জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
দশম শ্ৰেণী বিজ্ঞান প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৮
science chapter 8
class 10 general science question answer assamese medium
seba hslc class 10 AssamQna
প্ৰশ্নাৱলী Page No- 128
1. প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি ?
উত্তৰ:- প্রজনন প্রক্রিয়াত DNA প্ৰতিলিপিকৰণে সুনিশ্চিত কৰে যাতে প্ৰতিটো অপত্য় কোষে সমান সংখ্য়ক DNA লাভ কৰে। ইয়াৰ ফলত প্ৰজাতি এটাৰ নিজস্ব বৈশিষ্ট্য় বজায় থাকে। ই জীৱনৰ ধাৰাবাহিকতা বজায় ৰাখে। DNA ৰ প্ৰতিলিপিকৰণত অপত্য় DNA ডাল হুবহু একে নহয়, ফলত জীৱকূলৰ মাজত বৈশাদৃশ্য়তা সৃষ্টি হয় আৰু ই বিৱৰ্তনত সহায় কৰে।
2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?
উত্তৰ:- কোনো জীৱৰ নিন্ত্ৰণৰ বাহিৰৰ কোনো কাৰণ বশতঃ অনুকুল অৱস্থা এটা পৰিৱৰ্তিত হ’ব পাৰে আৰু তেতিয়া জীৱৰ আবাদী সম্পূৰ্ণভাবে নিৰ্মূল হৈ যাব। অৱশ্যে কেতিয়াবা এই আবাদীৰ কিছু জীৱৰ ভিন্নতা আহিব পাৰে আৰু জীয়াই থাকিবলৈ কিছু সুবিধা হ’ব পাৰে। এনেকৈ যদি নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়া আবাদী বাস কৰি থাকে আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে কিছুমান বেক্টেৰিয়া ধ্বংস হৈ যাব পাৰে আৰু কিছুমান জীয়াই থাকি ভৱিষ্যত বংশবৃদ্ধি কৰিব পাৰে। এনেকৈযে সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক ।
প্ৰশ্নাৱলী Page No- 133
1.দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি?
উত্তৰ:- দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ সমূহ তলত উল্লেখ কৰা হ’ল –
দ্বি-খণ্ডন বা দ্বিবিভাজন
i) দ্বি-খণ্ডন প্ৰজনন প্ৰক্ৰিয়াত কোষ এটা সমভাৱে দ্বিখণ্ডিত হৈ নতুন প্ৰজন্মৰ সৃস্তি কৰে ৷
ii) এমিবাৰ ক্ষেত্ৰত দ্বি-খণ্ডন বা দ্বিবিভাজন দেখা যায় ৷
বহু বিভাজন
i) বহু বিভাজন প্ৰজনন প্ৰক্ৰিয়াত জীৱ এটাই কোষ এটাৰ পৰা অসংখ্য নতুন প্ৰজন্মৰ সৃস্তি কৰে ৷
ii) প্লাজম’ডিয়ামৰ ক্ষেত্ৰত বহু বিভাজন দেখা যায় ৷
2. যদি কোনো জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভাম্বিত হ'ব?
উত্তৰ:- ৰেণুৰ দ্ৱাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে লাভদায়ক হব পাৰে কাৰণঃ
(i) ৰেণুবিলাক যথেষ্ট ডাঠ আৱৰণৰ দ্ৱাৰা আবৃত হৈ থাকে, সেয়ে ইহঁতে প্ৰতিকূল পৰিবেশতো বহুত দিনলৈ সজীৱ হৈ থাকিব পাৰে।
(ii) ৰেণুৰদ্ৱাৰা অতি কম সময়তে অসংখ্য় উদ্ভিদ সৃষ্টি হ'ব পাৰে।
3. উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কৰণ দৰ্শাব পাৰিবানে ?
