গুৰুদক্ষিণা ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৫ assamese lesson 5 class 6 assamese question answer assamese medium class 6 AssamQna

গুৰুদক্ষিণা
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৫
assamese lesson 5
class 6 assamese question answer assamese medium
class 6 AssamQna


৪। উত্তৰ দিয়া-


(ক) ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা।
উত্তৰ:-
ভাৰতৰ প্ৰাচীন বিশ্ব বিদ্য়ালয় দুখনৰ নাম হ'ল- নালন্দা আৰু তক্ষশীলা।


(খ) লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল?
উত্তৰ:-
লুইতৰ দাঁতিৰ বৰ্তমান নগাওঁ জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল।


(গ) বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি?
উত্তৰ:-
বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্য়াপকজনৰ নাম আছিল- বেদকণ্ঠ।


(ঘ) ছাতৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল?
উত্তৰ:-
ছাতৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰকৈ নগৰলৈ গৈছিল।


(ঙ) গুৰুৰ পৰামৰ্শ কোনজন ছাতৰে গ্ৰহণ কৰিব নোৱাৰিলে?
উত্তৰ:-
গুৰুৰ পৰামৰ্শ সত্য়ব্ৰত নামৰ ছাতৰজনে গ্ৰহণ কৰিব নোৱাৰিলে।


(চ) প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে?
উত্তৰ:-
প্ৰকৃত গুৰুদক্ষিণা সত্য়ব্ৰত নামৰ ল'ৰাজনে দিব পাৰিলে।


৫। চমু উত্তৰ দিয়া ।

( ক ) গুৰুৱে ছাত্ৰসকলক ওচৰত মাতি আনি কি কৈছিল
উত্তৰ:-
গুৰু বেদকণ্ঠই শিষ্যসকলক ওচৰলৈ মাতি আনি এইবুলি কৈছিল যে - তেওঁ বুঢ়া হৈ আহিছে আৰু তেওঁৰ উপাৰ্জনো কমি আহিছে । সেয়েহে ছাত্ৰসকলে তেওঁলোকক প্ৰদান কৰা শিক্ষাৰ বিনিময়ত গুৰুক তেওঁলোকে গুৰুদক্ষিণা হিচাপে ধন - সোণ গোটাই আনি দিব লাগে ।


( খ ) ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল ?
উত্তৰ:-
গুৰু বেদকণ্ঠই ধনী মানুহক ডকা - হকা দি ধন গোটাই আনিবলৈ ছাত্ৰসকলক পৰামৰ্শ দিছিল ।


(গ) গুৰুৰ পৰামৰ্শ পাই ছাতৰসকলে কি কৰিলে?
উত্তৰ:-
গুৰুৰ পৰামৰ্স পাই ছাতৰসকলে কিৰীলি পাৰি যাবলৈ ওলাল।


( ঘ ) গুৰুৰ অনুমতি পাই সত্যব্রতে কি ক'লে ?
উত্তৰ:-
গুৰুৰ অনুমতি পাই সত্যব্রতে এই বুলি ক'বলৈ ধৰিলে যে তেওঁ গুৰুৰ পৰাই জানিব পাৰিছে যে আন নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে আৰু জানে । সেয়েহে আনে নেদেখাকৈ লোকৰ ধন - সোণ চুৰি কৰি আনটো সত্যব্ৰতৰ বাবে সম্ভৱ নহ'ব । সেয়েহে গুৰুৱে যেন ধন গোটাবলৈ অন্য সজ বাট দেখুৱাই দিয়ে ।


(৬) কোনে কাক কেতিয়া কৈছিল লিখা।

(ক) ''বাছাহঁত। মই বুঢা হৈ আহিছোঁ। উপাজনো টুটি আহিছে। তহঁতক ইমানদিনে পঢায় শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ।''
উত্তৰ:-
উক্ত কথাষাৰ গুৰু বেদকণ্ঠই ছাতৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল।


