মৌল পৰ্যাবৃত্ত শ্ৰেণীবিভাজন দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৫ science chapter 5 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

মৌল পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৫
science chapter 5
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna




মৌল পৰ্যাবৃত্ত শ্ৰেণীবিভাজন দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৫ science chapter 5 class 10 general science question answer assamese medium seba hslc class 10  AssamQna

প্ৰশ্নাৱলী Page No- 81


1.নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা
উত্তৰ:-
হয়, নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিল ৷ ড’বাৰেইনাৰৰ লিথিয়াম(Li) , ছ’ডিয়াম(Na) , আৰু পটেছিয়ামেৰে(K) গঠিত ট্ৰায়াডটো নিউলেণ্ডছ অষ্টকৰ এটা স্তম্ভত আছিল ৷


2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?

উত্তৰ:- ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাসমূহ হ’ল-

(i) ড’বাৰেইনাৰে মাত্ৰ তিনিটা ট্ৰায়াডহে প্ৰস্তুত কৰিব পাৰিছিল । এই ত্ৰি মৌল শ্ৰেণী বিভাগ সকলো ক্ষেত্ৰতে গ্ৰহণযোগ্য নাছিল ।

(ii) সেই সময়ত বৰ্তি থকা সকলো মৌলৰ শ্ৰেণী বিভাজন কৰিব পৰা নাছিল ।


3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবােৰ কি কি আছিল ?

উত্তৰ:- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবােৰ তলত উল্লেখ কৰা হ’ল –
(i) নিউলেণ্ডছৰ অষ্টক সূত্ৰ কেৱল কেলছিয়াম পৰ্যন্তহে হোৱা পোৱা গৈছিল ৷
(ii) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল ৷ পৰবৰ্ত্তী কালত আৱিস্কাৰ হোৱা মৌলবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল ৷
(iii) নিউলেণ্ডছে তেঁওৰ তালিকা খনত মৌলবোৰ সজাওঁতে একেটা স্থানতে দুটাকে মৌলক স্থান দিছিল ৷ উদাহৰন – ক’বাল্ট(Co) আৰু নিকেলৰ(Ni) স্থান একেটা ৷
(iv) তেঁও তালিকাখনত ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে স্থান দিছিল ৷ উদাহৰণ – ক’বাল্ট(Co) আৰু নিকেলৰ(Ni)ৰ ধৰ্ম বেলেগ হলেও ফ্ল’ৰিণ(F) , ক্ল’ৰিণ(Cl) , আৰু ব্ৰ’মিণৰ (Br) সৈতে একে স্তম্ভতে স্থান দিছিল ৷
(v) আইৰনৰ ধৰ্ম ক’বাল্ট(Co) আৰু নিকেলৰ(Ni)ৰ লগত মিলে যদিও ইয়াক এই মৌল কেইতাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে ৷


প্ৰশ্নাৱলী Page No- 85


1.মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।-K, C, Al, Si, Ba.
উত্তৰ:-
Kৰ অক্সাইডৰ সংকেত হ’ব -K2O
C ৰ অক্সাইডৰ সংকেত হ’ব – CO2
Alৰ অক্সাইডৰ সংকেত হ’ব- Al2O3
Siৰ অক্সাইডৰ সংকেত হ’ব – SiO2


2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? ( যিকোনো দুটা )

উত্তৰ:- গেলিয়ামৰ উপৰি যি মৌলসমূহ আৱিষ্কাৰ হোৱাৰ পূৰ্বেই  মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত খালী স্থান ৰখা মৌল দুটা হ’ল-
(i) স্কেণ্ডিয়াম (Sc) আৰু
(ii) জাৰ্মেনিয়াম (Ge) ।


3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ (criteria) কি কি আছিল ?

উত্তৰ:- মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ তলত উল্লেখ কৰা হৈছে –
(i) মেণ্ডেলিভে মৌলসমূহৰ পাৰমানৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্কে পৰীক্ষা কৰি চাইছিল ৷
(ii) ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰ’জেনৰে সৈতে গঠন কৰা যোগবোৰৰ ওপৰত মেণ্ডিলিভে গুৰুত্ব দিছিল ৷
(iii) মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইড সমূহৰ সংকেতক মৌলতোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল ৷


4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?

