বংশগতি আৰু ক্ৰমবিকাশ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৯ science chapter 9 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

বংশগতি আৰু ক্ৰমবিকাশ
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৯
science chapter 9
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna



বংশগতি আৰু ক্ৰমবিকাশ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৯ science chapter 9 class 10 general science question answer assamese medium seba hslc class 10  AssamQna

প্ৰশ্নাৱলী Page No- 143


1.  যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল ?

উত্তৰ:-  “B” চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল৷


2. এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?

উত্তৰ:- প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈসাদৃশ্য তাৰ ওপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণৰ সুবিধা লাভ কৰে। এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাকক পৰিৱেশৰ কিছুমান কাৰকৰ প্ৰভাৱত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়। এনেধৰণৰ বৈসাদৃশ্যতাৰ চৰিত্ৰ বিলাকে জীৱই বৰ্তাই ৰাখে ।


প্ৰশ্নাৱলী Page No- 147      


1. মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক কোনটো প্ৰভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নির্ণয় কৰিছিল?

উত্তৰ:- মেন্ডেলে বিপৰীত বৈশিষ্ট্যযুক্ত ওখ গছ আৰু চাপৰ মটৰ মাহ গছৰ সংকৰণ ঘটাইছিল। ইহঁতৰ মাজত ইতৰ পৰাগযোগৰ ফলত তেও প্রথম প্রজন্মৰ (F1) সকলো গছ ওখ পাইছিল। কিন্তু F1 ওখ গছ  বিলাকৰ স্ব-পৰাগযোগৰ দ্বাৰা দ্বিতীয় প্রজন্মৰ গছবোৰ 3: 1 অনুপাতত ওখ আৰু চাপৰ পাইছিল। এই পৰীক্ষাবিলাকৰ ভিত্তিত প্রথম প্রজন্মৰ পোৱা বৈশিষ্ট্যবিলাকক প্রভাবী (Dominant)  আৰু যিবিলাক বৈশিষ্ট্য় প্ৰকাশ হোৱা নাই সেইবোৰক অপ্ৰভাৱী (Recessive) ।


2. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?

উত্তৰ:- যেতিয়া মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু ওজোপা বিশুদ্ধ চাপৰ মটৰমাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল, তেতিয়া তেওঁ F1 জনুত অকল ওখ মটৰমাহ পাইছিল । আকৌ, মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰমাহ উদ্ভিদৰ লগত সংকৰণ ঘটোৱাৰ পিছত F2 জনুত ওখ আৰু চাপৰ গছৰ অনুপাত 3:1 পাইছিল ।  এই পৰীক্ষাৰ পৰাই প্ৰমাণিত হয় যে বংশানুক্ৰমিকভাৱে প্ৰৱাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰৱাহিত হয় ।


4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?

উত্তৰ-  মানুহৰ ক্ষেত্ৰত, মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XX” আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XY” ৷ অৰ্থাৎ পুৰুষৰ পৰা দুই ধৰণৰ জনন কোষ ‘X’ আৰু ‘Y’ পোৱা যাব৷ আনহাতে, মহিলাৰ পৰা অকল এক ধৰণৰ জনন কোষ ‘X’ পোৱা যাব৷ সেয়েহে সন্তানৰ লিংগ নিৰ্ধাৰণৰ বাবে প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়৷ যদি পিতৃৰ ফালৰ পৰা ‘X’ ক্ৰ’ম’জ’ম প্ৰবাহ হৈ মাতৃৰ ‘X’ ক্ৰ’ম’জ’মৰ লগত “XX” যোজন কোষ গঠন হয় তেনেহ’লে সন্তানটো ছোৱালী হ’ব৷ একেদৰে পিতৃৰ ফালৰ পৰা ‘Y’ ক্ৰ’ম’জ’ম প্ৰবাহ হ’লে “XY” যোজন কোষ গঠন হৈ সন্তানটো ল’ৰা হ’ব৷


প্ৰশ্নাৱলী Page No- 150


1. কি কি প্রকাৰে কোনো এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাবে বাঢ়ি যায়?

