ৰাসায়নিক বিক্ৰিয়া আৰু সমিকৰণ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১ science chapter 1 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

ৰাসায়নিক বিক্ৰিয়া আৰু সমিকৰণ
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১
science chapter 1
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna


ৰাসায়নিক বিক্ৰিয়া আৰু সমিকৰণ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১ science chapter 1 class 10 general science question answer assamese medium seba hslc class 10  AssamQna

প্ৰশ্নাৱলী page no- 6

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি লব লাগে কিয় ?

উত্তৰ:- মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু হোৱা বাবে ইয়াক বায়ুত ৰাখিলে ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। এই মেগনেছিয়াম অক্সাইডে, মেগনেছিয়ামৰ ফিটাৰ ওপৰত এটা আৱৰণ সৃষ্টি কৰে। ফলস্বৰূপে এই মেগনেছিয়াম অক্সাইডৰ আৱৰণটোৱে মেগনেছিয়ামক পুনৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰাত বাধা দিয়ে। সেয়ে বায়ুত দহন কৰা আগতে মেগনেছিয়ামৰ ফিটা ডাল পৰিস্কাৰ কৰি লব লাগে।


2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা৷

i) হাই’ড্ৰজেন+ ক্ল’ৰিন → হাই’ড্ৰজেন ক্ল’ৰাইড

ii) বেৰিয়াম ক্ল’ৰিইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

iii)  ছ’ডিয়াম + পানী → ছ’ডিয়াম হাই’ড্ৰক্সাইড + হাই’ড্ৰজেন৷

উত্তৰ:-i) H2(g)+Cl2(g)→ 2HCl(g)

ii) 3BaCl2(s)+ Al2(SO4)3(s) →  3BaSO4(s) + 2AlCl3(s)

iii) 2Na(s) + 2H2O(l) → 2NaOH(aq) + H2(g)


3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্হা চিহ্নসহ একোটা সন্তলিত ৰাসায়নিক সমীকৰণ লিখা।


(i) বেৰিয়াম ক্ল'ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্ত্তত হয়।

(ii) ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰক্ল'ৰিক এচিডৰ দ্ৰৱ ( পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰ:- i) BaCl2(aq) + Na2SO4(aq) → BaSO4(s) + 2NaCl(aq)

ii) NaOH(aq)+ HCl(aq) → Nacl(aq) + H2O(l)

প্ৰশ্নাৱলী Page No- 10

1. এটা পদাৰ্থ ‘X’ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ(White washing) ব্যৱহাৰ কৰা হয় ৷

i) পদাৰ্থ ‘X’ৰ নাম আৰু সংকেত লিখা৷
ii) পানীৰে সৈতে পদাৰ্থ ‘X’এ কৰা বিক্ৰিয়াটো লিখা ৷
উত্তৰ:-
i)পদাৰ্থ ‘X’ৰ নাম কেলছিয়াম অক্সাইড৷ ইয়াৰ সংকেত হ’ল CaO |

ii) কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰে-

    CaO(s) + H2O(l) → Ca(OH)2(aq)
   

2. কাৰ্য্যকলাপ ১.৭ ত এটা  পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা।

উত্তৰ:- কাৰ্য্যকলাপ ১.৭ ত পানীৰ বিদ্যুৎ বিশ্লেষণত অক্সিজেন আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। পানীৰ এটা অনুত দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন পৰমাণু থাকে। গতিকে বিদ্যুৎ বিশ্লেষণ কৰোতে হাইড্ৰ'জেন গেছ অক্সিজেন গেছতকৈ দুগুণ পৰিমাণে উৎপন্ন হয়।

প্ৰশ্নাৱলী Page No- 13

1. লোৰ গজাল এটা ডুবাই ৰাখিলে ক'পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?

