গছ ভালপোৱা ককাৰ খং
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১১
assamese lesson 11
class 7 assamese question answer AssamQna
৩) কোৱা আৰু লিখা ।
(ক) কবিতাটোত কাৰ বিয়া কথা কৈছে
উত্তৰ:- কবিতাটোত ৰঘুনাথৰ লৰাটোৰ বিয়াৰ কথা কৈছে ।
(খ) আমলখি গছজোপা কিয় কাটিলে
উত্তৰ:- আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে ।
(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে
উত্তৰ:- বোৱাৰীয়ে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে ।
(ঘ) সহজতে কি বস্ত ঘূৰাই নাপাব বুলি ককাই কৈছে
উত্তৰ:- সহজতে আমলখি গছজোপা ঘূৰাই নাপাব বুলি কৈছে ।
(৪) কোৱা আৰু লিখা ।
(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল
উত্তৰ:- বিয়া খাবলৈ আহি ককাই যেতিয়া দেখিছিল যে আমলখি গছযোপা কাটি দিলে তেতিয়া ককাৰ খং উঠিছল ।
(খ) বিয়া ঘৰত ককাই কিয় একো নাখালে
উত্তৰ:- বিয়া ঘৰত ককাই আমলখি গছযোপা কাটি দিয়াৰ বাবে একো নেখালে ।
(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল
উত্তৰ:- খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীবাদ দিব বিচাৰিছিল ।
৫) তলৰ কবিতা ফাকি গদ্য়ৰূপত লিখা-
আলহী - অতিথি যাব
ৰভা নাইকিয়া হব
বোৱাৰীয়ে ঘৰখন
দিবহি পূৰাই ,
পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই ?
উত্তৰ:- এই কথাষাৰ অৰ্থ হৈছে যেতিয়া বিয়াখন হোৱাৰ পিছত বিয়ালৈ অহা আলহীবিলাক গুচি যাব আৰু ঘৰখন খালি খালি যেন লাগিব কিন্তু বোৱাৰী আহি ঘৰখন পূৰাই দিব কিন্তু কটা আমলখি গছজোপা পুনৰ ঘূৰাই পোৱা নাযাব।
৬) কবিতাটোৰ মূলভাব লিখা।
উত্তৰ:- কবিতাটোৰ মূলভাৱ হৈছে ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা খন দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হ'ল। এই কাণ্ড দেখি গছ ভালপোৱা ককাজনৰ খং উঠিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। সেইকাৰণে তেও ৰঘুনাথৰ পুতেকৰ বিয়াত একো নাখালে আৰু দৰাটিক আৰ্শীবাদ দি গুচি গ'ল।
৭) বাক্য ৰচনা কৰা।
উত্তৰ:- এজোলোকা:- ককাই দৰাটোক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিলে।
আলহী - অতিথি:- বিহুত ৰামৰ ঘৰত আলহী - অতিথি আহিছিল।
আশীৰ্বাদ:- বিহুত আইতাই ৰাণীক আশীৰ্বাদ দিলে।
সহজতে:- গছ এজোপা কাটিলে সহজতে পোৱা নাজায়।
ঘূৰাই:- আমাৰ প্ৰয়োজনীয় বস্তুবিলাক হেৰালে সহজতে পুনৰ ঘূৰাই পোৱা নাযায়।
ৰভা:- ৰহিমে ৰভাখন দিবলৈ নাৰিকল গছজোপা কাটি পেলালে।
৮) ক অংশৰ লগত খ অংশ মিলোৱা।
উত্তৰ:- ৰভা - কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি
দৰা - বৰ
গছ - বৃক্ষ
ঔষধ - দৰব
১৪) সাঁথৰ ভাঙা।
(ক) খাল-বিল শুকাই গল,
গছৰ আগত পানী ৰল।
উত্তৰ:- নাৰিকল
(খ) ৰজাৰ লাঠি
ঘন ঘন গাঁঠি।
উত্তৰ:- কুহিঁয়াৰ ।
