নামৰ বেবেৰিবাং
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১২
assamese lesson 12
class 7 assamese question answer AssamQna
৪)তলৰ শব্দসমূহৰ অৰ্থ কাড়ঁ চিন দি মিলোৱা।
উত্তৰ:- নুটুটে - নকমে
ৰৰৈয়া - নদন-বদন, ধনে - জনে পৰিপূৰ্ণ
ডাল-দৰিদ্ৰ - অতি দুখীয়া
বেজবেজাই - ডাকি যোৱাগৈ, বিজবিজনি অনুভৱ কৰা
সুৰ সুৰকৈ - কোনো শব্দ বা ওজৰ-আপত্তি নোহোৱাকৈ
মৰচেৰেলা - শুকাই-ক্ষীণাই মৰাৰ নিচিনা হোৱা
জকাই - জাকৈ
পেটাৰি :- জপাঁ, ঢাকনি থকা বেতেৰে তৈয়াৰি কৰা কাপোৰ - কানি ৰাখিব পৰা এবিধ যতন।
৫) উত্তৰ লিখা-
ক) নিধনীৰামৰ ঘৰ কত আছিল?
উত্তৰ:- নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।
খ) নিধনীৰাম অভাৱী আছিল নেকি।
উত্তৰ:- নহয়, নিধনীৰাম অভাৱী নাছিল।
গ) মানুহজনে কাটি থকা গছজোপাৰ নাম কি।
উত্তৰ:- মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা।
ঘ) হালোৱা মানুহজনৰ নাম কি আছিল।
উত্তৰ:- হালোৱা মানুহজনৰ নাম মৰা আছিল।
৬) কোনে, কাক কৈছিল কোৱা-
ক) এই জোপা কি গছহে ককাই।
উত্তৰ:- নিধনীৰামে গিৰিহঁতক কৈছিল।
খ) পাৰোঁতোন নিজৰা।,
উত্তৰ:- লৰা-ছোৱালীজাকে নিধনীৰামক কৈছিল।
গ) মোৰ নাম মৰা।
উত্তৰ:- হালবাই থকা মানুহজনে নিধনীৰামক কৈছিল।
ঘ) বোলো কোৱা কি। তুমি দেখোন জিয়া, মৰা হ'লা কেনেকৈ।
উত্তৰ:- নিধনীৰামে হালবাই থকা মানুহজনক কৈছিল।
ঙ) জকাই বাইছোহেঁ বাইছোঁ , খলিহা - পুঠী এটাওঁ পোৱা নাই।
উত্তৰ:- লখিমীয়ে নিধনীৰামক কৈছিল।
৮) নিধনীৰামে শেষত ভাবা যোজনা ফাকিৰ অৰ্থ লিখা।
উত্তৰ:- অমৰা মৰে , নিজৰা জৰে
মৰাই বাই হাল ,
লখিমীয়ে পিন্ধে ফটাকানি
মই নিধনী হোৱাই ভাল।
অৱশেষত নিধনিৰামে ভাবিলে যে মানুহৰ নামৰ দ্বাৰা একো নহয় মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়।
৯) ক , অংশৰ লগত খ , অংশ মিলোৱা ।
উত্তৰ:- গেহালীত - গৰু
পুখুৰীত - মাছ
বাৰীত - তামোল-পাণ
ভঁৰাল - ধান
চালত - কোমোৰা
ফুলনি - ফুল
১১) ক অংশৰ খ অংশ লগ লগাই যুৰীয়া শব্দ গঠন কৰা।
উত্তৰ:- ভাই - ভনী
আই - বোপাই
পেহা - পেহী
জী - জোৱাই
শাহু - শহু
তাৱৈ - আমৈ
১২) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শবাদ লিখা।
উত্তৰ:- ভাল - বেয়া
নালাগে - লাগে।
জীয়া - মৰা
নুটুটে - টুটে।
নিধনী - ধনী
নোৱাৰে - পাৰে ।
বহল - ঠেক
নেমাতিলে - মাতিলে ।
১৩) বাক্য় ৰচনা কৰা
(ক) গা বেজবেজাই যায়:- ৰহিমৰ অকস্মাতে হোৱা মৃত্য়ুৰ কথা শুনি ৰাজৰ গা বেজবেজাই যায়।
(খ) ডালডদৰিদ্ৰ:- ডাল-দৰিদ্ৰ লোকক সহায় কৰিব লাগে।
(গ) ভেকাৰি মাৰ:- অভদ্ৰ ল'ৰাজনে পংগু ল'ৰাটোক দেখি লগৰবোৰক ভেকাৰি মাৰ বুলি ক'লে।
(ঘ) গা নচুৱাই ফুৰ:- মাকে নেহাক কাম-বন নকৰি গা নচুৱাই ফুৰ বুলি ঠাট্টা কৰিলে।
