কালিকা লগা পাট - কাপোৰ সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ২ assamese lesson 2 class 7 assamese question answer AssamQna

কালিকা লগা পাট - কাপোৰ
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ২
assamese lesson 2
class 7 assamese question answer AssamQna


২) উত্তৰ দিয়া।

(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উত্তৰ:-
চহকী মানুহজন আচিক দেশৰ আছিল।


(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উত্তৰ:-
চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।


(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?
উত্তৰ:-
ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিছিল।


(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?
উত্তৰ:-
কালিকালগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল, এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।


(ঙ) আচিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
উত্তৰ:-
আচিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।


(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল?
উত্তৰ:-
ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি তাই মাছ মাৰিবলৈ গৈছিল।


(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল?
উত্তৰ:-
কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ুৰ চৰাই (চিতৰী) হৈ পৰিল।


৩) চমু উত্তৰ লিখা।

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?
উত্তৰ:-
বাপেকে ছোৱালীজনীক দিয়া বনকৰা কপোৰখনৰ বিশেষত্ৱ হ'ল - এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।


(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিতৰী চৰাই লৈ ৰূপান্তৰিত হৈছিল?
উত্তৰ:-
গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে সুশোভিত চিতৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল।


(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল?
উত্তৰ:-
গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা ঔ  বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে  ।


৪) তলৰ শব্দবোৰৰ অথ বাকচৰ পৰা বাছি উলিয়াই লিখা।
উত্তৰ:-
প্ৰচলিত  –  চলি থকা
            দেখনিয়াৰ  – সুঠাম আৰু দেখিবলৈ ধুনীয়া
            চহকী  – ধনী
            সুশোভিত  -সুসজ্জিত
            সৰহ  -বহুত

*

Post a Comment (0)
Previous Post Next Post