উত্তৰ:- সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত 8 টাকৈ ইলেকট্ৰন থাকে । গতিকে ৰাসয়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰয় । সেয়ে  ইহঁতক একেটা বৰ্গতে ৰখা হৈছে ।
যেনে- হিলিয়াম(He), নিয়ন (Ne), আর্গন(Ar), ক্ৰিপ্টন (Kr), জেনন (Xe) আৰু ৰেডন (Rn) আদি ।


প্ৰশ্নাৱলী Page No- 90


1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?

উত্তৰ:-মৌলবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম হৈছে  সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ । এই পাৰমাণৱিক সংখ্যাৰ ওপৰতেই আধুনিক পৰ্যাবৃত্ত তালিকা আধাৰিত । এনেদৰে আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ’ল-

(i) আধুনিক প্ৰৰ্যাবৃত্ত তালিকাত সমস্থানিক (isotopes) বোৰক একেটা স্থানতে ৰখা হ’ল । কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও  পৰমাণৱিক সংখ্যা একে ।

(ii) আধুনিক পৰ্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেকট্ৰন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয় ।

(iii) ক’বাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ ক্ষেত্ৰত থকা আসোৱাহ দূৰ হ’ল । ভৰ সংখ্যা মতে ক’বাল্টৰ(Co) (পাৰমাণৱিক ভৰ 58.93)  পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ (Ni) (পাৰমাণৱিক ভৰ 58.71) 28 কিন্তু পাৰমানৱিক ভৰৰ ক্ষেত্ৰত ক’বাল্টতকৈ নিকেলৰ কম । গতিকে নিকেলৰ স্থান ক’বাল্টতকৈ পিছত হয় ।


2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাচনিৰ ভিত্তি কি?

উত্তৰ:- মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌল হ’ল কেলছিয়াম(Ca) আৰু বেৰিয়াম(Ba) ৷ এই বাচনিৰ কাৰণ হ’ল তিনিওঁটা মৌলৰে যোজক ইলেকট্ৰনৰ সংখ্যা একে (২) ৷ ইহঁতৰ বৰ্গ এটাই (বৰ্গ – ২) ৷


3. নাম লিখা ।

a) বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰ’ন থকা তিনিটা মৌলৰ ।
b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন থকা দুটা মৌল ।
c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল ।
উত্তৰ:- a) বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰ’ন থকা তিনিটা মৌল হৈছে- লিথিয়াম (Li), ছ’ডিয়াম (Na), পটাছিয়াম (K)।

b) বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন থকা দুটা মৌল হৈছে-  মেগনেছিয়াম (Mg),  কেলছিয়াম (Ca) ।

c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা তিনিটা মৌল হৈছে-  হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar) ।


4.(a) লিথিয়াম, ছডিয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু । ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
উত্তৰ:-
লিথিয়াম, ছডিয়াম আৰু পটেছিয়ামৰ পৰমানুৰ সাদৃশ্য আছে –
(i) ইহঁতৰ যোজক ইলেকট্ৰনৰ সংখ্যা 1 ৷
(ii) ইহঁতক বৰ্গ একত স্থান দিয়া হৈছে ৷

4(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ননা এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি মিল থকা দেখা যায় ?
উত্তৰ:- হিলিয়াম আৰু নিয়নৰ পৰমাণুৰ মাজত থকা মিলবোৰ তলত উল্লেখ কৰা হৈছে –
(i) ইহঁতৰ পৰিপূৰ্ণ বহিৰতম কক্ষ আছে ৷
(ii) ইহঁতক বৰ্গ 18ত স্থান দিয়া হৈছে ৷


5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোন কেইটা ধাতু ?

উত্তৰ:- আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li)  আৰু বেৰেলিয়াম  (Be)  দুটা ধাতু ।


6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা ?

