এছিড, ক্ষাৰক আৰু লৱণ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ২ science chapter 2 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

এছিড, ক্ষাৰক আৰু লৱণ
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ২
science chapter 2
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna




এছিড, ক্ষাৰক আৰু লৱণ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ২ science chapter 2 class 10 general science question answer assamese medium seba hslc class 10  AssamQna

প্ৰশ্নাৱলী page no- 18

1. তােমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্রমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তােমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?

উত্তৰ:- যদি ৰঙা লিটমাছ কাগজৰ ৰং সলনি নহয়, তেন্তে দ্ৰৱটো এছিড হয়, আকৌ যদি ৰঙা লিটমাছ কাগজৰ ৰং নীলা ৰংলৈ সলনি হয়, তেন্তে দ্ৰৱটো ক্ষাৰক হ'ব আৰু যদি লিটমাছ কাগজৰ ৰং অলপ সলনি হয়, তেন্তে দ্ৰৱটো পতিত পানী হয় ।

প্ৰশ্নাৱলী page no- 22


1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?

উত্তৰ:- দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে । এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰ'জেন গেছ আৰু ধাতৱ লৱণ উৎপন্ন হয় । দৈ আৰু টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত থলে পাত্ৰটোৰ ধাতু আৰু এছিডৰ মাজত বিক্রিয়া ঘটি খাদ্যখিনি নষ্ট হৈ যায় । সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় ৷

2. এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

উত্তৰ:- এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয়।উদাহৰণ স্বৰূপে ছডিয়াম ধাতুৱে হাইড্ৰ’ক্ল’ৰিক এছিডৰ লগত বিক্ৰিয়া কৰিলে ছডিয়াম ক্লৰাইড লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে

Na(s) + HCl(aq)→ NaCl(aq) + H2(g)

পৰীক্ষাঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে উৎপন্ন কৰা গেছক চাবোন পানীৰ মাজেৰে পাৰ হ'ব দিলে চাবোন পানীত বুদবুদৰ সৃষ্টি হ'ব। এতিয়া এডাল জ্বলি থকা ম'ম গেছ ভৰ্তি বদবুদৰ ওচৰত ধৰিলে হাইড্ৰজেন গেছ ফট্ ফট্ শব্দ কৰি জ্বলিব।

3. এটা ধাতৱ যৌগ A  লঘু হাইড্ৰ’ক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্ঠি কৰে । উৎপন্ন হোৱা গেছটোৱে এডাল  জ্বলি থকা ম’ম নুমুৱায় । বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লখা ।

উত্তৰ:- ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্লৰিক এছিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্ঠি কৰে আৰু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই ।

ইয়াৰ দ্বাৰা আমি জানো যে বিক্ৰিয়াটোত গঠন হোৱা গেছটো কাৰ্বন ডাই-অক্সাইড ।

যিহেতু বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড, গতিকে ধাতৱ যৌগ A নিশ্চিতভাৱে কেলছিয়াম কাৰ্বনেট(CaCO3 (s) ।

বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হৈছে :-

CaCO3 (s)  +   2HCl (aq)   → CaCl2 (aq)  +  H2O (l)   +  CO2 (g)


প্ৰশ্নাৱলী page no- 25


1. জলীয় দ্ৰৱত HCl, HNO3, ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়?

উত্তৰ:- জলীয় দ্ৰৱত HCl, HNO3 আদিয়ে H+ বা H3O+ আয়ন উৎপন্ন কৰে৷ এলক’হল আৰু গ্লুক’জৰ দৰে যৌগত H+ বা H3O+ আয়ন উৎপন্ন নহয়৷ সেয়েহে জলীয় দ্ৰৱত HCl, HNO3, ইত্যাদিয়ে আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়৷


2. এছিড এটাৰ জলীয় দ্রৱই কিয় বিদ্যুৎ পৰিবহন কৰে?

