জীৱন প্ৰক্ৰিয়া
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৬
science chapter 6
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No- 95
1.মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল আক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰন কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয় ?
উত্তৰ:- মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ আকাৰ যথেষ্ট ডাঙৰ আৰু দেহৰ গঠন শৈলিত বেছি জটিলতা থাকে ৷ তেনে ক্ষেত্ৰত দেহৰ সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিবেশৰ লগত সান্নিধ্যত নাথাকে ৷ ব্যাপন হ’ল এটা ধীৰ গতিৰে হোৱা প্ৰক্ৰিয়া ৷ ই দেহৰ বিভিন্ন আংশলৈ অক্সিজেন কঢ়িয়াবলৈ বহুত সময় ল’ব ৷ সেয়েহে বহুকোষীয় জীৱৰ বাবে লাগতিয়াল আক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰন কৰি লোৱাতো পৰ্যাপ্ত নহয় ৷
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত ঠাৱৰ কৰিম ?
উত্তৰ:- কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠৱৰ কৰিবলৈ নিৰীক্ষণ প্ৰয়োজন থকা ভিত্তিসমূহ হল-
(i) ই শ্বাস-প্ৰশ্বাস লৈ আছেনে ?
(ii) ই কোনো ধৰণৰ বৃদ্ধি প্ৰদৰ্শন কৰিছেনে ?
(iii) ই পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদি জীৱন প্ৰক্ৰিয়াসমূহ প্ৰদৰ্শন কৰিছেনে ?
3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰন কৰি লয় ?
উত্তৰ:- জীৱই বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বাহিৰৰ পৰিবেশৰ পৰা আহৰন কৰে ৷ স্বপোষী জীৱই পানী, খনিজ পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড পৰিবেশৰ পৰা গ্ৰহণ কৰে ৷ পৰপোষী জীৱই অক্সিজেন, খাদ্য আদি বাহিৰৰ পৰা আহৰন কৰে ৷
4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা ?
উত্তৰ:- জীৱৰ জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় প্ৰক্ৰিয়াসূমুহ পৰিপুষ্টি, শ্বসন, পৰিবহণ, ৰেচন আদি ।
প্ৰশ্নাৱলী Page No- 101
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?
উত্তৰ:- স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য হল-
স্বপোষিত পুষ্টি
(1) স্বপোষিত পুষ্টিত জীৱই বাহিৰা পৰিৱেশৰ পৰা কেঁচা সামগ্ৰী আহৰণ কৰি নিজৰ খাদ্য নিজে প্ৰস্ত্তত কৰি লয়।
(2) স্বপোষিত পুষ্টি অকল একপ্ৰকাৰৰ।
পৰপোষিত পুষ্টি
(1) পৰপোষিত পুষ্টিত জীৱ এটাই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
(2) পৰপোষিত পুষ্টি বেলেগ বেলেগ প্ৰকাৰৰ হ’ব পাৰে।
2.সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায় ?
উত্তৰ:- উদ্ভিদৰ সালোক সংশ্লেষণত প্ৰয়োজন হোৱা উপাদানবোৰ হ’ল- কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ৷ উদ্ভিদে পৰিবেশৰ পৰা পত্ৰৰন্ধ্ৰৰ সহায়ত কাৰ্বন ডাই অক্সাইড অহৰণ কৰে ৷ একেদৰে মাটিৰ পৰা শিপাৰ সহায়ত পানী আৰু পাতত থকা পত্ৰহৰিৎৰ সহায়ত সূৰ্যৰ পোহৰ গ্ৰহণ কৰে ৷
3.আমাৰ পাকস্হলীত এছিডৰ ভূমিকা কি ?
উত্তৰ:- আমাৰ পাকস্হলীত হাইড্ৰ’ক্লৰিক এছিড(HCl) থাকে ৷ হাড্ৰ’ক্লৰিক এছিডে পাকস্হলি ৰসক আম্লিক ধৰ্মীয় কৰে ৷ ইয়াৰ ফলত প্ৰ’টিন বিশ্লেষিত উৎসেচক পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে ৷
4. পাচক উৎসেচকৰ কাৰ্য কি ?
