শিক্ষা আৰু মূল্যবোধ অসমীয়া ৰচনা
Siksha aru mulyabodh assamese essay
AssamQna
আৰম্ভণিঃ মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু নিয়ন্ত্রণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ - যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ দ্বাৰা আয়ত্ত্ব কৰে । মানুহ সামাজিক জীব মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । কাৰণ অকল ব্যক্তিৰ প্ৰয়োজন পূৰণহে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে , তেনেহলে তেনে কাৰ্য্যৰ কোনো ধৰণৰ মূল্য আছে বুলি কৱ নোৱাৰি ।
শব্দৰ বুৎপত্তিমূলক দিশৰ পৰা কব পাৰি যে মূল্যবোধ হৈছে কোনো বস্তুৰ নৈতিক মূল্য বা গুণমান প্ৰদান কৰা কাৰ্য , যি আমাৰ বাবে গুরুত্বপূর্ণ সন্মানজনক আৰু উপযোগিতা মূলক হৈ উঠে । যি বস্তু আদর্শমূলক , শুভ , উপযোগিতামূলক আৰু গুৰুত্বপূর্ণ সিয়েই হৈছে মূল্যৱান ইয়াৰ অভাৱত বিষয়বস্তু আমাৰ বাবে মূল্যহীন আৰু অর্থহীন হৈ পৰে । ' মূল্যবোধ শব্দ সামাজিক দিশৰ বিবেচনাৰেও আমাৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠে । মূল্যবোধ ভাৱ থকা কোনো কথা বা বিষয় সামাজিকভাৱে প্রত্যাশিত আৰু গ্রহণযোগ্য । সমাজৰ লোকেই তেওঁলোকৰ সামাজিক আদৰ্শৰ ভিত্তিত কোনো বস্তু বা বিষয় মূল্যৱান বুলি গণ্য কৰে । যি বস্তু শুভ , আদর্শমূলক আৰু সমাজৰ বাবে প্ৰত্যাশিত বিধৰ , সিয়ে মূল্যবান
প্রাচীন শিক্ষা আৰু মূল্যবোধঃ প্রাচীন মূল্যবোধ আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত আছিল । প্রাচীন ভাৰতীয় শিক্ষা আছিল মূল্যবোধৰ শিক্ষা অর্থাৎ শিক্ষাৰ জৰিয়তে ব্যক্তিক সামাজিক জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো জ্ঞান প্ৰদান কৰা হৈছিল । আন কথাত ভাৰতীয় মূল্যবোধ সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা সৃষ্টি হৈছিল । ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা ভাগত বিভক্ত কৰিছে - ধৰ্ম , অৰ্থ , কাম আৰু মোক্ষ । প্রাচীন ভাৰতীয় শিক্ষাই এই চাৰিটা দিশৰ সমবিকাশৰ ওপুৰত গুৰুত্ব প্ৰদান কৰিছিল ।
ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কর্তব্য সম্পর্কে সকিয়াই দিয়ে । এই মূল্যবোধ ' অৰ্থ ' আৰু ' কৰ্ম'তকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় । ভাৰতীয় মূল্যবোধ অনুসৰি ' অর্থ ' আৰু ' কাম'ক ধৰ্ম আৰু নৈতিকতাই পৰিচালনা কৰিব লাগে । আন কথাত ভাল আৰু বেয়াৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই । ভাৰতীয় মূল্যবোধ মতে ' মোক্ষ ' হৈছে মানৱ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় , যি মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত । আন কথাত কবলৈ গলে ভাৰতীয় মূল্যবোধৰ মূলমন্ত্ৰ হৈছে " সত্যম শিৱম সুন্দৰম ” ।
বর্তমান শিক্ষা আৰু মূল্যবোধঃ ইংৰাজসকলে ভাৰতবৰ্ষৰ শাসন ভাৰ গ্ৰহণ কৰাৰ সময়লৈকে ভাৰতবৰ্ষৰ শিক্ষানীতি সত্যম , শিৱম আৰু সুন্দৰম এই তিনিটা মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত আছিল । অৰ্থাৎ প্রাচীন ভাৰতীয় মূল্যবোধে অকৃতাৰ্থত মানুহ গঢ়াৰ শিক্ষা প্ৰদান কৰিছিল । কিন্তু ইংৰাজৰ আমোলত ভাৰতবৰ্ষৰ পৰম্পৰাগত মূল্যবোধ ওপৰত কুণ্ঠাৰোগত পৰে । সিহঁতে আধুনিক পাশ্চাত্য ভোগবাদী প্ৰৱৰ্তন কৰে । এই মূল্যবোধে নৈতিকতা আৰু ধৰ্মৰ ওপৰত গুৰুত্ব নিদিয়ে । ই মানুহৰ বস্তুবাদী প্রয়োজন পূৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে যাৰ ফলত মানুহৰ আধ্যাত্মিকতা হ্রাস পাবলৈ ধৰে । আকৌ ব্ৰিটিছসকলে এনে ধৰণৰ শিক্ষা ব্যৱস্থা প্রবর্তন কৰিছিল , যাতে সেই শিক্ষাৰ দ্বাৰা শিক্ষিত লোকসকলে ইংৰাজৰ শাসন কার্যত সহায় কৰিব পাৰে । গতিকে ইংৰাজসকলৰ শিক্ষা নীতি অফিচ আদালতৰ বাবে চাকৰিজীৱি লোকৰ সৃষ্টি কৰা এই নীতি ইংৰাজ শাসন চলি থকা সময়লৈকে আছিল যদিও আজিও ভাৰতীয় শিক্ষাব্যৱস্থা ইংৰাজসকলৰ শিক্ষা নীতিৰ পৰা সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাই । বর্তমান শিক্ষাত মূল্যবোধৰ ওপৰত অকণো গুৰুত্ব দিয়া দেখা নাযায় । এনে শিক্ষা নীতিৰ দ্বাৰা শিক্ষিত যুৱক যুৱতীয়ে কোনো বাস্তৱ আৰু কর্মমুখী শিক্ষা গ্রহণ কৰিব নোৱাৰে । তাৰোপৰি এনে শিক্ষাত মানবীয় গুণ যেনেঃ নৈতিকতা ধর্ম , পৰোপকাৰিতা , সততা , সহিষ্ণুতা , দয়া আদি গুণৰ বিকাশৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা নহয় । ফলত সমাজৰ পৰা মানবীয় গুণ হ্রাস পাই আছে ।
স্কুল - কলেজত দিয়া সাধাৰণ শিক্ষাই মূলতে আমাৰ ছাত্ৰ - ছাত্ৰী সকলৰ বৌদ্ধিক আৰু সংজ্ঞানাত্মক অভিজ্ঞতাৰ বিকাশ সাধনতহে সহায় কৰে । তেওঁলোকৰ আনুভূতিক দিশৰ অভিজ্ঞতাৰ উৎকর্ষ সাধন এই শিক্ষাই গঢ়ি তুলিব নোৱাৰে । আমাৰ প্রচলিত শিক্ষা ব্যৱস্থাত তাৰ প্ৰতি প্রয়োজনীয় দৃষ্টি প্ৰদান কৰা নহয় । অৱশ্যে তেওঁলোকৰ মূল্যবোধ গঠনৰ দিশত ই সমুলি উপেক্ষনীয় নহয় মূল্যবোধ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কব