অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম ভূগোল পাঠ ১ class 10 social science question answer assamese medium geography chapter 1 seba hslc class 10 AssamQna

অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ
দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ 
অসমীয়া মাধ্যম ভূগোল পাঠ ১
class 10 social science question answer assamese medium geography 
chapter 1
seba hslc class 10  AssamQna

অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ দশম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ  অসমীয়া মাধ্যম ভূগোল পাঠ ১ class 10 social science question answer assamese medium geography  chapter 1 seba hslc class 10  AssamQna




অনুশীলনী


১) অর্থনৈতিক ভূগোল কাক বোলে ? অথনৈতিক ভগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰ:- ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল  বোলে।
          অর্থনৈতিক ভূগোলৰ বহুতো বিশেষ শাখা-প্রশাখাই গঢ় লৈ উঠিছে। এই শাখাসমূহৰ বিষয়বস্তু সম্পর্কে তলত আলোচনা কৰা হ’ল –
(i) কৃষি ভূগোল – অর্থনৈতিক ভূগোলৰ এই শাখাত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।
(ii) ঔদ্যোগিক ভূগোল – ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানিৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় ।
(iii) সম্পদ ভূগোল – ইয়ত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
(iv) পৰিবহণ ভূগোল – ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়নতপৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।
(v)বজাৰ ভূগোল –  ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।
(vi) পৰিকল্পনা আৰু উন্নয়ন ভূগোল – ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয় ।
(vii) পৰ্যটন ভূগোল – ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।


২) অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা ।
উত্তৰ:- অর্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয় । ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত-
        (১) অর্থনৈতিক কার্যটো ক'ত অৱস্থিত ? (অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্হান, পৰিবেশ, পৰিস্হিতি বোৰৰ সম্পৰ্কে  বিশদ আলোচনা ইয়াত অন্তৰ্ভুক্ত হৈ থাকে)
         (২) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰৰ কি কি ? (আৰ্থিক কাম কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰ  অন্তৰ্ভুক্ত হৈ থাকে )
           (৩) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? (ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰক )
           (৪) অর্থনৈতিক কার্যটো য’ত আছে তাতে কিয় হৈছে ? (অনুকূল আৰু প্ৰতিকূল ভৌগোলিক পৰিবেশৰ কাৰক বিলাকৰ বিৱৰণ)
            (৫) অর্থনৈতিক কার্যটো যত আছে তাৰ পৰিবর্তে আন এঠাইত হলে বেছি ভাল হলহেঁতেন নেকি ?( সুবিধাজনক স্হান আৰু পৰিবেশ সম্পৰ্কীয় বিষয়সমূহ )


৩) মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি ?
উত্তৰ:- মানুহৰ অর্থনৈতিক বৃত্তি হ’ল অৰ্থনৈতিক কাৰ্যকলাপ যাৰ দ্বাৰা মানুহে উৎপাদনক্ষম হৈ জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজনীয় উপাদানসমূহ আহোৰণ কৰিবলৈ সক্ষম হয় ৷
           মানুহৰ অর্থনৈতিক বৃত্তি বা কার্য চাৰি প্ৰকাৰৰ –
      (ক) প্রাথমিক বৃত্তি  –  যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে- কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
      (খ) দ্বিতীয়ক বৃত্তি –  যি কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে- শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নির্মাণ কার্য ইত্যাদি।
      (গ) তৃতীয়ক বৃত্তি – যি কাৰ্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে- যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।
      (ঘ) চতুর্থক বৃত্তি – যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে– বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।


৪) অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা ।
উত্তৰ:- অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তুবোৰ হৈছে-
 (১) কৃষি ভূগোল : অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা । ইয়াত কৃষি কার্যব লগত জড়িত কাৰকসমূহ, কৃষিৰ প্রকাৰ, কৃষি কার্যৰ বিতৰণ আৰু পদ্ধতি, শস্যব উৎপাদন ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন  কৰা হয়।
(২) ঔদ্যোগিক ভূগোল : ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদোগৰ প্রকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্রীৰ উৎপাদন, উদ্যোগ অৱস্হানৰ লগত লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় ।
 (৩) সম্পদ ভুগোল : ইয়াত সম্পদৰ প্রকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
 (৪) পৰিবহণ ভূগোল : ইয়াত পৰিবহণ ব্যৱস্থাৰ প্রকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে -ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্রৰ উন্নয়নত পবিবহণ ব্যবস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয় ।
 (৫) বজাৰ ভূগোল : ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজৰৰ প্রকাৰ আৰু  বিতৰণ আৰু ইয়াব লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয় ।
(৬) পৰিকল্পনা আৰু উন্নয়ন ভূগোল : ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যবস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয় ।
 (৭) পর্যটন ভূগোল : ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্রকাৰ, পর্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয় ǀ