উত্তৰ:- আমাৰ শৰীৰে সৰল খাদ্যহে শোষন কৰিব পাৰে ৷ পাচক উৎসেচকে জটিল প্ৰকৃতিৰ আহাৰ সৰল অৱস্হালৈ পৰিবৰ্তন কৰে ৷ উদাহৰণ স্বৰূপে, পেপচিনে জটিল প্ৰ’টিনক সৰলীকৃত কৰে ৷
5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় ?
উত্তৰ:- সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে যাক ভিলাই বোলে। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃআৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আৱেষ্টিত থাকে।এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে। কোনে ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পূৰণা কলাবোৰে মেৰামতি কৰে।
প্ৰশ্নাৱলী Page No- 105
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্হলচৰ জীৱ সমূহৰ সুবিধা কি ?
উত্তৰ:- শ্বসনত স্হলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন ব্যৱহাৰ কৰে ৷ যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমান বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামুলকভাৱে কম, সেয়েহে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰজীৱতকৈ স্হলচৰ জীৱ সমূহৰ সুবিধাবেছি হয় ৷
2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ উৎপন্ন হয় ?
উত্তৰ:- (i) অবাত শ্বসন – এই প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়, যত তিনিটা কাৰ্বন অণুযুক্ত পাইৰুভেত অণু ভাঙি ইথানল আৰু কাৰ্বন ডাই অক্সাইড উতপন্ন হোৱাৰ লগতে শক্তি উতপন্ন হয় ।
(ii) সবাত শ্বসন - অক্সিজেনৰ উপস্থিতিত সংঘটিত এই প্ৰক্ৰিয়াত তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি তিনিটা কাৰ্বন ডাই অক্সাইডৰ অনুৰ লগতে পানী আৰু শক্তি উতপন্ন হয় ।
(iii) কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত হোৱা শ্বসন – আমাৰ পেশীকোষত কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত পাইৰুভেত অণু ভাঙি তিনিটা কাৰ্বন অণুযুক্ত লেক্টিক এছিড আৰু শক্তি উতপন্ন হয় ।
3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ?
উত্তৰ:- মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন সম্পৰ্কে তলত ব্যাখ্যা কৰা হ’ল-
i) অক্সিজেনৰ পৰিবহন – মানুহৰ দেহ আকাৰত যথেষ্ট ডাঙৰ হোৱা বাবে ব্যাপন প্ৰক্ৰিয়াৰে দেহৰ সকলো অংশত যথোপযুক্ত পৰিমাণে অক্সিজেন সৰবৰাহ নহয়৷ তেজত থকা ৰঞ্জক পদাৰ্থ হিম’গ্ল’বিনে হা্ঁওফাঁওৰ পৰা অক্সিজেন লৈ দেহৰ বিভিন্ন অংশৰ অক্সিজেন কমি থকা ক’লাবোৰত বিতৰণ কৰে ৷
ii)কাৰ্বন ডাই অক্সাইডৰ পৰিবহন – কাৰ্বন ডাই অক্সাইড, অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয় ৷ সেয়েহে ই তেজৰ প্লাজমাত দ্ৰৱীভূত হৈ দেহৰ বিভিন্ন ক’লাৰ পৰা হাঁওফাঁওলৈ পৰিবহন হয়৷ ইয়াৰ পৰা নাসাৰন্ধ্ৰইদি বাহিৰলৈ ওলাই যায় ৷
3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন-ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ?
উত্তৰঃ মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন তেজৰ দ্বাৰা সংঘটিত হয় । তেজৰ লোহিত ৰক্ত কণিকাত থকা শ্বাস ৰঞ্জক হিম’গ্লবিনে অক্সিজেন কঢ়িয়ায় । আনহাতে, পানীত বেছি পৰিমাণে দ্ৰৱীভূত হোৱাৰ গুণত, কাৰ্বন ডাই-অক্সাইড তেজত দ্ৰৱণীয় ৰূপত পৰিৱাহিত হয়।
4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে ?
