ধাতু আৰু অধাতু
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৩
science chapter 3
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No- 40
1.ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰ:- i) পাৰা
ii) লিথিয়াম
iii) ৰূপ
iv) সীহ
2.ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলোচনা কৰা।
উত্তৰ:- ঘাতসহনীয়তা: ধাতুবোৰক হাতুৰিৰে মৰিয়ালে ই ভাঙি নাযায়, চেপেটা হৈ যায়। ধাতুক হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি। ধাতুৰ এই গুণক ঘাতসহনীয়তা বোলে। সোন আৰু ৰূপ আটাইতকৈ ঘাতসহনীয় ধাতু। সেয়ে ইহঁতক ইচ্ছানুযায়ী যিকোনো আকৃতি দিব পাৰি।
নমনীয়তা: ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি। ধাতুৰ এই গুণক নমনীয়তা বোলে। সোন আটাইতকৈ নমনীয় ধাতু। সেইবাবে এক গ্ৰাম সোনৰ পৰা দুই কিলোমিটাৰ দৈৰ্ঘৰ তাঁৰ বনাব পাৰি।
প্ৰশ্নাৱলী Page No- 46
1.ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?
উত্তৰ:- ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু ৷ ইয়াক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে ৷ সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা হয় ৷
2.তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা—
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।
উত্তৰ:- 3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g)
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
উত্তৰ:- Ca(s) + 2H2O(l) → Ca(OH)2(aq) + H2(g)
2K(s) + 2H2O(l) → 2KOH(aq) + H2(g) + তাপশক্তি
3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো?
(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?
(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রমত সজোৱা।
উত্তৰ:- (i) আটাইতকৈ সক্রিয় ধাতুটো হৈছে B
(ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে ই দ্ৰৱৰপৰা কপাৰক অপসাৰণ কৰিব।
(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রম হব- B>A>C>D
4. লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO4ৰ লগত কৰা বিক্রিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ:- লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয় ৷
আইৰনে লঘু H2SO4ৰ লগত বিক্রিয়া কৰিলে আইৰন (II)ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয় ৷
Fe(s)+ H2SO4(aq) → FeSO4(aq) + H2(g)
5. আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা ।
উত্তৰ:- যিংক ধাতু আইৰনতকৈ অধিক সক্ৰিয়। সেয়ে আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংকে আইৰণক অপসাৰিত কৰি যিংক ছালফেট উৎপন্ন কৰিব আৰু সেয়ে আইৰন (ll) ছালফেট দ্ৰৱৰ সেউজীয়া ৰং বৰণহীন হৈ পৰিব।
সংঘটিত হোৱা বিক্রিয়াটো হ'ল-
Zn(s) + FeSO4 (aq) → ZnSO4 (aq) + Fe(s)
প্ৰশ্নাৱলী Page No- 49
2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
উত্তৰ:- আয়নীয় যৌগবোৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত বিদ্যুৎস্থিতীয় আকর্ষণ বলৰ ফলত সৃষ্টি হয়। এই আন্তঃ আয়নীয় বিদ্যুৎস্থিতীয় আকর্ষণ বল অতি প্রবল হোৱা বাবে আয়নীয় যৌগবোৰ ভাঙি আয়নবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপশক্তিৰ প্ৰয়োজন হয়, সেয়ে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি বেছি হয়।
প্ৰশ্নাৱলী Page No- 53
1.তলত দিয়া বােৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral) (ii) আকৰ (ore) (iii) খনিজ মল (gangue)
উত্তৰ:- (i) মণিক (mineral) – পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বতত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বোলে ৷
(ii) আকৰ (ore) – কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি ৷ এই ধৰণৰ খনিজ পদাৰ্থ বিধক আকৰিক বা আকৰ বোলে ৷
(iii) খনিজ মল (gangue) – খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে ৷ এই অশুদ্ধি বা অপদ্ৰৱ্যবোৰক খনিজ মল বোলে ৷
2.প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰ:- প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম হ’ল সোণ আৰু ৰূপ ৷
3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়ােগ কৰা হয় ?
উত্তৰ:- অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰন পদ্ধতি প্রয়ােগ কৰা হয় ৷
প্ৰশ্নাৱলী Page No- 55
2.কোনবােৰ ধাতু সহজে ক্ষয় নহয় ?
