নোকোৱাৰ পৰিণাম
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৬
assamese lesson 6
class 7 assamese question answer AssamQna
৩) উত্তৰ দিয়া ।
(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল?
উত্তৰ:- হুনমিলি , শৈলহতেঁ মালা গাঁঠী ছাৰ, বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ ফুল বুটলিছিল ।
(খ) চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জিপাল। কথাষাৰি কোনে কাক কৈছিল?
উত্তৰ:- এই কথাষাৰ মালতীয়ে হুনমিলিক কৈছিল ।
(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?
উত্তৰ:- সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটো গাইছিল ।
(ঘ) নাচি থাকোঁতে কোন মূচ্ছা গৈছিল?
উত্তৰ:- নাচি থাকোতেঁ শৈলবালা মূচ্ছা গৈছিল ।
(ঙ) শৈলবালাই ভুগি থকা বেমাৰ টোৰনাম কি?
উত্তৰ:- শৈলবালাই ভুগি থকা বেমাৰ টোৰনাম মৃগী ।
(চ) সময় টিকনিডাল হেনো আগফালে উৰে- এই বাক্যশাৰী কোনে, কি প্ৰসংগত কৈছিল?
উত্তৰ:-এই কথাষাৰ হুনমিলিয়ে শৈলবালাক কৈছিল ।
৪) প্ৰসংগ-সংগতি দশাই ব্যাখ্যা কৰা।
(ক) কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সবনাশৰ মূল।
উত্তৰ:- মাক-বাপেকে নিজৰ সন্তানৰ বেমাৰ হলেও লুকুৱাই ৰাখে কাৰণ কোনোবাই ছোৱালী জনীক বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি বোধকৰো মাক-বাপেকে ছোৱালীৰ জনীৰ উচিত ব্য়ৱস্থা নলই।
কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে । পিছলৈ ই হয়গৈ সৰ্বনাশৰ মূল। কেতিয়াবা ই হয়তো দুৰাৰোগ্য় ৰূপ লয়। বহুতে কৈশোৰ কালৰ দৈহিক পৰিৱৰ্তন সম্পৰ্কে গুৰুত্ব নিদিয়ে।ফলত এনে পৰিস্থিতিৰ সম্ভাৱনাৰ সৃষ্টি হয়।
৫) মালতীয়ে শৈলবালক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল।
উত্তৰ:- মালতীয়ে শৈলবালাক চেন্দেল শুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেন্দেল পাত মুখত লগাবানে বনৌষধি কিবা এবিধ লগোৱাৰ কথা হলেওঁ বেলেগ কথা ।
৭) তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা
উত্তৰ:- মাৰা = মা + ৰা
ভায়েৰা = ভাই + এ + ৰা
ভনীয়েৰা= ভনী + এ + ৰা
খুড়ীয়েকক = খুৰী + এ + ক + ক
৮) বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিদিষ্টতাবাচক প্ৰত্যয়বোৰ মিলোৱা।
উত্তৰ:- পাণ - খীলা
বহী - খন
লৰা - টো
ছোৱালী - জনী
মহীলা - গৰাকী
