কাৰ্বন আৰু তাৰ যৌগ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৪ science chapter 4 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

কাৰ্বন আৰু তাৰ যৌগ
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৪
science chapter 4
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna



কাৰ্বন আৰু তাৰ যৌগ দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৪ science chapter 4 class 10 general science question answer assamese medium seba hslc class 10  AssamQna

প্ৰশ্নাৱলী Page No- 68


2. কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন -যৌগ পাওঁ ?

উত্তৰ:- সহযোজী বান্ধনীৰ ধৰ্মৰ বাবে কাৰ্বনে অজস্ৰ যৌগ গঠন কৰিব পাৰে ৷ কাৰ্বনৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা দুটা প্ৰধান ধৰ্ম হ’ল –

কেটিনেচন: কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে ৷

চতুৰ্সহ যোজ্যতা: যিহেতু কাৰ্বনৰ যোজ্যতা চাৰি গতিকে ই আন চাৰিতা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনী গঠন কৰিব পাৰে ৷

6.তলৰ যৌগবােৰৰ নাম লিখা —
উত্তৰ:-
(i) ব্ৰম’ইথেন
(ii) মিথানল
(iii) হেক্সাইন

প্ৰশ্নাৱলী Page No- 71


1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?

উত্তৰ:- ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ'মেটে  ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰে। যিহেতু এই বিক্ৰিয়াত ইথানলৰ লগত অক্সিজেন যোগ হয় সেয়ে এইটো এটা জাৰণ বিক্ৰিয়া।

CH3-CH2OH ক্ষাৰকীয় KMnO4+ তাপ→ CH3 COOH


2. লোহা জোৰা দিয়া সময়ত (welding)অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?

উত্তৰ:- লোহা জোৰা দিয়া সময়ত উত্পন্ন হোৱা তাপৰ পৰিমাণ অতি গুৰুত্বপূৰ্ণ। যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণ দহন কৰা হয়, ই সম্পূৰ্ণৰূপে দহন হয় আৰু ই ইথাইন আৰু বায়ুৰ মিশ্ৰণতকৈ বেছি তাপ উত্পন্ন কৰে। সেয়ে লােহা জোৰা দিয়া সময়ত (welding)  অক্সিজেন  আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয়। ইথাইন আৰু বায়ুৰ মিশ্রণ  ব্যৱহাৰ কৰা নহয় ।


প্ৰশ্নাৱলী Page No- 74


1. পৰীক্ষাৰ সহায়ত এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পৰি ?

উত্তৰ:- ছ’ডিয়াম হাইড্ৰ’কাৰ্বনেট পৰীক্ষাৰ দ্বাৰা এলক’হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ দেখুৱাব পৰা যায় ।

দুটা পৃথক পৰীক্ষানলীত এলক’হল আৰু কাৰ্বক্সিলিক এছিড লৈ দুয়োটাতে ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ এক জুলীয়া দ্ৰৱ মিহলোৱা হ’ল ।

  এলক’হলে ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ (NaHCO3) সৈতে কোনো বিক্ৰিয়া নকৰিলে কিন্তু কাৰ্বক্সিলিক এছিড থকা পৰীক্ষানলীটোত কাৰ্বন ডাই-অক্সাইডৰ নিৰ্গমনৰ বাবে বুৰবুৰণি দেখিবলৈ পোৱা যাব ।


2. জাৰক দ্ৰৱ্য কি ?

উত্তৰ:- যিবোৰ দ্ৰৱ্যই আন যৌগক অক্সিজেন দিবলৈ সক্ষম তাকে জাৰক দ্ৰৱ্য বুলি কোৱা হয় ।


প্ৰশ্নাৱলী Page No- 76


1.অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে?
উত্তৰ:-
অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব নোৱাৰি কাৰণ অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিধ পানীতে ফেন উৎপন্ন কৰে ৷ আনহাতে চাবোনে অকল কোমল পানীতহে ফেন উৎপন্ন কৰিব পাৰে ৷


2. কাপােৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবােন ঘঁহি কাপােৰখন শিল এচােত থুকুছে বা ভৰিৰে গছকে, ব্রাছ কৰে নাইবা কাপােৰ ধােৱা যন্ত্রত (Washing machine) ভৰাই জোকাৰি দিয়ে। কাপােৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?