উত্তৰ:- কম সক্ৰিয় ধাতু যেনে সোণ, ৰূপ, কপাৰ ইত্যাদি সহজে ক্ষয় নহয় ৷
3.সংকৰ ধাতু কি ?
উত্তৰ:- দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে ৷
অনুশীলনী
1.তলৰ কোনবােৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCl, ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
উত্তৰ:- (d) AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
2.লােৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?
(a) গ্রীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্রলেপ দি
(d) ওপৰৰ সকলাে
উত্তৰ:- (c) যিংকৰ প্রলেপ দি
3. এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো
(a) কেলছিয়াম
(b) কার্বন
(c) ছিলিকন
(d) আইৰন
উত্তৰ:- (a) কেলছিয়াম
4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবােৰত টিনৰ প্রলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নাে—
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।
উত্তৰ:- (c) যিংক টিনতকৈ অধিক সক্রিয়।
5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।
উত্তৰ:- (a) ধাতুবোৰ ঘাতসহনীয়। গতিকে হাতুৰিৰে মৰিয়ালে পাতল পাট এচটা বনাব পাৰি। কিন্ত অধাতুক হাতুৰিৰে মৰিয়ালে ই ভাঙি গুৰি হৈ যাব। আনহাতে ধাতুবোৰে বিদ্য়ুত পৰিবহন কৰিব পাৰে। গতিকে তাঁৰৰ সহায়ত বেটেৰী আৰু বাল্ব সংযোগ কৰিলে বাল্বটো জ্বলি উঠিব। কিন্ত অধাতুৱে বিদ্য়ুত পৰিবহন কৰিব নোৱাৰে।
(b) এই পৰীক্ষাবোৰে ধাতু আৰু অধাতু চিনাক্তকৰণত বিশেষভাবে সহায় কৰে যদিও যিহেতু কিছুমান ধাতু আৰু অধাতুৱে ব্য়তিক্ৰমী ধৰ্ম দেখুৱাই সেয়ে সকলো ক্ষেত্ৰত এই পৰীক্ষাবোৰ উপযোগী নহয়।
6.উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।
উত্তৰ:- যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰ ধাতৱ অক্সাইডক উভধর্মী অক্সাইড বোলে ৷
উভধর্মী অক্সাইডৰ উদাহৰণ – এলুমিনিয়াম অক্সাইড(Al2O3) আৰু জিংক অক্সাইড(ZnO)|
7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
উত্তৰ:- লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰা দুটা ধাতুৰ নাম -ছডিয়াম (Na) আৰু এলুমিনিয়াম (Al) ৷
লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰিব নোৱাৰা দুটা ধাতুৰ নাম – চিলভাৰ (Ag) আৰু মাৰকিউৰি(Hg) ৷
8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি ল'ব লাগিব ?
উত্তৰ:- M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড হ'ব অশুদ্ধ ধাতু M, কেথ’ড হব বিশুদ্ধ M ধাতুৰ পাতল পাত আৰু বিদ্যুৎবিশ্লেষ্য হব M ধাতুৰ লৱণৰ দ্ৰৱ।
9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হােৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব ?
(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।
উত্তৰ:- ছালফাৰৰ গুড়ি বায়ুত উত্তাপিত কৰিলে ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়।
a) (i) উদ্ভৱ হােৱা ছালফাৰ ডাই অক্সাইড গেছে শুষ্ক লিটমাচ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে ৷
(ii) উদ্ভৱ হােৱা ছালফাৰ ডাই অক্সাইড গেছে সিক্ত লিটমাচ কাগজৰ লগত বিক্ৰিয়া কৰিলে লিটমাচ কাগজখন নীলাৰ পৰা ৰঙা হ’ব৷ ইয়াৰ কাৰণ হ’ল ছালফাৰ ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰিলে ছালফাৰাচ এছিড(H2SO3 ) উৎপন্ন কৰে ৷
b) বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ –
SO2(g) + H2O(l) → H2SO3(g)
10. লােত মামৰ ধৰা ৰােধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।
উত্তৰ:- লােত মামৰ ধৰা ৰােধ কৰিবলৈ দুটা উপায় –
(i) লােত মামৰ ধৰা ৰােধ কৰিবলৈ লোৰ বস্তুবোৰ ৰঙ কৰিব লাগে ৷
(ii) যিংকৰ আৱৰণ বা দস্তালেপন কৰিও লোত মামৰে ধৰা ৰোধ কৰিব পাৰি ৷
11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে কেনে অক্সাইড উৎপন্ন কৰে ?