উত্তৰ:- মানুহৰ হাঁওফাঁওৰ গঠন সম্পৰ্কে তলত ব্যাখ্যা কৰা হ’ল-
হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ আংগৰ সৃষ্টি হয়৷ এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয়৷ বায়কূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷ উশা লোৱাৰ সময়ত মধ্যচ্ছদা খন নিম্নগামী হলে হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হে পৰে ৷ দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰে৷
প্ৰশ্নাৱলী Page No- 110
1. মানুহৰ পৰিৱহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰ:- মানুহৰ পৰিৱহণ তন্ত্ৰৰ মূখ্য ভাগকেইটা হল-
(i) ৰক্ত বা তেজ – তেজ প্লাজমা বুলি কোৱা এবিধ তৰল মাধ্যমেৰে গঠিত । যিয়ে দ্ৰভূৱীত খাদ্যবস্তু, কাৰ্বন ডাই-অক্সাইড আৰু নাইট্ৰ’জেনে জাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহণ কৰে । তেজত থকা লোহিত ৰক্ত কণিকাই অক্সিজেন পৰিবহণ কৰে ।
(ii) ৰক্ত নলীকাসমূহ- ৰক্ত নলীকা বুলি কোৱা আৱদ্ধ নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্ৰৱীহিত হয় ৰক্ত নলীকাসমূহ সিৰা আৰু ধমনী হিচাপে শ্ৰেণীবিভাজন কৰা হৈছে ।
ধমনীবোৰ হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে আৰু সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ সংগ্ৰহ কৰি পুনৰ হীদযন্ত্ৰলৈ উভতাই আনে ।
(iii) হৃদযন্ত্ৰ – হৃদযন্ত্ৰই দেহৰ সমগ্ৰ অংশতে অক্সিজেন যুক্ত তেজ পাম্প কৰে । যাৰ দ্বাৰা তেজত বিভিন্ন পদাৰ্থসমূহ দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত কৰে ।
(iv) লসিকা – লসিকাই পাচিত আৰু শোষিত চৰ্বিসমূহ অন্ত্ৰৰ পৰা স্থানাতৰ কৰে আৰু অতিৰিক্ত তৰল পদাৰ্থভাগ বহি:কোষীয় স্থানৰ পৰা তেজলৈ উভতাই আনে ।
2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰ:- পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে৷ এই শক্তি যোগানৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক ৷ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ জোগান ধৰিবৰ বাবে সুবিধা হয় ৷
3. উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰৰ অংগসমূহ কি কি?
উত্তৰ:- উচ্চখাপৰ উদ্ভিদৰ পৰিৱহণ তন্ত্ৰৰ অংগসমূহ হ’ল-
(i) জাইলেম আৰু
(ii) ফ্লোৱেম
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় ?
উত্তৰ:- উদ্ভিদৰ দেহত পানী আৰু লৱণ জাইলেম ক’লাৰ দ্বাৰা পৰিবহন হয় ৷ জাইলেম ক’লাৰ নলিকা বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে ৷ মাটিৰ স্পৰ্শত থকা শিপাৰ কোষবোৰে সক্ৰিয়ভাৱে আয়ন গ্ৰহণ কৰি থাকে ৷ ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ তাৰতম্যৰ সৃষ্টি কৰে ৷ এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি জাইলেমৰ যোগেদি নিয়মিয়াকৈ পানী ওপৰলৈ ঠেলি থাকে ৷ ইয়াৰ লগতে উদ্ভিদৰ পাতে বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা পাতৰ পৰা বাষ্প আকাৰে পানীৰ অণুবোৰ এৰি দি থাকে যাৰ বাবে পাতত এটা শোষণ বল সৃষ্টি হয় | এই বলে শিপাত থকা জাইলেমৰ পানী শোষণ কৰে ৷ এই দৰেই উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন হয় ৷
5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহণ ঘটে ?
