শক্তিৰ উৎসসমূহ
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৪
science chapter 14
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No- 243
1. শক্তিৰ ভাল উৎস কি?
উত্তৰ:- এটা শক্তিৰ উৎসক ভাল বুলি কোৱা হয় যদি তলত দিয়া গুণসমূহ থাকে—
(i) ই প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে।
(ii) ই সহজে উপলব্ধ হ'ব লাগিব
(iii) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য় হ'ব লাগিব।
(iv) ই মিতব্য়য়ী হ'ব লাগিব।
2. ভাল ইন্ধন কি?
উত্তৰ:- এটা ইন্ধনক ভাল বুলি কোৱা হয় যদি তলত দিয়া গুণসমূহ থাকে—
(i) ই প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে।
(ii) ই সহজে উপলব্ধ হ'ব লাগিব
(iii) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য় হ'ব লাগিব।
(iv) ই মিতব্য়য়ী হ'ব লাগিব।
3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয় ?
উত্তৰ:- LPG গেছ ব্য়ৱহাৰ কৰিম । কাৰণ ই সহজতে উপলব্ধ আৰু ই মিতব্য়য়ী।
প্ৰশ্নাৱলী Page No- 248
1.জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?
উত্তৰ:- জীৱাশ্মৰ পৰা সৃষ্টি হোৱা ইন্ধনক জীৱাশ্মজাত ইন্ধন বোলি কোৱা হয় ৷ ইয়াৰ অসুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –
(i) অনবীকৰণযোগ্য – জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস ৷ অৰ্থাৎ আমি ইয়াক দ্ৰুত হাৰত ব্যয় কৰি থাকিলে অতি শীঘ্ৰেই ইয়াৰ ভাণ্ডাৰ শেষ হ’ব ৷
(ii) বায়ু প্ৰদূষণ – জীৱাশ্মজাত ইন্ধন দহন কৰিলে বায়ু প্ৰদূষণ হয় ৷ বায়ু প্ৰদূষণ প্ৰকৃতি আৰু জীৱ জগতৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷
(iii) আম্লিক বৃষ্টি বা এছিড বৰষুণ – জীৱাশ্মজাত ইন্ধন দহনত নিৰ্মুক্ত হোৱা কাৰ্বন, নাইট্ৰ’জেন, আৰু চালফাৰৰ অক্সাইডসমূহ হৈছে আম্লিক অক্সাইড ৷ এই বিলাকে এচিড বৰষুণৰ সৃষ্টি কৰে যাৰ বাবে জল আৰু স্থল সম্পদসমূহ ক্ষতি হয় ৷
(iv) সেউজ গৃহ ক্ৰিয়া – জীৱাশ্মজাত ইন্ধন দহনত নিৰ্মুক্ত হোৱা কাৰ্বন ডাই অক্সাইড গেছৰ পাৰিমাণ বাঢ়ি গলে পৃথিৱীৰ উত্তাপ বাঢ়ি যায় ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় ৷
2. আমি শক্তিৰ বিকল্প উৎস বিচাৰে কিয় ?
উত্তৰ:- প্ৰযুক্তিবিদ্য়াৰ বিকাশৰ লগে লগে আমাৰ শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে। মানুহৰ জীৱনশৈলী সলনি হোৱাৰ ফলত যন্ত্ৰৰ দ্বাৰা কৰা কামৰ সংখ্য়া বাঢ়ি আহিছে। যিহেতু আমাৰ শক্তিৰ চাহিদা বাঢ়ি গৈছে গতিকে আমি বিকল্প শক্তিৰ উৎস বিচাৰো।
তাৰোপৰি পৰম্পৰাগতভাবে ব্য়ৱহাৰ কৰা কিছুমান শক্তিৰ উৎস যেনে- জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ নিৰ্গত হয়। এই গেছবিলাকে পৰিবেশ প্ৰদূষণ কৰে। সেইবাবেও অপৰম্পৰাগত আৰু প্ৰদূষণমুক্ত শক্তিৰ উৎসৰ সন্ধান কৰা হয়।
3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?
