পুথিভঁৰাল অসমীয়া ৰচনা Puthibharal assamese essay AssamQna

পুথিভঁৰাল অসমীয়া ৰচনা
Puthibharal assamese essay
AssamQna


পুথিভঁৰাল অসমীয়া ৰচনা Puthibharal assamese essay AssamQna



পৰিচয় : পুথিভঁৰাল হৈছে জ্ঞানৰ ভঁৰাল । যি ঠাইত বিভিন্ন ধৰণৰ কিতাপ , বাতৰি কাকত , আলোচনী , ধর্মীয় গ্রন্থ আদি পঢ়ুৱৈ সকলে পঢ়িব পৰাকৈ সুবিধা কৰি থোৱা থাকে তাকে পুথিভঁৰাল বুলি কোৱা হয় । পুথিভঁৰালত আদিম যুগৰ পৰা বৰ্তমান মহাকাশ যুগলৈকে বিভিন্ন দিশত জ্ঞান আহৰণ কৰিব পৰা পুথিসমূহ ৰখা হয় ।

পুথিভঁৰালৰ প্ৰকাৰ : পুথিভঁৰালক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি । ৰাজহুৱা পুথিভঁৰাল আৰু ব্যক্তিগত পুথিভঁৰাল ৷ এই দুয়ো বিধ পুথিভঁৰালো আকৌ কেইবা প্ৰকাৰৰ থাকে যেনে — সাধাৰণ পুথিভঁৰাল হাতে লিখা পুথিভঁৰাল , গাঁৱলীয়া পুথিভঁৰাল আৰু চলন্ত পুথিভঁৰাল ৷ 

পুথিভঁৰালৰ প্ৰয়োজনীয়তা: বর্তমান সময়ত পুথিভঁৰালৰ প্ৰয়োজনীয়তা যথেষ্ট । আমি ধর্মীয় , দর্শন , সাহিত্য , বুৰঞ্জীমূলক , বৰেণ্য ব্যক্তিসকলৰ জীৱনী , বিভিন্ন দেশ আৰু ৰাজ্যৰ ভাষা জ্ঞান সম্বন্ধে পুথিভঁৰালত সঞ্চিত পুথিসমূহৰ পৰা লাভ কৰিব পাৰো । পুথিৰ জৰিয়তে দেশ - বিদেশৰ নজনা কথাবোৰ জানিব পাৰি । সৌৰজগতৰ উৎপত্তি , গ্রহ - নক্ষত্ৰৰ পৰা ভূ - গৰ্ভৰ তলিলৈকে পুথিভঁৰালৰ জৰিয়তে আমি জানিব পাৰো । পুথিভঁৱালেই হৈছে অতীত , বর্তমান আৰু ভৱিষ্যত যোগসূত্র স্থাপনৰ এক উত্তম ব্যৱস্থা । পুথিভঁৰালৰ জৰিয়তে আকৌ লেখক - লেখিকা সকল নতুন নতুন পথিসমূহৰ লগতো পৰিচয় হ’ব পাৰো ।

আমি সকলো সামৰণি : পুথিভঁৰালে আমাক যথেষ্ট জ্ঞান দিয়ে । লগ হৈ বিভিন্ন ধৰণৰ পুথিসমূহ সংগ্ৰহ কৰি অঞ্চলটোত এটা ৰাজহুৱা পুথিভঁৰাল স্থাপন কৰিব লাগে । পুথিভঁৰালৰ জৰিয়তে মানুহ গুণী - জ্ঞানী হৈ সমাজৰ অন্ধবিশ্বাস , কু - সংস্কাৰসমূহ দূৰ কৰিব পাৰে । সেয়ে আমি পুথিভঁৰাল প্রতিষ্ঠা কৰি নতুন প্ৰজন্মক দেশৰ সু - নাগৰিক হিচাবে গঢ়ি তোলাত সহায় কৰিব লাগে ।

*

Post a Comment (0)
Previous Post Next Post