নিয়ন্ত্ৰণ আৰু সমন্বয় দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৭ science chapter 7 class 10 general science question answer assamese medium seba hslc class 10 AssamQna

নিয়ন্ত্ৰণ আৰু সমন্বয়
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৭
science chapter 7
class 10 general science question answer assamese medium
seba hslc class 10  AssamQna



নিয়ন্ত্ৰণ আৰু সমন্বয় দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৭ science chapter 7 class 10 general science question answer assamese medium seba hslc class 10  AssamQna

প্ৰশ্নাৱলী Page No- 119


1.  প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি ?

উত্তৰ:- প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-

প্ৰতীপ ক্ৰিয়া
i) প্ৰতীপ ক্ৰিয়া হ’ল শৰীৰৰ এটা অনৈচ্ছিক স্বতঃসফূৰ্ত খৰতকীয়া প্ৰতিক্ৰিয়া৷
ii) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰি৷
iii)ই অকল স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷
iv)এক ছেকেণ্ডতকৈ কম সময়ত সংঘটিত হয়৷

খোজ কঢ়াৰ
i)খোজ কঢ়াটো এটা ঐচ্ছিক প্ৰক্ৰিয়া৷
ii) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পাৰি৷
iii)ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷
iv) এই ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হয়৷


2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে?

উত্তৰ:- এক্সনৰ প্রান্তীয় শাখাত বৈদ্য়ুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত হয় এই ৰাসায়নিক পদার্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছ (Synapse) ৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয়।এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়। এনেধৰণৰ ছাইনেপছৰ পৰা স্নায়ু প্রেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্রন্থীকোষবোৰলৈও প্রেৰিত হ'ব পাৰে।


3. মগজুৰ কোন আংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?

উত্তৰ:-  মগজুৰ চেৰিবেলাম আংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ৷


4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

উত্তৰ:- ধূপকাঠিৰ গোন্ধ বতাহত ব্য়াপন প্ৰক্ৰিয়াৰে বিয়পি পৰে। আমাৰ নাকত থকা ঘ্ৰাণসংগ্ৰাহী কোষবিলাকে এই সংবেদন সংগ্ৰহ কৰে আৰু সংবেদী স্নায়ুবিলাকে এই সংবেদন মগজুলৈ প্ৰেৰণ কৰে। যাৰ ফলত আমি ধূপৰ গোন্ধ পাওঁ।

5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি ?

উত্তৰ:- প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুত থকা প্ৰতীপ ধনুৰ দ্বাৰা সংঘটিত হয়৷ মস্তিস্ক আৰু স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন হয়৷ মগজুৰ চিন্তা শক্তি অবিহনে প্ৰতীপ ধনুৰ বিকাশ নহয়৷


প্ৰশ্নাৱলী Page No- 122


1. উদ্ভিদৰ সঞ্জীৱনী পদার্থ (Plant Hormone) বিলাক কি কি ?

উত্তৰ:- উদ্ভিদৰ সঞ্জীৱনী পদার্থই উদ্ভিদৰ বৃদ্ধি বিকাশ আৰু পৰিবেশৰ লগত সমন্বয় ৰক্ষাত সহায় কৰে। উদ্ভিদ দেহত পোৱা কেইটামান সঞ্জীৱনী পদার্থ হল- অক্সিন, জিবাৰেলিন, চাইট'কাইনিন আৰু এবচাইচিক এছিড।


2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে?

উত্তৰ:- নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটোত বিকাশ বা বৃদ্ধি জড়িত নহয়৷ কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি কোষবিলাকৰ আকাৰ সাল-সলনি হৈ পাতৰ চলন পৰিঘটনাটো সংঘটিত হয়৷

     আনহাতে, কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত৷ কাণ্ডৰ আগৰ যি অংশত পোহৰ পৰে সেই অংশত অক্সিন নামৰ এবিধ সঞ্জীৱনী পদাৰ্থৰ সংশ্লেষণ হয়৷ ইয়ে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল কৰে ৷ এইদৰে কাণ্ডৰ কুমলীয়া আগৰ বৃদ্ধি হৈ পোহৰৰ দিশত গতি কৰে৷


3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ উদাহৰণ দিয়া।

উত্তৰ:- উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ হ'ল- অক্সিন


4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?

