাদ্যযন্ত্রসমূহৰ বহুলভাৱে প্রচলন হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে-কোণে থকা অজস্র লোকনৃত্যৰ উপৰি চৰকাৰী স্বীকৃতিপ্রাপ্ত আঠবিধ ধ্রুপদী নৃত্য আছে। সেই আঠবিধ নৃত্য হ’ল কথাকলি,, মোহিনী আট্টম, ভাৰতনাট্যম, কুচিপুড়ী, অডিছি , কথক , সত্ৰীয়া আৰু মণিপুৰী।


৪)অসমৰ ভাস্কৰ্য শিল্প ।
উত্তৰ:- অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি মাত্ৰিক বা পূৰ্ণাঙ্গ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি  আৱিস্কৃত হৈছে ǀ শিলৰ বাহিৰে হাতীৰ দাঁত,সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ এই মূৰ্তিসমূহৰ ভিতৰত দেৱীমূৰ্তি,শিৱ, বিষ্ণু,গণেশ,সূৰ্য, মগৰ, ঘোঁৰা হাতী, সিংহ আদি ǀ ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিস্কৃত হোৱা ঠাই কিছুমান হ’ল- তেজপুৰৰ দ’ পৰ্বতীয়া,বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী,ডবকা, গোৱালপাৰাৰ পাগলাটেক,সূৰ্য পাহাৰ, বৰগঙ্গা,নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি ǀ কলা নিপুণতাৰ দিশৰ পৰা দ’-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাসপূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে ǀতোৰণখনত অন্য মূৰ্তি কিছুমানো খোদিত কৰা হৈছে ǀ এই ভাস্কাৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্ট্ৰীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছে বুলি ঠাৱৰ কৰা হয় ǀ মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে ǀ নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগীমাৰে পুৰুষ নাৰী,বিভিন্ন জীৱ জন্তু আৰু ভৈৰৱ, সূৰ্য আৰু বিষ্ণুৰ মূৰ্তি ইয়াত দেখিবলৈ পোৱা যায় ǀ


৫) অসমৰ স্থাপত্য শিল্প।
উত্তৰ:- অসমত বর্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদর্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্রায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্ৰমে ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে। এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ উদাহৰণ হ’ল কামাখ্যা মন্দিৰ, উগ্রতৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্রহ মন্দিৰ, শিৱদ’ল, জয়দ’ল ইত্যাদি ৷ মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়-গর্ভগৃহ আৰু মণ্ডপ। মন্দিৰৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ কিছুমান কর্দৈশিৰিয়াকৈ দীঘলীয়া।
           তলাতল ঘৰটো নির্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেৱ ৰুদ্ৰসিংহই আৰু সমাপ্ত কৰিছিল ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে ৷ ৰংঘৰটো নির্মাণ কৰা হৈছিল দুমহলীয়াকৈ- সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ। ৰংঘৰটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নির্মাণ কৰা হৈছিল। আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাকো এতিয়াও ব্যৱহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে ‘কৰাল’ তৈয়াৰ কৰা হৈছিল ৷


৬) অসমৰ বৈষ্ণৱী সাহিত্য ।
উত্তৰ:-  শংকৰদেৱ আকু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্রভাৱিত কৰিছিল । এই ধর্মীয় আন্দোলনৰ প্রভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু ভালেসংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয় । সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধর্মৰ তত্ত্বকথা আদি । শঙ্কবদেৱ আৰু মাধবদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকবদেৱৰ কীর্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয় । শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ ঝুমুৰা চোৰধৰা আৰু পিম্পৰা গুচোৱা' আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্র আদি ঠাইত প্রদর্শন কৰা হয় । শংকৰদেৱৰ প্রথম নাট ‘চিহ্নযাত্রা’ শ্বেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল । এই নাটত ব্যবহৃত বৃন্দাৱনী বস্ত্র অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল । এই বস্ত্রভাগি বর্তমান ব্রিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্রহালয়ত সংৰক্ষিত হৈ আছে। শংকবদেৱ মাধবদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে । ইয়াৰ ভিতৰত ভট্টদেৱে কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কবি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে । শংকৰী সাহিত্যৰ প্রভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী, মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল । ষোড়শ শতিকাত জন্ম গ্রহণ কৰা গোবিন্দ মিশ্রৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ । 