উত্তৰ:- চাবোনৰ অণু বোৰৰ দুটা মেৰু থাকে ৷ এটা জলাকৰ্ষী বা জলস্নেহী আনটো জলঘৃণী বা জলবিকৰ্ষী ৷ চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱনীয় আনহাতে কাৰ্বন শৃংখল তেলত দ্ৰৱনীয় ৷ পানীত চাবোন দিলে চাবোনৰ জলাকৰ্ষী মেৰুটো পানী দ্ৰৱীভূত হয় আৰু জলঘৃণী মেৰুটো উপঙি থাকে ৷ এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেল বা কণাপুঞ্জ বোলে ৷ কাপোৰত চাবোন ঘহিঁলে কাপোৰৰ মলি মাইছেলৰ কেন্দ্ৰত জমা হয় ৷ যিহেতু মাইছেলবোৰ অৱদ্ৰৱ হিচাপে থাকে আৰু ইয়াক সহজে ধুই আতৰাব পাৰি সেইবাবে কাপোৰ পৰিষ্কাৰ কৰিবলৈ কাপোৰখন জোকাৰিলে তাত থকা মলি অধিক আতৰ হ’বলৈ সবিধা পায় ৷


অনুশীলনী


1.ইথেন (C2H6) অণু এটাত
(a)6 টা সহযােজী বান্ধনি আছে।
(b) 7 টা সহযােজী বান্ধনি আছে।
(c) ৪ টা সহযােজী বান্ধনি আছে।
d) 9 টা সহযােজী বান্ধনি আছে।
উত্তৰ:-
(b) 7 টা সহযােজী বান্ধনি আছে।


2. চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল— 

(a) কার্বক্সিলিক এছিড

 (b) এলডিহাইড

c) কিটন
(d) এলকহল
উত্তৰ:-
( c) কিটন


3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নাে

(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত। (d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।
উত্তৰ:-
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।


4. CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।

উত্তৰ:- দুটা পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগবতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলা হয়। ভাগ-বতৰা কৰা ইলেকট্রনবিলাক (Shared electrons) অংশীদাৰ পৰমাণু দুয়ােটাৰ বহিৰতম কক্ষৰ উমৈহতীয়া ইলেকট্রন হৈ পৰে আৰু ইয়াৰ ফলত অংশীদাৰ পৰমাণু দুয়ােটাই সম্ভ্ৰান্ত গেছৰ ইলেকট্রন বিন্যাস লাভ কৰে।

        CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ভালদৰে  বুজি পাব পাৰি। ইয়াত কাৰ্বন (Z=6), হাইড্ৰ'জেন (Z=1) আৰু ক্ল'ৰিণ  (Z=17) পৰমাণু আছে। কাৰ্বনৰ যোজ্য়তা 4, আনহাতে হাইড্ৰ'জেন আৰু ক্ল'ৰিণ উভয়ৰে যোজ্য়তা 1 । কাৰ্বনে  তিনিটা হাইড্ৰ'জেন আৰু ক্লৰিণৰ পৰমাণুৰ প্ৰত্য়েকৰে লগত এটাকৈ ইলেকট্ৰণৰ ভাগ বটোৱাৰা কৰি তাৰ বাকী থকা যোজ্য়তাবোৰ পূৰণ কৰিব। এই প্ৰক্ৰিয়াত তিনিওটা হাইড্ৰ'জেন আৰু ক্ল'ৰিণৰ পৰমাণুৰো বাকী থকা যোজ্য়তাসমূহ পূৰণ হব আৰু প্ৰতিটো পৰমাণুৱে সুষ্টিৰ অষ্টক লাভ কৰিব।
       
       
6.সমগণীয় শ্রেণী কাক বােলে? উদাহৰণ দি বুজাই লিখা।
উত্তৰ:-
যি শ্ৰেণীৰ যৌগত একে কাৰ্য কৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বােলে ৷
উদাহৰণ স্বৰূপে– এলকেনৰ শ্রেণীত এলক’হল কাৰ্যকৰী মূলক থাকিলে সমগণীয় শ্ৰেণীটো হ’ব – CH3OH, C2H5OH, C3H7OH, C4H9OH ইত্যাদি ৷


7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য লিখা।

উত্তৰ:-  ভৌতিক  ধৰ্মৰ  ভিত্তিত কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য হল-

i) ইথানলৰ এটা সুন্দৰ মিঠা সুগন্ধ আছে, ইথানয়িক এছিডৰ সুগন্ধ তীব্ৰ আৰু তীক্ষ্ন।
ii) ইথানলৰ গলনাংক 156 K ইথানয়িক এছিডৰ গলনাংক 290 K
iii) ইথানলৰ উতলাংক 351 K ইথানয়িক এছিডৰ উতলাংক 391 K

ৰাসায়নিক ধৰ্মৰ  ভিত্তিত কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য হল-

i) কাৰ্বক্সিলিক এছিডে নীলা লিটমাছ কাগজৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব পাৰে কিন্ত ু এলক'হলে নোৱাৰে।
ii) ছডিয়াম হাইড্ৰজেন কাৰ্বনেট যোগ কৰিলে কাৰ্বক্সিলিক এছিডৰ লগত বিক্ৰিয়া কৰিব আৰু এটা গেছ নিৰ্গত কৰিব, কিন্ত এলক'হলে কোনো ধৰণৰ বিক্ৰিয়া নকৰে। 


