অসম সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৯ assamese lesson 9 class 7 assamese question answer AssamQna

অসম
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৯
assamese lesson 9
class 7 assamese question answer AssamQna


২) কোৱা 

(ক) লেখকে কোনখন ঠাইক 'স্ৱৰ্গতো অধিক জনমভূমি' বুলি কৈছে ।
উত্তৰ:-
লেখকে অসমক স্ৱৰ্গতো অধিক জনমভূমি বুলি কৈছে  ।


(খ) প্ৰাচীন কালত আমাৰ ৰাজ্য়ৰ কোন ছোৱাক সৌমাৰ পীঠ বোলা হৈছিল?
উত্তৰ:-
প্ৰাচীন কালত আমাৰ ৰাজ্য়ৰ সুমেৰু বা দিৱলোকৰ তলত থকাৰ নিমিত্তে বোধকৰো এখণ্ডক সৌমাৰ পীঠ বোলা হৈছিল   ।


(গ) ইতিহাসৰ মতে কাৰ ৰাজত্ৱ কালত আমাৰ ৰাজ্য়খনৰ নাম অসম বা অহম হল?
উত্তৰ:-
ইতিহাসৰ মতে অহোম সকলৰ ৰাজত্ৱ কালত এই ৰাজ্য়ৰ নাম অসম বা অহম হ'ল।


(ঘ) আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব?
উত্তৰ:-
আমাৰ সকলো শক্তি স্ৱদেশৰ সেৱাত লগাব লাগিব  ।


(ঙ) ইংৰাজ গৱৰ্ণমেণ্টে  প্ৰথমে  এই দেশেৰ নাম ইংৰাজীত কি বুলি লিখিছিল?
উত্তৰ:-
ইংৰাজ গৱৰ্ণমেণ্টে প্ৰথম এই দেশৰ নাম ইংৰাজীত ASAM  লিখিছিল  ।


(চ) অসমক কোনে অসমৰ দেশ বুলি কৈছিল?
উত্তৰ:-
অসম জাতীয়ে এই দেশ অধিকাৰ কৰিলত ইয়াৰ নামো  অসমৰ দেশ বা অসম দেশ হল । মুছলমান বুৰঞ্জীলেখকেওঁ এই দেশক অসমৰ দেশ বুলি কৈছিল  ।


৩) উত্তৰ লিখা।

ক) প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত  আছিল?
উত্তৰ:-
প্ৰাচীন কামৰূপৰ দক্ষিণে বঙ্গোপসাগৰ আৰু পশ্চিমে কৰতোৱালৈ আৰু মৈমনসিংহ  জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰা সুতিঁ আছিল।


খ) সৌম্য় ৰাজ্য়ত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল  ।
উত্তৰ:-
সৌম্য় ৰাজ্য়ত থকা আৰ্য সন্তানসকলক  সৌম্য় বা সোম বোলা হৈছিল   ।


গ) সৌমাৰৰ  সোমসকলে স্বানজাতীয় লোকসকলক কি বুলি মাতিছিল  ।
উত্তৰ:-
সৌমাৰৰ সোমসকলকে স্বানজাতীয় সোকসকলক আহোম বা অসম বুলি মাতিছিল  ।


ঘ) চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল  ।
উত্তৰ:-
চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল  । 


৪ । ক ’ অংশৰ বাকচত থকা শব্দ কেইটাৰ অর্থ ‘ গ ’ অংশৰ বাকচত আছে । এতিয়া তাৰ পৰা উপযুক্ত অর্থ বিচাৰি ‘ খ ’ অংশৰ বাকচত লিখা ।
উত্তৰ:-
চিৰস্মৰনীয় - সদায় মনত ৰাখিবৰ যোগ্য
কাৰ্তিকলাপ - যশস্যাৰ কাম

অহোপুৰুষাৰ্থ - প্ৰাণপণ চেষ্টা

অনুসন্ধান - বিচাৰি চোৱা

সন্তোষ - সন্তোষ্ট হোৱা

উহঁ - পানীৰ পুং


৫৷ উত্তৰ লিখা ।

(ক) অসম নামৰ উৎপত্তি কেনেকৈ হ ’ ল ?
উত্তৰ:-
পূবত, এই ভূমিক কামৰূপ আৰু প্ৰাগজ্য়োতেষ ৰাজ্য আৰু ইয়াৰ ৰাজধানী প্ৰাগ, পোহৰৰ চহৰ, গুৱাহাটী বা ইয়াৰ কাষৰীয়া অঞ্চল বুলি জনা গৈছিল। ১৩ শতিকাত এই ভূমি জয় কৰাৰ পিছত 'অসম' নামটো প্ৰৱৰ্তন কৰা হৈছিল।


(খ) বর্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে ?
উত্তৰ:-
বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সংযোগত বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছে।


(গ) অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত ?
উত্তৰ:-
প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্য়ৰ উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ সোঁত প্ৰৱলৰূপে বোৱাই দিব লাগিব, আৰু ধৰ্মনীতিৰ বিমল কিৰণেৰে গোটেইখন দেশক আলোকিত কৰিব লাগিব


(ঘ) অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে ?
উত্তৰ:-
আৰ্য্য় আৰু অনাৰ্য্য়ৰ সংমিশ্ৰণত, অনেক জাতি আৰু উপজাতি মিলি বৰ্ত্তমান অসমীয়া জাতি গঠিত হৈছে। অসমৰ ভাষা, সাহিত্য়, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব প্ৰভৃতি বিষয় সকলো আমোদৰ, বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ'ব লাগে। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সবাহ, ক্ৰীড়া-কৌতুক, পুৰণি মন্দিৰ, দৌল, দেৱালয় আদিৰ তথ্য় সংগ্ৰহ কৰা উচিত।


৬) বিভিন্ন কালত অসমক কি কি নামেৰে জানা গৈছিল , ক - অংশৰ লগত খ অংশ মিলোৱা ।
উত্তৰ:-
ইংৰাজৰ শাসন কালত - Assam
            বৈদিক যুগত - প্ৰাকী দেশ
            পৌৰাণিক যুগত - প্ৰাগজ্য়োতিষ
            তান্ত্ৰিক যুগত - অসমৰ দেশ
            বৰ্তমান যুগত - অসম
            মুছলমানৰ শাসনকালত - অসমৰ দেশ


৮) অসম ’ পাঠটিৰ পৰা তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ বাছি উলিয়াই । লিখা ।
উত্তৰ:-
পৰাধীন      -  স্ৱাধীন।
            অসন্তোষ   -  সন্তোষ।
            বিদেশ        -  স্ৱদেশ ।
            অনুচিত     -  উচিত ।
            নিৰানন্দ    -   আনন্দ ।
            বৰ্জন        -   নিৰ্বজন ।


৯) সন্ধি গঠন কৰা আৰু ভাঙা ।
উত্তৰ:-
  যথাৰ্থ = যথা + অৰ্থ ।
             বিদ্যালয় = বিদ্যা + আলয়।
             উদগতি = উৎ  +  গতি ।
             উৎযাপন  = উৎ + যাপন।
             দেৱালয় = দেৱা  + আলয়।
             নৰেন্দ্ৰ = নৰে +  অন্দ্ৰ ।
             উন্নতি  =  উন্ন + অতি ।
             উদ্ভৱ = উৎ + ভৱ  ।

*

Post a Comment (0)
Previous Post Next Post