উত্তৰ:- লোৰ মাৰি এডাল কপাৰ ছালফেটৰ দ্ৰৱত ডুৱাই ৰাখিলে লো(Fe) এ কপাৰ ছালফেট (CuSO4 ) ৰ পৰা কপাৰক অপসাৰিত কৰি ফেৰাছ ছালফেট উৎপন্ন কৰে। ফলত দ্ৰৱটোৰ ৰঙৰ পৰিৰ্ৱতন ঘটে।

Fe(s) + CuSO4(aq) →  FeSO4(aq) + Cu(s)
(ক’পাৰ ছালফেট)   (আইৰন ছালফেট)

2. কাৰ্য্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া ।

উত্তৰ:-  2Cu  +  O2    →  2CuO       


3. তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা৷

i) 4Na(s) + O2(g) → 2Na2O(s)
ii) CuO(s) +H2(g) →  Cu(s) + H2O(l)

উত্তৰ:- i)ছ’ডিয়াম জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে৷

ii) হাই’ড্ৰজেন জাৰিত হৈছে আৰু ক’পাৰ অক্সাইড বিজাৰিত হৈছে৷

অনুশীলনী

1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

2PbO(s) + C(s) → 2Pb(s) + CO2(g)

(a ) লেড বিজাৰিত হৈছে ।
(b ) কার্বন ডাইঅক্সাইড জাৰিত হৈছে ।
(c ) কার্বন জাৰিত হৈছে ।
(d ) লেড অক্সাইড বিজাৰিত হৈছে ।

i ) ( a ) আৰু ( b )
ii) ( a ) আৰু ( c )
iii ) ( a ) , ( b ) আৰু ( c
iv ) সকলো

উত্তৰ:- ( a ) আৰু (b )


2.  Fe2O3 + 2Al → Al2O3 + 2Fe

ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ

(a ) এটা সংযোজন বিক্রিয়াৰ
(b ) এটা দ্বিঅপসাৰণ বিক্রিয়াৰ
(c ) এটা বিযোজন বিক্রিয়াৰ |
(d) এটা অপসৰণ বিক্রিয়াৰ ।

উত্তৰ:- (d)

3. কি ঘটে যেতিয়া লঘু হাইড্রক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।

(a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ' ৰাইড উৎপন্ন হয় ।
( b) ক্ল'ৰিণ গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।
(c ) বিক্রিয়া নঘটে ।
(d ) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।

উত্তৰ:- ( a ) আৰু (b )

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণ সমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰ:- যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তেনে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে ৷

      ৰাসায়নিক সমীকৰণ সমূহ ভৰৰ নিত্যতা সূত্ৰটো মানি চলিবলৈ সন্তুলিত কৰিব লাগে ৷
     

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা ৷

a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে ৷
উত্তৰ:-
3H2(g) + N2(g) → 2NH3(g)

b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ৷
উত্তৰ:-
2H2S(g) + 3O2(g) →  2H2O(l) + 2SO2(g)

c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃহ্মেপ উৎপন্ন কৰে ৷
উত্তৰ:-
3BaCl2(aq) + Al2(SO4)3(aq) → 2AlCl3(aq) + 3BaSO4(s)

d)পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপণ্ন কৰে৷
উত্তৰ:-
2K(s) + 2H2O(l) → 2KOH(aq) + H2(g)

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা ৷

a)HNO3 + Ca(OH)2 → Ca(NO3)2 + H2O
উত্তৰ:- 
2HNO3 + Ca(OH)2 → Ca(NO3)2 + 2H2O

b) NaOH + H2SO4 → Na2SO4 + H2O
উত্তৰ:-
2NaOH + H2SO4 → Na2SO4 +  2H2O

c) NaCl + AgNO3 → AgCl + NaNO3 
উত্তৰ:-
NaCl + AgNO3 → AgCl + NaNO3   

d) BaCl2 + H2SO4 → BaSO4 + HCl
উত্তৰ:-
BaCl2 + H2SO4 → BaSO4 + 2HCl

7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা ৷

a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী ৷
উত্তৰ:-
Ca(OH)2 + CO2 → CaCO3 + H2O

b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ ৷
উত্তৰ:-
Zn + 2AgNO3 → Zn(NO3)2 + 2Ag

c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ৷
উত্তৰ:-
2Al + 3CuCl2 → 2AlCl3 + 3Cu

d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড
উত্তৰ:-
BaCl2 + K2SO4 →  BaSO4 + 2KCl

