আমাৰ পৰিবেশ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১৫ science chapter 15 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

আমাৰ পৰিবেশ
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৫
science chapter 15
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna



আমাৰ পৰিবেশ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ১৫ science chapter 15 class 10 general science question answer assamese medium seba hslc class 10  AssamQna


প্ৰশ্নাৱলী Page No- 257


1. কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ?

উত্তৰ:- আমাৰ পৰিবেশত থকা বেক্টেৰিয়াবোৰ আৰু অন্যান্য বিয়োজক জীবসমূহ সিহঁতৰ ক্রিয়াত নির্দিষ্ট। এইবিলাকে প্রাকৃতিক উপকৰণ (যেনে কাগজ)পৰা তৈয়াৰী বস্তুবোৰক পচন ঘটাব পাৰে কিন্তু প্লাষ্টিক জাতীয় পদাৰ্থৰে মানৱ নির্মিত বস্তুবোৰ পচন ঘটাব নোৱাৰে। সেইবাবে কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ হয়।


2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ:- জীৱ নিম্নিকৰণ পদার্থবিলাক অণুজীবৰ ক্রিয়াৰ দ্বাৰা পচন ঘটে আৰু এই পদার্থবিলাক ভূ-ৰাসায়নিক চক্রৰ মাধ্যমেৰে পুনর্ব্যবহৃত হয়।এই পদার্থবিলাকে পৰিবেশক পৰিষ্কাৰ কৰি ৰাখে।


3. জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।

উত্তৰ:- জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা  দুটা সম্ভাৱনাৰ হ’ল-
(i) পৰিৱেশত দীৰ্ঘকাল ধৰি এইবোৰৰ অস্তিত্ব থাকে, সেয়ে এইবোৰ পৰিৱেশতন্ত্ৰৰ ক্ষতিৰ কাৰণ হয় ষ
(ii) মাটি আৰু জলাশয় দূষিত কৰে । ইয়াৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু পানী দূষিত কৰে ।


প্ৰশ্নাৱলী  Page No- 261


1. পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

উত্তৰ:- জীৱবিলাকক ইটোৱে সিটোক ভক্ষণ কৰাৰ ওপৰত ভিত্তি কাৰ সিহঁতক শৃংখলিতভাবে সজোৱা হৈছে। সেইজীৱবিলাকেই বিভিন্ন জীৱীয় স্তৰত ভাগ লৈ খাদ্য শৃংখল গঠন কৰে। খাদ্য শৃংখলৰ প্রত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাবে গণ্য কৰা হয়। স্ব-পোষী জীৱ বা উৎপাদকসমূহ হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ। ইহঁতে সৌৰশক্তিক স্থিৰীকৰণ কৰি সেই শক্তিক খাদ্য শৃংখলৰ পৌষ্টিক স্তৰৰ উপভোক্তা বা পৰপোষী জীৱবিলাকলৈ বন্টন কৰে। খাদ্য শৃংখলৰ পৌষ্টিক স্তৰবিলাকৰ অন্তৰ্গত তৃণভোজী প্রাণী বা প্ৰাথমিক উপভোক্তাখিনি হ’ল দ্বিতীয় স্তৰৰ; সৰু সৰু প্রাণী বা দ্বিতীয়ক উপভোক্তাবিলাক তৃতীয় স্তৰৰ আৰু ডাঙৰ প্রাণী বা তৃতীয়ক উপভোক্তাবিলাক চতুর্থ পৌষ্টিক স্তৰৰ জীৱ।

            উদাহৰণ হিচাপে ঘাঁহ, ফৰিং, ভেকুলী আৰু চৰাইৰ খাদ্য় শৃংখলটোত ঘাঁহ হৈছে প্ৰথম পৌষ্টিক স্তৰ, ফৰিং  হৈছে দ্বিতীয় পৌষ্টিক স্তৰ, ভেকুলী হৈছে তৃতীয় পৌষ্টিক স্তৰ আৰু চৰাই হৈছে হৈছে চতুৰ্থ পৌষ্টিক স্তৰ।


2. পৰিস্থিতি তন্ত্রত বিয়ােজকৰ ভূমিকা কি?

উত্তৰ:- পৰিস্থিতি তন্ত্রত বিয়োজকে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থ বিলাক সৰল পৰ্যায়লৈ পৰিবৰ্তন কৰে ৷ এনে কৰাৰ ফলত মৃত জীৱ বা আন বৰ্জিত পদাৰ্থবোৰ মাটিৰ লগত মিহলি হৈ যায় ৷ সেইবিলাকক পৰবৰ্ত্তি পৰ্যায়ত উদ্ভিদে পুনৰ গ্ৰহণ কৰি পৌষ্টিক স্তৰলৈ বন্টন কৰে ৷


প্ৰশ্নাৱলী  Page No- 264


1. অ'জন কি আৰু ই কোনো পৰিস্থিতি তন্ত্রত কেনেদৰে প্রভাব পেলায় ?

উত্তৰ:- অ'জ'ন হৈছে অক্সিজেনৰ ত্ৰিপাৰমানবিক অণু । ই এবিধ বিষাক্ত গেছ যদিও বায়ুমন্ডলৰ উচ্চ স্তৰত এই অ’জ’নে এক বিশেষ প্ৰয়োজনীয় ভূমিকা পালন কৰে। এই অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া (UV) ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে।


2. পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ? ইয়াৰ যিকোনােদুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰ:- পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ আমি তলত উল্লেখিত পদক্ষেপবোৰ গ্রহণ কৰিব পাৰো-
i) আমি তিনিটা ‘R’ হ্ৰাসকৰণ(Reduce), পূণঃচক্ৰীয়কৰণ(Recycle) আৰু পূণঃব্যৱহাৰ (Reuse)ৰ চেষ্টা কৰিব পাৰো ৷
(ii) আমি যিমান পাৰি জীৱ নিম্নিকৰণ পদাৰ্থ ব্যৱহাৰ কৰিব পাৰো ৷


অনুশীলনী


1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিন্নিকৰণ পদার্থ আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰ:-
(a) ঘাঁহ, ফুল আৰু চামৰা
            (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
            (d) পিঠা, কাঠ আৰু ঘাঁহ


2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?

