ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৭ assamese lesson 7 class 6 assamese question answer assamese medium class 6 AssamQna

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৭
assamese lesson 7
class 6 assamese question answer assamese medium
class 6 AssamQna



১। উত্তৰ দিয়া-

(ক) লক্ষীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল?
উত্তৰ:-
বেজবৰুৱাদেৱৰ প্ৰায়বোৰ কথায়ে ৰসেৰে উপচি থকা  বাবে তেওঁক ‘ৰসৰাজ’ উপাধি  দিয়া হৈছিল।


(খ) তেখেতৰ  আত্মজীৱনীখনৰ নাম কি?
উত্তৰ:-
তেখেতৰ আত্মজীৱনীখনৰ নাম হল মোৰ জীৱন সোৱৰণ।


(গ) লক্ষীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল?
উত্তৰ:-
লক্ষীনাথ বেজবৰুৱাক বৰবৌৱে ডাকত চিঠি দিবলৈ দিছিল।


(ঘ) চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই কত সুমুৱাই দিছিল?
উত্তৰ:-
চিঠিখন লক্ষীনাথ বেজবৰুৱাই ভগা পেৰা এটাৰ ভিতৰত সুমোৱাই দিছিল।


(ঙ) শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল?
উত্তৰ:-
শিশু লক্ষীনাথ বেজবৰুৱাৰ প্ৰতি পোষ্ট মাষ্টৰ বাবু দয়াপৰৱশ হৈছিল।


(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথি নাম লিখা।
উত্তৰ:-
লক্ষীনাথ বেজবৰুৱাৰ দুখন সাধু পুথি নাম হল পাচনি আৰু লিতিকাই।


২। চমু উত্তৰ দিয়া।

(ক) অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষীনাখ বেজবৰুৱাই কি কৰিছিল?
উত্তৰ:-
অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। এই চ’ৰাই পিছলৈ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ ভা উ সা সভা)’ ৰূপে পৰিগণিত হয়।


(খ) লক্ষ্মীনাথ বেজবৱৰুৱাক কিয় সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল?
উত্তৰ:-
অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী ওপাধিৰে সন্মানিত কৰা হৈছিল


(গ) অ মোৰ আপোনাৰ দেশ গীতটিক কি সংগীত বোলে?
উত্তৰ:-
অ মোৰ আপোনাৰ দেশ গীতটিক জাতীয় সংগীত বোলে।


৩। পাঠত উল্লেখ থকা লক্ষ্মীনাথ বেজবৰুৱাৰ ' মোৰ জীৱন সোঁৱৰণ'ৰ ঘটনাটো নিজৰ কথাৰে কোৱা আৰু লিখা ।
উত্তৰ:-
পাঠৰ উল্লেখ মতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে সৰু থকাৰ সময়ত জীয়ৰী বোৱাৰীয়ে চিঠি লেখাটো অকৰণীয় কাৰ্য বুলি ধৰা হৈছিল । এদিনখন বৰবৌৱেকে চিঠি এখন লিখি মনে মনে শিশু লক্ষ্মীনাথক ডাকত দিবলৈ দিছিল । বেজবৰুৱাদেৱে চিঠিখন চেলেঙৰ তলত ভৰাই আনি ডাকঘৰৰ সমুখত পৰি থকা ভাগ কাঠৰ বাকচ এটাত ভৰাই দিলে । তেতিয়া ওচৰৰে পৰা দেখি থকা মানুহ এজনে আনফালে দেখুৱাই ক'লে যে চিঠিখন সৌ তাতহে দিব লাগিছিল । তেতিয়া বেজবৰুৱাদেৱৰ ওঁঠ - মুখ শুকাই গৈ পেৰাটোৰ পৰা চিঠিখন উলিয়াবলৈ যত্ন কৰিবলৈ ধৰিলে । সেই দৃশ্য দেখি পোষ্ট মাষ্টৰে পেৰাৰ ভগা অংশটো ভাঙি বহলাই চিঠিখন উলিয়াই আনিলে । তাৰ পাছত ক’ত চিঠি দিব লাগে , সেয়া দেখুৱাই দিলে । 


৪। কোনে কাক  কি প্ৰসঙ্গত কৈছিল পাঠৰ আধাৰত লিখা। ''সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিয়?''
উত্তৰ:-
এদিনাখন বৰবৌৱে তেওঁৰ প্ৰথমখন চিঠি ডাকত দিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাতত দিওঁতেই ক'ত চিঠিখন পেলাব লাগে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰতে সুমুৱাই দিলে। তেতিয়া পোষ্ট মাষ্টৰজনে উক্ত কথাশাৰী বেজবৰুৱাদেৱক কৈছিল।


৫। পাঠত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা।
উত্তৰ:-
সংগোপনে – অতিগোপনে।
            দয়াপৰৱশ – দয়াবান।
            যৎপৰোনাস্তি – যিমান পাৰি সিমান।
            হাস্যব্যংগাত্মক – ধেমেলীয়া।
            বহুমুখী – বিভিন্ন দিশ।
            তত্বগধুৰ – অৰ্থ বহল।
            পৰিগণিত – চিহ্নিত।
            নিশ্চিন্ত – থিৰাং।
            সুৰুঙা – ছিদ্ৰ।
            ভিৰাই লৰ মাৰ – বেগেতে ।