উত্তৰ:- উচ্চখাপৰ জীৱৰ দেহত বিশেষত্বপূৰ্ণ কোষসমূহ কলা হিচাপে আৰু কলাসমূহ অংগ হিচাপে সংগঠিত হৈ থাকে, যাক পিছত শৰীৰৰ বিভিন্ন অৱস্থানত প্ৰতিষ্ঠা কৰিবলগীয়া হয়। এনে এক সমতনে সংগঠিত পৰিস্থিতিত, এটা সম্পূৰ্ণ জীৱ তাৰ দেহৰ এটা অংশৰ পৰা বিকশিত কৰাটো সম্ভৱপৰ নহ’ব। কাৰণ জীৱটোৰ এটা অংশৰ পৰা জীৱটোৰ জটিল দৈহিক আৰ্হিৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কলা আৰু অংগ বিকশিত কৰাটো কঠিন হ’ব। সেয়ে উচ্চখাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে।
4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় ?
উত্তৰ:- যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ অংগৰ পৰা নতুন এজোপা উদ্ভিদ সৃষ্টি হয় তেনে প্ৰক্ৰিয়াক আংগিক বিস্তাৰণ বোলি কোৱা হয় ৷ এই প্ৰক্ৰিয়াত মূল বা শিপা, পাত বা কাণ্ডৰ পৰা নতুন উদ্ভিদৰ উৎপত্তি হয় ৷
আংগিক বিস্তাৰণ প্ৰয়োগ কৰা কিছুমান কাৰণ হ’ল –
i) বীজ নোহোৱা উদ্ভিদ যেনে মাটি কঠাল , কল আদি এই প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰিব পাৰে ৷
ii) এই প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদৰ জিনীয় পৰিবৰ্তন নহয় বাবে কৃষকে ভাল গুণ বিশিষ্ট উদ্ভিদৰ অধিক খেতি কৰি লাভাম্বিত হ’ব পাৰে ৷
iii) আংগিক বিস্তাৰণ প্ৰয়োগ কৰি উচ্চ গুণ বিশিষ্ট উদ্ভিদৰ সংৰক্ষন কৰিব পাৰি ৷
এই প্ৰক্ৰিয়া অতি সহজে কৰিব পাৰি আৰু ই অতি কম খৰচি ৷
iv)আংগিক বিস্তাৰণ প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদে অতি কম সময়ত ফ’ল বা ফুল উৎপাদন কৰে ৷
v)বীজৰ পৰা উদ্ভিদ নোহোৱা ঠাইত এই প্ৰক্ৰিয়া অবলম্বন কৰিব পাৰি ৷
5. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্ৰতিলিপিকৰণ কিয় প্রয়োজন?
উত্তৰ:- প্রজনন প্রক্রিয়াত DNA প্ৰতিলিপিকৰণে সুনিশ্চিত কৰে যাতে প্ৰতিটো অপত্য় কোষে সমান সংখ্য়ক DNA লাভ কৰে। ইয়াৰ ফলত প্ৰজাতি এটাৰ নিজস্ব বৈশিষ্ট্য় বজায় থাকে। ই জীৱনৰ ধাৰাবাহিকতা বজায় ৰাখে। DNA ৰ প্ৰতিলিপিকৰণত অপত্য় DNA ডাল হুবহু একে নহয়, ফলত জীৱকূলৰ মাজত বৈশাদৃশ্য়তা সৃষ্টি হয় আৰু ই বিৱৰ্তনত সহায় কৰে।
প্ৰশ্নাৱলী Page No- 140
1. নিষেচন আৰু পৰাগযোগৰ পার্থক্য কেনেধৰণৰ ?
উত্তৰ:- পৰাগযোজন আৰু নিষেচনৰ মাজত পাৰ্থক্য় আছে।পৰাগযোজন এটা বাহ্য়িক প্ৰক্ৰিয়া, নিষেচন এটা আভ্য়ন্তৰিণ প্ৰক্ৰিয়া । পৰাগযোগৰ ফলত পৰাগনলীৰ সৃষ্টি হয়, নিষেচনৰ ফলত যোজন কোষৰ সৃষ্টি হয়।
2. শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?
উত্তৰ:- শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা হ’ল –
(i) শুক্ৰাণুৰ গতিপথত সহায় কৰে ।
(ii) ফ্ৰুষ্টজ, কেলছিয়াম আৰু কিছুমান উৎসেচকৰ ৰূপত শুক্ৰাণুক পুষ্টিৰ যোগান ধৰে ।
3. কৈশােৰ কালত ছােৱালীৰ দেহত কেনেধৰণৰ পৰিবর্তন দেখা যায় ?