(খ) ''আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কি উপায়েৰে ধন-সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক।''
উত্তৰ:-
যেতিয়া পণ্ডিত বেদকণ্ঠই ছাতৰসকলক গুৰুদক্ষিণাৰ কথা কৈছিল তেতিয়া ছাতৰসকলে আনন্দত কিৰিলি পাৰি গুৰুদেৱক ওপৰৰ কথাফাঁকি এজন বয়সিয়াল ছাতৰে কৈছিল।


(গ) ''আপোনাৰ পৰাই আমি জানিব পৰিছোঁ, পৃথিৱীত এনে ঠাই নাই, য'ত ঈশ্বৰ নাই।''
উত্তৰ:-
যেতিয়া গুৰুৱে ছাতৰসকলক গুৰুদক্ষিণাৰ বাবে ধন-সোণ গোটাই অনাৰ উপায় দিছিল, তেতিয়াই সত্য়ব্ৰতে গুৰুক উক্ত কথাষাৰ কৈছিল।


৭। সাধুটো নিজৰ কথাৰে চমুকৈ লিখা ।
উত্তৰ:-
পুৰণি কালত অসম ৰাজ্য অৰ্থাৎ তেতিয়াৰ কামৰূপৰ শিলঘাটত এখন বিশ্ববিদ্যালয় আছিল । সেই বিশ্ববিদ্যালয়ৰ অধীনৰ বশিষ্ঠ আশ্ৰমৰ টোলত বেদকণ্ঠ নামৰ এজন বিদগ্ধ পণ্ডিতে অধ্যাপনা কৰিছিল । তেওঁ দি অহা শিক্ষাৰ পৰীক্ষা ল'বলৈ এদিন ছাত্ৰসকলক মতাই আনি ক'লে যে তেওঁলোকে গুৰুদেৱক গুৰুদক্ষিণা দিব লাগে । ইয়াৰ বাবে তেওঁলোকে ধনী লোকৰ পৰা কোনোৱে নেদেখাকৈ ধন কাঢ়ি আনিব লাগে । এই কথা সকলোৱে আনন্দৰে গ্ৰহণ কৰি ওলাই গ'ল । কিন্তু সত্যব্রত নামৰ সৰু ছাত্ৰ এজনে সেই কথা নামানি গুৰুক ক'লে যে আনে নেদেখিলেও ঈশ্বৰে সকলো দেখি থাকে । সেয়েহে গুৰুৱে যেন ধন সংগ্ৰহ কৰিবলৈ আন সৎ পথ প্ৰদৰ্শন কৰে । এনে জ্ঞানগর্ভ কথা অকমানি ল'ৰাটিৰ মুখত শুনি বেদকণ্ঠ অতিশয় প্রসন্ন হ'ল । তেওঁ আন ছাত্ৰসকলক উভোতাই মতাই অনালে । গুৰুৰ পৰীক্ষাত একমাত্ৰ সত্যব্রত উত্তীৰ্ণ হ'ল । তেওঁহে গুৰুক প্ৰকৃত গুৰুদক্ষিণা দিয়াৰ নিচিনা হ’ল ।


৮। তলৰ কথাৰখিনিৰ মুলভাব লিখা-
সকলোতে থাকে তেওঁ প্ৰভু ভগৱান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য় তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ।
উত্তৰ:-
প্ৰশ্নোল্লিখিত কথাখিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে -  ভগৱান সকলোতে থাকে। তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই। তেৱেঁই হৈছে সৰ্বশক্তিমান। এই বিশ্বব্ৰক্ষ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই। তেওঁ সকলোকে চিনি পায় বা জানে। তেৱেঁই সত্য আৰু তেৱেঁই সুন্দৰ।

১০। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা-
উত্তৰ:-
ধনী - চহকী
            দক্ষিণা - দান
            উজু - সহজ
            টুটি যোৱা - কমি যোৱা
            ডাঙৰ - বৃহৎ

১১। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা-
উত্তৰ:-
আনন্দ - বিষাদ
            ধনী - দুখীয়া
             গুৰু - ছাত্ৰ
             উজু - কঠিন
             প্ৰাচীন - নবীন

*

Post a Comment (0)
Previous Post Next Post