মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১১
science chapter 11
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No- 190
1. চকুৰ উপযোজন ক্ষমতা কি ?
উত্তৰ:- চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে৷
2. মায়’পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 mতকৈ বেছি দুৰৰ বস্ত ু স্পষ্টকৈ দেখা নাপায়।যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব।
উত্তৰ:- অৱতল লেনছ।
3. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ–বিন্দু আৰু নিকটবিন্দু কি ?
উত্তৰ:- চকুৰে স্পষ্টকৈ দেখা আতাইতকৈ দূৰৰ বিন্দুটোক দূৰ-বিন্দু বোলে৷ স্বাভাৱিক দৃষ্টিৰ মানুহৰ বাবে দূৰ-বিন্দু অসীমত থাকে৷
চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পোৱা যায় তাক চকুৰ নিকট বিন্দু বুলি কোৱা হয়৷ স্বাভাৱিক দৃষ্টিৰ মানুহৰ বাবে নিকট বিন্দু চকুৰ পৰা প্ৰায় 25cm |
4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব'ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হব পাৰে ? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?
উত্তৰ:- ল’ৰাজনে ভোগা বিকাৰটো হল- মায়পিয়া। উপযুক্ত ফকাছ দৈৰ্ঘৰ অৱতল লেনছ ব্য়ৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি।
অনুশীলনী
1. মানুহৰ চকুৱে চকুৰ লেন্ছৰ ফ'কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হল-
(a) প্রেছবায় পিয়া
(b) উপযোজন ক্ষমতা।
(c) নিকট দৃষ্টিগ্রস্ততা
(d) দূৰ দৃষ্টিগ্রস্ততা।
উত্তৰ:- (b) উপযোজন ক্ষমতা।
2. মানুহৰ চকুৱে বস্তু এটা প্রতিবিম্ব গঠন কৰাৰ স্থান ।
(a) কর্ণিয়া (Cornea)
(b) চকুৰ পতা (Iris)।
(c) চকুৰ মণি (Pupil)
(d) অক্ষিপট (Retina)
উত্তৰ:- (d) অক্ষিপট (Retina)
3. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দুৰত্ব
(a) 25 m (b) 2.5 cm (c) 25 cm (d) 2.5 m
উত্তৰ:- (c) 25 cm
4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ছৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিবর্তন হয়।
(a) চকুৰ মণি
(b) অক্ষিপট
(c) চিলিয়াৰী
(d) চকুৰ পতা।
উত্তৰ:- (c) চিলিয়াৰী
5. এজন মানুহৰ দুৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে-5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্ছৰ আৱশ্যক তেওৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশাোধনৰ বাবে আৱশ্যকীয় লেছৰ ক্ষমতা-1.5 ডায়প্টাৰ হ'লে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফ'কাছ দৈর্ঘ্য কিমান?
উত্তৰ:- (i) দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে লেনচৰ ক্ষমতা, P= -5.5 ডায়প্টাৰ
এতেকে, লেনচৰ ফকাছ দৈৰ্ঘ, f= 1/P = 1/-5.5 = - 18.2 cm
(ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশাোধনৰ বাবে আৱশ্যকীয় লেছৰ ক্ষমতা-1.5 ডায়প্টাৰ
এতেকে, লেনচৰ ফকাছ দৈৰ্ঘ, f= 1/P = 1/-1.5 = 0.67 m
6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মখত 80 cm দূৰত্বত।এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান?
উত্তৰ:- ইয়াত, লক্ষ্য়বস্তুৰ দূৰত্ব, u= ∞
প্ৰতিবিম্বৰ দূৰত্ব, v= 80 cm
লেনচৰ সূত্ৰ, 1/f = 1/v - 1/u
= 1/-80 – 1/∞
= 1/-80- 0
= 1/-80
এতেকে, f = -80 cm
এতেকে, লেনচৰ ক্ষমতা, P = 1/f
= 100/-80 = -1.25 D
ক্ষমতা ঋণাত্মক, এতেকে লেনচখন অৱতল হ'ব
8. সাধাৰণ চকুৱে এটা 25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?
উত্তৰ:- চিলিয়াৰি পেশীএ চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন ঘটায়৷ ওচৰৰ বস্তু চাবলৈ চিলিয়াৰি পেশীয়ে চকুৰ লেনছৰ বক্ৰতা বঢ়োৱা ফলত চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য কমে৷ কিন্তু চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি সেয়েহে সাধাৰণ চকুৱে এটা 25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায়৷
9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?
উত্তৰ:- চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব একে থাকে, কাৰণ চকুৱে নিজৰ ফ'কাছ দৈৰ্ঘৰ পৰিৱৰ্তন কৰি ৰেটিনাত একে স্থানতে প্ৰতিবিম্ব গঠন কৰে।
10. তৰাই তিৰ্ বিৰাই কিয় ?
উত্তৰ:- তৰাৰ তিৰ্ বিৰণি তৰাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়৷ যিহেতু তৰাবোৰ অতি দূৰত থাকে গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি৷ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰনাংক ক্ৰমান্বয়ে সলনি হৈ থাকে বাবে তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিবৰ্তন হৈ থাকে৷ ফলত তৰাৰ আপাত অৱস্হানৰ পৰিবৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়৷ তৰাটো কেতিয়াবা উজ্বল আৰু কেতিয়াবা ম্লান যেন লাগে৷ এইটোৱে হৈছে তৰাৰ তিৰ্বিৰণি৷
11. গ্রহই তিৰবিৰাই নাথাকে কিয়?
উত্তৰ:- গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে সিহঁতক বিস্ত ৃত উত্স হিচাপে গণ্য় কৰিব পাৰি। যদি আমি এটা গ্ৰহক পোহৰৰ বহুটো বিন্দু উত্সৰ সমষ্টি হিচাপে ধৰোঁ তেন্তে সকলো বিন্দু উত্সৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূণ্য় হব। সেয়ে গ্ৰহই তিৰবিৰাই নাথাকে।
12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?
উত্তৰ:- ৰাতিপুৱা সূৰ্যটো দিগন্তৰ ওচৰত থাকে৷ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে৷ এই দূৰত্ব অতিক্ৰম কৰা সময়ত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়৷ সেইবাবে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ৷ ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে৷
13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয়?
উত্তৰ:- আকাশৰ নীলা ৰং বায়ুমন্ডলৰ দ্বাৰা সূৰ্যৰ পোহৰৰ বিক্ষেপনৰ বাবে হয়। যিহেতু মহাকাশত বায়ুমন্ডল নাথাকে সেয়ে তাত পোহৰৰ বিক্ষেপন নঘটে। সেয়ে মহাকাশচাৰী এজনে আকাশখন নীলাৰ পৰিবৰ্তে কলা দেখে।
