বিদ্যুত প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৩
science chapter 13
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No - 224
1. দন্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?
উত্তৰ:- দিগদর্শন যন্ত্ৰৰ কাঁটাডালো এডাল চুম্বক। সেয়ে দন্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল বিক্ষেপিত হয়।
প্ৰশ্নাৱলী Page No - 22
2. চৌম্বক বলৰেখাৰ ধর্মসমূহ তালিকাভূক্ত কৰা।
উত্তৰ:- চৌম্বক বলৰেখাৰ ধর্মসমূহ হল-
i)পৰম্পৰাগত চৌম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়।
ii) চুম্বকৰ অৰ্ন্তৰভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়।
iii)চৌম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাৱল্য় বলৰেখাবিলাক ওচৰা ওচৰিকৈ থকাৰ মাত্ৰাৰ দ্বাৰা প্ৰদৰ্শিত হয়।
iv) দুডাল চুম্বকীয় বলৰেখাই কেতিয়াও কটাকটি নকৰে।
3.দুডাল চৌম্বক বল ৰেখাই কিয় পৰম্পৰ কটাকটি কৰিব নােৱাৰে ?
উত্তৰ:- দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে ৷ যদি কৰে তেন্তে তাৰ অৰ্থ হ’ব যে কটাকটি কৰা বিন্দুত দিকদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিছে, যিটো সম্ভৱ নহয় ৷
প্ৰশ্নাৱলী Page No - 229
1. এখন টেবুলৰ সমতলত তাঁৰৰ বৃত্তকাৰ কুণ্ডলী এটা বিবেচনা কৰা । ধৰা হওঁক ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজেৰে প্ৰবাহ চালিত হৈছে। কণ্ডলীটোৰ ভিতৰত আৰু বাহিৰত চৌম্বক ক্ষেত্ৰৰ দিশ উলিয়াবলৈ সোঁহাতৰ নীতি প্ৰয়োগ কৰা।
উত্তৰ:- সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি টেবুল এখনৰ সমতলত তাঁৰৰ বৃত্তাকাৰ কুণ্ডলী এটাত যেতিয়া প্ৰবাহ ঘড়ীৰ কাঁটাৰ দিশত প্ৰবাহিত হয়, কুণ্ডলীটোৰ ভিতৰত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰকক্ষেত্ৰৰ দিশ তলত, অৰ্থাৎ টেবুলৰ মাজেৰে নিম্নমুখীকৈ দেখুৱাব । আনহাতে, বাহিৰৰ চুম্বক ক্ষেত্ৰৰ দিশ উৰ্ধমুখীকৈ বা ওপৰৰ ফালে অৰ্থাৎ টেবুলৰ মাজেৰে বাহিৰ হৈ এহা দেখুৱাব ।
3. শুদ্ধ উত্তৰ বাছি উলিওৱা।
প্রবাহযুক্ত দীঘল চলেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র
(a) শূন্য
(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়।
(c) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায়।
(d) সকলো বিন্দুতে একে থাকে।
উত্তৰ:- (d) সকলো বিন্দুতে একে থাকে।
প্ৰশ্নাৱলী Page No - 231
1. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিজে কোনটো নিম্নোক্ত কোনটো ধৰ্ম সলনি হব পাৰে? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে )
(a) ভৰ (b) দ্রুতি (c) বেগ (d) ভৰবেগ।
উত্তৰ:- (c) বেগ আৰু (d) ভৰবেগ।
2. কার্যকলাপ 13.7 ত AB দণ্ডৰ সৰন কেনেদৰে প্রভাবিত হব যদি
(i) AB দন্ডত প্রবাহ বৃদ্ধি কৰা হয়
(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্য়ৱহাৰ কৰা হয়, আৰু
(iii) AB দন্ডৰ দৈৰ্ঘ্য় বৃদ্ধি কৰা হয়।
উত্তৰ:- (i) যদি AB দন্ডত প্রবাহ বৃদ্ধি কৰা হয়, তেন্তে ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলৰ পৰিমাণো বেছি হ'ব। ফলত দন্ডডালৰ সৰণ বেছি হ'ব।
(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্য়ৱহাৰ কৰিলে চৌম্বক ক্ষেত্ৰ অধিক শক্তিশালী হ'ব। ফলত AB দন্ডৰ ওপৰত ক্ৰিয়া কৰা বলৰ পৰিমাণো বৃদ্ধি হব আৰু দন্ডডালৰ সৰণ বেছি হ'ব।
(iii) যদি AB দন্ডৰ দৈৰ্ঘ্য় বৃদ্ধি কৰা হয়, তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ পৰিমাণো বৃদ্ধি হ'ব আৰু দন্ডডালৰ সৰণ বেছি হ'ব।
3. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা কণা)চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্য়ুত হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ হ'ব-
(a) দক্ষিণমুৱা (b) পূৱমুৱা
(c) নিম্নমুখী। (d) উর্ধ্বমুখী
উত্তৰ:- (d) উর্ধ্বমুখী
প্ৰশ্নাৱলী Page No - 233
1.ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।
উত্তৰ:- ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো হ'ল- বাওঁহাতৰ বুঢ়া আঙুলী, তৰ্জনী আঙুলী আৰু মধ্য়মা আঙুলী পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলীয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্য়মা আঙুলীয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলীয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব।
2. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?