উত্তৰ:- এছিডত হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়ন থাকে, সেইকাৰণে এছিড এটাৰ জলীয় দ্রৱই বিদ্যুৎ পৰিবহন কৰে ।


3. শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?

উত্তৰ:- এছিডে অকল জলীয় দ্ৰৱতহে H+ বা H3O + আয়ন উৎপন্ন কৰে ৷ যিহেতু শুকান HCl গেছত H + বা H3O + আয়ন নাথাকে সেয়েহে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ।


8. এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

উত্তৰ:- পানীত এছিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবর্জী প্রক্রিয়া। এছিড সদায় পানীতহে লাহে লাহে যোগ কৰিব লাগে আৰু এইটো কৰোঁতে দ্ৰৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে। যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্রটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। অত্যধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাগিবও পাৰে।


5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়ন (H3O+)  ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় ?

উত্তৰ:- এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে প্ৰতি একক আয়নত (H3O+) ৰ সংখ্যা হ্ৰাস পায় । ইয়াৰ ফলত হাইড্ৰনিয়াম আয়ন (H3O+) ৰ গাঢ়তা হ্ৰাস পায় আৰু লগতে এছিডৰ তীব্ৰতা হ্ৰাস পায় ।


6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন(OH–)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ৱ?

উত্তৰ:- ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন(OH–)ৰ গাঢ়তা প্ৰতি একক আয়তনত বৃদ্ধি পাব৷


প্ৰশ্নাৱলী page no- 28


1. তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ PH ৰ মান 6 আৰু দ্ৰৱ Bৰ PH ৰ মান 8 | কোনটো দ্ৰৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰ:- A দ্ৰৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছি। A দ্ৰৱটো আম্লিক আৰু B দ্ৰৱটো ক্ষাৰকীয় ।


2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ ( aq ) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে ?

উত্তৰ:- যদি দ্ৰৱ এটাত প্রতি একক আয়তনত H + ( aq ) আয়নৰ গাঢ়তাৰ বৃদ্ধি পায় তেনেহ'লে দ্ৰৱটোৰ এছিড প্ৰকৃতিৰ তীব্রতা বৃদ্ধি পাবা আনহাতে যদি দ্ৰৱটোৰ প্ৰতি একক আয়তনত H+( aq ) আয়নৰ গাঢ়তাৰ হ্ৰাস পায় তেনেহ'লে দ্ৰৱটোৰ এছিড প্ৰকৃতিৰ তীব্রতাও হ্রাস পাব ।


13. ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?

উত্তৰ:- ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকে কিন্তু ইয়াৰ সংখ্য়া OH- আয়নৰ সংখ্য়া কম হোৱা বাবে ই আম্লিক গুণ নেদেখুৱাই ক্ষাৰকীয় গুণহে দেখুৱাই।

4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা ?

উত্তৰ:- গছ-গছনিৰ সুস্থ-সবল বৃদ্ধিৰ বাবে মাটিৰ PH  ৰ মানৰ আদৰ্শ পৰিসৰ 6.5 ৰ পৰা 7, ইয়াৰ অৰ্থ এয়ে যে এই মাটি টুকুৰা অতিশয় আম্লিক নতুবা অতিশয় ক্ষাৰকীয় নহয় । অত্যধিক আম্লিক (pH ৰ মান < 6.5) হোৱাৰ ক্ষেত্ৰত মাটিৰ আম্লিকতা প্ৰশমনৰ বাবে কৃষকে কৃষিক্ষেত্ৰ পোৰা চূণ (কেলছিয়াম অক্সাইডCaO) বা শিথিলিত চূণ [ কেলছিয়াম হাইড্ৰ’ক্সাইড Ca(OH)2] বা চক (কেলছিয়াম কাৰ্বনেট,CaCO3) ৰ দৰে ক্ষাৰক প্ৰয়োগ কৰে ।

প্ৰশ্নাৱলী page no- 33


1. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?