উত্তৰ:- অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে ।
12. কাৰণ দর্শোৱা ।
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
(b) ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।।
(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
উত্তৰ:- (a) প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ আদি ধাতুবোৰ কম সক্ৰিয় হোৱা বাবে ইহঁতে সাধাৰণতে কাৰো লগত বিক্ৰিয়া নকৰে।এই ধাতুবোৰ সহজে ক্ষয় নহয় কাৰণ এই ধাতুসমূহে বায়ুত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদিৰ লগত সহজে বিক্ৰিয়া নকৰে।তাৰোপৰি এই ধাতুসমূহ অধিক নমনীয়, ঘাতসহনীয় আৰু ধাতব দ্য়ুতি সম্পন্ন। সেইবাবে ইহঁতক গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(b) ছডিয়ামৰ পটাছিয়াম আৰু লিথিয়াম ধাতু অধিক সক্ৰিয় হোৱাৰ বাবে ইহঁতে অক্সিজেনৰ লগত ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এলুমিনিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ এটা সুষ্টিৰ আৱৰণৰ সৃষ্টি কৰি পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰে । তাৰোপৰি, এলুমিনিয়াম ধাতুৰ মূল্য় কম হোৱাৰ উপৰিও ই তাপৰ সুপৰিবাহী তদুপৰি ইয়াৰ গলনাংকও বেছি।
(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ ছালফাইড আৰু কার্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ। সেইকাৰণে বিজাৰণ কৰাৰ আগেয়ে ধাতৱ ছালফাইড আৰু কার্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱর্তিত কৰা হয়।ধাতৱ অক্সাইডবোৰ পিছত উপযুক্ত বিজাৰক যেনে কার্বন ব্যৱহাৰ কৰি যথাযথ ধাতুলৈ বিজাৰিত কৰা হয়।
13. চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে ? পাত্রবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?
উত্তৰ:- কপাৰৰ পাত্ৰ বহুদিন বতাহৰ সংস্পৰ্শত থাকিলে ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ কপাৰ কাৰ্বনেটৰ চামনি পৰে। নেমু ৰসত চাইট্ৰিক এছিড আৰু তেতেলী ৰসত টাৰটাৰিক এছিড থাকে। এই এছিড সমূহে কপাৰৰ পাত্ৰত লগা সেউজীয়া ৰঙৰ চেকা অৰ্থাত্ কপাৰ কাৰ্বনেটক দ্ৰৱীভূত কৰি পাত্ৰটো পৰিষ্কাৰ কৰিব পাৰে।
14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য লিখা ?
উত্তৰ:- ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য হল-
i) ধাতুবোৰে বিদ্য়ুত ধনাত্মক আয়ন গঠন কৰে আনহাতে অধাতুৱে বিদ্য়ুত ঋণাত্মক আয়ন গঠন কৰে।
ii) ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয়, অধাতুৰ অক্সাইডবোৰ আম্লিক।
iii)ধাতুৱে লঘূ এছিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰে, অধাতুৱে নোৱাৰে।
iv)ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি অক্সাইড আৰু হাইড্ৰক্সাইড উৎপন্ন কৰে। অধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে।
15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্রতিশ্রুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্রাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি ক'ব পাৰিবা নে?
উত্তৰ:- ভণ্ড স্বর্ণকাৰজনে ব্য়ৱহাৰ কৰা দ্ৰাৱকবিধ হল- অম্লৰাজ (aqua regia) । ই হ'ল 3:1 অনুপাতত গাঢ় হাইড্ৰক্লৰিক এছিড (HCl) আৰু গাঢ় নাইট্ৰিক এছিডৰ ( NHO3) সদ্য়প্ৰস্তত মিশ্ৰণ। অম্লৰাজে সোন দ্ৰৱীভূত কৰিন পাৰে। সেয়ে খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল।
16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয় ?
উত্তৰ:- গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কাৰণ- তীখাতকৈ কপাৰ তাপৰ সুপৰিবাহী । তীখাত থকা আইৰণে গৰম পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰি আইৰণৰ অক্সাইড উৎপন্ন কৰে । ইয়াৰ ফলত তীখাত মামৰে ধৰে।
