প্ৰাকৃতিক দুৰ্যোগ
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১৩
assamese lesson 13
class 7 assamese question answer AssamQna
১। উত্তৰ দিয়া ।
ক) অসমত প্রলয়ংকৰী ভূমিকম্প হােৱা চন দুটা কি কি ?
উত্তৰ:- ১৮৯৭ আৰু ১৯৫০ চনত অসমত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল ।
খ ) ১৮৯৭ চনত অসমত হােৱা ভূমিকম্পৰ উৎপত্তিস্থল ক’ত আছিল ?
উত্তৰ:- ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল হল - খাছীয়া জয়ন্তীয়া পাহাৰ ।
গ ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?
উত্তৰ:- ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত হৈছিল ।
ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল ?
উত্তৰ:- ১৯৫০ চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ।
২। তলৰ প্ৰশ্নকেইটা আলােচনা কৰি উত্তৰ লিখা ।
( ক ) চানডুবি বিল কেনেকৈ সৃষ্টি হ’ল ?
উত্তৰ:- ১৮৯৭ চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিনত হল ।
( খ ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?
উত্তৰ:- ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ।আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল । এই বৰ ভূমিকম্পতেই গছ- গছনিৰে ভৰ পূৰ অৰুনাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল ।
( গ ) ছুনামি ’ কি ?
উত্তৰ:- সাগৰত হোৱা ভূমিকম্প , আগ্নেয়গিৰি উদগীৰন আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীত ওপৰত সৃষ্টি হোৱা প্ৰৱল ঢৌক ছুনামি বুলি কোৱা হয় ।
( ঘ ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্রভাৱ পেলাইছিল ?
উত্তৰ:- ভাৰত বৰ্ষত ২০০৪ চনৰ ২৬ ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামীৰ সৃষ্টি কৰিছিল ।
৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা ।
উত্তৰ:- পাহাৰ:- পাহাৰ এখনে ঠাই এখনৰ সৌন্দৰ্য বঢ়ায়।
বনভোজ:- কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব ।
চানডুবি বিল:- চানডুবি বিল এসময়ত পাহাৰ আছিল ।
আনন্দ:- ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে ।
আতংক:- ক'ৰণা মহামাৰীৰ ফলত গোতেই বিশ্ৱত আতংকৰ সৃষ্টি হৈছে ।
ভূমিকম্প:- ভূমিকম্পই মানুহৰ অতি ক্ষতি-সাধন কৰে।
৪) উদাহৰণৰ দৰে শব্দগঠন কৰা আৰু অৰ্থ যানি লোৱা ।
উত্তৰ:- সাৱধান - সাৱধানতা ।
বিচ্ছন্ন - বিচ্ছিন্নতা।
বিভিন্ন - বিভিন্নতা ।
বিশাল - বিশালতা ।
প্ৰসাৰ - প্ৰসাৰতা ।