৪. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে |

উত্তৰ:- বেছিভাগ মলি (dirt) তেলীয়া গুণযুক্ত । তেল পানীত অদ্রবণীয়। চাবোনৰ অণুবোৰ হৈছে দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটাছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়; আনহাতে কার্বন শৃংখল তেলত দ্ৰৱণীয়। এনেদৰে চাবোনৰ অনুবোৰে পানীত সমুচ্ছায় (aggregates) ৰ সৃষ্টি কৰে যাক বা মাইছেল বা কর্ণাপুঞ্জ বোলে। ইয়াকে সাধাৰণ ভাষাত চাবোনৰ ফেন বোলে। বেলেগ দ্ৰাৱক যেনে ইথানলত চাবোন দিলে ফেন নুঠে কাৰণ চাবোন এইবিলাক দ্ৰাৱকত দ্ৰৱীভূত নহয়।


9. প্রায় সকলাে ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

উত্তৰ:- কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ –

(i) কাৰ্বনৰ যৌগ বোৰৰ দহন ঘটালে উচ্চ তাপ লাভ কৰিব পাৰি ৷
(ii) সংপৃক্ত হাইড্ৰ’কাৰ্বনক অক্সিজেনৰ লগত দহন কৰিলে অমলিন নীলা শিখা লাভ কৰিব পাৰি ৷
(iii) কাৰ্বন আৰু তাৰ যৌগৰ কেল’ৰিফিক মান অতি উচ্চ ৷


10. কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ (scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

উত্তৰ:- কঠিন পানীত কেলছিয়াম বা মেগনেছিয়াম লৱণ থাকে ৷ কঠিন পানিত চাবোন ব্যৱহাৰ কৰিলে পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোনৰ ক্ৰিয়া হয় ৷ ইয়াৰ ফলতে কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ (scum) সৃষ্টি হয় ৷


11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

উত্তৰ:- চাবোন হৈছে ক্ষাৰকীয় যৌগ। চাবোনৰ দ্ৰৱই ৰঙা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাই নীলালৈ পৰিৱৰ্তন কৰিব পাৰে, কিন্ত নীলা লিটমাচ কাগজৰ ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে।


12. হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়ােগ লিখা।

উত্তৰ:- যি প্ৰক্ৰিয়াত অনুঘতকৰ উপস্থিতিত কোনো এটা যৌগৰ লগত হাইড্ৰ’জেন যোগ হয় তেনে প্ৰক্ৰিয়াক হাইড্রজেনেচন বোলে ৷

নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰা হয় ৷


13. তলৰ কোনবিলাকৰ হাইড্ৰ'কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায় ?

C2H6, C3H8, C3H6, C2H2, আৰু CH4

উত্তৰ:- C3H6, C2H2  এ যোগাত্মক বিক্রিয়া দেখুৱায়।


14. মাখন (butter) আৰু খােৱাতেলৰ (cooking oil) মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।

উত্তৰ:- হাইড্ৰ’জেনেচন প্ৰক্ৰিয়াৰ সহায়ত মাখন (butter) আৰু খােৱাতেলৰ (cooking oil) মাজত পার্থক্য দেখুৱাব পৰি ৷

মাখনক হাইড্ৰ’জেনেচন কৰিব নোৱাৰি কাৰণ মাখনত সংপৃক্ত ফেটি এচিড থাকে ৷ আনহাতে খোৱা তেল নিকেল অনুঘটকৰ উপস্থিতিত হাইড্ৰ’জেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিব পাৰি ৷


15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action)  ব্যাখ্যা কৰা ।

উত্তৰ:- চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া – চাবোন পানীত কলয়ডীয় দ্ৰব্যৰ উৎপন্ন কৰে আৰু মাছেলিৰ সৃষ্টি কৰে ।

       চাবোনৰ অণুবোৰৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰ পানীৰ পৰা বাহিৰফালে মূখ কৰি সংস্থাপিত হয় । আয়নিক মূৰবোৰ পানীক আকৰ্ষণ কৰে আৰু হাইড্ৰ’কাৰ্বনযুক্ত মেৰু পানী ঘৃণী । যেতিয়া এই চাবোন পানীত মলিয়ন হোৱা কাপোৰত তিয়াই দিয়া হয়, তেতিয়া মাইছেলিৰ হাইড্ৰ’কাৰ্বন যুক্ত নেজবোৰে মলিত থকা তেল বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়।

       যেতিয়া কাপোৰখন থুচি দিয়া হয় মিঠা তেল বা গ্ৰজীৰ কণিকাবোৰ সৈতে হাইড্ৰ’কাৰ্বন শৃংখল কাপোৰ পৰা খহি পানীত গেদ হিচাপে জমা হয় । তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই অহা বাবে কাপোৰখন পৰিস্কাৰ পানীত তিয়াই থুকুচি দিলে মলিবোৰ সম্পূৰ্ণৰূপে আঁতৰি গৈ কাপোৰখন অতি পৰিস্কাৰ হয় ।

*

Post a Comment (0)
Previous Post Next Post