৭) অসমৰ লোকসংগীত
উত্তৰ:- অসমত ভিন ভিন পৰিবেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে ǀ কিছুমান লোক সংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে, আন কিছুমান এতিয়াও প্ৰৱলভাৱে প্ৰবাহিত হৈ আছে ǀ কেঁচুৱা টোপনি নিওঁৱা নিচুকনি গীত,বিয়ানাম,আইনাম,ধাইনাম কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্রচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত, আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয় । কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশস্তি আদি প্রকাশমূলক গীত । এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ে ৰচিত হয় । লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োবা বিশেষ অবদানৰ বাবে সংগীত নাটক অকাদেমিৰ দ্বাবা বটা প্রদানেৰে সন্মানিত হোৱা কেইগবাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে- প্রয়াত খগেন মহস্ত, ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা । এওঁলোকৰ ভিতৰত প্রতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল ।


৮) অসমৰ ধর্মীয় সংহতি।
উত্তৰ:- অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্রীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধর্মপন্থাৱলম্বী লোক। হিন্দু ধর্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল প্ৰভাৱী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল। খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ প্রথমভাগত অসমত ইছলাম ধর্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধর্মাবলম্বী লোকসকলৰ এখন পবিত্র তীর্থস্থান। আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্রচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতন, খামটি, খাময়াং, নৰা (শ্যাম) সকল বৌদ্ধ ধর্মাবলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউ সকলে উদাৰ ধমনীতি গ্রহণ কৰিছিল আৰু বিভিন্ন ধর্মাবলম্বী লোকক উপাসনা স্থলী আদি নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।


৯) অসমৰ বুৰঞ্জী সাহিত্য ।
উত্তৰ:- মধ্যযুগত আহোম ৰজা, ডা ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্য ভাণ্ডাৰৰ অমূল্য সম্পদ ǀ ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনা সমূহ প্ৰথম অৱস্হাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল ǀ ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয় ǀ ব্ৰিটিছশাসন কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ ,সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয় ǀ এনে কেতবোৰ বুৰঞ্জী হৈছে- দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী আদি  ǀ


১০) বিহু উৎসৱ।
উত্তৰ:- বিহু অসমৰ জতীয় উৎসৱ। ব’হাগ মাহ, কাতিমাহ আৰু মাঘমাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ তিনিটা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়।
          ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্রথম ছদিনলৈ পালন কৰা হয়। চ’ত মাহৰ শেষৰ দিনটোক  গৰু বিহু হিচাপে পালন কৰা হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ গৰু-গাইৰ প্রতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়। ব’হাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃৰ আৰু পৰিয়ালৰ বয়সস্থ লোকসকলৰ চৰণ চুই কনিষ্ঠ সকলে শ্রদ্ধা নিবেদন কৰে। ৰাজহুৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। ৰঙালী বিহুৰ বাকী থকা পাঁচদিনক ক্ৰমে গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়।
            আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্ৰতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পৱিত্ৰ ভাবেৰে সিজু গছৰ তলত চাকি জ্বলায়। কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায়।
            মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদ্যাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্রামাঞ্চলৰ ডেকাল’ৰাহঁতে অথবা ৰাইজে দল বান্ধি পথাৰত খেৰ, নৰা আদিৰে ইতিমধ্যে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচাবাঁহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে। ৰাজহুৱা ভোজত অংশগ্রহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেই দিনাখন ৰাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি কৰা হয়। বিহুৰ দিনা ৰাতি পুৱাই গা ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়।


*

Post a Comment (0)
Previous Post Next Post