৫) সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয় ?
উত্তৰ:- সম্পদ ভূগোলক অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয় ৷ ইয়াৰ কাৰণ হ’ল সম্পদৰ অধ্যয়ন অবিহনে অৰ্থনীতিৰ অধ্যয়ন হ’ব নোৱাৰে ৷ সম্পদ অৰ্থনৈতিক ভূগোলৰ আটাইকেইটা শাখা-উপশাখাৰ লগত ওতপ্ৰতভাৱে জড়িত ৷ সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি বহল ভাৱে  অৰ্থনৈতিক ভূগোলত  অধ্যয়ন কৰা হয়। দৰাচলতে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ সন্মপদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে ৷


৬) সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয় । পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ- গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ ।
            সম্পদৰ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়-
            ক) কাৰ্যকাৰিতা- মানুহে বস্তু বা সামগ্ৰীটোক যেতিয়া নিজৰ, আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পাৰে তেতিয়া তাৰ কাৰ্যকাৰিতা গুণটো প্ৰকাশ পায় ǀ
            খ) উপকাৰিতা- সম্পদ হবলৈ হলে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব লাগিব ǀ 
             গ) পৰিবৰ্তশীলতা- সম্পদৰ সদায় পৰিবৰ্তন হৈ থাকে ǀ নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী     (যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে)  আৰু প্ৰতিৰোধক  (অপকাৰী সামগ্ৰী বা পৰিঘটনা) সমূহো মানুহৰ চিন্তা চৰ্চা, কৌশল,কাৰিকৰী জ্ঞান,দক্ষতা আৰু প্ৰযুক্তিৰ সহায়ত সম্পদ হিচাপে মান্যতা পায় ǀ


৭) ‘সম্পদ পৰিবৰ্তনশীল’ – ব্যাখ্যা কৰা।
উত্তৰ:- সম্পদ পৰিবৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও সেই একেটা সামগ্ৰীয়েই মানব কল্যাণত ব্যৱহৃত হ’ব পাৰে ৷  এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে  সেইবোৰক নিৰপেক্ষ না নিষ্ক্ৰিয় সামগ্ৰী বোলে ৷ উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল   তেতিয়ালৈকে এইবোৰ কেবল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুর্বৰ মাটি, বানপানী জর্জৰিত অঞ্চল আদি একো একোটা প্রতিৰোধক । মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান- প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্রী মানুহৰ সু-প্রচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। অর্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।


৮)  সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হৈছে-সম্পদ ǀ পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ- গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ ।এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে ǀসম্পদৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহকে ধৰে অন্য বহুতো চাহিদা পূৰণ হৈছে আৰু লগতে ই জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়নৰ সহায়ক হিচাপেও পৰিগণিত হৈছে ǀ কেৱল ব্যক্তিগত পৰ্যায়তে নহয় ,সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু সামাগ্ৰিকভাৱে মানৱ জীৱনৰ আৰ্থ সামাজিক দিশৰো উত্তৰণ ঘটিছে ǀ


৯) সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়ন লগত ওতপ্রোতভাৱে জড়িত। উল্লেখযোগ্য যে প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্রযুক্তিৰ আন্তঃক্রিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত— সম্পদৰ উৎপাদক  হিচাপে আৰু সম্পদৰ উপভোক্তা  হিচাপে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্রীবোৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কার্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যানবাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ-সৃষ্ট সম্পদ  বোলা হয়।  প্রাকৃতিক আৰু মানৱ-সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত ৷


১০) সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
উত্তৰ:- সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত গুৰুত্বপুৰ্ণ সম্পর্ক আছে ৷ মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্রীবোৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞান আৰু বিজ্ঞানৰ প্ৰসাৰৰ জৰিয়তেহে উদঘাটন কৰা হয়। বিজ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কার্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যানবাহন আদি মানুহে নিজে প্রস্তুত কৰে। এই আটাইবোৰ বিজ্ঞান-প্ৰযুক্তিৰে অৱদান ৷