উত্তৰ:- উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোৱেম কলাৰ দ্বাৰা ঘটে।জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্ল’ৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা্ খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় । চুক্ৰ’জৰ দৰে পদাৰ্থবিলাক ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে AT P ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে।ইয়াৰদ্বাৰা ফ্ল’ৱেমৰ আসুতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে।এই চাপৰ সহায়ত পদা্থবিলাক কম চাপযুক ফ্ল’ৱেম কলালৈ গতি কৰে । ফলত উদ্ভিদৰ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ খাদ্যৰ সংবহণ ঘটে ।
প্ৰশ্নাৱলী Page No - 112
1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ৷
উত্তৰ:- নেফ্ৰনৰ গঠন– বৃক্কত অসংখ্য পাতল বেৰৰ সৰু সৰু ৰক্ত জালিকা থাকে ৷ এই ৰক্ত জালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয় ৷ প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে ৷ এইবোৰক নেফ্ৰন বোলে ৷ নেফ্ৰনৰ মুখ্য অংশবোৰ হ’ল গ্ল’মেৰুলাছ, ব’মানচ্ কেপচুল আৰু দীঘল সংগ্ৰাহী নলীকা ৷
নেফ্ৰনৰ কাৰ্য – নেফ্ৰনে দেহৰ তেজ চেকাত সহায় কৰে ৷ নেফ্ৰনবোৰে প্ৰাথমিক অৱস্হাত গ্লুক’জ, এমিন এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়৷ প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে৷ মূত্ৰনলী হৈ মূত্ৰখিনি মূত্ৰথলীত জমা হয়৷ মূত্ৰথলীৰ চাপৰ ফলত নিৰ্দিষ্ট নলীয়েদি মূত্ৰ বাহিৰলৈ ওলাই আহে ৷
2. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ।
উত্তৰ:- উদ্ভিদে বৰ্জিত পদাৰ্থসমূহ ত্যাগ কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে, যেনে-
(i) বাষ্পমোচন- উদ্ভিদে বাষ্পমোচন মাধ্যমেৰে পত্ৰৰন্ধৰে শিপাৰ পৰা শোষণ কৰি লোৱা অতিৰিক্ত পানীভাগ এৰি দিয়ে ।
(ii) ব্যাপন- ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰে সালোক সংশ্লেষণৰ পৰা পোৱা অক্সিজেন আৰু শ্বসনৰ পৰা লোৱা কাৰ্বন ডাই-অক্সাইড এৰি দিয়ে ।
(iii) কোষ ৰসধানীসমূহে - কোষ ৰসধানীসমূহৰ ভিতৰত বহুতো বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে বা ৰেজিন আৰু আঠা হিচাপেও বিশেষকৈ নিষ্ক্ৰিয় পূৰঠ জাইলেম কলাত সঞ্চিত কৰি ৰাখে । উদ্ভিদৰ কোষসমূহৰ ৰসধানীবোৰ তুলনামূলকভাৱে ডাঙৰ আকাৰৰ হয় ।
(iv) অন্যান্য কৌশল- কিছুমান বৰ্জিত পদাৰ্থ বাকলি, পাত আদিতো সঞ্চিত কৰগি ৰাখে যিবোৰ অকামিলা হৈ পৰিলে সৰি পৰে ।
3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি ?
উত্তৰ:- মূত্ৰ উৎপন্নৰ পৰিমান শৰীৰত থকা পানী আৰু বৰ্জিত পদাৰ্থৰ পৰিমাণে নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ উপৰিও ADHৰ নিচিনা হৰমণে মূত্ৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ৷
অনুশীলনী
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰ:- ( c) ৰেচন
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন’ এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰ:- (a) পানীৰ পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা
উত্তৰ:- (d) ওপৰৰ আটাইকেইটা
4. পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-
(a) চাইট’প্লাজমত
(b) মাইট’কন্ড্ৰিয়াত
(c) ক্ল’ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰ:- (b) মাইট’কন্ড্ৰিয়াত
6. পাচনত লালটিৰ ভূমিকা কি ?