উত্তৰ:- উদ্ভিদৰ আকৰ্ষবিলাকে স্পৰ্শৰ প্ৰতি সহাৰি দিয়ে৷ যেতিয়া এইবিলাকে কোনো এক আধাৰত স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকৈ বৃদ্ধি নহয়৷ কিন্তু আকৰ্ষত লাগি নথকা অংশ অক্সিনৰ সংশ্লেষণৰ ফলত খৰকৈ বৃদ্ধি হয়৷ ইয়াৰ ফলত আকৰ্ষডাল আধাৰত পাক খাই ওপৰলৈ বগাই যাব পাৰে৷ 


5. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্রস্তুত কৰা।

উত্তৰ:- উদ্ভিদৰ শিপাৰ পানীৰ দিশত হোৱা চলনকে জলানুবেগ বা জলানুবেগী চলন বোলে।

       এটা পাত্ৰত অলপ মাটি লৈ তাত যিকোনো উদ্ভিদৰ এটা পুলি ৰোৱা হল। পুলিটোৰ পৰা অলপ আঁতৰত এটা ৰন্ধ্ৰযুক্ত পাএত অলপ পানী থোৱা হল। এনেদৰে পাত্ৰটো কেইদিনমানৰ বাবে থৈ দিলে দেখা যাব যে উদ্ভিদজোপাৰ শিপা পানীৰ পাত্ৰটোৰ দিশলৈ বেঁকা হৈ যাব ।


প্ৰশ্নাৱলী Page No- 125


1. প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?

উত্তৰ:- প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় প্ৰাণী হৰমনৰ দ্বাৰা সংঘটিত হয় ৷ প্ৰাণী হৰমনবোৰ বিনিন্ন অন্তঃস্ৰাৱী গ্ৰন্হিৰ পৰা নিঃসৰণ হয় ৷ এই হৰমনবোৰে নলীবিহীন গ্ৰন্হিৰ পৰা নিঃসৰণ হয় বাবে পোনে পোনে তেজৰ লগত মিহলি হৈ নিৰ্দিষ্ট কৰ্যকৰী লক্ষ্য অংগলৈ প্ৰবাহিত হয় আৰু দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে৷


2. আয়'ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক?

উত্তৰ:- আমাৰ শৰীৰত থাইৰয়ড গ্ৰন্থিৰদ্ৱাৰা থাইৰ'ক্সিন হৰম'নৰ নিঃসৰণৰ বাবে আয়'ডিনৰ প্ৰয়োজন। থাইৰ'ক্সিন হৰম'নে আমাৰ দেহত কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। তাৰোপৰি শৰীৰত আয়'ডিনৰ অভাৱ হলে গৰলৰোগ হব পাৰে। সেয়েহে আয়'ডিন পুষ্ট লৱণ খোৱাটো  আৱশ্যক।


3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়?

উত্তৰ:- আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে ই নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগত ক্ৰিয়া কৰে৷ ইয়াৰ ভিতৰত হৃদযন্ত্ৰও অন্তৰ্ভুক্ত৷ ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপ্ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়৷ ধমনীবোৰক আগুৰি থকা পেশিবোৰৰ সংকোচনৰ ফলত পাচন তন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যা্য়৷ ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়৷ মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়৷ এই সকলোবিলাক সহাৰি একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয়৷

4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?

উত্তৰ:- ইনচুলিন হ'ৰম'নে তেজত শৰ্কৰাৰ (গ্লুক'জ) মাত্ৰা নিয়ন্ত্ৰন কৰে। সেয়ে ইনচুলিনৰ মাত্ৰা তেজত কমি গলে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়। ইয়াৰ ফলতেই মানুহৰ শৰীৰত ডায়েবেটিচ ৰোগৰ সৃষ্টি হয়। সেয়ে তেজত শৰ্কৰাৰ (গ্লুক'জ) মাত্ৰা নিয়ন্ত্ৰন কৰিবলৈ ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় । 


1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ ?