১১) উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।
উত্তৰ:- পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ অসংখ্য সম্পদক বিভিন্ন ধৰণে শ্রেণীবিভাজন কৰিব পাৰি । এই বিষয়ে তলত আলোচনা কৰা হ’ল –

(ক)  সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্রাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি –

(i) প্রাকৃতিক সম্পদ – প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদ বোৰ প্রাকৃতিক সম্পদ ৷ উদাহৰণ – সূৰ্যৰ ৰশ্মি, বায়ু, পানী ইত্যাদি ৷

(ii) মানৱ-সৃষ্ট সম্পদ – মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বোলা হয়। যেনে কাগজ, প্লাষ্টিক, মম আদি ৷

(iii) মানৱ সম্পদ –  সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয়।

(খ) গঠন অনুসৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ হিচাপে বিভক্ত কৰিব পাৰি –

(i) জৈৱিক সম্পদ – জীৱবোৰক জৈৱিক সম্পদ বোলে ৷ যেনে – উদ্ভিদ, প্রাণী, মাছ, শস্য আদি ৷

(ii) অজৈৱিক সম্পদ – যিবোৰ নিৰ্জীৱ সম্পদ সেইবোৰক অজীৱীয় সম্পদ বোলে। যেনে – মাটি, শিল, পানী, আদি ৷

(গ) উপলব্ধতা আৰু স্থায়ীত্বতা অনুসৰি সম্পদসমূহক নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ হিচাপে বিভক্ত কৰিব পাৰি –

(i) নবীকৰণযোগ্য  সম্পদ –  নবীকৰণযোগ্য  সম্পদবোৰ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নাযায় ৷ উদাহৰণ – সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি ৷

(ii) অনবীকৰণযোগ্য সম্পদ – অনবীকৰণযোগ্য সম্পদবোৰ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব

নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় ৷ উদাহৰণ – তাম, লো, প্ৰকৃতিক গেছ আদি ৷

(ঘ) মালিকীস্বত্বক ভিত্তি কৰি সম্পদসমূহক ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি –

(i) ব্যক্তিগত সম্পদ – মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

(ii) জাতীয় সম্পদ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে— ৰাস্তা-ঘাট, ভূমি, নদনদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।

(iii) আন্তর্জাতিক সম্পদ – সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদ যেনে— সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ বোলা হয়।


১২) প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা ।
উত্তৰ:- যিবোৰ সম্পদ ( যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস,গছ-গছনি,জীৱ-জন্তু,খনিজ পদাৰ্থ, নদ-নদী আদি) প্ৰাকৃতিক ভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি  থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে ǀ

          প্ৰাকৃতিক সম্পদসমূহ গোটা,জুলীয়া ,গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্হাত পোৱা যায় ǀ এনে প্ৰকৃতিক সম্পদৰ বেছি সংখ্যকেই কল কাৰখানা,উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয় ǀ তদুপৰি কয়লা,খনিজ তেল,প্ৰাকৃতিক গেছ, আদিৰ দৰে  প্ৰকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো ǀ

 
১৩) মানব-সৃষ্ট সম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰ:- মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বোলা হয়।

             প্রকৃতিৰপৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে, বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপোৰ; খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেথা, কৃত্রিম কাপোৰ, ৰাসায়নিক কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্রী আদিৰ কথা ক’ব পাৰি।


১৪) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহবণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ:- পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।
          যিবোৰ সম্পদ ব্যবহাৰৰ পিছত নৱীকবণ বা পুনঃসৃষ্টি কবিব নোৱাৰি আৰ একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা বোলে ǀ উদাহৰণস্বৰূপে- (কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনবীকৰণযাগ্য সম্পদ ।


১৫) সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্রয়োজনীয়তা কি?
উত্তৰ:- কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে ǀ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ ǀ উদাহৰণস্বৰূপে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় ǀ