(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰ:-
(b) ঘাঁহ, ছাগলী আৰু মানুহ


3. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত?

(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
(b) অপ্রয়াোজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যােৱা অভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
উত্তৰ:-
(d) ওপৰৰ আটাইকেইটা অভ্যাস।


4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব? 

উত্তৰ:- কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে খাদ্য শৃঙ্খল শেষ হৈ যাব আৰু পৰিবেশৰ ভাৰসাম্য প্রভাবিত হ'ব। যদি তৃণভোজী প্রাণীবিলাক ধ্বংশ হৈ যায় তেনেহলে মাংসভোজী প্ৰাণীবোৰে খাদ্য নাপাব আৰু মৃত্য়ু বৰণ কৰিব।যদি মাংসভোজী প্ৰাণীবোৰ ধ্বংশ কৰা হয়, তেনেহলে তৃণভোজী প্রাণীবিলাকৰ সংখ্যা অভাৱনীয় ভাবে বৃদ্ধি পাব যদি উত্পাদকক হত্যা কৰা হয়, তেনেহলে খাদ্য় শৃংখলটো সম্পূৰ্ণ নহ'ব।


5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব পাৰিমনে?

উত্তৰ:-  হয় , বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিব ৷
           পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব নোৱাৰি কাৰণ কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আতৰাই দিলে উক্ত পৌষ্টিক স্তৰৰ ওপৰৰ আৰু তলৰ উভয়তে ভাৰসাম্য নোহোৱা হ’ব ৷ ই পৰিস্থিতি তন্ত্রটোত প্ৰভাৱ পেলাব ৷


6. জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা? পৰিস্থিতিতন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে?

উত্তৰ:- আমাৰ অজ্ঞাতেই কিছু ৰাসায়নিক পদার্থ খাদ্য শৃংখলৰ যোগেদি আমাৰ দেহত প্রবেশ ঘটে। খেতি পথাৰৰ শস্যৰ বেমাৰ আৰু কীট পতংগৰ পৰা ৰক্ষা পাবলৈ প্রয়োগ কৰা ৰাসায়নিক পদার্থবিলাকৰ কিছু অংশ হয় মাটিতে থাকি যায় বা কিছু পৰিমাণে পানীলৈ গুচি যায়। মাটিত থাকি যোৱাখিনিক উদ্ভিদে পানী আৰু খনিজ লৱণ শোষণৰ প্ৰক্ৰিয়াৰ লগতে সিহঁতৰ দেহত প্ৰবেশ ঘটে আৰু পানীত থাকি যোৱাখিনি জলজ উদ্ভিদ বা জলজ প্রাণীৰ দেহত প্রবেশ ঘটে।
        যিহেতু এনে ৰাসায়নিক পদার্থবিলাক ক্ষয়িষ্ণু নহয়, সেইবাবে এইবিলাকৰ অৱশিষ্টখিনি ক্রমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত গোট খাই থাকে। যিকোনো খাদ্য শৃংখলত মানুহখিনিয়ে একেবাৰে শীর্ষ স্থানত থাকে, সেইবাবে এনে ৰাসায়নিক পদার্থবিলাক আমাৰ শৰীৰতে আটাইতকে বেছি পৰিমাণে মজুত হয়। এই পৰিঘটনাটোকে জৈবিক বিবর্ধক (Biological Magnification) বুলি কোৱা হয়। এইটো কাৰণেই আমাৰ খাদ্য শস্য যেনে ঘেঁহু, ধান, শাক-পাচলি, ফল-মূল আৰু আনকি মাছ-মাংস, কণী, গাখীৰ আদিত কম বেচি পৰিমাণে কীটনাশক পদাৰ্থৰ অৱশিষ্ট থাকি যায়। এইবিলাক ধুই-পখালি বা অন্য কোনো প্রক্রিয়াৰেও আতঁৰ কৰিব নোৱাৰি।


7. আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?

উত্তৰ:- আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ বিভিন্ন সমস্যা হ’ব পাৰে –

i) অনিন্নিকৰণ পদার্থবিলাকৰ পৰা বায়ু, মাটি আৰু পানী প্ৰদূষণ হ’ব ৷
ii) এই পদাৰ্থবোৰে মাটিত থকা অণুজীৱবোৰ ধ্বংশ কৰে ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব ৷
iii) পানীত ইয়াৰ পৰিমাণ বাঢ়িলে জলচৰ প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰভাৱ পৰিব ৷
iv)জৈৱিক বিবর্ধকৰ সমস্যাই দেখা দিব ৷
v) কিছুমান ক্ষতিকাৰক অণুজীৱ উৎপন্ন হোৱা সম্ভৱনা প্ৰকত হ’ব ৷


8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত  একো প্রভাব নপৰাকৈ থাকিবনে?

উত্তৰ:-  আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলেও ই পৰিবেশৰ ওপৰত প্রভাব পেলাব। যদি এই পদাৰ্থসমূহ সঠিকভাবে সঠিক স্থানত পেলোৱা নহয় তেনেহলে এইবিলাকে বায়ু, পানী আৰু মাটি প্ৰদূষণ ঘটাব পাৰে। তাৰোপৰি ই স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰি।

*

Post a Comment (0)
Previous Post Next Post