উত্তৰ:- যৌগ CaOCl2 ৰ সাধাৰণ নামটো হ’ল ব্লিচিং পাউদাৰ৷


2. ক্ল'ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰ:- কেলছিয়াম হাইড্ৰ'অক্সাইড ৷


3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা৷

উত্তৰ:- কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম হ’ল কাপোৰ ধোৱা চ’ডা(Na2CO3.10H2O)|


4. ছ'ডিয়াম হাইড্র'জেনকার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্রিয়াটোৰ সমীকৰণটো দিয়া।

উত্তৰ:- ছ'ডিয়াম হাইড্র'জেনকার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট (Na2CO3), কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়।

NaHCO3 তাপ→ Na2CO3 + H2O + CO2


5. প্লাষ্টাৰ অৱ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা ।

উত্তৰ:- প্লাষ্টাৰ অৱ পেৰিছ (এবিধ বগা পাউদাৰ) [CaSO4 . H2O]  ক পানী (H2O ) ৰ লগত মিহলি কৰিলে জিপছামলৈ (এবিধ টান গোটা পদাৰ্থ ) পৰিৱৰ্তিত হ’ব ।

ওপৰৰ বিক্ৰিয়াটো দেখুওৱা  সমীকৰণটো হৈছে :-

CaSO4 .  H2 O (s)   +   1 .1/2H2O (l)  → CaSO4 . 2H2O (s)


অনুশীলনী

1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে৷ ইয়াত pH হ'ব পাৰে—

(a) 1
(b) 4
(c) 5
(d) 10
উত্তৰ:-
(d) 10


2. এটা দ্ৰৱই গুড়ি কৰি লােৱা কণীৰ খােলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘােলা কৰে। দ্ৰৱটোত থাকে—

(a) NaCl (b) HCI (c)LiCI (d) KCI

উত্তৰ:-(b) HCI


3. NaOH দ্ৰৱ এটাৰ 10mL এ HCI দ্ৰৱ 8mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে । যদি আমি একেটা NAOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ'ব।

(a) 4mL (b) 8mL (c) 12mL (d) 16mL

উত্তৰ:-(d) 16mL


4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?

(a) এন্টিবায়টিক
(b) বেদনানাশক (analgesic)
(c) অম্লনাশক
(d)বীজাণুবাৰক (antiseptic)
উত্তৰ:-
(c) অম্লনাশক


5. সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া


(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।।
(b) লঘু হাইড্রক্ল'ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।
(C) লঘূ ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।
(d) লঘু হাইড্ৰ'ক্ল'ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
উত্তৰ:-

(a) শব্দ সমীকৰণ- ছালফিউৰিক এছিড + যিংক → যিংক ছালফেট + হাইড্ৰজেন

সন্তুলিত সমীকৰণ- H2SO4(aq)  + Zn(s)  → ZnSO4 (aq) + H2(g)

(b) শব্দ সমীকৰণ-  হাইড্রক্ল'ৰিক এছিড + মেগনেছিয়াম → মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন

সন্তুলিত সমীকৰণ-  2HCl (aq) + Mg (s) → MgCl2(aq)  + H2 (g)

(c) শব্দ সমীকৰণ-  ছালফিউৰিক এছিড + এলুমিনিয়াম → এলুমিনিয়াম ছালফেট + হাইড্ৰজেন

সন্তুলিত সমীকৰণ- 3H2SO4(aq) + 2Al(s) → Al2 (SO4)3 (aq) + 3H2 (g)

(d) শব্দ সমীকৰণ- হাইড্ৰ'ক্ল'ৰিক এছিড + লো → আইৰণ ক্লৰাইড + হাইড্ৰজেন

সন্তুলিত সমীকৰণ- HCl(aq) + Fe(s) → FeCl2 (aq) + H2 (g)


6. এলক’হল আৰু গ্লক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে । কিন্তু সিঁহতক এছিড হিচাপে  শ্ৰেণীভূত কৰা হোৱা নাই । ইয়াক প্ৰমাণ কৰিবলৈ বৰ্ণনা কৰা ।