(a) ইনচুলিন 
(b) থাইৰ'ক্সিন।
(c) অ'ৱেষ্ট্রজেন
(d) চাইট’কাইনিন
উত্তৰ:-
(d) চাইট’কাইনিন


2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়--

(a) ডেনড্রাইট
(b) চাইনেপচ্
(c) এক্সন।
(d) প্রেৰণা
উত্তৰ:-
(b) চাইনেপচ্


3. মগজুৱে কি কাম কৰে –

(a) ভাৱ আৰু চিন্তা কৰা ।
(b) হৃদপিন্দ স্পন্দন নিয়ন্ত্রণ।
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰ:-
(d) ওপৰৰ আটাইকেইটা


4. আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি ? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?

উত্তৰ:- সংগ্ৰাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টি যিয়ে বাহ্যিক পৰিৱেশত পৰিবৰ্তন ধৰা পেলায় আৰু এই বাৰ্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে । মস্তিষ্কই সংশ্লিষ্ট অংগক সেইমৰ্মে নিৰ্দেশনা দিয়ে ।

  যদি সংগ্ৰাহক অংগই সঠিকভাৱে কাৰ্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন ধাৰণ বিপদ সংকুল হব লাগে ।

উদাহৰণস্বৰূপে — সংগ্ৰাহক অংগ ছালে তাপ ধৰা পেলাবলৈ অক্ষম হলে আমি লোহিত তপ্ত বস্তু স্পৰ্শ কৰিব লাগিব কিয়নো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰিত নহব যাৰ ফলত ছাল জ্বলি যাব ।


5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা৷ ইয়াৰ কাৰ্য বৰ্ণনা কৰা ৷

উত্তৰ:-   স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত৷ স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ- এক্সন আৰু ডেনড্ৰাইট৷ ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে৷ স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে৷ এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এতা স্নায়ুকোষলৈ প্ৰেৰণ কৰে৷ এক্সনৰ প্ৰন্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়৷ এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটবৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপ্ছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয়৷ এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয়৷


6. উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয় ?

উত্তৰ:- উদ্ভিদৰ কোনো অংগৰ পোহৰৰ দিশত কৰা গতিক উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া বা পোহৰানুবেগ বোলে। উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া দূই ধৰণৰ হয়- পোহৰৰ দিশত গতি আৰু পোহৰৰ বিপৰীত দিশত গতি।

     উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া অক্সিন হ'ৰম'নৰ বাবে সংঘটিত হয়।যেতিয়া উদ্ভিদ জোপালৈ মাত্ৰ এটা ফালৰ পৰাহে পোহৰ উপলব্ধ হয় তেতিয়া অক্সিনৰ পোহৰ নপৰা কান্ডৰ অংশলৈ ব্য়াপন ঘটে। পোহৰ নপৰা কান্ডৰ অংশত অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়। ইয়াৰ ফলতেই উদ্ভিদৰ কান্ড পোহৰৰ ফালে গতি কৰে।


7. স্নায়ুৰজ্জুত আঘাট হ’লে কেনে বাৰ্তাত ব্যাঘাট ঘটে ?

উত্তৰ:- স্নায়ুৰজ্জুৰ দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগ সমূহলৈ সকলো বাৰ্তা সঞ্চালিত হয় । গতিকে স্নায়ুৰজ্জুত আঘাট হ’লে শৰীৰৰ সকলো ধৰণৰ সংকেতেই বাধাগ্ৰস্ত হ’ব ।


8.  উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?

