পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১০
science chapter 10
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No- 168
1. অৱতল দাপাণোৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।
উত্তৰ:- মুখ্য অক্ষৰ সমান্তৰালকৈ কেবাডালো ৰশ্মি অৱতল দাপোণ এখনত আপতিত হ’লে প্ৰতিফলিত ৰশ্মিবোৰ মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগে বা কটাকটি কৰে ৷ এই বিন্দুটোকে অৱতল দাপাণোৰ মুখ্য ফ’কাছ বোলে ৷
2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছেমি। ইয়াৰ ফ'কাছ দৈর্ঘ্য কিমান?
উত্তৰ:- যিহেতু, ফ'কাছ দৈর্ঘ্য, f = R/2 (R= ভাঁজ ব্যাসার্ধ )
এতেকে, f = 20/2 = 10 cm
3. এখন দাপোনৰ নাম কোৱা , যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে ।
উত্তৰ:- অৱতল দাপোন ।
4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ?
উত্তৰ:- উত্তল দাপোণে সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে ৷ তদুপৰি এইবিলাক বাহিৰলৈ বেঁকা হোৱা বাবে উত্তল দাপোণৰ দৃষ্টি ক্ষেত্ৰ বহল ৷ সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ৷
প্ৰশ্নাৱলী Page No- 168
1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উওল দাপোণ এখনৰ ফ'কাছ দৈর্ঘ্য নির্ণয় কৰা। অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 cm দুৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?
উত্তৰঃ ফ'কাছ দৈর্ঘ্য, f = R/2 (R= ভাঁজ ব্যাসার্ধ )
এতেকে, 32 cm ভাঁজ ব্যাসাৰ্ধৰ উওল দাপোণ এখনৰ ফ'কাছ দৈর্ঘ্য হ'ব-
f = 32/2 = 16 cm
বিবৰ্ধন, m = h’/h = - v/u = -3
এতেকে, v= 3u
দিয়া আছে, u = -10 cm
এতেকে, m= - v/u
ð -3= -v/-10
ð v = -30 cm
এতেকে, প্ৰতিবিম্বটো দাপোনৰ পৰা -30 cm দূৰত গঠন হ'ব।
প্ৰশ্নাৱলী Page No- 176
1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে । পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব ? কিয় ?
উত্তৰ:- পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ’ব ।
এডাল পোহৰৰ ৰশ্মিয়ে আলোকীভাৱে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে পোহৰৰ দ্ৰতি হ্ৰাস পায় আৰু ই উলম্বৰ পিনে বেঁকা হয় । যিহেতু পানী বায়ুতকৈ আলকায়ভাৱে ঘনতৰ মাধ্যম সেয়ে বায়ুৰ মাজেৰে অতিক্ৰম কৰি অহা পোহৰৰ ৰশ্মিয়ে পানীত প্ৰৱেশ কৰিলে উলম্বৰ দিশলৈ বেঁকা হয় ।
2. পোহৰ বায়ুৰ পৰা 1.5 প্রতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3x 108 m প্রতি ছেকেণ্ড ।
উত্তৰ:- দিয়া আছে, কাঁচৰ প্ৰতিসৰনাংক, ng = 1.5
বায়ুত পোহৰৰ বেগ, C= 3x 108 ms-1
এতেকে, কাঁচত পোহৰৰ দ্রুতি, V= C/ng
= 3x108/1.5
=2x108 ms-1
3. তালিকা 10.3 ৰ পৰা সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নির্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নির্ণয় কৰা।
উত্তৰ:- সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হীৰা (প্ৰতিসৰণাংক = 2.42) আৰু আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটো বায়ু ( প্ৰতিসৰণাংক= 1.0003)।
4. তোমাক কেৰাচিন, টাৰপেটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সর্বোচ্চ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।
উত্তৰ:- কেৰাচিনৰ প্রতিসৰণাংক – 1.44
টাৰপেটাইন প্রতিসৰণাংক – 1.47
পানী প্রতিসৰণাংক – 1.33
পানীৰ প্ৰতিসৰণাংক আন দুটা মাধ্যমতকৈ কম ৷ই কেৰাচিনৰ আৰু টাৰপেটাইনতকৈ লঘু ৷ সেয়েহে পানীত পোহৰৰ দ্ৰুতি সর্বোচ্চ হ’ব ৷
5. হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অর্থ কি?
উত্তৰ:- “হীৰাৰ প্রতিসৰনাংক 2:42 ইয়াৰ অৰ্থ হল বায়ু আৰু হীৰাত পোহৰৰ বেগৰ অনুপাত 2.42 ।
প্ৰশ্নাৱলী Page No- 184
1. লেন্ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।
উত্তৰ:- 1 মিটাৰ ফ’কাছ দৈৰ্ঘৰ লেন্ছ এখনৰ ক্ষমতা 1 ডায়’প্টাৰ ৷
2. উত্তল লেন্ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত ক'ত ৰখা হৈছিল ? নির্ণয় কৰা।
উত্তৰ:- যিহেতু প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান, সেয়ে v = u । এতেকে, লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত 50 cm দূৰত্বত ৰখা হৈছিল।
3. 2 m ফ’কাছ দৈর্ঘ্যৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নির্ণয় কৰা।
উত্তৰ:- ক্ষমতা P= 1/f
= 1/2 = 0.5 D
অনুশীলনী
1. তলত দিয়া কোনটো পদার্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?