উত্তৰ:- কাৰ্যকলাপ :  প্ৰমাণ কৰিব লাগে যে এলক’হল আৰু গ্লক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে । কিন্তু সিঁহতক এছিড হিচাপে  শ্ৰেণীভূক্ত কৰা হোৱা নাই ।

আৱশ্যকীয় সামগ্ৰী : বিকাৰ, এলক’হল, গ্লক’জ দ্ৰৱ, কৰ্ক, দুটা লোৰ গজাল, এটা 6 ভল্টৰ বেটাৰী ।

পদ্ধতি :

পদক্ষেপ (i) : এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি লোৱা হ’ল ।
পদক্ষেপ  (ii) : লোৰ গজাল দুটা বাল্ব এটা আৰু ছুইচ এটাৰ মাজেৰে 6 ভল্ট বেটাৰী এটাৰ মূ এটাৰ  লগতসংযোগ কৰা হ’ল ।
পদক্ষেপ (iii) : এতিয়া বিকাৰটোত অলপ মান এলক’হল ভৰাই লৈ ছুইটো টিপি বিদ্যুত প্ৰবাহ চালিত হ’বলৈ দিয়া হয় ।
একেটা পৰীক্ষা এলক’হল পৰিৱৰ্তে গ্লক’জ দ্ৰৱ লৈ পুনৰ কৰা হ’ল তাৰ পাছত HCl ৰ জলীয় দ্ৰৱ লৈ পৰীক্ষা কৰা হ’ল ।

পৰ্যৱেক্ষণ : এলক’হল বা গ্লক’জ দ্ৰৱৰ ক্ষেত্ৰত বাল্বটো নজ্বলে, কিন্তু HCl  (aq) ক্ষেত্ৰত বাল্বটো জ্বলে ।

সিদ্ধান্ত :

এছিডে বিদ্যুত প্ৰবাহিত কৰাৰ কাৰণ এয়ে যে ইহঁত আয়নলৈ বিযোজিত হয় । HCl ৰ ক্ষেত্ৰত   H+ (aq) (হাইড্ৰ’জেন আয়ন) আৰু Cl- (ক্ল’ৰাইড আয়ন) উতপন্ন হয় ।
এলক’হল আৰু গ্ল’কজ  H+(aq) আয়নলৈ বিযোজিত নহয় আৰু সেয়ে ইঁহতে বিদ্যুত প্ৰবাহিত নকৰে । অৱশ্য ইঁহতৰোএছিডৰ দৰে হাইড্ৰ’জেন থাকে ।
হাইড্ৰ’জেনযুক্ত আটাইবোৰ যৌগ এছিড নহয় আৰু ইহংতে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে ।


7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?

উত্তৰ:- পাতিত পানিত কোনো ধৰণৰ আয়ন নাথাকে ৷ আনহাতে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ থকা লৱণৰ বাবে আয়ন পোৱা যায়৷ সেয়েহে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে৷


8. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে কিয় ?

উত্তৰ:- পানীৰ অনুপস্থিতিত এছিডে হাইড্র’নিয়াম আয়ন সৃষ্টি নকৰে। সেইবাবে এছিডৰ ধর্ম প্রদর্শন নকৰে।


9. পাঁচটা দ্ৰৱ A, B, C, D আৰু Eক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4,1,11,7, আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ

(a) প্রশম
(b) তীব্র ক্ষাৰকীয়
(c) তীব্র আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত PH মানবােৰ সজোৱা।
উত্তৰ:-
(a) D প্রশম
(b) C তীব্র ক্ষাৰকীয়
(c) B তীব্র আম্লিক
(d) A মৃদু আম্লিক
(e) E মৃদু ক্ষাৰকীয়
হাইড্রজেন আয়নৰ গাঢ়তাৰ বর্ধিত ক্ৰমত PH মানবােৰ হ'ল-
11< 9 <7< 4 <1


10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ'ল পৰীক্ষানল A ত হাইড্ৰ'ক্লৰিক এছিড ( HCl ) আৰু পৰীক্ষানল B ত এচেটিক এছিড় যোগ কৰা হ'ল ৷ এছিড দুটাৰ গাঢ়তা একে একে পৰিমাণেই লোৱা হৈছে ৷ কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয় ?