উত্তৰ:- এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত বিভিন্ন প্রকাৰে ক্রমাগতভাবে বাঢ়ি যায়। সেইবোৰ হল-
(i) প্রাকৃতিক নির্বাচনঃ  প্রাকৃতিক নির্বাচনৰ দ্বাৰা জীৱৰ জনসংখ্য়া এটাক পৰিবেশত বাচি থকাৰ সুবিধা দিয়ে।
(ii) জীনিয় পথচ্য়ুতঃ জীনিয় সজ্জাৰ পৰিৱৰ্তনে নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে  অৰিহনা যোগায় ।


2. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ?

উত্তৰ:- জীৱৰ জীৱন কালত অৰ্জন কৰা  চৰিত্ৰসমূহ বংশানুক্ৰমে  সতি সন্ততিলৈ  প্ৰবাহিত নহয়, কাৰণ -
(i) এই প্ৰক্ৰিয়াত অপ্ৰজনন জনিত কলাৰ পৰিৱৰ্তন হয় ।
(ii) জননকোষৰ জি এন এ (DNA) লৈ এই চৰিত্ৰ বা লক্ষণ সঞ্চাৰিত নহয় ।


3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা?

উত্তৰ:- জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থাকিলে বাঘৰ মাজত বৈসাদৃশ্যতা কমকৈ পৰিলক্ষিত হ’ব৷ এনে হ’লে জীৱিত বাঘবোৰে নতুন পৰিবেশৰ লগত নিজকে খাপ খোৱাব নোৱাৰিব৷ তেনে ক্ষেত্ৰত যিকোনো প্ৰাকৃতিক দূৰ্যোগত কম সংখ্যক বাঘৰ প্ৰজাতিটো হঠাতে লুপ্ত হৈ যাব পাৰে৷ সেয়েহে বংশগতি বিজ্ঞানৰদিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো চিন্তাৰ বিষয়৷


প্ৰশ্নাৱলী  Page No- 151


1. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?

উত্তৰ:- নতুন এটা প্ৰজাতিৰ উত্পত্তিৰ কাৰণে তলত দিয়া উপাদান সমূহে অৰিহনা যোগায়---
(i) বৈসাদৃশ্য়তাঃ কোনো এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্য়তাই জীৱ এটাক জীয়াই থকাৰ সুযোগ সুবিধা প্ৰদান কৰে আৰু এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে সহায় কৰে।
(ii) জীনিয় পথচ্য়ুতঃ জীনিয় সজ্জাৰ পৰিৱৰ্তনে নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে  অৰিহনা যোগায় ।
(iii) ভৌগোলিক পৃথকীকৰণঃ প্ৰজাতিকৰণ তেতিয়াহে হ'ব যেতিয়া বৈসাদৃশ্য়তাৰ লগতে ভৌগোলিকভাবে পৃথকীকৃত হ'ব।  


2. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰমৰ বাবে ভৌগোলিক ভাবে পৃথকীকৰম হৈ থকা অৱস্থাটো প্ৰধান কাৰক হব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?

উত্তৰ:-স্ব-পৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ মুখ্য কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰণ এই ধৰণৰ উদ্ভিদ পুনঃপ্ৰজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে।


3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব পাৰে নে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?

উত্তৰ:- অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব নোৱাৰে৷ কাৰণ অযৌন প্ৰক্ৰিয়াত একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ জীৱৰ মাজত ডি.এন.এ ৰ একত্ৰিকৰণ নহয়৷ এই প্ৰক্ৰিয়াত এটা জীৱৰ পৰাই নতুন এটা জীৱৰ সৃষ্টি হয়৷


প্ৰশ্নাৱলী  Page No- 156


1. দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।

উত্তৰ:- যদি একে ধৰণৰ বৈশিষ্ট্য বিভিন্ন জীৱদেহত প্রদর্শিত হয়, তেনেহলে সেই জীৱবিলাকক একে প্ৰজাতিৰ বুলি বিবেচিত হয়। উদাহৰণ স্বৰূপে, বাদুলীৰ ডেউকা আৰু চৰাইৰ পাখিৰ মাজত মিল দেখা যায়। সেয়ে ইহঁতক  ঘনিষ্ঠভাবে জড়িত বুলি কব পাৰি। কিন্তু জেঠী আৰু কেৰ্কেটুৱাৰ ডেউকা নাথাকে, সেয়ে, ইহঁত বাদুলী বা চৰাইৰ লগত সম্পর্কিত নহয়।


2.  পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰোনে ? কিয় পাৰি বা কিয় নোৱাৰি ?