৭। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰ:-
লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী বহুমুখী প্রতিভাসম্পন সাহিত্যিক আছিল । তেখেতে অসমীয়া সাহিত্যৰ প্ৰায় সকলোবোৰ দিশলৈ অৱদান আগবঢ়াই থৈ গৈছে । “ বুঢ়ী আইৰ সাধু ’ তেখেতৰ প্ৰসিদ্ধ সাধুকথাৰ সংকলন । বেজবৰুৱাদেৱে ছাত্ৰাৱস্থাৰ পৰাই অসমীয়া ভাষা - সাহিত্যৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ কৰিছিল ৷ কলিকতাত পঢ়ি থকাৰ সময়ত তেখেতে ‘ অসমীয়া সাহিত্য চ'ৰা স্থাপন কৰিছিল । তেখেতে এগৰাকী গীতিকাৰো আছিল । ' অ ' মোৰ আপোনাৰ দেশ ' শীর্ষক গীতটিৰো ৰচক লক্ষ্মীনাথ বেজবৰুৱা । আকৌ , ' আমি অসমীয়া নহয় দুখীয়া ’ শীর্ষক’অসম সংগীত'টো তেখেতেই ৰচনা কৰিছিল । বেজবৰুৱাদেৱৰ লেখাবোৰ ৰসেৰে ভৰপূৰ আছিল । সেইবাবে তেখেতক ‘ ৰসৰাজ ' উপাধি দিয়া হৈছিল ।


১০। বাক্য পৰিবৰ্তন কৰা।

(ক) যিজন লোক চোৰ স্বভাৱৰ, তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়। (সৰল বাক্য়লৈ নিয়া)
উত্তৰ:-
চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায়।


(খ) ৰমেনে সাকৰ কথা শুনি গাঁৱতে খেতি-বাতি কৰি থাকিবলৈ ল’লে। (যৌগিক বাক্য়লৈ নিয়া)
উত্তৰ:-
মাকৰ কথামতেহে ৰমেনে গাঁৱত থাকি খেতি-বাতি কৰিবলৈ ধৰিলে।


(গ) আমি আজি নগৰলৈ যাম।
উত্তৰ:-
আমি আজি নগৰলৈ যামনে?


(ঘ) তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত।
উত্তৰ:-
ৰাতিপুৱা সোনকালে উঠিবা।


১১। উপযুক্ত যোজক অব্য়য়ৰে খালী ঠাই পূৰ কৰা।

(ক) মই উদ্য়ানলৈ যাম ______ মুক্ত বায়ু সেৱন কৰিম। (কিন্তু/আৰু)
উত্তৰ:-
আৰু


(খ) ৰাম স্কুললৈ লগ’ল, _____ ৰহিম গ’ল। (যদি/আৰু/কিন্তু)
উত্তৰ:-
কিন্তু


(গ) আমি ফল-মূল কিনি খাম _______ ৰেষ্টুৰাঁত বহি চাহ, মিঠাই খাম। (কিন্তু/নাইবা/যদি)
উত্তৰ:-
নাইবা

১২। তলত দিয়া শব্দবোৰ পঢ়া আৰু তাৰ পৰা শব্দ আনি তলৰ বাক্য়বোৰ সম্পূৰ্ণ কৰা।যদি, তেহে, কাৰণে, কিন্তু, অথচ, নাইবা, বাবে, কিয়নো, দেখি, অথবা, সৈতে, আৰু

(ক) শ্ৰীৰামৰ _____ সীতাও বনলৈ গৈছিল।
উত্তৰ:-
সৈতে


(খ) মাকে জীয়েকৰ _______ কিতাপ কিনিছে।
উত্তৰ:-
কাৰণে


(গ) তুমি _______ সময়মতে আহা ______ মই যাম।
উত্তৰ:-
যদি, তেহে


(ঘ) মোৰ ______ তুমি চিন্তা নকৰিবা।
উত্তৰ:-
বাবে


(ঙ) প্ৰচণ্ড বৰষুণৰ _______ ৰাস্তাত পানী জমা হৈছে।
উত্তৰ:-
বাবে


(চ) তেওঁ ______ তুমি গুৱাহাটীলৈ যাবা।
উত্তৰ:-
আৰু


(ছ) তোমাক _______ সিহঁতে বৰ ভাল পালে।
উত্তৰ:-
কিন্তু


১৩। বাক্য ৰচনা কৰা।

ভিৰাই:- চোৰটোৱে পুলিচ অহা দেখি ভিৰাই লৰ মাৰিলে।

জেঙা:- ৰমেনৰ পাচলিৰ বাৰীৰ পৰা অমিতা চোৰ কৰি ধিৰাজে জেঙা লগালে।

সুৰুঙা:- পানী ক্ষুদ্ৰ সুৰুঙাৰ মাজেদিও সৰকি যায়।

বহুমুখী:- বহুমুখী প্ৰতিভাৰ অধিকাৰী হৈয়ো ৰাকেশে চাকৰিৰ অভাৱত হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে।

দয়াপৰৱশ:- খোজনিয়াৰজন ভোকত থকা দেখি মানুহজনে দয়াপৰৱশ হৈ বিস্কুত আনি খাবলৈ দিলে।

*

Post a Comment (0)
Previous Post Next Post