বিদ্যুত
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১২
science chapter 12
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No- 200
1.এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ?
উত্তৰ:- বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে৷
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া ৷
উত্তৰ:- প্ৰবাহৰ একক হ’ল এম্পিয়াৰ ৷ প্ৰতি ছেকেণ্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এমলপিয়াৰ বুলি কোৱা হয় ৷
3. এক কুলম্ব আধান হ’বলৈ প্রয়োজন হোৱা ইলেকট্রন সংখ্যা গণনা কৰা।
উত্তৰ:- আমি জানো যে Q=ne
Q- আধান = 1C
n- ইলেকট্ৰণৰ সংখ্য়া
e- ইলেকট্ৰণৰ আধান= 1.6x10-19C
এতেকে, n=Q/e = 1/1.6x10-19 = 6.25x 1018
প্ৰশ্নাৱলী Page No- 202
1.পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা ৷
উত্তৰ:- পৰিবাহীত বিভৱভেদ ৰখা সঁজুলি এটাৰ উদাহৰণ হ’ল- বেটেৰী ৷
2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি কলে কি বুজায় ?
উত্তৰ:- দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি কোৱা হয় যদিহে 1 কুলম্ব আধান তাৰে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হয়।
3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়।
উত্তৰ:- বেটেৰীটোৱে দিয়া শক্তি W= QV= 1Cx6V= 6 J
এতেকে, 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক 6 জুল শক্তি দিয়া হয়।
প্ৰশ্নাৱলী Page No- 209
1.পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰ:- পৰিবাহীৰ ৰোধ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে –
i)পৰিবাহীৰ দৈৰ্ঘ ,
ii)পৰিবাহীৰ প্রস্থচ্ছেদৰ কালি,
iii)পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ আৰু
iv)পৰিবাহীৰ উষ্ণতাৰ ওপৰত ৷
2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয়? আৰু কিয় ?
উত্তৰ:- একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰ একেটা উৎসত সংযোগ কৰিলে শকত তাঁৰডালত বেছি সহজে প্ৰবাহ চালিত হয় ৷ ইয়াৰ কাৰণ হ’ল ওমৰ সূত্ৰ মতে পৰিবাহীৰ ৰোধ তাৰ প্ৰস্হচ্ছেদৰ কালিৰ ব্যস্তানোপাতিক ৷
3. ধৰা হওঁক বৈদ্য়ুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভবভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্রবাহ কি পৰিবর্তন হব?
উত্তৰ:- ওমৰ সূত্ৰ মতে, বিভবভেদ ∝ প্রবাহ। অৰ্থাত্ V∝I । বৈদ্য়ুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভবভেদ আগৰ মানৰ আধালৈ কমালে ইয়াৰ মাজেৰে চালিত প্রবাহো আধালৈ কমি যাব।
4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?
উত্তৰ:- সংকৰ ধাতুৰ ৰোধকতা সাধাৰনতে ইয়াক গঠনকাৰী ধাতু কেইতাকৈ বেছি ৷ উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘতে ৷ সেইবাবে পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় ৷
প্ৰশ্নাৱলী Page No- 218
1. বৈদ্য়ুতিক হিটাৰৰ তাপ উপাদানডাল (heating element) দীপ্ত হয়; কিন্ত ু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?