উত্তৰ:- চৌম্বক ক্ষেত্রত প্রবাহযুক্ত পৰিবাহী এডাল স্থাপন কৰিলে সি এটা বলৰ কবলত পৰিব। যদি চৌম্বক ক্ষেত্ৰৰ দিশ আৰু প্রবাহৰ দিশ পৰস্পৰ লম্ব হয়, তেতিয়া পৰিবাহী ডালৰ ক্রিয়া কৰা বলৰ দিশ ইহঁত দুয়োটাৰে লম্ব হ'ব আৰু ফ্লেমিঙৰ বাওঁহতীয়া নিয়মৰ সহায়েৰে ইয়াক উলিয়াব পাৰি। ইয়েই বৈদ্যুতিক মটৰৰ মূল নীতি।
3. বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি ?
উত্তৰ:- বৈদ্য়ুতিক মটৰত ফলা আঙুঠিটোৱে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে । ই কুন্ডলীটোৰ বাহু দুটাৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে যাৰ ফলত বাহু দুটাত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখি হয় আৰু কুন্ডলীটো একেটা দিশত ঘূৰি থাকে।
প্ৰশ্নাৱলী Page No - 236
1.কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন উপায়বােৰ ব্যাখ্যা কৰা।
উত্তৰ:- কুণ্ডলীত প্রবাহ আবিষ্ট কৰা বিভিন্ন তলত উল্লিখ কৰা হ’ল –
(i) এটা কুণ্ডলীৰ সাপেক্ষে এডাল চুম্বকক গতি কৰালে কুণ্ডলিটোত প্ৰবাহ আবিষ্ট হ’ব ৷
(ii) এটা অশ্ব-খুৰা চুম্বকৰ দুই মেৰুৰ মাজত এটা কুণ্ডলী তীব্ৰভাৱে ঘুৰালে কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হ’ব ৷
প্ৰশ্নাৱলী Page No - 237
1. এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।
উত্তৰ:- বৈদ্য়ুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে। বৈদ্য়ুতিক জেনেৰেটত চৌম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বৈদ্য়ুতিক শক্তি উৎপাদন কৰা হয়। ই বিদ্য়ুত চুম্বকীয় আবেশৰ নীতিৰ ভিত্তিত কাম কৰে।
2. প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ নাম লিখা।
উত্তৰ:- প্রত্যক্ষ প্রবাহৰ কেইটামান উৎস হ'ল- কোষ, DC জেনেৰেটৰ আদি।
3. পৰিৱৰ্তী প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে।
উত্তৰ:- পৰিৱৰ্তী প্রবাহ উৎপাদন কৰা কেইটামান উৎস হ'ল- AC জেনেৰেটৰ, নিউক্লীয় শক্তি কেন্দ্ৰ, জলশক্তি প্ৰকল্প আদি।
4 শুদ্ধটো বাছি উলিওৱা।
তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰােৱা হৈছে। আৱিষ্ট প্রবাহৰ দিশ প্রতি
a) দুপাকত সলনি হ’ব ।
(b) এপাকত সলনি হ’ব
(c) আধা পাকত সলনি হ’ব
(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ’ব।
উত্তৰ:- (c)আধা পাকত সলনি হ’ব ৷
প্ৰশ্নাৱলী Page No - 238
1. বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হােৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা।
উত্তৰ:- বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হােৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম- ফিউজ আৰু ভূমি তাঁৰ ৷
2. এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5 A প্রবাহ ক্ষমতাৰ ঘৰুৱা বর্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলোচনা কৰা।
উত্তৰ:- বৈদ্যুতিক ওভেনটোৱে লোৱা প্ৰবাহ হ'ব-
I= P/V= 2kW/ 220V= 2000W/220= 9.09 A
এতেকে, ই ঘৰুৱা বৰ্তনীৰ ক্ষমতাতকৈ বেছি প্ৰবাহ লয়। সেয়ে, ঘৰুৱা বৰ্তনীত অত্য়ধিক বোজা হ'ব পাৰে আৰু ফিউজ তাৰ চিঙি যোৱাৰ ফলত বিদ্য়ুত প্ৰবাহ বিচ্ছিন্ন কৰিব পাৰে।
3. ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বােজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল’বা ?