8. তলত দিয়া বোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লেখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা ৷

a) পটেছিয়াম ব্ৰ’মাইড(aq) + বেৰিয়াম আয়’ডাইড(aq) → পটেছিয়াম আয়’ডাইড(aq) + বেৰিয়াম ব্ৰ’মাইড(s)
উত্তৰ:-
2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(aq)
এইটো এটা দ্বিঅপসৰণ বিক্ৰিয়া ৷

b)যিংক কাৰ্বনেট(s) → যিংক অক্সাইড(s) + কাৰ্বন ডাই অক্সাইড(g)
উত্তৰ:-
ZnCO3(s) → ZnO(s) + CO2(g)
এইটো এটা বিযোজন বিক্ৰিয়া ৷

c)হাইড্ৰ’জেন(g) + ক্ল’ৰিন(g) → হাইড্ৰ’জেন ক্ল’ৰাইড(g)
উত্তৰ:-
H2(g) + Cl2(g) → 2HCl(g) 
এইটো এটা সংযোজন বিক্ৰিয়া ৷

d)মেগনেছিয়াম(s) + হাইড্ৰ’ক্লৰিক এছিড(aq) → মেগনেছিয়াম ক্ল’ৰাইড(aq) + হাইড্ৰ’জেন(g)
উত্তৰ:-
Mg(s) + 2HCl(aq) → MgCl2(aq) +H2(g)
এইটো এটা অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া ৷

9. তাপবৰ্জী আৰু তাগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া ৷

উত্তৰ:- যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে ৷
উদাহৰণ: প্ৰকৃতিক গেছৰ দহন-
CH4(g)+ 2O2(g) → CO2(g) + 2H2O(l)

যিবোৰ বিক্ৰিয়াত তাপ বা শক্তি শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে ৷
উদাহৰণ: সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে
2AgCl(s)   __সুৰ্যৰপোহৰ__> 2Ag(s) + Cl2(g)


10. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ৷

উত্তৰ:- শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্হিতিত কোষস্হ গ্লু’কজৰ জাৰন ঘটি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় ৷

C6H12O6(aq) + 6O2(aq) + 6H2O(l) → 6CO2(g) + 12H2O(l) + শক্তি

      যিহেতু এই প্ৰক্ৰিয়াত শক্তি উৎপন্ন হয় সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয় ৷
     

11. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা ৷

উত্তৰ:- এটা সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ আন এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে কিন্তু এটা বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে ৷ সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় ৷

সংযোজন বিক্ৰিয়াৰ সমীকৰণ :
C(s) + O2(g) → CO2(g)

বিযোজন বিক্ৰিয়া সমীকৰণ :
2AgCl(s)   __সুৰ্যৰপোহৰ__> 2Ag(s) + Cl2(g)

12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ৷

উত্তৰ:- তাপ দিলে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত হয়৷
CaCO3(s)  __তাপ___> CaO(s) + CO2(g)

সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে ৷
2AgCl(s)   __সুৰ্যৰপোহৰ__> 2Ag(s) + Cl2(g)

পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হয় ৷
2H2O(l) __বিদ্যুৎ প্ৰবাহ__>  2H2(g)  +  O2(g)

13.  অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ৷

উত্তৰ:- যি বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই তাত কৈ কম সক্ৰিয় মৌল এটাক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেনে     বিক্ৰিয়াক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে ৷
উদাহৰণ: যিংকে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰ মৌলটোক অপসাৰিত কৰি যিংক ছিলফেট আৰু ক’পাৰ উৎপন্ন কৰে ৷

Zn(s) + CuSO4(aq) →  ZnSO4(aq) + Cu(s)

     আনহাতে, যি বিক্ৰিয়াত দুটা মৌলই পৰস্পৰক পৰস্পৰৰ যৌগৰ পৰা অপসাৰিত কৰি আয়নৰ বিনিময় কৰে তেনে বিক্ৰিয়াক দ্বিআপসৰণ বিক্ৰিয়া বোলে ৷
উদাহৰণ : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইড উৎপন্ন হয় ৷

Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসৰণ সংঘটিত কৰা হয় ৷ জড়িত বিক্ৰিয়াটো লিখা ৷

উত্তৰ:- জড়িত বিক্ৰিয়াটো হ’ল-

     2AgNO3(aq)  +  Cu(s) →   Cu(NO3)2(aq)   +   2Ag(s)
    

15. অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা ৷

উত্তৰ:- যি বিক্ৰিয়াত অধঃক্ষেপ(অদ্ৰাৱ্য পদাৰ্থ) উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বোলা হয়৷
উদাহৰণ: ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট অধঃক্ষেপ হিচাপে উৎপন্ন হয় ৷

Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)

16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ৷

a) জাৰণ
উত্তৰ:-
যি বিক্ৰি্য়াত পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায় তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলে ৷
উদাহৰণ :

i) 2Mg(s) + O2(g)  __তাপ__> 2MgO(s)
ইয়াত, মেগনেছিয়াম জাৰিত হৈ মেগনেছিয়াম অক্সিইড উৎপন্ন কৰিছে ৷

ii) 2Cu(s) + O2(g) __তাপ__> 2CuO(s)
ইয়াত, ক’পাৰ জাৰিত হৈ ক’পাৰ অক্সিইড উৎপন্ন কৰিছে ৷

b) বিজাৰণ
উত্তৰ:- যি বিক্ৰি্য়াত পদাৰ্থই অক্সিজেন হেৰুৱায় বা হাইড্ৰ’জেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে ৷
উদাহৰণ :

i) CuO(s) + H2(g) __তাপ__> Cu + H2O
ইয়াত, ক’পাৰ অক্সাইড বিজাৰিত হৈ ক’পাৰ উৎপন্ন কৰিছে ৷

ii) ZnO(s) + C(s) __তাপ__> Zn(s) + C0(g)
ইয়াত, যিংক অক্সাইড বিজাৰিত হৈ যিংক উৎপন্ন কৰিছে ৷

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল ৷ মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা ৷

উত্তৰ:- মৌল ‘X’ হ’ল ক’পাৰ(Cu) আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড(CuO) |

জড়িত বিক্ৰিয়াটো উল্লেখ কৰা হ’ল-

2CuO + H2__তাপ__> Cu + H2O

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

উত্তৰ:- ক্ষয়ীভৱনৰ বাবে লোৰে তৈয়াৰী বস্তুবোৰ নষ্ট হয় ৷ মামৰ ধৰা ৰোধ কৰিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় ৷

19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰ:- তেল আৰু চৰ্বি থকা খাদ্যবস্তু জাৰিত হ’লে ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় ৷ নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদাৰ্থ ৷ তেল আৰু চৰ্বি থকা খাদ্যবস্তুৰ জাৰণ নঘটিবলৈ আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইহঁতক নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় ৷

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা ৷

a) ক্ষয়ীভৱন
উত্তৰ:-
যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হ্য় আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলা হয় ৷ ৰঙৰ প্ৰলেপ দি ধাতুৰ ক্ষয় ৰোধ কৰিব পাৰি ৷

ক্ষয়ীভৱনৰ উদাহৰণ- লোত মামৰে ধৰা ৷

b) চৰ্বিৰ দুৰ্গন্ধিতা ৷
উত্তৰ:-
যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া ইহঁতৰ  গোন্ধ আৰু স্বাদ সলনি হয় ৷ ইয়াকে দুৰ্গন্ধিতা বোলে ৷ চৰ্বি আৰু তেল যুক্ত খাদ্য এইদৰে নষ্ট হয় ৷ প্ৰতিজাৰক পদাৰ্থ ব্যৱহাৰ কৰি দুৰ্গন্ধিতা ৰোধ কৰিব পাৰি ৷

দুৰ্গন্ধিতাৰ উদাহৰণ – মাখন বেছি দিনলৈ ৰাখিলে তাৰ গোন্ধ আৰু স্বাদ সলনি হয় ৷

*

Post a Comment (0)
Previous Post Next Post