উত্তৰ:- কৈশােৰ কালত ছােৱালীৰ দেহত দেখা যোৱা পৰিবর্তনবোৰ –
i) কৈশোৰ কালত কাষলতি আৰু কৰঙত, যৌনাংগৰ কাষত চুলি গজা দেখা যায় ৷
ii)ভৰি আৰু হাতত পাতল নোম হোৱাৰ লগতে মুখমণ্ডলত পাতল চুলি গজে ৷
iii)মুখৰ চাল তেলেতিয়া হয় আৰু ফলত মুখমণ্ডলত শালমইনা উঠে ৷
iv)স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন ক’লা হয় ৷
v)এই সময় চোৱাত ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয়৷
4. মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে?
উত্তৰ:- মাতৃ এগৰাকীৰ দেহৰ আভ্যন্তৰটো এটা শিশু বর্ধন হ’ব পৰাকৈ গঠিত হৈছে। সেইকাৰণে প্রতিমাহতে স্ত্রীৰ গৰ্ভাশয়টোৱে একোটা ভ্ৰূণ বৃদ্ধি আৰু বর্ধন হব পৰাকৈ প্রস্তুত কৰে। ইয়াৰ বাবে জৰায়ুৰ আৱৰণীখন ডাঠ হয় আৰু ৰক্ত কেশিকাৰে গঠিত জালিকাৰদ্বাৰা আৱেষ্টিত হৈ থাকে। জৰায়ুত ভ্ৰূণাৱস্থাৰ শিশুটোৰ বৰ্দ্ধন আৰু পোষণ হয়।গৰ্ভাৱস্থাত ভ্ৰূণটো গর্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বাৰা বান্ধ খাই থাকে। ইয়াক অমৰা বা প্লেচেণ্টা (Placenta) বোলে। এই প্লেচেণ্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে। প্লেচেণ্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে। ইয়াৰ পৰা কিছুমান ভিলাই ভ্ৰূণটোৰ ফালে বিয়পি থাকে। গর্ভাশয়ৰ অন্তঃআচ্ছাদনৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হৈ থাকে। ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন পদার্থবোৰ প্লেচেণ্টাৰ মাধ্যমেদি মাতৃদেহত এৰি দিয়ে। এনেকৈ মাতৃদেহত ভ্ৰূণটো সম্পূর্ণ হ’বলৈ প্রায় ন মাহ আৱশ্যক হয়।
5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী হ’বনে ?
উত্তৰ:- যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী নহ’ব ৷ ইয়াৰ কাৰণ হ’ল কপাৰ-টি এবিধ গৰ্ভনিৰোধক পদ্ধতিহে ৷ কিছুমান সামগ্ৰী যেনে কনডম পুংজনন অংগত পিন্ধি ললে যৌন ক্ৰিয়া সময়ত এই ধৰণৰ ৰোগ সংক্ৰমন ৰোধ কৰিব পাৰি ৷ অবশ্যে কনডমে গৰ্ভনিৰোধক হিচাপেও ব্যৱহাৰ হয় ৷
অনুশীলনী
1.অযৌন প্রজননৰ মুকুলােদ্দগম সংঘটিত হয়
(ক) এমিবাত খ) ইষ্ট
(গ) প্লাজমডিয়ামত
(ঙ) লেইচুমেনিয়াত
উত্তৰ:- খ) ইষ্ট
2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয়?
(ক) ডিম্বাশয়।
(খ) জৰায়ু
(গ) শুক্ৰবাহী নলী
(ঘ) ফেলােপিয়ান নলী।
উত্তৰ:-(গ) শুক্ৰবাহী নলী
3. পৰাগধানীত পােৱা হয়।
(ক) বেটুপাত
(খ) ডিম্বক
(গ) স্ত্রীকেশৰ
(ঘ) পৰাগ ৰেণু
উত্তৰ:- (ঘ) পৰাগ ৰেণু
4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?