উত্তৰ:- পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব নোৱাৰি।   কাৰণ, এই ডেউকাকেইখনৰ গঠন আৰু উপাংগসমূহ দেখাত ভিন্ন কিন্তু দুয়োবিধ ডেউকা একে ধৰণৰ কাৰ্য, উৰণত ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে দেখিবলৈ একে কিন্তু  দুয়োৰে উৎপত্তি বেলেগ বেলেগ। এনেবোৰ চাৰিত্ৰিক বৈশিষ্ট্যক সমবৃত্তিক বৈশিষ্ট্য হিচাপে বিবেচনা কৰা হয় ।


3.জীৱাশ্ম সমূহ কি? বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়?
উত্তৰ:-
ভূত্বকৰ বিভিন্ন স্তৰত পোৱা বহু বছৰৰ আগৰ জীৱৰ ধ্বংসাৱশেষক জীৱাশ্ম বোলা হয়৷

     জীৱাশ্ম অধ্যয়নৰ জৰিয়তে অতীতৰ জীৱ সমূহৰ লগত বৰ্তমানৰ জীবসমূহৰ মাজৰ সম্পৰ্ক বুজি পোৱা যায়৷ জীৱাশ্মই কোনো এটা প্ৰজাতিৰ বিবৰ্তনৰ পৰ্যায় সমূহ বুজিবলৈ সহায় কৰে৷
    

প্ৰশ্নাৱলী  Page No- 158


1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তভূক্ত কিয়?

উত্তৰ:- মানুহৰ জিনীয় গাঠনি বেলেগ বেলেগ হোৱাৰ বাবে আকৃতি, বৰণ আৰু অবয়ব ভিন্ন হয়। কিন্তু ইহঁতৰ কোনো প্রজনন বিচ্ছিন্নতা নাথাকে। প্রজনন বিচ্ছিন্নতাই এটা প্রজাতিক আন প্ৰজাতিৰ পৰা পৃথক কৰে। সেয়েহে আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তৰ্ভূক্ত।


2.  বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ ?

উত্তৰ:- বিৱৰ্তনৰ দিশত বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত আটাইকেইটাকে উচ্চস্তৰৰ বুলি আমি ক’ব পাৰো।

       বিৱৰ্তনে কোনো এক জীৱৰ দৈহিক গঠনত জটিলতা আনিব পাৰে। সেয়ে উল্লেখিত আটাইবোৰ জীৱৰে দেহৰ আৰ্হি ভাল বুলি ক’ব লাগিব, কাৰণ সিহঁতে এই দৈহিক আৰ্হিৰ দ্বাৰাই নিজৰ নিজৰ পৰিৱেশত খাপ খুৱাই জীয়াই থকাৰ সক্ষমতা আছে ।


অনুশীলনী


1.   মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বর্ণনা কৰিব পৰা হব?।

(a) TTWW
(b) TTww
(c) TtWw
(d) TtWw

উত্তৰ:-  (c) TtWw


2. সমসংস্থ অংগৰ এটা উদাহৰণ হল –

(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা।
(d) ওপৰৰ আটাইকেইটা।

উত্তৰ:-  (d) ওপৰৰ আটাইকেইটা।


3. বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত -

(a) এজন চীনা স্কুলীয়া ছাত্র।
(b) এটা চিম্পাঞ্জী
(c) এটা মকৰা
(d) এটা বেক্টেৰিয়া

উত্তৰ:- (a) এজন চীনা স্কুলীয়া ছাত্র।


4. এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা–ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়৷ ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিবা নে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়?