উত্তৰ:-পাচনত লালটিৰ ভূমিকাবোৰ তলত উল্লেখ কৰা হ’ল-
i) লালটিয়ে খাদ্যৰ লগত মিহলি হৈ আহাৰখিনি পিচল কৰে৷ ইয়াৰ ফলত আহাৰ, খাদ্য নলীৰ পশ্চাৎ আংশলৈ সহজে গতি কৰে ৷
ii) লালটিত থকা উৎসেচক, লালটি এমাইলেজে, মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংস ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে ৷
7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?
উত্তৰ:- স্বপোষীত পুষ্টি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয়৷ স্বপোষীত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ’ল কাৰ্বন ডাই অক্সাইড, পানী, পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰ৷
ইয়াৰ উপাজাত পদাৰ্থবোৰ হ’ল কাৰ্বহাইড্ৰেট আৰু অক্সিজেন৷
8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা জীৱৰ নাম লিখা ৷
উত্তৰ:- সবাত আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-
সবাত শ্বসন
i) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় ।
ii) এই প্ৰক্ৰিয়াত গ্লু’কজৰ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন ডাই-অক্সাইড (CO2) পানী (H2O) আৰু শক্তিৰ সৃষ্টি কৰে ।
iii) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক হয়, প্ৰতিটো গ্লু’কজ অণুৰ পৰা 38 এ টি পি অণু উৎপন্ন হয় ।
iv) এই প্ৰক্ৰিয়াটো কোষপ্ৰৰসৰ মাইট’কণ্ড্ৰিয়াত সংঘটিত হয় ।
অবাত শ্বসন
i) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় ।
ii) এই প্ৰক্ৰিয়াত গ্লু’কজৰ অণু আংশিকভাৱে জাৰিত হৈ শক্তি উৎপন্ন কৰাৰ লগতে ইথাইল এলক’হল (C2H5OH) কাৰ্বন ডাই-অক্সাইড(CO2) সৃষ্টি কৰে ।
iii) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম, প্ৰতিটো গ্লু’কজ অণুত দুটাতকৈ এ টি পি অণু উৎপন্ন হয় ।
iv) এই প্ৰক্ৰিয়াটো কোষপ্ৰৰসৰ সংঘটিত হয় ।
সবাত শ্বসন সম্পাদন কৰা জীৱৰ উদাহৰণঃ পক্ষী, জন্তু ইত্যাদি ৷
অবাত শ্বসন সম্পাদন কৰা জীৱৰ উদাহৰণঃ কিছুমান এককোষী জীৱ যেনে ইষ্ট ৷
9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈ গঠিত হৈছে ?
উত্তৰ:- বায়ুকোষ হল হাঁওফাঁওত থকা বেলুনসদৃশ কিছুমান সৰু সৰু অংগ । বায়ুকোষীয় বায়ু আৰু তেজৰ মাজত গেছসমূহৰ প্ৰচুৰ বিনিময়ৰ সুবিধা কৰিবলৈ বায়ুকোষৰ বেৰসমূহ ৰক্তকেশিকাৰ এক বিস্তৃত জালিকা আছে । প্ৰতিটো হাঁওফাঁওতে নিযুত নিযুত বায়ুকোষ থাকে । তদুপৰি যেতিয়া শ্বাস লোৱাৰ সময়ত হাঁওফাঁওত বায়ু প্ৰৱেশ কৰে, গেছসমূহৰ বিনিময়ৰ বাবে অধিক পৃষ্ঠভাগ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে ।
10. আমাৰ দেহত হিম’গ্ল’বিনৰ পৰিমাণ কমি গ’লে কি হ’ব ?