উত্তৰ:- বৰ্তনীৰ মাজেৰে বিদ্য়ুত প্ৰবাহিত হলে উত্পন্ন হোৱা তাপৰ পৰিমাণ I2Rt । বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল নিক্রোমেৰে বনোৱা হয়, যাৰ ৰোধ অতি বেছি। সেয়েহে ইয়াৰ মাজেৰে বিদ্য়ুত প্রবাহিত হলে প্রচুৰ পৰিমাণে তাপ উৎপন্ন হয়। সেয়ে ই দীপ্ত হয়। কিন্ত ু বৈদ্য়ুতিক হিটাৰৰ সংযোগী তাঁৰবোৰ কপাৰেৰে গঠিত, যাৰ ৰোধ অতি কম। সেয়ে একে পৰিমাণৰ বিদ্য়ুত প্ৰবাহিত হলেও সংযোগী তাঁৰবোৰ দীপ্ত নহয়।
2. 9600 কুলম্ব আধান 1 ঘন্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হলে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
উত্তৰ:- ইয়াত, Q = 9600 C,
t =1 ঘন্টা = 1 x 60 x 60 sec = 3600 s,
V = 50 V
উৎপাদিত তাপ, H = VQ
= 50Vx 96,00 C
= 48,00,00 J
= 4.8 x 105 J
3. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50 A প্ৰবাহ লয় । 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।
উত্তৰ:- তাপীয় ক্ৰিয়াৰ জুলৰ অনুসৰি উৎপন্ন হোৱা তাপৰ পৰিমাণ :
H = I2RT ————— (i)
ইয়াত,
প্ৰবাহৰ মান, I = 5A
ৰোধ, R = 20Ω
সময়, t = 30
(i) ৰ পৰা পাওঁ
H = I2RT
⇒ H = 52 × 20 × 30
⇒ H = 25 × 20 × 30
⇒ H = 1.5 × 104
∴ H = 1.5 × 104 J
গতিকে, 30 ছেকেণ্ডত উৎপন্ন হোৱা হোৱা তাপৰ পৰিমাণ 1.5 × 104 J ।
প্ৰশ্নাৱলী Page No- 220
1.এটা বৈদ্যুতিক প্রবাহে যােগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
উত্তৰ:- বৈদ্যুতিক বৰ্তনী এটাত বৈদ্যুতিক সঁজুলি এটাই কৰা শক্তিৰ খৰছ বা অপচয়ৰ হাৰে হ’ল সঁজুলিটোৰ ক্ষমতা ৷ সেয়েহে এটা বৈদ্যুতিক প্রবাহে যােগান ধৰা শক্তিৰ হাৰ ক্ষমতাই নিৰূপণ কৰে ৷
2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 A প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘন্টাত ই ব্যয় কৰা শক্তি উলিওৱা।
উত্তৰ:- ইয়াত, I = 5 A
V = 220 V
t = 2 ঘন্টা = 7,200 s
এতেকে, ক্ষমতা, P = V I
= 220 x 5 = 1100 W
ব্যয় কৰা শক্তি = P x t = 1100 W x 7200 s = 7920,000 J = 7.92 x 106 J
অনুশীলনী
1. R ৰোধৰ এডাল তাৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R' হয়, তেতিয়া R/R' অনুপাত হ'ব -
(a)1/25 (b) 1/5 (c) 5 (d) 25
উত্তৰ:- (d) 25
2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে?
(a) I2R (b) IR2 (c) VI (d) V2/R
উত্তৰ:- (b) IR2
3. এটা বৈদ্য়ুতিক বাল্ব 220V আৰু 100w চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব –
(a) 100 W (b) 75 w (c) 50 w (d) 25 w
উত্তৰ:- (d) 25 w
4. একে পদাৰ্থৰ দুডাল একে দৈর্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্রথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বর্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ'ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত –
(a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1
উত্তৰ:- (c) 1:4
5.দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযােগ কৰিবা ?
উত্তৰ:- দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ বিভৱভেদ জুখিব লগা বিন্দু দুটাৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হয়৷
6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা 1.6 x 10-8 Ω m. 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ'ল, ৰোধৰ পৰিবর্তন কিমান হ'ব?
উত্তৰ:- দিয়া আছে, ব্যাস = 0.5 mm
এতেকে ব্য়াসাৰ্ধ, r = 0.5/2 = 0.25 mm= 0.25/1000 m = 0.25x10-3 m
ৰোধকতা, ρ = 1.6x10-8 Ω m
ৰোধ R=10 Ω
L=?