উত্তৰ:- ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বােজাৰ পৰা ৰক্ষা কৰিবলৈ তলত উল্লেখিত সাবধানতাবোৰ ল’ব লাগে –
(i) ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাকত সদায় এডাল ভূমি সংযোগী তাঁৰ থাকিব লাগে ৷
(ii) সকলো ঘৰৰ বৰ্তনীত এডাল ফিউজ তাঁৰ থকা উচিত ৷
(iii) একেতা খাঁজত অত্যাধিক সজুলি সংযোগ কৰিব নালাগে ৷
(iv) একে সময়তে অত্যাধিক সজুলি ব্যৱহাৰ কৰিব নালাগে ৷
অনুশীলনী
1. তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বৰ্ণনা কৰে ?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
উত্তৰ:- (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।
2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে
(a) বন্ধ আহিতকৰণৰ প্রক্রিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণন প্রক্রিয়া।
উত্তৰ:- (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া
3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন’মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়।
(d) মটৰ বোলা হয়।
উত্তৰ:- (a) জেনেৰেটৰ বোলা হয়।
4. পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে।
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
উত্তৰ:- (d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।
5. হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ
(a) বুজন পৰিমানে কমি যায়।
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰ:- (c) বুজন পৰিমাণে বৃদ্ধি পায়।
6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা
(a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।
(c) এডাল দীঘল বৃত্তাকাৰ প্রবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ’ব।
(d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
উত্তৰ:- (a) ভুল
(b) শুদ্ধ
(c) শুদ্ধ
(d) ভুল
7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰ:- চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি হ'ল-
i) স্থায়ী চুম্বক বা বিদ্য়ুত চুম্বক
ii) প্ৰবাহযুক্ত কুন্ডলী
৪. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে ? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চ’লেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে ? ব্যাখ্যা কৰা।
উত্তৰ:- চ’লেনইডৰ মাজেৰে বিদ্যুৎ চালিত হ’লে ই দণ্ড চুম্বকৰ দৰে আচৰণ কৰে।
চ’লেনইডৰ যিটো মূৰৰ তাঁৰৰ মাজেৰে বিদ্যুৎ ওলাই যোৱাৰ নিৰ্দেশ কৰে সেই মূৰটো উত্তৰ মেৰু আৰু বিদ্যুৎ প্ৰবাহ যিটো মূৰেৰে সোমায় সেই মূৰটো দক্ষিণ মেৰু হয়। দণ্ড চুম্বকৰ উত্তৰ মেৰুটো যদি চ’লেনইডৰ বিদ্যুৎ ওলাই যোৱা মূৰৰ ফালে নিয়া হয় তেন্তে ইয়াৰ বিকৰ্ষণ ঘটিব। আনহাতে, চুম্বকৰ দক্ষিণ মেৰু আনিলে চ’লেনইডটো আকৰ্ষিত হয়। এনেকৈ মেৰু নিৰ্ণয় কৰিব পাৰি।
9. চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়।
উত্তৰ:- পৰিবাহীৰ মাজেৰে প্ৰবাহিত হোৱা প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে পৰীবাহিডালে অনুভৱ কৰা বল সৰ্বোচ্চ হয়।
10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছ। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্যুত হৈছে ৷ চৌম্বক ক্ষেত্ৰৰ দিশ কি হ’ব?