          যদিও সম্পদ সংৰক্ষণ অনবীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িত, আচলতে সংৰক্ষণৰ ধাৰণাবোৰ সকলোধৰণৰ সম্পদৰ বাবেই সমানে প্রযোজ্য। উল্লেখযোগ্য যে অৰণ্য (নবীকবণযোগ্য সম্পদ)ধ্বংসৰ ফলত জীৱ-জস্তুৰ আৱাসভূমি তথা জৈৱ-বৈচিত্র্য হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্র বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে বাঘ, হাতী, গঁড়, ভালুক, ডলফিন, সিংহ আনিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে। তদুপৰি অসমৰ কেইবাবিধো মূল্যবান উদ্ভিদ যেনে সর্পগন্ধা, ছালকুববী, কালমেঘ, অর্জুন, অগক, চিৰতা, জাইফল, শতমূল, শুকলতি আদি প্রায় নোহোৱা হব ধৰিছে। বিলুপ্ত হ'ব ধৰা প্রাণীৰ ক্ষেত্রত সোমালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া মহ, নল-গাহৰি, শিহু, দেওহাঁহ, ধনেশপক্ষী, বৰটোকোলা আদি বিশেষভাৱে উল্লেখযোগ্য। লগতে শক্তিব উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আদি আৰু কৃষি কার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্রব্য আদিৰ ব্যরহাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্রাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্রমান্বয়ে নিঃশেষ হৈ যোৱাব উপৰি বায়ু, পানী আৰু মাটিৰ প্রদুষণ ঘটি এক ভয়াৱহ পাৰেৱেশিক সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমাৰ উন্নয়ন প্রক্রিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যবহাৰৰ লগতে প্রয়োজনীয় সংৰক্ষণব্যবস্থা হাতত লব লাগিব। উদাহৰণস্বব্ধপে, মাটি সংবক্ষণৰ ক্ষেত্রত আমি কৃষিকার্যৰ বাবে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ইয়াৰ উর্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকো।


১৬) সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।
উত্তৰ:- সম্পদ সংৰক্ষণ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) বিকল্প সম্পদৰ সন্ধান –  কোনোএটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱর্তে কৃত্রিম আঁহ; প্রাকৃতিক ৰবৰৰ সলনি কৃত্রিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। তদুপৰি অনবীকৰণযোগ্য সম্পদ যেনে- কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে ।

(খ) পুনৰাৱর্তন – সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্রক্রিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱর্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি।

(গ) অভিযোজন বা নৱপ্ৰচলন –  অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্রচলন  প্রক্রিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ’বপৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ হ্রাস – কেঁচা সামগ্ৰীৰপৰা প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে। উদাহৰণস্বৰূপে, কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়, সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্রীলৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব।

(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ – সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়োজন। সম্পদ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।

(চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কাৰ্যকৰীকৰণ  –  সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ’ব লাগে।

(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন – সম্পদ ব্যৱহাৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পর্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্রয়োজনীয় ব্যৱহাৰ নিয়ন্ত্রণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি কৰিব পাৰি।

(জ) সম্পদসমূহৰ ভৱিষ্যৎ প্রয়োজন নির্ধাৰণ – সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্রয়োজনীয়তা নির্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদঘাটনতো দ্রুততা আনিব পাৰি।


১৭) সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবাবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।
উত্তৰ:- সমগ্র বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিবেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হবলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য বাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিরেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংবক্ষণৰ ব্যবস্থা গ্রহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃবাষ্ট্রীয়, বাষ্ট্রীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্রত বাষ্ট্রসংঘৰ অন্তর্গত International Union for Conservation of Nature চমুকৈ (IUCN) বিশেষভাৱে উল্লেখযোগ্য। ১৯৪৮ চনতে UNESCO অর্থাৎ বাষ্ট্রসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱ বিজ্ঞানী) প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল । এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে- সমগ্র বিশ্বৰ প্রাকৃতিক পৰিবেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রযোজনীয় ব্যৱস্থা গ্রহণ কৰা। IUCNৰ নেতৃত্বতে WWF for Nature (World Wide Fund for Nature) আৰু (World Conservation Monitoring Centre) স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্রেণী তথা সামগ্রিকভাৱে প্রাকৃতিক পৰিবেশৰ সংৰক্ষণৰ বাবে আন্তঃবাষ্ট্রীয় আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে। ভাৰতবর্ষত এনে কার্যৰ বাবে কচৰকাৰীভাবে পৰিবেশ, বন আৰু জলবায়ু পৰিৱর্তন নামেৰে এটি মন্ত্রণালয় (Ministry of Environment, Forests and Climate Change) গঠন কৰা হৈছে । এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুবক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে । এই মন্ত্রণালয়ৰ অন্তর্গত স্বতন্ত্রভাবে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Education) গঠন কৰা হৈছে ǀ

