জনমভূমি
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৪
assamese lesson 4
class 7 assamese question answer AssamQna
৩) উত্তৰ দিয়া।
ক) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?
উত্তৰ:- কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে।
খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উত্তৰ:- কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা কৰিছে ।
গ)কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে?
উত্তৰ:- কবিয়ে পখী হৈ উখ বিৰিখত বাহ ল'ম বুলি কৈছে ।
ঘ) কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে?
উত্তৰ:- কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসি বিলত ফুলি ৰ'ব বুলি কৈছে ।
৪)উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি উলিয়াই লিখা।
উত্তৰ:- পুৱাত – সন্ধিয়াত
কোলাত – ছায়াত
বিৰিখত – গীতত
জেউতি – আৰতি
বিলত – চৰণত
হৈ- ৰৈ
ৰাতি- মাটি
৫)তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা।
উত্তৰ:- পখী — চৰাই
শীতলী – চেঁচা
সোণোৱালী – সোণ-বৰণীয়া
মৰম – চেনেহ
প্ৰথম – আদি
টিং – পৰ্বতৰ আগ বা ওখ ঠাই
৬। 'মুদিম আকৌ চকু
তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত'।
ওপৰৰ কবিতাফাকি গদ্যৰূপ হ'ল- জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা।
(ক) সোণোৱালি মেঘ হৈ
ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
উত্তৰ:- সোণালী ডাৱৰ হৈ ৰঙা হাঁহি জিলিকাম শেতা পৰি থকা ওঁঠ দুখনিত।
(খ) আকাশৰ তৰা হৈ
ৰ লাগি চাই ৰ'ম
সেউজীয়া শুৱনি জেউতি
উত্তৰ:- মৃত্য়ুৰ পিছত আকাশৰ তৰা হৈ তিৰবিৰাই থাকি চাম সেউজীয়া ৰঙৰ ধুনীয়া পোহৰক।
৭। পাঠত থকা 'জনমভূমি'কবিতাংশৰ মূলভাব লিখা।
উত্তৰ:- নিজৰ জন্মভূমিখন সকলো মানুহৰে অতি মৰমৰ। এই জন্মভূমি খনৰ লগত প্ৰত্য়েকজন ব্যক্তিৰ বহু স্মৃতি জড়িত হৈ থাকে। এদিন এইখন জন্মভূমিতে মৃত্য়ু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে মৃত্য়ুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জনমভূমিতেই আহে। মৃত্য়ুৰ পিছত চৰাই ৰূপত এই জনভূমিৰ ওখ বৃক্ষত বাঁহ লম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ তিৰবিৰোৱাৰ কথা কবিয়ে উল্লেখ কৰিছে। মৃত্য়ুৰ পিছত হিমালয় পৰ্বতমালাত ফুলি ৰম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধোৱাম আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি বুলি কবিয়ে কৈছে। অৱশেষত কবিয়ে কৈছে যে সোণালী ডাৱৰ হৈ শেতা পৰা ওঠ দুখনিত হাঁহি বিৰিঙাম বুলি।
৯)তলৰ শব্দবোৰৰ বিপৰীত অথ বুজোৱা শব্দ লিখা।
উত্তৰ:- জনম – মৰণ
শেষ – আৰম্ভ
ছাঁ – পোহৰ
ওখ -চাপৰ
ৰাতি-দিন
দুখীয়া-ধনী