উত্তৰ:- আমাৰ সুবিধাৰ বাবে আৰু বায়ু আৰু জল শক্তিৰ উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন পৰিৱৰ্তন অনা হৈছে। বায়ু শক্তিৰ অধিক উৎপাদনৰ বাবে বায়ুকল প্ৰকল্প স্থাপন কৰা হৈছে। তাৰেপৰি বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ জৰিয়তে জল শক্তিৰ অধিক উৎপাদনৰো ব্য়ৱস্থা কৰা হৈছে।
প্ৰশ্নাৱলী Page No- 253
1. কোন ধৰণৰ দাপোন-- অবতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ?
উত্তৰ:- সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে অবতল দাপোন ব্যৱহাৰৰ বাবে উৎকৃষ্ট, কাৰণ অবতল দাপোনে পোহৰৰ ৰশ্মিক এটা বিন্দুত অভিসাৰী কৰিব পাৰে। তাৰ ফলত অধিক তাপ উৎপন্ন হ'ব।
2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ?
উত্তৰ:- মহাসমূদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা হ'ল
(i)সামুদ্ৰিক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰযোজ্য। ঢৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে।
(ii) উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ।
3.তাপীয় শক্তি কি?
উত্তৰ:- বিভিন্ন উৎসত উৎপন্ন হোৱা তাপৰ পৰা উৎপাদন কৰা শক্তিক তাপীয় শক্তি বোলে ৷
4.নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?
উত্তৰ:- নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ'ল-
(i) অন্য় শক্তিৰ পৰা পোৱা শক্তিৰ তুলনাত নিউক্লিয়াচ এটাৰ দহনৰ ফলত 10 নিযুত গুণ শক্তি উৎপন্ন হয়।
(ii) বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লীয় ৰিয়েক্টৰত নিয়ন্ত্ৰিত হাৰত শক্তি নির্গত কৰা স্বপোষী নিউক্লীয় বিযোজন শৃঙ্খল বিক্রিয়াত এনে নিউক্লীয় ইন্ধন’ ব্যৱহাৰ হয়। নির্গত শক্তিক বাষ্প উৎপাদন আৰু তাৰ পৰৱর্তী পর্যায়ত বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
(iii) নিউক্লীয় শক্তিৰ ব্য়ৱহাৰৰ ফলত কোনো ধৰণৰ পৰিবেশ প্ৰদূষণকাৰী গেছৰ উৎপত্তি নহয়।
প্রশাৱলী Page No- 253
1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে?
উত্তৰ:- শক্তিৰ উৎস এটা কেতিয়াও সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব নোৱাৰে। কাৰণ উৎটো প্ৰস্তুত বা ব্য়ৱহাৰ কৰিলে কিবা নহয় কিবা প্ৰকাৰে পৰিবেশৰ ওপৰত প্ৰভাব পৰে।
2. ৰকেটৰ ইন্ধন হিচাপে হাইড্র'জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?
উত্তৰ:- হাইড্র'জেন এটা পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত অকল পানী উৎপন্ন হয়, যি সম্পূৰ্ণৰূপে নিৰাপদ আৰু পৰিবেশৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেপেলায়। কিন্তু চি এন জি ৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, ই পৰিবেশৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।
প্রশ্নাৱলী Page No 254
1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা | তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা ।
উত্তৰ:- নবীকৰণযোগ্য দুটা শক্তিৰ উৎস হল-জীৱভৰ আৰু সৌৰ শক্তি। জীৱভৰ শক্তিৰ উৎস নবীকৰণযোগ্য ইয়াক গছ গছনি আৰু জীৱ-জন্ত ুৰ বৰ্জিত পদাৰ্থৰ পৰা পোৱা যায়। যিহেতু গছ-গছনি যথেষ্ট পৰিমাণে ৰুলে খৰিৰ যোগান কেতিয়াও বন্ধ নহয় আৰু জীৱ-জন্তৰ পৰা পোৱা বৰ্জিত পদাৰ্থৰো অভাৱ নঘটে সেয়ে এইবোৰ নবীকৰণযোগ্য শক্তিৰ উৎস। ঠিক তেনেদৰে সৌৰ শক্তিও সৌৰমন্ডল থকালৈকে বৰ্তি থাকিব।