পাৰি যে এই শিক্ষা প্রত্যক্ষ আৰু পৰোক্ষ দুয়ো প্ৰকাৰে ছাত্ৰসকলক দিয়াৰ ব্যৱস্থা কৰিব পাৰি । প্ৰত্যক্ষভাৱে মূল্যবোধৰ শিক্ষাৰ একোটা বিষয় আমাৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰিব পাৰি ইয়াৰ উদাহৰণস্বৰূপে নৈতিক , সৌন্দর্য্যবোধক আৰু আধ্যাত্মিক দিশবোৰ থাকিব লাগে । আনহাতে পৰোক্ষভাৱে আলোচনা , বিবেচনা সহপাঠ্যক্রম কাৰ্য্যসূচী আদি ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি । এই মূল্যবোধৰ শিক্ষাক পুথিগত আৰু তত্ববিষয়ক কৰি তোলাৰ পৰিৱৰ্তে ইয়াক ছাত্ৰসকলৰ দৈনন্দিন জীৱনৰ ক্ৰিয়ন অনুশীলনবিধৰ কৰি তোলাৰহে ব্যৱস্থা কৰিব লাগে । ইয়াৰ উপৰিও তেওঁলোকৰ বয়স আৰু বৌদ্ধিক মানদণ্ড অনুসৰি অধ্যয়নৰ উপাদানসমূহ নিৰ্ধাৰণ কৰি তুলিব লাগে । উল্লেখযোগ্য যে ছাত্ৰৰ মনত মূল্যবোধ গঠনৰ বাবে কিছু পৰিমাণে মানসিক পৈনতা লাভ কৰি উঠাটো প্ৰয়োজন।
মূল্যবোধ শিক্ষা মূলতেই হৈছে এক শিক্ষা ব্যৱস্থা যি মানুহৰ মূল আৱেগ , অনুভুতিবোৰ প্ৰশিক্ষণ দি তাৰ উন্নত মানৱীয় অৱস্থালৈ ৰূপান্তৰিত কৰে ইয়াৰ যোগেদি সুস্থ আৰু সৱল ব্যক্তিত্ব গঠন কৰা হয় । এই শিক্ষাই মানুহক তেওঁৰ নিম্ন পশু প্ৰবৃত্তিমূলক পৰ্য্যায়ৰ পৰা নৈতিক , সৌন্দৰ্য্যবোধক আৰু আধ্যাত্মিকতাৰ উচ্চ পর্যায়লৈকে তুলি ধৰিব পাৰে । ইয়াৰ ফলত গ্রহণযোগ্য আদৰ্শ আৰু মানৱীয় অনুভূতিবোৰে ব্যক্তিৰ চিন্তা , অনুভূতি আৰু ক্ৰিয়া আচৰণত প্ৰকাশ লাভ কৰি উঠে । মূল্যবোধ শিক্ষাই ছাত্ৰ - ছাত্ৰীসকলৰ সুপ্ত অন্তর্নিহিত প্রতিভাবোৰ মানৱ কল্যাণ সাধনৰ দিশত অৱদান যোগাব পৰাকৈ উম্নোচন কৰি তুলিব পাৰি ।
সামৰণিঃ মানৱ সভ্যতা জ্ঞান আৰু বৈষয়িক দিশত বহুত আগবাঢ়ি আছে যদিও সমাজত মূল্যবোধৰ অৱক্ষয় হৈ আছে । এই অৱক্ষয় বাধা দিবলৈ আমাৰ প্ৰধান কৰণীয় হৈছে সকলো মানুহেই নৈতিক আৰু আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব লাগিব । চৰকাৰে শিক্ষা নীতি প্রস্তুত কৰোঁতে বিদ্যাৰ্থীসকলৰ তথ্যগত আৰু কাৰিকৰী শিক্ষা প্ৰদানৰ লগে লগে নৈতিকতা আৰু আধ্যাত্মিকতা বিকাশৰ বাবে নীতি নিৰ্ধাৰণ কৰি সেইমতে পাঠ্যক্রম প্রস্তুত কৰিব লাগিব আৰু শিক্ষকসকলেও সিহঁতৰ আদৰ্শৰ দ্বাৰা বিদ্যার্থীসকলক মানৱীয় প্ৰমূল্যৰ শিক্ষা প্রদান কার্যত ব্ৰতী হ'ব লাগিব । কিয়নো ধন - সম্পদ , জ্ঞান পাণ্ডিত্যই নৈতিকতা আৰু আধ্যাত্মিকতাইহে মানুহৰ মাজত মানৱীয় গুণৰ বিকাশ ঘটাব পাৰে । আৰু