উত্তৰ:- অযৌন প্রজননত, নতুন প্ৰজন্মৰ জীৱবিলাক সিহঁতৰ পিতৃ-মাতৃৰ লগত প্রায় একে ধৰণৰ হয় কাৰণ সিহঁতৰ দেহত পিতৃ-মাতৃৰ দৰে একে জিন থাকে। গতিকে অযৌন প্রজননত জিনগত ভিন্নতা সম্ভব নহয়। ই জীবৰ বিবর্তনক বাধা দিয়ে।
যৌন প্রজননৰ ক্ষেত্রত সন্তানবোৰ সিহঁতৰ পিতৃ-মাতৃৰ সৈতে একেধৰণৰ হ’লেও সম্পূৰ্ণ একে নহয়। ইয়াৰ কাৰণ হ'ল, সন্তানবোৰে মাতৃৰ পৰা কিছু জিন পায় আৰু পিতৃৰ পৰা কিছু জিন পায়। মাতৃ ও পিতৃৰ বিভিন্ন জিনৰ মিশ্রণৰ কাৰণে সন্তানৰ দেহত জিনগত বিভিন্নতা থাকে। এইদৰে যৌন প্রজননত এটা জনসংখ্যাক বৃহত্ বৈচিত্র্যৰ দিশে লৈ যায়। সেইবাবে এটি প্রজাতি (প্রাণী বা উদ্ভিদ) ইয়াৰ চাৰিওফালৰ পৰিৱর্তনৰ সৈতে দ্রুততাৰে নিজকে খাপ খুৱাই লব পাৰে। ই জিনৰ ক্ৰমবিকাশ আৰু বিৱৰ্তনত অৰিহনা যোগায়।
5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?
উত্তৰ:- মানুহৰ শুক্ৰাশয়ে –
i)পুংজনন কোষ বা শুক্ৰাণু গঠন কৰে ৷
ii)টেষ্ট’ষ্টেৰন হৰমন উৎপন্ন কৰে ৷ ই শুক্ৰাণু গঠনত সহায় কৰে ৷
iii)এন্ড্ৰ’জেন হৰমন উৎপন্ন কৰে ৷
6. ঋতুস্ৰাৱ কিয় হয়?
উত্তৰ:- ছোৱালীৰ দেহত ডিম্বাশয়ে প্ৰতিমাহে এটাকৈ ডিম্ব নিৰ্গত কৰে।প্ৰতিমাহে জৰায়ুৱে এটা নিষেচিত ডিম্ব গ্ৰহন কৰিবলৈ নিজকে প্ৰস্ত ুত কৰে আৰু জৰায়ুৰ অন্তঃআৱৰণীখন ডাঠ হৈ পৰে। যদি ডিম্বাশয়ে নিৰ্গত কৰা ডিম্বটো নিষেচিত নহয় তেনেহলে জৰায়ুৰ ডাঠ অন্তঃআৱৰণীখন ভাঙি যায় আৰু অনিষিক্ত ডিম্ব আৰু শ্লেশ্মাৰ সৈতে যোনিপথেদি ওলাই আহে। এই প্ৰক্ৰিয়া প্ৰতিমাহে চক্ৰাকাৰে চলি থাকে। এই প্ৰক্ৰিয়াত স্ত্ৰী হ'ৰম'ন বিলাকেও গুৰুত্বপূৰ্ণ ভূমিকা লয়।
৪. বিভিন্ন প্রকাৰৰ গৰ্ভনিৰােধ পদ্ধতিসমূহ কি কি?
