বিদ্যা
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ১৪
assamese lesson 14
class 7 assamese question answer AssamQna
৩) উত্তৰ লিখা।
ক) লিখন , কষৰ্ণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় ?
উত্তৰ:- লিখন , কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কাপ , হাল আৰু চৰুৰ প্ৰয়োজন ।
খ) সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?
উত্তৰ:- সুকলমে কাম কৰিবলৈ আহিলা পাতিৰ প্ৰয়োজন হয়।
গ) উদগতিৰ ঘাই আহিলা কি ?
উত্তৰ:- উদগতিৰ ঘাই আহিলা হৈছে বিদ্যা ।
ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে ?
উত্তৰ:- বিদ্যাহীন জীৱন বৃথা বুলি কোৱা হৈছে ।
ঙ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয় ?
উত্তৰ:- বিদ্যাৰে মন পোহৰাই ললে সংসাৰত কৰ্ম কৰিবহে সুচল হয় ।
চ) পৃথিৱীত নাম জ্বলাবলৈ কি আয়ত কৰিব লাগিব ?
উত্তৰ:- পৃথিৱীত নাম জ্বলাবলৈ বিদ্যা আয়ত কৰিব লাগিব ।
ছ) কি কৰিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে ?
উত্তৰ:- লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নেৱাৰে ।
৪) সত্য নে অসত্য লিখা ।
ক) কাপ নহলে লিখন কাম কৰিব নোৱাৰী ।
উত্তৰ:- সত্য ।
খ) বিদ্যাহীন জীবন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে ।
উত্তৰ:- অসত্য ।
গ) হাল নহলে কৰ্ষণ কৰিব নোৱাৰী .
উত্তৰ:- সত্য ।
ঘ) আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল ।
উত্তৰ:- অসত্য ।
৫) খালী ঠাই পূৰ কৰা ।
ক) লাগতিয়াল ________ যতনাই নহ'লে কোনো কাম _______ কৰিব নোৱাৰি ।
উত্তৰ:- আহিলাপাতি, সুকলমে
খ) এইবোৰ কামৰ যেনে _______ আহিলা আছে , _______ কামৰো তেনে সুকীয়া ________ আছে ।
উত্তৰ:- সুকীয়া, এনেবোৰ, আহিলা
গ) বিদ্যাই ______ কাটি মন ফৰকাল নকৰিলে , মানুহে তাৰ _______ লগাবলৈ ঠাই দেখা নাপাই ।
উত্তৰ:- আন্ধাৰ, ক্ষমতা
ঘ) _______ নহলে লিখন কাম কৰিব নোৱাৰি ।
উত্তৰ:- কাপ
ঙ) বিদ্যাৰে মন ______ নহলে সংসাৰত _______ কৰিবলৈ সুচল নহয় ।
উত্তৰ:- পোহৰাই, কৰ্ম
৮) সমাৰ্থক শব্দবোৰ আঁচ টানি মিলোৱা ।
উত্তৰ:- সুকলমে - অনায়াসে।
সুকীয়া - পৃথক ।
বৃথা - নিষ্ফল।
ফৰকাল - পৰিষ্কাৰ।
পোহৰ - আলোক ।
লাগতিয়াল - প্ৰয়োজন ।
