স্কাউট আৰু গাইড
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ১৪
assamese lesson 14
class 6 assamese question answer assamese medium
class 6 AssamQna
২। উত্তৰ লিখা।
(ক) দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল?
উত্তৰ:- দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল।
(খ) চৰকাৰী বাহিনীয়ে বানপিড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল?
উত্তৰ:- চৰকাৰী বাহিনীয়ে বানপিড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুৰ আদি বিতৰণ কৰিছিল।
(গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল কোন?
উত্তৰ:- চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতী সকল স্কাউট আৰু গাইডৰ সদস্য আছিল।
(ঘ) যুৱক-যুৱতী সকলে কি পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল?
উত্তৰ:- যুৱক-যুৱতী সকলে নীলা ৰঙৰ পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল।
(ঙ) দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে?
উত্তৰ:- কাৰণ তেওঁ ষষ্ঠম মান শ্ৰেণীত পঢ়োতে স্কাউট আৰু গাই়ৰ সদস্য আছিল।
৪। পাঠটোৰ কঠিন শব্দবোৰৰ অৰ্থ জানি লোৱা।
উত্তৰ:- থাউনি - পাৱনীত তল নোযোৱাকৈ ভৰিৰে পোৱা তলৰ মাটি ।
নাজল - নাথল - অৱস্থা - আলাই আথানি ।
বিপদসংকুল - বিপদেৰে ভৰা ।
আনুগত্য - বাধ্য হৈ থকা অৱস্থা ।
জনহিকতৰ - জনসাধাৰণৰ বাবে মংগলজনক ।
স্বাৱলম্বী - আপোনাক আপোনি প্ৰতিপাল কৰা ।
হস্ত - শিল্প - কুটীৰ শিল্প
হুৱা - দুৱা - বিপদ আদিত কৰা চিঞৰ বাখৰ ।
জনপ্ৰিয় - জনসাধাৰণে ভাল পোৱা ।
উচ্ছৃংখল - নিয়ম নমনা ।
সংকল্প - প্ৰতিজ্ঞা ।
৬। খালী ঠাই পূৰ কৰা।
(ক) স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ______ স্বীকাৰ কৰিছিল।
উত্তৰ:- ত্যাগ
(খ) জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ _________ থকা উচিত।
উত্তৰ:- আনুগত্য
(গ) সদায় ভাল সংগৰ লগত ______ কৰিব লাগে।
উত্তৰ:- বন্ধুত্ব
(ঘ) _______ গুণে মানুহক মহান কৰে।
উত্তৰ:- পৰোপকাৰ
৭। ১০ টা গুণবাছক বিশেষ্য লিখা।
উত্তৰ:- লক্ষ্য, একতা, সংকল্প, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য বন্ধুত্ব, ভাল, বেয়া।
৮। বিপৰীত শব্দ লিখা ।
উত্তৰ:- ন্যায় - অন্যায়।
সৎচৰিত্ৰ - চৰিত্ৰহীনা, অসৎচৰিত্ৰ।
সাধু - অসাধু।
বিশ্বাস - অবিশ্বাস।