উত্তৰ:- বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি গৰ্ভধাৰণ ৰোধ কৰা পদ্ধতিকে গৰ্ভনিৰােধ কৰা বুলি কোৱা হয় ৷
গৰ্ভনিৰােধ বিভিন্ন প্ৰকাৰে কৰিব পাৰি –
i) কাৰিকৰি প্ৰতিবন্ধক – কাৰিকৰি প্ৰতিবন্ধকৰ সহায়ত শুক্ৰাণুবোৰ ডিম্বানু কোষৰ লগত মিলন নোহোৱাকৈ আবদ্ধ কৰি ৰাখিব পাৰি ৷ এই পদ্ধতিত পুংজনন অংগত কনডম পিন্ধি লোৱা হয় ৷ স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত তেনে ধৰণৰ আৱৰণী যোনি পথত সংস্থাপিত কৰা হয়৷
ii) অৰেল কন্ট্ৰাচেপটিভ্ – এই পদ্ধতিত হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰন কৰি ডিম্বক্ষৰণ বন্ধ কৰা হয় ৷ ইয়াৰ ফলত নিষেচন হ,ব নোৱাৰে ৷ এনে প্ৰক্ৰিয়াত সাধাৰণতে ব্যৱহ্যত ঔষধবোৰ পিল বা বড়ি আকাৰে পোৱা যায় ৷
iii) ক’পাৰ-টি – ক’পাৰ-টি ব্যৱহাৰ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰি ৷ ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভ ধাৰণ বন্ধ কৰা হয় ৷
iv) বন্ধ্যাকৰণ পদ্ধতি – বন্ধ্যাকৰণ পদ্ধতিৰে পুৰুষ ব্যক্তিৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰিব পাৰি ৷ একেদৰে স্ত্ৰী ব্যক্তিৰ ডিম্ববাহী নলী বন্ধ কৰি ৰাখিলে ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰিব নোৱাৰে ৷ এই দুয়োটা পদ্ধতিত নিষেচন হ’ব নোৱাৰে ৷
9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন কৌশলসমূহ কেনেধৰণৰ ?
উত্তৰ:- এককোষী জীৱই ভাজন বা কোষ বিভাজনৰ দৰে সৰল পদ্ধতিৰে প্ৰজনন সম্পন্ন কৰে। এককোষী জীৱসমূহে অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰে, যিহেতু যৌন প্ৰজনন সম্পন্ন কৰাৰ বাবে সিহঁতৰ কোনো বিশেষ প্ৰজনন কলা নাথাকে।
কোষ বিভাজনৰ দ্বাৰা প্ৰজনন বহুকোষী জীৱৰ ক্ষেত্ৰত ব্যৱহাৰিক পদ্ধতি হ'ব নোৱাৰে, বহুকোষী জীৱৰ দেহৰ আৰ্হি জটিল আৰু সুসংগঠিত। এই জীৱসমূহে যৌন আৰু অযৌন দুয়ো প্ৰকাৰৰ প্ৰজনন পদ্ধতিৰ দ্বাৰা বংশবৃদ্ধি কৰে। উচ্চস্তৰীয় বহুকোষী জীৱবোৰ যৌন প্ৰজনন সাধন কৰে, যিহেতু সিহঁতৰ শৰীৰত বিশেষ প্ৰজনন কলা থাকে।
10. প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?
উত্তৰ:- প্ৰজনন হ’ল এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নিজৰ নিচিনা নতুন প্ৰজন্মৰ সৃষ্টি কৰে ৷ এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জীৱই নিজৰ প্ৰজাতিক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰে আৰু ভিন্নতাৰ বাবে পৰিৱেশৰ পৰিবৰ্তনত নিজকে নতুন পৰিৱেশত জীয়াই থাকিবলৈ সক্ষম কৰি তুলে ৷ ইয়াৰ উপৰিও প্ৰজনন প্ৰক্ৰিয়াই জন্ম মৃত্যুৰ হাৰ নিয়ন্ত্ৰনত সহায় কৰে ৷ এনেদৰেই প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি ৰক্ষাত সহায় কৰে ৷
11. গর্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?
উত্তৰ:- যৌন ক্রিয়াৰ দ্বাৰা গৰ্ভধাৰণ হয়। এগৰাকী মহিলাৰ গৰ্ভধাৰণ সম্পূর্ণভাৱে নিৰ্ভৰ কৰে মহিলাগৰাকীৰ দৈহিক আৰু মানসিক অৱস্থাৰ ওপৰত।যদি মহিলা গৰাকী গৰ্ভধাৰণৰ বাবে প্রস্তুত নাথাকে তেতিয়া তেওঁৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব। সেইবাবে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ গর্ভনিৰোধ পদ্ধতি অৱলম্বন কৰা হয়। তদুপৰি জনসংখ্য়া নিয়ন্ত্ৰণ কৰিবলৈ গর্ভনিৰোধ পদ্ধতি অৱলম্বন কৰা হয়।