উত্তৰ:- ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰিলে দেখা যায় চৌম্বক ক্ষেত্ৰৰ দিশ নিম্নমুখী হ’ব ৷
12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলীৰ নাম লিখা।
উত্তৰ:- বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলী হ'ল- কাপোৰ ধোৱা মেচিন, বৈদ্য়ুতিক পাংখা, মিক্সাৰ গ্ৰাইন্ডাৰ, কম্পিউটাৰ, এম. পি. থ্ৰি প্লেয়াৰ আদি।
13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেন’মিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক
(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে
(ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে
(iii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হব।
উত্তৰ:- (i) এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে গেলভেন’মিটাৰৰ কাঁটাডাল এটা নিৰ্দিষ্ট দিশত বিক্ষেপিত হৈ বৈদ্য়ুতিক প্ৰবাহ উৎপন্ন হোৱাটো সূচাব।
(ii) দণ্ড চুম্বকডাল কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে গেলভেন’মিটাৰৰ কাঁটাডাল আগৰবাৰৰ বিপৰীত দিশত বিক্ষেপিত হ'ব, কাৰণ উৎপন্ন হোৱা প্ৰবাহৰ দিশ আগৰবাৰৰ বিপৰীত হ'ব।
(iii) দণ্ড চুম্বকডাল কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে গেলভেন’মিটাৰৰ কাঁটাডাল বিক্ষেপিত নহয়, যিহেতু এই ক্ষেত্ৰত কোনো বিদ্য়ুত উৎপন্ন নহ'ব।
14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হবনে? কাৰণ দর্শাৱা।
উত্তৰ:- দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰস্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হ’ব ৷ কাৰণ A কুণ্ডলীত প্রবাহ পৰিবর্তন হলে তাৰ লগত সংলগ্ন বৰৰেখাবোৰ সলনি হয় ৷ ইয়াৰ ফলতে B কুণ্ডলীত প্রবাহ আৱিষ্ট হয় ৷ এই প্ৰক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় অৱেশ বোলে ৷
15. (i) প্রবাহযুক্ত পােন পৰিবাহীৰ কেউকাষে সৃষ্টি হােৱা চৌম্বক ক্ষেত্ৰৰ,
(ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্রবাহযুক্ত পােন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু
(iii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হােৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।
উত্তৰ:- (i) সোঁহাতৰ বুঢ়া আঙুলি নীতি ৷
(ii) ফ্লেমিঙৰ বাঁওহতীয়া নীতি
(iii) ফ্লমিঙৰ সোঁহতীয়া নীতি ৷
17.এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয়?
উত্তৰ:- ঘৰুৱা বৰ্তনীত সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্চিত সংযোগ ঘটিলে বোজা অত্য়ধিক হয়। এনে অৱস্থাত বৰ্তনীৰ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায়। ইয়াকে বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) বোলে।
18. ভূমি সংলগ্ন তাঁৰৰ কাম কি? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কিয় ?
উত্তৰ:- ভূমি সংলগ্ন তাঁৰে ঘৰুৱা বৰ্তনী এটাক অত্য়ধিক বোজাৰ পৰা ৰক্ষা কৰে। ইয়াক মাটিৰ বহু তলত ধাতুৰ পাত এখনৰ লগত সংযোগ কৰা হয়।
ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন যাতে ধাতুৰ শৰীৰলৈ অত্য়ধিক প্ৰবাহৰ নিঃসৰণে ব্য়ৱহাৰকাৰী এজনক বৈদ্য়ুতিক আঘাত দিব নোৱাৰে।
