পণ্ডিত আনন্দৰাম বৰুৱা
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৩
assamese lesson 3
class 7 assamese question answer AssamQna
২) উত্তৰ দিয়া ।
(ক) আনন্দৰাম বৰুৱাৰ জন্ম কত হৈছিল?
উত্তৰ:- আনন্দৰাম বৰুৱাৰ জণ্ম ইংৰাজী ১৮৫০ চনৰ মে মাহৰ ২১তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত হৈছিল ।
(খ) তেওঁ পিতৃ-মাতৃৰ নাম কি?
উত্তৰ:- তেওঁ পিতৃ গগৰাম বৰুৱা আৰু মাতৃ দুলভেশ্বৰী বৰুৱা ।
গ)আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভতি কৰিছিল?
উত্তৰ:- আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সি কলেজত নাম ভত্তি কৰিছিল ।
ঘ) আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰআৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত তেওৰঁ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্টা কৰা হৈছিল আনন্দৰাম ভাষা কলা সংস্কৃতি সংস্থা ।
৩) ABILAC ৰ সম্পূণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা।
উত্তৰ:- ABILAC ৰ সম্পূণ নামটো ইংৰাজীত হল Anundoram Borooah Institute Of Language Art And Culture ,Assam . অসমীয়াত হল আনন্দৰাম বৰুৱা ভাষা- কলা- সংস্কৃতি- সংস্থা।
৪) তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।
উত্তৰঃ- উচ্চ সংস্কৃত ব্যাকৰণ
ভৱভূতিৰ মহাবীৰ চৰিত
সৰস্বতী কন্ঠাভৰণ
প্ৰাচীত ভাৰতৰ ভূগোল
ইংৰাজী-সংস্কৃত অভিধান
সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ
সংস্কৃত শিক্ষাৰ্থী সহচৰ
৬) আনন্দৰাম বৰুৱাৰ কৰ্ম জীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।
উত্তৰ:- স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে মৈমনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে যোগদান কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চ পদস্থ বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়। নোৱাখালি জিলাত থাঁকোতে তেখেতে বংগদেশৰ উন্নয়ন মূলক কাম কৰাৰ উপৰি তাত এটি গুৰুত্ৱপূৰ্ণ কাম আৰম্ভ কৰে। অসমৰ দৰে বংগদেশতো ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্যভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতে এই গুৰুত্ৱপূৰ্ণ কামতো হাতত লৈছিল যদিওঁ সম্পৰ্ণ কৰিব নোৱাৰিলে। ১৮৮৯ চনত তোখেতে বংগদেশত আকস্মিক ভাৱে মৃত্যু বৰণ কৰে।
৭) ক অংশত থকা শব্দৰ লগত খ অংশত থকা অথবোৰ আঁচ টানি মিলোৱা ।
উত্তৰ:- অধ্যৱসায় - অতি শুৱনি, বহুতৰ মাজত চকুত পৰা
মন্থন - সুনাম, যশস্যা
সুখ্যাতি - মথা বা ঘোঁটা কায
জাতকজিলিকা - প্ৰতিদ্বন্দ্বী
অৱদান - আশা নকৰা
সংকল্প - কামত লগোৱা, কামত নিয়োগ কৰা
অপ্ৰত্যাশিত - নেৰা নেপেৰাকৈ লাগি থকা কায
প্ৰতিযোগী - জ্ঞানী
নিযুক্ত - কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা
মনীষী - বৰঙণি বা অৰিহণা
৯) খালী ঠাই পূৰ কৰা।
(ক) কালি মই গুৱাহাটিলৈ _______
উত্তৰ:- যাম।
(খ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন ________
উত্তৰ:- আহিব।
(গ) ল'ৰা বিলাকে খেল পথাৰত বল ________
উত্তৰ:- খেলিছে ।
১১) চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা।
উত্তৰ:- চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয়। কোনো কৰ্মৰ পৰা যদি ভাল ফলাফল পাব বিচাৰে তেতিয়া হ'লে অধিক চেষ্টাৰ প্ৰয়োজন। যদি কোনো কাম কৰিব পৰা নাই তেনেহ'লে হাজাৰ চেষ্টা কৰিব লাগে। অধিক চেষ্টাৰ মূৰত হে সফল হ'ব পৰা যায়। পণ্ডিত আনন্দৰাম বৰুৱাদেৱে নিজৰ অনেক চেষ্টাৰ মূৰত আই. চি. এছ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। গতিকে কোনো কাম এবাৰত সম্পন্ন নহ'লে তাক হাজাৰবাৰ চেষ্টা কৰিব লাগে।
১২) কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে । তুমি নিজে তেনে এজন ব্যক্তি হবলৈ কি কৰিবা লিখা।
উত্তৰ:- কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। মই নিজে তেনেই এজন ব্য়ক্তি হবলৈ হলে এটিয়াৰে পৰা মন দি পঢ়া শুনা কৰিম।