যিহেতু, R= ρl/A = ρ l/πr2
l = πr2R/ρ = 3.14x 0.025x0.025x10/1.6x10-8 = 12265.625 cm = 122.6 m
আকৌ, যিহেতু, R= ρl/A = ρ l/πd2/4
R∞ 1/d2
এতেকে, যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হয় তেন্তে তাঁৰডালৰ প্ৰস্থচ্ছেদ চাৰিগুণ হব।
এতেকে নতুন ৰোধ হব = 10/4 = 2.5 Ω
এতেকে,
ৰোধৰ পৰিবর্তন = 10- 2.5 = 7.5 Ω
৪. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্রবাহ চালিত হয় ৰোধকটোৰ ৰোধ উলিওৱা।
উত্তৰ:-
ইয়াত, H= উৎপন্ন হোৱা তাপ,
I= প্ৰৱাহ,
R= ৰোধ আৰু
t= সময়।
ইয়াত, V= 12 V
আৰু I= 2.5 mA= 2.5x 10-3 A
∴ ৰোধ, R= V/I = 12/2.5x 10-3 = 4800 Ω = 4.8x 10-3 Ω
9. এটা 9 V বেটাৰীৰ লগত 0.2 Ω, 0.3 Ω , 0.4 Ω , 0.5 Ω আৰু 12 Ω, ৰোধক কেইটা শ্রেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?
উত্তৰ:- মুঠ ৰোধ, R = 0.2 Ω + 0.3 Ω + 0.4 Ω + 0.5 Ω + 12 Ω = 13.4 Ω
বিভবভেদ, V = 9 V
এতেকে ৰোধকটোৰ মাজেৰে চালিত প্ৰবাহ, I = V/R = 9/13.4 = 0.67 A
∵ যিহেতু শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহৰ বিভাজন নঘটে
এতেকে 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে চালিত প্রবাহ = 0.67 A.
12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব?
উত্তৰ:- ইয়াত , প্রবাহ, I = 5 A
বিভবভেদ, V = 220 V
∴ সৰ্বোচ্চ ক্ষমতা,
P = I x V = 5 x 220 = 1100W
এতেকে, বাল্বৰ মুঠ সংখ্য়া হ'ব, = সৰ্বোচ্চ ক্ষমতা/ এটা বাল্বৰ ক্ষমতা
=1100/10 = 110 টা
13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্রত্যেকৰে ৰোধৰ মান 24 Ω , যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ'ব?
উত্তৰ:- (i) যেতিয়া দুয়োটা কুণ্ডলী A আৰু B পৃথকে পৃথকে ব্য়ৱহাৰ কৰা হয়, তেতিয়া,
R= 24 Ω, V= 220 V
এতেকে,
প্ৰবাহ, I= V/R= 220/24= 9.167 A
(ii)যেতিয়া দুয়োটা কুণ্ডলী শ্রেণীবদ্ধভাৱে সংযোগ কৰা হয়,
R= 24+24= 48 Ω
V=220 V
প্ৰবাহ, I= V/R= 220/48= 4.58 A
(iii) যেতিয়া দুয়োটা কুণ্ডলী সমান্তৰালভাৱে সংযোগ কৰা হয়,
R= 24x24/24+24 = 12 Ω
V= 220V
প্ৰবাহ, I= V/R= 220/12 = 18.33 A
14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) 1 Ω আৰু 2 Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে, আৰু (ii) 12 Ω আৰু 2 Ω ৰ ৰোধক এটা 4 V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
উত্তৰ:- (i) মুঠ ৰোধ,R= 1 Ω + 2 Ω= 3 Ω
V= 6 V
এতেকে, 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা = I2R = 22 x 2 = 8 W
(ii) ইয়াত, ৰোধ, R= 2 Ω
V= 4 V
যিহেতু, সমান্তৰাল সজ্জাত ৰোধকৰ মাজেৰে চালিত প্ৰবাহ বেলেগ বেলেগ হয়,
এতেকে, 2 Ω ৰোধকৰ মাজেৰে চালিত প্ৰবাহ I= V/R= 4/2 = 2 A
এতেকে, 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা = I2R= 22x 2= 8 Ω
15. এটা 220V ত 100 w চিহ্নিত আৰু অন্যটো 220 v ত 60 w চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220v হয়, কিমান প্রবাহ ই ল’ব।
উত্তৰ:- দিয়া আছে, বিভবভেদ,
V= 220V
প্ৰথমটো বৈদ্যুতিক চাকিৰ ক্ষমতা
P1= 100 W
দ্বিতিয়টো বৈদ্যুতিক চাকিৰ ক্ষমতা
P2 = 60 W
I= ?