উত্তৰ:- পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰনি ওলাব । কাৰণ পৰীক্ষানল A ত থকা হাইড্ৰ'ক্লৰিকএছিড ( HCl ) ৰ তীব্ৰতাপৰীক্ষানল B ত থকা এচেটিক এছিডত কৈ বেছি । হাইড্ৰ'ক্লৰিক এছিডে এচেটিক এছিডত কৈ বেছি হাড্ৰ'জেন গেছ উৎপন্ন কৰে ৷


11. কেঁচা গাখীৰৰ PH ৰ মান 6। ই দৈত পৰিণত হ'লে PH সলনি হ'বনে ? ব্যাখ্যা কৰা।

উত্তৰ:- কেঁচা গাখীৰৰ PH ৰ মান 6 । অৰ্থাৎ ই মৃদু আম্লিক। ই দৈত পৰিণত হলে ইয়াৰ আম্লিক গুণ বৃদ্ধি পাব আৰু PH ৰ মান 6 তকৈ কমি যাব।


12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে ।

a) কিয় তেওঁ কেঁচা গাখীৰত  PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে ।
b) এই গাখীৰখিনি দৈত পৰিণত হ’ললৈ বেছি সময় লাগে কিয় ? 
উত্তৰ:-
(a) কেঁচা গাখীৰত সামান্য পৰিমাণে বেকিং ছ’ডা (NaHCO3) যোগ কৰিলে গাখীৰখিনি সামান্য পৰিমাণে ক্ষাৰকীয় হয় আৰু সহজে টেঙা নহয় । গতিকে, দীৰ্ঘ সময়ৰ বাবে সংৰক্ষণ কৰিবলৈ গোৱালজনে কেঁচা গাখীৰৰ  PH ৰ মান 6 ৰ পৰা সামান্যভাৱে সলনি কৰি ক্ষাৰকীয় কৰি লয় ।

(b) ক্ষাৰকীয় গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কাৰণ প্ৰক্ৰিয়াটোত উৎপন্ন হোৱা লেক্টিক এছিডে প্ৰথমে গাখীৰত থকা ক্ষাৰ প্ৰশমিত কৰিব লাগিব । অধিক পৰিমাণে লেক্টিক এছিড উৎপন্ন হ’লেহে গাখীৰখিনি দৈত পৰিণত হয় ।


13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সােমাব নােৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

উত্তৰ:- প্লাষ্টাৰ অব পেৰিছত জলীয় বাষ্প সােমালে আকৌ ই জিপছামলৈ পৰিবৰ্তন হ'ব। ফলত ই ব্যৱহাৰৰ অনুপযােগী হ’ব।


14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূর্ণ ব্যৱহাৰ লিখা।

উত্তৰ:- এছিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হ'লে ইটোৱে আনটোক প্ৰশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াক প্ৰশমণ বিক্ৰিয়া বোলে।  প্ৰশমণ বিক্ৰিয়াৰ দুটা উদাহৰণ হ'ল-

NaOH (ক্ষাৰক) + HCl (এছিড)→ NaCl (লৱণ) + H2O (পানী)

KOH (ক্ষাৰক) + HCl (এছিড)→ KCl (লৱণ) + H2O (পানী)

কাপোৰ ধোৱা ছ'ডাৰ দুটা ব্যৱহাৰ হ'ল-
(i) ছ’ডিয়াম কার্বনেট (কাপোৰ ধোৱা ছ'ডা) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।
(iv) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ হ'ল-
(i) ইয়াক বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ।

(ii) ছডিয়াম হাইড্রজেনকার্বনেট অম্লনাশক (antacid) বোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এছিড প্রশমিত কৰি সকাহ দিয়ে।

*

Post a Comment (0)
Previous Post Next Post