Ga, Ge, As, Se, Be ৷
উত্তৰ:-
পৰ্য্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে ক্ৰমে ধাতৱীয় ধৰ্ম কমে আৰু বৰ্গ এটাত তললৈ ই বাঢ়ে ৷ সেয়েহে Ga, Ge, As, Se, Be মৌল কেইতাৰ ভিতৰত Be আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব ৷


অনুশীলনী


1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।
(b) যোজক ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।
(c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰ’ন অধিক সহজে হেৰুৱায় ।
(d) অক্সইডবোৰ বেছি আম্লিক হৈ পৰে ।
উত্তৰ:-
(c)পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰ’ন অধিক সহজে হেৰুৱায় ।


2. মৌল X  য়ে XCl2 সংকেত ক্ল’ৰাইড গঠন কৰে । ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ । মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাততৈ বেছি ?

a) Na      
b) Mg
c) Al
d) Si
উত্তৰ:-
(b) Mg


3. কোনটো মৌলৰ আছে

(a) ইলেক্ট্ৰ’ন পূৰ্ণ দুটা কক্ষ ?
উত্তৰ:-
a) নিয়ন Ne – 2.8    ।

(b)  2, 8, 2 ইলেক্ট্ৰ’নীয় বিন্যাস ?
উত্তৰ:-
মেগনেছিয়াম Mg ।

(c) যোজক কক্ষত চাৰিটা ইলেক্ট্ৰ’নৰে সৈতে মুঠ তিনিটা কক্ষ ?
উত্তৰ:-
ছিলিকন  Si – 2 . 8 . 4     । 

(d) যোজক কক্ষত তিনিটা ইলেক্ট্ৰ’নৰে সৈতে মুঠ দুটা কক্ষ ?
উত্তৰ:- 
ব’ৰন B – 2 . 3 ।

(e)  দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰ’ন ?
উত্তৰ:- 
কাৰ্বন C – 2 . 4   ।


4. a. পর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰ:-
পর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ সাধাৰণ ধর্ম –

(i) সিহঁতৰ আটাইৰে যোজক ইলেকট্ৰনৰ সংখ্যা 3 বা যোজ্যতা 3 ৷
(ii) মৌলকেইটাক বৰ্গ 13ত স্থান দিয়া হৈছে ৷
(iii) ব’ৰনৰ বাহিৰে আন মৌল কেইটা অধাতু ৷

b. পর্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰ:- পর্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ সাধাৰণ ধর্ম –

(i) সিহঁতৰ আটাইৰে যোজ্যতা 1 ৷
(ii) মৌলকেইটাক বৰ্গ 17 স্থান দিয়া হৈছে ৷
(iii) আটাইকেইটা মৌল অধাতু ৷


5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 ।

a. এই মৌলটোৰ পৰমাণৱিক সংখ্যা কি ?
উত্তৰ:-
পাৰমাণৱিক সংখ্যা = 17 ।

b. তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
N(7),  F(9),  P(15),  Ar(18)

উত্তৰ:- F (9) ৰ লগত সাদৃশ্য থাকিব ।


6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।

(a) মৌল A ধাতুনে অধাতু ?
উত্তৰ:-
মৌল A অধাতু ৷

(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয় ?
উত্তৰ :-
C মৌলটো A তকৈ কম সক্রিয় ৷

(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু?

উত্তৰ:- C মৌলটো আকাৰত Bতকৈ সৰু ৷

(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
উত্তৰ:-
মৌল A এ এনায়ন গঠন কৰিব ৷


7. নাইট্ৰ’জেন (পৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয় ?

উত্তৰ:- আমি জানো যে,

নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2,5  

ফছফ’ৰাছৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,5

       নাইট্ৰজেনৰ পৰমাণুৰ আকাৰ ফছফৰাছ পৰমাণুৰ আকাৰতকৈ সৰু । ফলস্বৰূপে  ইলেক্ট্ৰ’ন গ্ৰহণ কৰাৰ প্ৰৱণতা ফছফৰাছতকৈ নাইট্ৰ’জেনৰ অধিক । ইহঁতৰ নাইট্ৰ’জেনৰ  বেছি বিদ্যুৎ ঋণাত্মক হ’ব ।
      
      

৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?