উত্তৰ:- নোৱাৰি৷ কাৰণ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ হ’লে অতি কমেও তিনিটা প্ৰজন্মৰ চৰিত্ৰৰ তথ্য প্ৰয়োজন হ’ব৷ অকল পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য্, ল’ৰা-ছোৱালীৰ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ পৰ্যাপ্ত নহয়৷


5. বিবর্তন আৰু শ্রেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?

উত্তৰ:- সকলো জীৱৰে কিছুমান সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট থাকে। সকলো জীৱৰে দেহ কোষেৰে গঠিত হোৱাটো ইহঁতৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট । ডাৰউইনৰ ক্ৰমবিকাশৰ সূত্ৰমতে জীৱবিলাক বিবৰ্তনৰ যোগেদি সিঁহতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। ইয়াৰ লগে লগে সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট বিলাকৰো পৰিৱৰ্তন হয়। যিহেতু জীৱবিলাকৰ শ্ৰেণীবিভাজন সিহঁতৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্টৰ ভিত্তিত কৰা হয় গতিকে বিবৰ্তনৰ  লগত শ্ৰেণীবিভাজনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য় থাকিলে সিহঁত পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়। একে পৈতৃক পুৰুষৰ পৰা সৃষ্টি হোৱা প্ৰথম কূল আৰু দ্বিতীয় কূলৰ জীৱৰ মাজত চাৰিত্ৰিক বৈশিষ্টৰ বিভিন্নতা দেখা যায়। ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি যে জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজনত ইহঁতৰ বিবৰ্তনৰ  প্ৰতিফলন ঘটে।


6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰ:- যিবিলাক অংগ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা  মৌলিক গঠন প্ৰায় একেই কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ বেলেগ তেনে অংগক সমবৃত্তিক অংগ বোলে। যেনে- বাদুলীৰ ডেউকা। আনহাতে, যিবিলাক গঠন উৎপত্তিৰ দিশৰ পৰা ভিন ভিন, কিন্তু কাৰ্যৰ ফালৰ পৰা একে তেনে অংগক সমসংস্থ অংগ বোলে। যেনে- জেঠী, ভেকুলীৰ আগ ঠেং।


8. বিবর্তন প্রক্রিয়াত জীৱাষ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা।

উত্তৰ:-  মৃত জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম (Fossil) বুলি কোৱা হয়। বিবর্তন প্রক্রিয়াত জীৱাষ্মৰ যথেষ্ট গুৰুত্ব আছে। জীৱাষ্মসমূহে বিবর্তন প্রক্রিয়া সম্পর্কে বহুতো তথ্য যোগান ধৰে। ইহঁতে পৃথিবীৰ পৃষ্ঠ আৰু ইয়াৰ সৈতে সম্পর্কিত প্রাণীবিলাকৰ কি পৰিবর্তন আহিছে সেই সম্পৰ্কে আভাস দিয়ে। জীৱাষ্মসমূহে কম বিকশিত সৰল জীৱৰ পৰা অধিক বিকশিত জটিল জীৱলৈ হোৱা ক্ৰমাগত বিবৰ্তন সম্পর্কে তথ্য় দিয়ে। ইহঁতে মানুহৰ বিবর্তন প্রক্রিয়াটি প্রদর্শন কৰে।


9. কি স্বাক্ষ্যৰ ওপৰত  ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি ?