2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
উত্তৰ:- শক্তিৰ দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ'ল- কয়লা আৰু পেট্ৰলিয়াম। যিহেতু এইবিলাকৰ ভান্ডাৰ সীমিত সেয়ে এদিন এইবোৰ শেষ হৈ যাব।
অনুশীলনী
1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা
(a) ৰৌদ্রোজ্জ্বল দিন
(b) ডাৱৰীয়া দিন।
(c) গৰম দিন।
(d) বতাহে কোবোৱা দিন।
উত্তৰ:- (b) ডাৱৰীয়া দিন।
2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(b) গোবৰ গেছ
(c) নিউক্লীয় শক্তি
(d) কয়লা।
উত্তৰ:- (c) নিউক্লীয় শক্তি
3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান।
উত্তৰ:- (c) নিউক্লীয় শক্তি
4. শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।
উত্তৰ:- জীৱাশ্মজাত ইন্ধন
i)ই এক অনৱীকৰণযোগ্য় শক্তিৰ উৎস
ii) জীৱাশ্মজাত ইন্ধনৰ দহনে পৰিবেশ প্ৰদূষণ কৰে
iii) ইয়াক সকলো সময়তে পাব পাৰি
সৌৰশক্তি
i) ই এক নৱীকৰণযোগ্য় শক্তিৰ উৎস
ii) সৌৰশক্তিৰ ব্য়ৱহাৰে পৰিবেশৰ ওপৰত কোনো বেয়া প্ৰভাৱ নেপেলায়
iii) ইয়াক ৰাতিৰ ভাগত, ডাৱৰীয়া দিনত আহৰণ কৰিব নোৱাৰি
5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।
উত্তৰ:- জৈৱ উপাদান
i) ই এক নৱীকৰণযোগ্য় শক্তিৰ উৎস
ii) জৈৱ উপাদানৰ শক্তি প্ৰকল্প যিকোনো ঠাইতে স্থাপিত কৰিব পাৰি
iii) এই প্ৰকল্পই পৰিবেশৰ ওপৰত কোনো বেয়া প্ৰভাৱ নেপেলায়
জলবিদ্যুত
i) ই এক নৱীকৰণযোগ্য় শক্তিৰ উৎস
ii) জলবিদ্যুত প্ৰকল্প কিছুমান নিৰ্দিষ্ট স্থানতহে স্থাপন কৰিব পাৰি
iii) জলবিদ্যুত প্ৰকল্পই বানপানী, খৰাং আদিৰ দৰে সমস্য়াৰ সৃষ্টি কৰিব পাৰে
6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি?
(a) বতাহ (b) তৰংগ (c) জোৱাৰ-ভাতা
উত্তৰ:- (a) বতাহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা হ'ল-
(i) বায়ুকল প্ৰকল্প যিকোনো স্থানত স্থাপন কৰিব নোৱাৰি। যিবিলাক স্থানত বছৰটোৰ সকলো সময়তে বতাহৰ চলাচল হৈ থাকে তেনেকুৱা ঠাইতহে বায়ুকল প্ৰকল্প স্থাপন কৰিব পাৰি।
(ii) বায়ুকল প্ৰকল্প স্থাপন কৰিবলৈ একোটা বৃহৎ অঞ্চলৰ প্ৰয়োজন হয়।
(iii) বায়ুকল প্ৰকল্পৰ পৰা শক্তি আহৰণ কৰিবলৈ বতাহৰ বেগ এটা নিৰ্দিষ্ট জোখত থকাটো প্ৰয়োজন।
(iv) এটা অকলশৰীয়া বায়ুকলৰ উৎপাদন যথেষ্ট কম, সেইবাবে ইয়াক বানিজ্য়িক উদ্দেশ্য়ত ব্য়ৱহাৰ কৰিব নোৱাৰি।
(b) তৰংগৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা হ'ল-
(i) যিবোৰ ঠাইত তৰংগবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তি ব্য়ৱহাৰ ফলপ্ৰসু।
(ii) তৰংগত নিহিত শক্তিৰ ব্য়ৱহাৰৰ বাবে টাৰবাইন ঘূৰাবলৈ তথা বিদ্য়ুত উৎপাদন কৰিবলৈ অনেক প্ৰকাৰৰ সঁজুলিৰ দৰকাৰ।
(c) জোৱাৰ-ভাতাৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা হ'ল-
(i) সমুদ্ৰলৈ যোৱা এটা ঠেক পথত বান্ধ নিৰ্মান কৰি জোৱাৰ-ভাতাৰ শক্তি আহৰণ কৰা হয়। এনে বান্ধ নিৰ্মাণ কৰিব পৰা স্থান সীমিত।
7. কি আধাৰত শক্তিৰ উৎসমূহ
(a) নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য
(b) ক্ষয়িষ্ণু যােৱা আৰু অক্ষয়িষ্ণু
বুলি শ্রেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে?