          ইয়াৰ উপৰিও বেচৰকাৰী ভাৱে বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰ (Centre for Science and Environment), গ্ৰীণপীচইণ্ডিয়া (Greenpeace India), ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wild Life Trust of India) আদিৰ দৰে অনুষ্ঠান সমূহে পৰিবেশ সুৰক্ষাৰ বাবে কাম কৰি আছে ǀআমাৰ অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যক আদি বেচৰকাৰী অনুষ্ঠানে পৰিবেশ কুৰক্ষা আু জৈৱ বৈচিত্ৰ্যসংৰক্ষণৰ বাবে  কামকাজ কৰি আহিছে ǀ


১৮) চমুটোকা লিখা

(ক) সম্পদ
উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেইমানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।

           পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ অসংখ্য সম্পদক বিভিন্ন ধৰণে শ্রেণীবিভাজন কৰিব পাৰি । সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্রাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি ৷  সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্রাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ; নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি ৷

       যদিও সম্পদসমূহক বেলেগ বেলেগ ধৰণে বিভক্ত কৰা হয়, তথাপি বিভাজনৰ তালিকাত বহুতো সম্পদ ওপৰা-উপৰিকৈ থকা দেখা যায়। উদাহৰণস্বৰূপে, উদ্ভিদ এটা প্রাকৃতিক সম্পদ আৰু লগতে ই এটা জৈৱিক সম্পদ, নবীকৰণযোগ্য সম্পদ। আকৌ উদ্ভিদক এটা ব্যক্তিগত বা জাতীয় বুলিও ক’ব পাৰি।


(খ) মানৱ সম্পদ
উত্তৰ:- প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয় ǀ এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় ǀ যেনে- কৃষক, ডাক্তৰ ,শ্ৰমিক,শিক্ষক ইত্যাদি ǀ


(গ) সম্পত্তি
উত্তৰ:- যি অৰ্থনৈতিক দ্ৰব্যই মানুহৰ প্ৰয়োজন পূৰাব পাৰে আৰু যাৰ বিনিময় মূল্য আছে তেনে অৰ্থনৈতিক দ্ৰব্যক সম্পত্তি বুলি ক’ব পাৰি ৷ সম্পত্তি সীমিত, ইয়াল মূল্যৰ বিনিময়ত এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি ৷ উল্লেখনীয় যে, সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদেই সমপত্তি নহয় ৷ সম্পত্তিৰ উদাহৰণ – ঘৰ, গাড়ী ইত্যাদি ৷


(ঘ) নবীকৰণযোগ্য সম্পদ
উত্তৰ:- পৃথিবীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনববত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে ǀ যেনে-সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।


(ঙ) ব্যক্তিগত সম্পদ
উত্তৰ:- মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।


(চ) জাতীয় সম্পদ
উত্তৰ:- এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয় । উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ ǀ


(ছ) জীৱীয় সম্পদ
উত্তৰ:- প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ  বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।


(জ) সম্পদ সংৰক্ষণ
উত্তৰ:- কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে ǀ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ ǀ উদাহৰণস্বৰূপে- খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায় ǀ


(ঝ) সম্পদৰ পুনৰাৱর্তন
উত্তৰ:- সম্পদৰ পুনৰাৱৰ্তনৰ অৰ্থ হ’লসীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্রক্রিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰা ৷ উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱর্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি।


(ঞ) IUCN
উত্তৰ:- ১৯৪৮ চনতে UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বতে WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে।


১৯) পার্থক্য লিখা


(ক) সম্পদ আৰু সম্পত্তি
উত্তৰ:-  মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলাবোৰ বস্তুকেই সম্পদ বোলা হয় । পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ- গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল । সেয়েহে এইবোৰ সম্পদ ।
          যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ǀ সম্পত্তিৰ যোগান তুলনামূলক ভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আনএজনলৈ হস্তান্তৰ কৰিব পাৰি ǀ যেনে- ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়হে এইবোৰ সম্পত্তি ǀ সকলো সম্পত্তিয়েই সম্পদ ǀ