উত্তৰ:- পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাসৰ দ্বাৰা আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থান বিশ্লেষণ কৰিব পাৰি ৷ পৰমাণুটোৰ ইলেকট্রনীয় বিন্যাসত যোজক ইলেকট্ৰনৰ সংখ্যা আৰু কক্ষৰ সংখ্যাৰ পৰা ক্ৰমে বৰ্গ আৰু পৰ্যায়ৰ বিষয়ে গম পোৱা যায় ৷ উদাহৰণ স্বৰূপে, মেগনেছিয়ামৰ ইলেকট্রনীয় বিন্যাস 2, 8, 2 ৷ ইয়াত যোজক ইলেকট্ৰনৰ সংখ্যা 2 আৰু কক্ষৰ সংখ্যা 3 ৷ গতিকে পর্যাবৃত্ত তালিকাত মেগনেছিয়ামৰ স্থান বৰ্গ 2 আৰু পৰ্যায় 3ত |


9. আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে । এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰায়ায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে ?

উত্তৰঃ- আমি জানোঁ যে,

  কেলছিয়ামৰ (Ca) পৰমামৱিক সংখ্যা = 20

ইলেকট্ৰনীয় বিন্যাস  = 2, 8, 8, 2

গতিকে ইয়াৰ যোজক ইলেকট্ৰনৰ সংখ্যা = 2

                                             যোজ্যতা = 2

          গতিকে ওপৰত উল্লেখিত যি মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা 2 হ’ব, সিয়ে কেলছিয়ামৰ Ca ৰ লগত মিলিব ।
         
          গতিকে দেখা গ’ল 12 আৰু 38 পাৰমাণৱিক সংখ্যা যুক্ত মৌলৰ ৰাসয়নিক আৰু ভৌতিক ধৰ্মসমূহ কেলছিয়ামৰ Ca ৰ লগত মিলে ।
         
         

10. মেণ্ডেলিৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement)  ৰ তুলনা কৰা । 

উত্তৰ:- 
মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা-
(i) পাৰমাণৱিক ভৰৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।
(ii) মৌলৰ সমস্থানিকক সঠিক স্থান দিয়া হোৱা নাই ।
(iii) কিছুক্ষেত্ৰত অধিক পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাক কম ভৰসম্পন্ন মৌল এটাতকৈ আগত স্থান দিয়া হয় ।
(iv) 8 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় ।
(v) বহুতো ধাতু আৰু অধাতু একেটা বৰ্গতে ৰখা হৈছে ।
(vi) মেণ্ডেলিভৰ সময়ত সম্ভান্ত্ৰ গেছৰ আৱিষ্কাৰ হোৱা নাছিল ।
(vii) হাইড্ৰ’জেনৰ স্থান স্পষ্ট নাছিল ।

আধুনিক পৰ্যাবৃত্ত তালিকা-
(i) পাৰমাণৱিক সংখ্যাৰ  উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে ।
(ii) পাৰমাণৱিক সংখ্যা একে হোৱা হেতুকে এটা  মৌলৰ সমস্থানিকসমূহক  একেটা স্থানতে ৰখা হৈছে ।
(iii) পাৰমাণৱিক সংখ্যাৰ  উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰাৰ ফলত এনে আসোঁৱাহ দূৰ হয় ।
(iv) 18 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় ।
(v) ধাতু আৰু অধাতু পৃথক কৰা হৈছে ।
(vi) সম্ভান্ত্ৰ গেছক পৃথক বৰ্গত ৰখা হৈছে ।(বৰ্গ 18)
(vii) ক্ষাৰ ধাতুৰ ওপৰত হাইড্ৰ’জেনক ৰখা হৈছে ।

*

Post a Comment (0)
Previous Post Next Post