তেজৰে কমলা পতি সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১ assamese lesson 1 class 7 assamese question answer AssamQna

তেজৰে কমলা পতি
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১
assamese lesson 1
class 7 assamese question answer AssamQna


৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?
উত্তৰ:-
বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হল – শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।


(খ) তেজৰে কমালাপতি  নামৰ বৰগীতটোৰ ৰচক কোন?
উত্তৰ:-
তেজৰে কমলা পতি নামৰ বৰগীতটোৰ ৰচক হল -শ্ৰীশ্ৰী মাধৱ দেৱ ।


(গ) তিমিৰ ফেৰিয়া কি বাজ হয়?
উত্তৰ:-
তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়  ।


(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।
উত্তৰ:-
যশোদাই  কৃষ্ণক  পুৱা গৰু চৰাবলৈ জগাইছিল ।


৪)তলত দিয়া পদ দুশাৰীত কোনে ,কাক , কি কৈছে? নিজৰ কথাৰে লিখা।
     নন্দগেল বাথানে গোৱাল গেল পাল   ।
     সুৰভী চাৰিতে লাগে উঠৰে গোপাল   ।।

উত্তৰ:-
এই কথা শাৰী যশোদাই পুৱা কৃষ্ণক  কৈছিল । যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটিঁ লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে  । তোমাৰ সুৰভী গাইক চৰাবলৈ যোৱা , উঠা কৃষ্ণ ।


৫) শব্দ  সম্ভাৰ আৰু অভিধান চাই অথ লিখা।
উত্তৰ:-
কমলাপতি  -   বিষ্ণু , ভগৱান 
            তিমিৰ  -  এন্ধাৰ। 
            ডাকে  -   মাতে 
            ব্ৰজবধূ  -   ব্ৰজধামৰ বোৱাৰী    
             শতপত্ৰ   -   পদুম 
             ভ্ৰমৰ   -   ভোমোৰা 
             ত্ৰিজগত  -    স্বৰ্গ , মত্য , পাতাল 


৬। বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া ।
উত্তৰ:-
বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্রীকৃষ্ণক জগাওতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে ।
                আন্ধাৰ আঁতৰাই চাৰিও দিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে । পদুম ফুল ফুলি উঠাত তাত ভোমোৰাই গুণ গুণ কৰি উৰিছে । শ্ৰীকৃষ্ণনাম – গুণ গাই ব্রজধামৰ বোৱাৰীসকলে দধি মথিব লাগিছে । শ্ৰীকৃষ্ণৰ বন্ধু দাম – সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে । দাদাক বলৰাম ইতিমধ্যে বিছনাৰ পৰা উঠিছে । ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ'ল । গোৱালবিলাকেই গৰুৰ পাল লৈ চৰাবলৈ গ'ল । শ্ৰীকৃষ্ণও সুৰভী গাইজনী চৰাবলৈ নিব লাগে , গতিকে সোনকালে উঠিব লাগে । সোনকালে উঠি ক্ষীৰ – লৱণু , শিঙা , বেত , বেণু লৈ যাব লাগে বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছে ।


৭ । তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।
উত্তৰ:-
তলৰ ছবিখনত প্ৰকাশ পোৱা কথাখিনি হল তাত ৰাতিপুৱাৰ এটি দ়শ্য় দাঙি ধৰিছে। পুৱাৰ সূৰ্যৰ ওলাইছে, আৰু নদীৰ বুকুত ধুণিয়াকৈ পদুম ফুল ফুলি আছে।আৰু চৰাই জাকে জাকে উৰিছে।


৮) (ক)শব্দৰ আগত  ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অথ জানি লোৱা ।
উত্তৰ:-
জগত—ত্ৰিজগত
            শূল—ত্ৰিশূল
            ভূজ–ত্ৰিভূজ         
            কোণ–ত্ৰিকোণ
            কাল—-ত্ৰিকাল
             নয়ন—ত্ৰিনয়ন


(খ) তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য় ৰচনা কৰা।
উত্তৰ:-
মুখ ---- বিমুখ                     
            দূূৰ  ---- বিদূৰ           
            কিৰণ  ---- বিকিৰণ    
            নন্দ ---- বিনন্দ


উত্তৰ:- বিমুখ - কেতিয়াও কাকো বিমুখ কৰিব নেপাই  ।
বিদূৰ - পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ।
বিকিৰণ - ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ  হৈছে   ।
বিনন্দ - লৰা বিলাকে খেলপথাৰত আনন্দ- বিনন্দৰে খেলি আছে


৯) তলৰ ব্ৰজাৱলী  ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।

ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ। 
উত্তৰ:-
ৰাতি গৈ  ৰাতিপুৱা হৈছে    ।


খ) শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়  ।
উত্তৰ:-
পদুম ফুলি তাত ভোমোৰা উৰিছে    ।


গ) দাম- সুদাম ডাকে তেৰি লৈয়া নাম ।
উত্তৰ:-
দাম আৰু সুদামে তোমাৰ নাম লৈছে   ।


ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু  ।
উত্তৰ:-
ক্ষীৰ লৱণু লোৱা আৰু গৰু চৰাবলৈ যোৱা   ।


১০) এটা শব্দত প্ৰকাশ কৰা।
উত্তৰ:- 
গৰু বন্ধা ঠাই  - গোহালী  
যিজন সকলোৰে মাজত প্ৰিয় - জনপ্ৰিয় 
যিয়ে ৰাতি নেদেখে  -   কুকুৰিৰণা  
যাক সহজে লাভ কৰিব নোৱাৰে - দুৰ্লভ 
যিজনে সকলো জানে  -  জ্ঞানী 
যিজনে বিষ্ণুক উপাসনা কৰে  - বৈষ্ণৱ

*

Post a Comment (0)
Previous Post Next Post