উত্তৰ:- হিম’গ্ল’বিন হ’ল মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থ৷ হিম’গ্ল’বিনে হাঁওফাঁওৰ পৰা অক্সিজেন লৈ অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে ৷ আমাৰ দেহত হিম’গ্ল’বিনৰ পৰিমাণ কমি গ’লে দেহত অক্সিজেন কমি যাব যাৰ ফলত শ্বসন প্ৰক্ৰিয়াত সমস্যাই দেখা দিব ৷ ইয়াৰ উপৰিও হিম’গ্ল’বিন কমিলে এনিমিয়া নামৰ ৰোগ এবিধ হ’ব পাৰে ৷
11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্বণা কৰা । ইয়াৰ প্ৰয়োজন কি ?
উত্তৰ:- মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয় । ইয়াকে তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয় । মানুহৰ দেহত দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে, য’ৰ পৰা ই সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু তাৰ পিছত সোঁ নিলয়টো সংকুচিত হৈ তেজ হাঁওফাঁওলৈ যায় য’ত তেজসমূহ অক্সিজেনযুক্ত হয় । এই অক্সিজেনযুক্ত তেজসমূহ তাৰ পিছত বাওঁ অলিন্দলৈ আহে আৰু বাওঁ নিলয় হৈ দেহৰ সকলো অংশলৈ যায় । এই সম্পূৰ্ণ চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয় ।
ইয়াৰ প্ৰয়োজনসমূহ হল-
(i) অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে, যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্য নিৰ্দিষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাৰ বাবে প্ৰয়োজনীয় ।
(ii) দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা, যেয়ে মানুহৰ দেহত অক্সিজেনৰ নৈপুন্য বৃদ্ধি কৰে ।
12. জাইলেম আৰু ফ্ল’ৱেমৰ দ্ৰৱ্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি ?
উত্তৰ:-জাইলেম আৰু ফ্ল’ৱেমৰ দ্ৰৱ্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ হ’ল-
জাইলেম দ্ৰব্য পৰিবহণ
(i)পানী আৰু খনিজ লৱণৰ পৰিবহণ সম্পন্ন কৰে ।
(ii)শক্তিৰ প্ৰয়োজন নহয় ।
(iii)নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয় ।
(iv)জাইলেম কলাই কাৰ্য সমাধা কৰে নলিকা আৰু ট্ৰেকাইড নামৰ মৃত কলাসমূহৰ যোগেদি ।
ফ্ল’ৱমৰ দ্ৰব্য পৰিবহণ
(i)অক্সিজেনৰ অনুপস্থিতত দ্ৰৱীভূত খাদ্য দ্ৰব্য, এমিন’ এছিড আদি পৰিবহণ কৰে ।
(ii)এ টি পিৰ দ্বাৰা যোগান ধৰা শক্ৰিৰ প্ৰয়োজন হয় ।
(iii) সক্ৰিয় পৰিবণ ।
(iv)ফ্ল’ৱম কলাই কাৰ্য সমাধা কৰে চালনি নলিকা আৰু সংগীকোষসমূহৰ সহায়ত, যিবোৰ জীৱিত কোষ ।
13. হাঁও ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ৷
উত্তৰ:- হাঁও ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
হাঁও ফাঁওৰ বায়ুকোষ
i) হাঁও ফাঁওৰ বায়ুকোষবোৰ বেলুন সদৃস অংগ ৷
ii) বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷
iii) বায়ুকূপ বিলাকৰ ৰক্ত জালিকাত গেছৰ আদান প্ৰদান হয় ৷
iv) ব্যাপনৰ দ্বাৰা পদাৰ্থৰ আদান প্ৰদান হয় ৷
বৃক্কৰ নেফ্ৰন
i) নেফ্ৰন হ’ল বৃক্কত থকা কাপ সদৃশ নলীকাৰ একক ৷
ii) কাপ সদৃশ নলীকা বোৰতহে ৰক্ত জালীকা থাকে ৷
iii) নেফ্ৰনে দেহৰ অতিৰিক্ত পানী আৰু বৰ্জিত পদাৰ্থবোৰ চেকী দেহৰ বাহিৰ কৰে ৷
iv)উচ্চ চাপৰ সহায়ত নেফ্ৰনৰ কাৰ্য সম্পাদন হয়