যিহেতু, I= P/V
প্ৰথমটো বৈদ্যুতিক চাকিয়ে লোৱা প্ৰবাহ, I1= P1/V= 100/220= 10/22 A
দ্বিতিয়টো বৈদ্যুতিক চাকিয়ে লোৱা প্ৰবাহ, I2 = P2/V= 60/220= 6/22
এতেকে, দুয়োটা বৈদ্যুতিক চাকিয়ে লোৱা মুঠ প্ৰবাহ, I= I1+ I2 = 10/20 + 6/20 = 16/22= 0.727 A
16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 25Owৰ T V চেট 1 ঘণ্টা চলিলে বা এটা 1200w ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে?
উত্তৰ:-
250 W ৰ TV চেটে এক ঘন্টাত ব্য়ৱহাৰ কৰা শক্তি = 250 W x 1 ঘন্টা = 250 Wh
1200 W ৰ ৰুটিসেকা সঁজুলিয়ে 10 মিনিটত ব্য়ৱহাৰ কৰা শক্তি = 1200 W x 10 মিনিট
= 1200x 10/60= 200 Wh
এতেকে, TV চেট টোৱে বেছি শক্তি ব্য়ৱহাৰ কৰিব।
17. ৪ Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘন্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।
উত্তৰ:- দিয়া আছে,
R= 8 Ω
I= 15 A
t= 2 ঘন্টা= 7200 s
H=I2Rt
ð H/t= I2R
= 152*8
= 1800
এতেকে, তাপ উৎপন্ন হোৱা হাৰ= 1800J/s= 1800 W
18. ব্যাখ্যা কৰা
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?
উত্তৰ:- বৈদ্যুতিক চাকিৰ ফিলামেন্টডালে যিমান পাৰে সিমান তাপ ধৰি ৰাখিব লাগে যাতে অতিশয় উত্তপ্ত হৈ পোহৰ নিৰ্গত কৰিব পাৰে ৷ এনে উচ্চ উষ্ণতাত ফিলামেন্টডাল গলিব নালাগিব ৷ টাংষ্টেন এবিধ উচ্চ গলনাংকৰ শক্তিশালঈ ধাতু সেইবাবে বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট ব্যৱহাৰ কৰা হয় ৷
(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিত বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰ:- সংকৰ ধাতুৰ ৰোধকতা সাধাৰনতে ইয়াক গঠনকাৰী ধাতু কেইতাকৈ বেছি ৷ উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘতে ৷ সেইবাবে বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰত বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয় ৷
(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰ:- ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয় কাৰণ –
i)শ্ৰেণিবদ্ধ সজ্জাত বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহৰ মান গতেই বৰ্তনীটোত একেই থাকে ৷ এনেধৰণৰ বৰ্তনীত বৈদ্যুতিক সঁজুলিবোৰ সঠিকভাৱে চলাব নোৱাৰি৷
ii)শ্ৰেণীবদ্ধ সজ্জাত কোনো এটা উপাদান বিকল হ’লে বাকী উপাদানবোৰো কাম নকৰা হয় ৷
iii)শ্ৰেণীবদ্ধ সজ্জাত বৈদ্যুতিক সঁজুলিবোৰৰ মাজেৰে যোৱা প্ৰবাহক বিভক্ত নকৰে ৷ ফলত শ্ৰেণীবদ্ধ সজ্জাত কোনো উপাদান বেয়া হ’লে সহজে বিছাৰি উলিয়াব নোৱাৰি ৷
iv)শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ মান বাঢ়ে ৷
(d) এডাল পৰিবাহীৰ ৰােধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয়
উত্তৰ:- এডাল পৰিবাহীৰ ৰােধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক ৷ পৰিবাহীডালৰ প্রস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধ কমিব আৰু প্রস্থচ্ছেদৰ কালি কমিলে ৰোধ বাঢ়িব ৷
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয
উত্তৰ:- তাম আৰু এলুমিনিয়াম বিদ্যুতৰ সু-পৰিবাহী ৷ সিহঁতৰ ৰোধকতা অন্য ধাতুৰ তুলনাত ক’ম ৷ সেইবাবে বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ ব্যৱহাৰ কৰা হয ৷