(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
উত্তৰ:- ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল  বোলে।
          আনহাতে,  অৰ্থনৈতিক ভূগোলৰ যি শাখাত  সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় তাকে সম্পদ ভূগোল বোলে ৷


(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী
উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেইমানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।
             আনহাতে,  যিবোৰ সামগ্ৰীয়ে  মানুহৰ কোনো ধৰণে উপকাৰ ৰা অপকাৰসাধন নকৰে সেইবোৰক নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল  তেতিয়ালৈকে এইবোৰ কেবল নিষ্ক্রিয় বা নিৰপেক্ষ সামগ্ৰীহে আছিল।


(ঘ) জীৱীয় আৰু অজীবীয় সম্পদ
উত্তৰ:- প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ ǀউদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ ।
          যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকেসেইবোৰক অজীৱীয় সম্পদ বোলে ।মাটি, শিল, ভূমি, নদ-নদী পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি অজীৱীয় সম্পদ ।


(ঙ) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ
উত্তৰ:- যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয় । অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।
            আনহাতে, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে  । উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদার্থ যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ, প্রাকৃতিক গেছ আদি অনবীকৰণযোগ্য সম্পদ।


(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ
উত্তৰ:- পৃথিবীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত আৰু জাতীয় সম্পদ হিচাপে শ্রেণী বিভক্ত কৰিব পাৰি । মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় ।
          এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলবোৰ সম্পদ যেনে- ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জস্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয় । উদাহৰণস্বন্ধপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ ǀ


(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ
উত্তৰ:- মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বোলা হয়। প্রকৃতিৰপৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে, বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপোৰ; খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেথা, কৃত্রিম কাপোৰ, ৰাসায়নিক কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্রী আদিৰ কথা ক’ব পাৰি।
           আনহাতে সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয়। শিক্ষা, অভিজ্ঞতা আদিৰ জৰিয়তে এখন দেশৰ জনগণ উৎপাদনক্ষম হৈ উঠিলে একো একোজন সম্পদলৈ ৰূপান্তৰ হয় ৷ এখন দেশৰ সম্পদৰ ভিতৰত মানব সম্পদেই অন্যতম ৷ মানব সম্পদেই দেশ এখনৰ চালিকা শক্তি ৷ মানুহ অবিহনে কোনো অন্য সম্পদৰ বিকাশ সম্ভৱ নহয় ৷ সেয়েহে আধুনিক যুগত মানব সম্পদৰ উৎকৰ্ষ সাধনত অধিক গুৰুত্ব দিয়া দেখা যায় ৷


(জ) সম্পদৰ পুনৰাৱর্তন আৰু অভিযোজন
উত্তৰ:- সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে ǀ উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ,প্লাষ্টিক বটল,কাগজ,লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয় ǀ
          অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা  আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্হালৈ  ৰূপান্তৰিত কৰিবলৈ অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব লাগে ǀ উদাহৰণস্বৰূপে –ৰাসায়নিক সাৰ,কীটনাশক দ্ৰব্য আদি প্ৰয়োগৰ দ্বাৰা মাটিত হব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে ǀ



২০) শুদ্ধ উত্তৰটো বাছি উলিওৱা


(ক) তলৰ কোনটো মানব-সৃষ্ট সম্পদ?
(১) নদ-নদী
(২) খনিজ তেল
(৩) জলসিঞ্চন নলা
(৪) অৰণ্য
উত্তৰ:- (৩) জলসিঞ্চন নলা


খ) তলৰ কোনটো অজীৱীয় সম্পদ?
(১) বায়ু
(২) গছ-গছনি
(৩) জীৱ-জস্তু
(৪) ভেঁকুৰ
উত্তৰ:- (১) বায়ু


(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
(১) বায়ু
(২) পানী
(৩) শস্য
(৪) কয়লা
উত্তৰ:- (৪) কয়লা


(ঘ) তলব কোনটো বিলুপ্তপ্রায় প্রাণী ?
(১) এশিঙিয়া গড়
(২) নল গাহৰি
(৩) জিৰাফ
(৪) মিথুন
উত্তৰ:- (২) নল গাহৰি

(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তর্গত ?
(১) UNESCO
(২) UNO
(৩) WWF
(8) UNEP
উত্তৰ:- (১) UNESCO

*

Post a Comment (0)
Previous Post Next Post