(a)পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা (clay)
উত্তৰ:- (d) মৃত্তিকা (clay)
2. অবতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল।লক্ষ্যবস্তুৰ অৱস্থান কত হ'ব লাগিব।
(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসার্ধৰ মাজত
(b) ভাঁজ কেন্দ্রত।
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
উত্তৰ:- (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।
3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) লেনছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত।
(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰ:- (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেনছ প্রত্যেকৰে ফ'কাচ দৈৰ্ঘ্য -15 cm। দাপোণ আৰু লেনছৰ প্রকৃত কেনেকুৱা হ'ব পাৰে?
(a) দুয়োখন অবতল।
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেনছখন উত্তল।
(d) দাপোণখন উত্তল লেন্ছখন অৱতল।
উত্তৰ:- (a) দুয়োখন অবতল।
5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়।দাপোণখন কেনেকুৱা হ'ব পাৰে ?
(a) সমতল
(b) অৱতল
(C) উত্তল।
(d) হয় সমতল নতুবা উত্তল।
উত্তৰ:- (d) হয় সমতল নতুবা উত্তল।
6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?
(a) 50 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেনছ।
(b) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ
(c) 5 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেনছ
(d) 5 cm ফ’কাছ দৈর্ঘ্যৰ অৱতল লেনছ
উত্তৰ:- (c) 5 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল লেনছ
৪. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা
(a) গাড়ীৰ হেডলাইট
উত্তৰ:- অৱতল দাপোণ ৷
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
উত্তৰ:- উত্তল দাপোণ ৷
(c) সৌৰ ভাঁতী
উত্তৰ:- অৱতল দাপোণ ৷
9. উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ল। এই লেনছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিবনে ? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা । তোমাৰ পর্যবেক্ষণসমূহ ব্যাখ্যা কৰা।
উত্তৰ:- হয়, কৰিব।
12. 15 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্বত বস্তু এটা ৰখা হল।প্রতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নির্ণয় কৰা।
উত্তৰ:- দিয়া আছে,
f= 15 cm
u= -10 cm
যিহেতু, 1/f=1/u + 1/v
1/v = 1/f- 1/u
= 1/15- 1/(-10)
= 2+3/30
= 1/6
v= 6
এতেকে, দাপোনৰ পৰা 6 cm দূৰত্বত প্ৰতিবিম্ব গঠন হব। প্ৰতিবিম্বটো অসৎ আৰু থিয়।
13. সমতল দাপোণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ কি?
উত্তৰ:- সমতল দাপোণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ হ’ল –
(i) লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সমান ৷
(ii) সমতল দাপোণৰ প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় ৷
(iii) সমতল দাপোণৰ পৰা লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান ৷
14. 30 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 cm দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল। প্রতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নির্ণয় কৰা।
উত্তৰ:- লক্ষ্য়বস্তুৰ দূৰত্ব, u= -20 cm
প্ৰতিবিম্বৰ আকাৰ, h = 5 cm
ভাঁজ ব্যাসার্ধ, R= 30 cm
এতেকে, ফকাছ দৈৰ্ঘ, f = 30/2 = 15 cm
যিহেতু, 1/f = 1/v + 1/u
ð 1/v = 1/f - 1/u
ð 1/v = 1/15 – 1/-20 = 7/60
ð v = 60/7 = 8.6 cm
বিবৰ্ধন, m= -v/u = h’/h
এতেকে, প্ৰতিবিম্বৰ আকাৰ, h’ = - vh/u = -8.6x 5/-20 = 2.15 cm
এতেকে, প্ৰতিবিম্বটো অসৎ, থিয়, 2.15 cm ওখ, আৰু দাপোনৰ পৰা 8.6 cm দূৰত্বত অৱস্থিত।
15. 18 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে।দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।
উত্তৰ:- দিয়া আছে,
u= -27 cm
f= -18 cm
h= 70 mm=7 cm
v=?
h'= ?
আমি জানো যে,
1/v + 1/u = 1/f
1/v = 1/f-1/u
1/v = (1/-18) - (1/-27)
1/v = -3+2/54
v = -54
এতেকে, দাপোনখনৰ পৰা 54 cm দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ।
আকৌ, h'/h = -v/u
h'/7 = -(-54/-27)
h' = -14
এতেকে, প্ৰতিবিম্বৰ আকাৰ 14 cm আৰু ইয়াৰ প্ৰকৃতি সৎ।
16. -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ’কাছ দৈর্ঘ্য কিমান? লেনছখনৰ প্রকৃতি কেনেকুৱা?
উত্তৰ:- দিয়া আছে, ক্ষমতা, P = -2.0 D
ফকাছ দৈৰ্ঘ, f = 1/P = 1/-2.0 = -0.5 m
লেনছখন অৱতল।
17. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমুলক লেনছৰ ক্ষমতা +1.5D লেন্ছখনৰ ফ’কাছ দৈর্ঘ্য নির্ণয় কৰা।এই লেনছখন অভিসাৰী নে অপসাৰী?
উত্তৰ:- দিয়া আছে, ক্ষমতা, P = +1.5 D
ফকাছ দৈৰ্ঘ, f = 1/P = 1/+1.5 = +66.67 cm
লেনছখন অভিসাৰী।
