প্ৰত্যাহ্বান সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১০ assamese lesson 10 class 7 assamese question answer AssamQna

প্ৰত্যাহ্বান
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১০
assamese lesson 10
class 7 assamese question answer AssamQna


১) পাঠটোৰ তিনিটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া   ।

ক) সৰু কালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্য়ৱহাৰ পাইছিল।
উত্তৰ:-
কিছুমানলোকে তেওঁক সমৰ্মিতাৰে আকোৱালি লৈছিল। আন কিছুমানে আকৌ তেওঁক অমংগলীয়া বুলি গণ্য় কৰিছিল । সেইদৰে প্ৰিন্সি গগৈয়ে সৰু কালত ওচৰ – চুবুৰীয়া আৰু সমাজৰ পৰা ব্য়ৱহাৰ পাইছিল ।


খ) বিদ্য়ালয়ত নাম ভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল ।
উত্তৰ:-
এখন বিদ্য়ালয়ে তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাঢাপ বিদ্য়ালয়ৰ কতৃপক্ষই তেওঁক আকোৱালি লৈছিল।


গ) পঢ়া- শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি ৰাপ আছিল।
উত্তৰ:-
পঢ়া- শুনাৰ লগতে প্ৰিন্সি গগৈ  ছবি অংকন কৰা আৰু গান গোৱাত ৰাপ আছিল।


ঘ) দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল ।
উত্তৰ:-
দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাই দিব্য়াংগ সকলৰ বাবে এজোপা বৰ গছ হৈ ছাঁ দিব বিচাৰিছে। অৰ্থাত , তেওঁ লোকৰ বাবে অন্ন , পানী , বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছেঁ। তেওঁলোকৰ সম্ভাৱক সাকাৰ ৰূপ দিয়াৰ তেওঁৰ এক পৰিকল্পনা আছে  ।


ঙ) সংগ্ৰামজ্য়োতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভনি শিক্ষা লাভ কৰিছিল  ।
উত্তৰ:-
সংগ্ৰামজ্য়োতিয়ে গুৱাহাতীৰ আটিৰ্ষ্ট গীল্ডত তেওঁ চিত্ৰকলাৰ প্ৰাৰম্ভনী শিক্ষা লাভ কৰিছিল ।


চ) সংগ্ৰামজ্য়োতি কি বিষয়ত পাৰদৰ্শী।
উত্তৰ:-
সংগ্ৰামজ্য়োতি চিত্ৰকলাত পাৰদৰ্শী ।


ছ) আপোনাৰ দৰে মোৰো দুখন হাত আছিল ,-কবিতাটি কোনে ৰচনা কৰিছিল ।
উত্তৰ:-
আপোনাৰ দৰে মোৰো দুখন হাত আছিল ,কবিতাটি-  জুলী বৰুৱাই ৰচনা কৰিছিল ।


২) উত্তৰ লিখা  ।

ক) কোনখন বিদ্য়ালয়ে প্ৰিন্সি গগৈক আকোঁৱালি লৈছিল 
উত্তৰ:-
সোণাৰীৰ ৰজাঢাপ বিদ্য়ালয়ে প্ৰিন্সি গগৈক আকোঁৱালি লৈছিল ।


খ) এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰো  ।
-ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছে ।
উত্তৰ:-
ইয়াত জুলি বৰুৱাই দিব্য়াংগ সকলক ছাঁ দিব বিচাৰিছে।
কাৰণ দিব্যাংগসকল বিভিন্ন অৱহলাৰ পাত্ৰ।


৪) বিপৰীতাৰ্থক শব্দ লিখা ।
উত্তৰ:-
এন্ধাৰ - পোহৰ
            সফল - অসফল
            স্বাভাৱিক - অস্বাভাৱিক
            জাগ্ৰত - নিদ্ৰা
            অমংগল - মংগল
            সক্ষম - অসক্ষম
             আুষ্ঠানিক - অনানুষ্ঠানিক


৫) যুৰীয়া শব্দবোৰ পাঠটোৰ পৰা বিচাৰি লিখা  ।
উত্তৰ:-
মুখামুখি, বাধা - বিবাদ, বাধা - বিঘিনি বিষাদ - বেদনা, ধোঁৱা - কোৱা, লেখা মেলা, কলা - কীর্তি, গতি - পথ ।


৬) বাক্যৰচনা কৰা।
উত্তৰ:-
আনুষ্ঠানিক:- আমাৰ গাৱতঁ এখন আনুষ্ঠানিক সভা আয়োজন কৰিছিল।

গতিপথ:- সৌৰজগতৰ গ্ৰহ – নক্ষত্ৰবোৰে নিজ নিজ গতিপথৰে গতি কৰি আছে ।

প্ৰচেষ্টা:- মহাকাশলৈ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা চলাই আছে ।

যন্ত্ৰনা:- ৰোগীজনে বহুত যন্ত্ৰণাত ভুগিছে ।

কৰ্তব্য:- বুঢ়া বয়সত সন্তানে মাক – দেউতাকৰ প্ৰতি দায়িত্ব লোৱাটো এক বিশাল কৰ্তব্য ।

প্ৰশংসা:- ভাল কাম কৰিলে আনৰ প্ৰশংসাৰ পাত্ৰ হ'ব।

*

Post a Comment (0)
Previous Post Next Post