উত্তৰ:- উদ্ভিদে বিভিন্ন প্ৰকাৰৰ সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত কৰে৷ উদ্ভিদৰ এবিধ সঞ্জীৱনী পদাৰ্থ অক্সিনে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে৷ ইয়াৰ ফলত উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি ঘটে৷ উদ্ভিদৰ আন এবিধ সঞ্জীৱনী পদাৰ্থ জিবাৰেলিনে অক্সিনৰ নিচিনাকৈ কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে৷ সেইদৰে চাইট’কাইনিনে কোষ বিভাজনত সহায় কৰে৷ এবচাইচিচ্ এছিড নামৰ সঞ্জীৱনী পদাৰ্থবিধে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে৷ এইবিধ সঞ্জীৱনী পদাৰ্থৰ প্ৰভাবতেই গছৰ পাত সৰি পৰে৷


9. জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়োজন?

উত্তৰ:- জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে স্নায়ুতন্ত্ৰ আৰু হ'ৰম'নৰ প্ৰয়োজন হয়।


10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?

উত্তৰঃ i) প্ৰতীপ ক্ৰিয়া কোনো উদ্দীপনাৰ বিপৰীতে আমাৰ শৰীৰৰ হঠাতে আৰু স্বতঃস্ফতভাৱে সংঘটিত এক প্ৰক্ৰিয়া। আনহাতে, যিবোৰ ক্ৰিয়াৰ লগত ব্যক্তি এজনৰ ইচ্ছা জড়িত থাকে সেইবোৰ ঐচ্ছিক ক্ৰিয়াৰ অৰ্ন্তগত। যেনেঃ খোজ কঢ়া হ’ল আমাৰ শৰীৰৰ এক ঐচ্ছিক ক্ৰিয়া।

ii) প্ৰতীপ ক্ৰিয়া যেনে- চকুমণিৰ আকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি আদি অনৈচ্ছিক কাৰ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিস্কই নিয়ন্ত্ৰণ কৰি থাকে। আনহাতে, ঐচ্ছিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে চেৰিবেলাম নামৰ অংশই।


11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা ।

উত্তৰ:- প্ৰানীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’ণৰ ক্ৰিয়াৰ মাজৰ তুলনা তলত উল্লেখ কৰা হ’লঃ

(i) স্নায়ৱিক সমন্বয়ত বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে। আনহাতে, হৰম’ণৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত হৰম’ণৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে ।

(ii) স্নায়ুৱিক সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয়, কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চালিত হয়।

       হৰম’ণৰ সমন্বয় তুলনামূলক ভাৱে মন্থৰ গতিত সংঘটিত হয়, কাৰণ হৰম’ণসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিৱাহিত হয়।

(iii) স্নায়ৱিক সমন্বয় কম প্ৰভাৱী, কাৰণ শৰীৰৰ প্ৰতীটো কোষেই স্নায়ু কলাৰ লগত সংলগ্ন হৈ নাথাকে আনহাতে হৰম’ণৰ সমন্বয় অতিকৈ প্ৰভাৱী, কাৰণ হৰম’ণসমূহ তেজৰ দ্বাৰা পৰিৱাহিত হোৱাৰ ফলত শৰীৰৰ সকলো কোষেই ঢুকি পায়।


12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?

উত্তৰ:- নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-

নিলাজী বনৰ পাতৰ চলন
i) নিলাজী বনৰ পাতৰ চলন হ’ল বাহ্যিক উত্তেজনাৰ প্ৰতি সহাৰি৷
ii)পানীৰ পৰিমানৰ উপৰত ভিত্তি কৰি উদ্ভিদ কোষে ইয়াৰ আকৃতিৰ পৰিৱৰ্ত্তন কৰে৷
iii) ইয়াত কোনো ধৰণৰ স্নায়ু জড়িত নহয়৷

আমাৰ ভৰিৰ চলন
i) আমাৰ ভৰিৰ চলন কোনো উত্তিজনাৰ ফল নহয়৷
ii) ই এটা ঐচ্ছিক প্ৰক্ৰিয়া যি মস্তিস্কৰ দ্বাৰা নিয়ন্ত্ৰণ হয়৷
iii) ইয়াত স্নায়ু জড়িত হৈ থাকে ৷

*

Post a Comment (0)
Previous Post Next Post