উত্তৰ:- জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজন সিহঁতৰ বিৱৰ্তনীয় সম্পৰ্কৰ এক প্ৰতিপালন মাথোন । আমি কোনো এক ওচৰৰ সাধাৰণ পুৰ্বপুৰুষৰ ভিত্তিত প্ৰজাতি সমূহৰ সৰু সৰু গোষ্ঠী বনাওঁ। আকৌ কোনো এক তুলনামূলকভাৱে দুৰৰ সাধাৰণ পুৰ্বপুৰুষক ভিত্তি কৰি লৈ এই সৰু গোষ্ঠীসমূহক অৰ্ন্তভুক্ত কৰি বহু ডাঙৰ ডাঙৰ গোষ্ঠী গঠন কৰোঁ । এনেদৰে সময়ৰ হিচাপত যদি আমি পিছুৱাই গৈ থাকো, আমাৰ ধাৰণা হ’ব যে বিৱৰ্তনীয় কালৰ একেবাৰে আৰম্ভণিতে থকা কোনো এটা জীৱৰ প্ৰজাতিৰ পৰাই এতিয়াৰ সমস্ত জীৱজগত সৃষ্টি হৈছিল। এনেদৰেই জীৱৰ শ্ৰেণী বিভাজনৰ আচনিখনেই অজৈৱিক পদাৰ্থৰ পৰাই যে সমস্ত জীৱজগতৰ উৎপত্তি হৈছিল বুলি ভাবিব পাৰি ।


10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰ:- প্ৰজনন প্ৰক্ৰিয়াত এটা কোষৰ পৰা দুটা অপত্য কোষৰ সৃষ্টি হৈ ডি.এন.এ আৰু কোষ অংগানুসমূহ প্ৰতিলিপিকৰণ হয়৷ ডি.এন.এৰ প্ৰতিলিপিকৰণত অপত্য ডি.এন.এ ডাল হুবহু একে নহয় ফলত এনে আঁসোৱাহ পূৰ্ণ ডি.এন.এ.ৰ বাবে জীৱকূলৰ মাজত বৈসাদৃশ্যতাৰ প্ৰভাৱ পৰে৷ এই বৈসাদৃশ্যতা অযৌন প্ৰজননপ্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি সৃষ্টি হয়৷ কাৰণ, অযৌন প্ৰজনন প্ৰক্ৰিয়াত এটা মাত্ৰ জীৱ জড়িত থাকে আনহাতে যৌন প্ৰজনন প্ৰক্ৰিয়াত দুটা জীৱ জড়িত থাকে৷


11. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

উত্তৰ:- মানৱদেহত জিনবিলাক একোটা গোট হিচাপে থাকে। এইবিলাকৰ পৃথক পৃথক এটুকুৰাক ক্ৰ'ম'জম বুলি কোৱা হয়। সেয়েহে প্রত্যেকটো কোষতে ক্রম’জমৰ দুটাকৈ প্রতিলিপি থাকে; তাৰে এটা পিতৃৰ ফালৰ আৰু আনটো মাতৃৰ ফালৰ। প্রত্যেকটো জননকোষত ক্রমজমৰ একোটা যোৰাৰ এডালকৈহে থাকে আৰু সেই ক্রম’জম ডালৰ  উৎস হয় পিতৃৰ ফালৰ নহয় মাতৃৰ ফালৰ। যেতিয়া দুটা জননকোষৰ মিলন বা যোজন হয় তেতিয়া সতি সন্ততি বিলাকতো ক্রম’জমৰ সংখ্যা পৈতৃক পুৰুষৰ সৈতে সমানভাবে থাকে। এনেদৰেই কোনো এটা প্রজাতিৰ পুৰষানুক্রমে ক্রম’জমৰ সংখ্যা সুস্তিৰ হৈ থাকে। যৌন প্রজননকাৰী জীৱবিলাকে এনেদৰেই বংশানুক্রমে চৰিত্ৰবিলাক প্রবাহিত কৰে।


12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে’ এই উক্তিৰ সৈতে একমতনে? যদি হয় কিয় আৰু যদি নহয় কিয় ?

উত্তৰ:- ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে’ এই উক্তিৰ সৈতে একমত। কাৰণ এটা প্রজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱবিলাকক প্রতিকূল পৰিস্থিতিতো ধ্বংশ হোৱাৰ পৰা বচাই ৰাখে। যাৰ ফলত জীৱটোৱে স্থায়িত্ব লাভ কৰে। প্রাকৃতিক পৰিবেশৰ পৰিবর্তিত পৰিবেশৰ লগত নিজকে খাপ খুৱাই বৰ্তি থকাত সহায় কৰে।


*

Post a Comment (0)
Previous Post Next Post