উত্তৰ:- a) যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে তেনেবোৰ শক্তিৰ উৎসক নবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয় ৷ উদাহৰণ – সৌৰ শক্তি ৷
যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ নাথাকে আৰু সীমিতভাৱে উপলব্ধ তেনেবোৰ শক্তিৰ উৎসক অনবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয় ৷ উদাহৰণ – জীৱাশ্মজাত ইন্ধন ৷
(b) যিবোৰ শক্তিৰ উৎস সীমিত আৰু অধিক ব্যৱহাৰ কৰিলে শেষ হোৱা সম্ভাৱনা থাকে তেনে শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তিৰ উৎস বোলে ৷ উদাহৰণ – কয়লা, পেট্ৰলিয়াম ইত্যাদি ৷
যিবোৰ শক্তিৰ উৎস অসীম আৰু অধিক ব্যৱহাৰ কৰিলেও শেষ হোৱা সম্ভাৱনা নাথাকে তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলে ৷ উদাহৰণ – বায়ু শক্তি, জলশক্তি ইত্যাদি ৷
8. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি?
উত্তৰ:- এটা আদর্শশক্তি উৎসৰ গুণসমূহ হল-
i) ই নবীকৰণযোগ্য হব লাগিব
ii) ই পৰিবেশৰ ওপৰত বেয়া প্ৰভাব পেলাব নোৱাৰিব
iii) ই মিতব্য়য়ী হব লাগিব
iv) ই সহজে উপলব্ধ হ'ব লাগি
v) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য় হ'ব লাগিব।
9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ?
উত্তৰ:- সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হল-
i) সৌৰ চুলা ব্য়ৱহাৰৰ ফলত পৰিবেশৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে
ii) সৌৰ চুলাত খাদ্য় ৰন্ধন কৰিলে খাদ্য়ৰ গুণাগুণ নষ্ট নহয়।
iii) সৌৰ চুলাত একেলগে তিনিটামান খাদ্য় ৰান্ধিব পাৰি।
সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হল-
i) সৌৰ চুলাত সকলো ধৰণৰ খাদ্য় ৰান্ধিব নোৱাৰি
ii) ডাৱৰীয়া বতৰত ইয়াক ব্য়ৱহাৰ কৰিব নোৱাৰি।
যিবিলাক ঠাইত সূৰ্যৰ পোহৰৰ উত্তাপ কম হয় তেনে ঠাইত ইয়াৰ ব্য়ৱহাৰ সীমিত।
10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামর্শ দিবা ?
উত্তৰ:- শক্তিৰ যি কোনো উৎসৰ ব্য়ৱহাৰে পৰিবেশ কিবা নহয় কিবা প্ৰকাৰে বিঘ্নিত কৰে। তাৰোপৰি শক্তিৰ উৎস এটা আহৰণৰ সময়তো পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। শক্তিৰ বৰ্ধিত চাহিদাৰ ফলত শক্তিৰ উৎস সমূহ দ্ৰুতগতিত হ্ৰাস পাব ধৰিছে।
শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তলত দিয়া ধৰণে পদক্ষেপ লব পাৰি-
i) ব্য়ৱহাৰ নকৰা সময়ত লাইট, ফেন আদি বন্ধ কৰি থব লাগে।
ii) নিজা বাহন ব্য়ৱহাৰ কৰাৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্য়ৱহাৰ কৰিব লাগে।
iii) খাদ্য় বস্ত ু ৰন্ধাৰ আগতে তিয়াই থলে আৰু ঢাকি ৰান্ধিলে ইন্ধন কমকৈ খৰচ হয়।
