বেবেৰিবাং ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যম পাঠ ৮ assamese lesson 8 class 6 assamese question answer assamese medium class 6 AssamQna

বেবেৰিবাং
ষষ্ঠ শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসমীয়া মাধ্যম পাঠ ৮
assamese lesson 8
class 6 assamese question answer assamese medium
class 6 AssamQna


২। উত্তৰ দিয়া।

(ক) ফুচুক ফাচাক কথা এটাই
           চুচুক চামাক কৈ
      জুপুক জাপাক বুঢ়াৰ পেটত
           আছিল কথমপি ৰৈ।

• কেনেকুৱা কথাই চুচুক-চামাককৈ ৰৈ আছিল?
উত্তৰ:-
ফুচুক-ফাচাক কথাই চুচুক-চামাককৈ ৰৈ আছিল।

• কাৰ পেটত কথাটো কথমপি ৰৈ আছিল?
উত্তৰ:-
জুপুক-জাপাক বুঢ়াৰ পেটত কথাটো কথমপি ৰৈ আছিল।


(খ) পোলোক পালাক চকুৰে চাই
            মোলোক দেউ আহিল
       গুজুক গাজাক কথাৰ মেল
            তিনিপৰ মান বহিল

• পোলোক-পালাক চকুৰে চাই কোন আহিছিল?
উত্তৰ:-
পোলোক-পালাক চকুৰে চাই মোলোক দেওঁ আহিছিল।

• কথাৰ মেল কিমান পৰ বহিছিল?
উত্তৰ:-
কথাৰ মেল ৩ পৰ মান বহিছিল।


(গ) কবিতাটিৰ কথাখিনি গদ্য ৰূপত কোৱা আৰু লিখা।
উত্তৰ:-
বুঢ়া এজনে এটা গুপুত কথা জানিছিল। কথাটো জানি তেওঁ কাক কওঁ কাক নকওঁ লাগি আছিল। কিন্তু তেওঁ বহুতো কষ্ট কৰি কথাটো কোনেওঁ নজনাকৈ মনৰ ভিতৰতে গুপুতে ৰাখিবলৈ চেষ্টা কৰিছিল। তেনেতে সকলোৰে কথা বুটলি ফুৰা মোলোক দেউ আহি বহিলহি। তিনি পৰ মান বহাৰ পাছত চাহ-তামোল খাই মোলোক দেউ যাবলৈ ওলাল। বুঢ়াই আৰু কথাতো নিয়ন্ত্ৰন কৰি ৰাখিব নোৱাৰিলে। ইফালে সিফালে চাই মোলোক দেউক কথাতো সম্পূৰ্ণ ৰূপে বৰ্ণনা কৰি কলে। মোলোক দেউৱে কথাটো ভালদৰে হজম কৰিলে আৰু মিচিক-মাচাক হাঁহিৰে আনক কবলৈ বাট বুলিলে।


৩। ভল ভলীয়া বুঢ়া সলসলীয়া মুখ
           এবাৰ সুৰুঙা পাই
    ঢোলোক-ঢালাক বাগৰি পৰিল
           ফুচুক ফাচাক কাই।
-কথাখিনিৰ ভাব বহলাই লিখা।
উত্তৰ:-
গুপুত কথাটি বুঢ়ায় কাকো নকওঁ বুলি মনতে সাঁচি থৈছিল। মোলোক দেওঁকো প্ৰথমে কব বিছৰা নাছিল। কিন্তু ভল ভলীয়া বুঢ়া সলসলীয়া মুখ সেয়েহে এবাৰ সুৰুঙা পায় মোলোক দেওঁক গোটেই কথাখিনি আদিৰ পৰা অন্তলৈ সলসলীয়াকৈ কৈ দিলে। আৰু আনৰ কথা বুটলি ফুৰা মোলোক দেওঁৱে কথাটো কোনোমতে হজম কৰি মিছিক-মাছাক হাঁহিৰে আনক কবলৈ বাট বুলিলে।


৪। কবিতাটিৰ পৰা ‘ক’ বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা।
উত্তৰ:-
ফুচুক-ফাচাক, চুচুক-চামাক, জুপুক-জাপাক, পোলোক-পালাক, মোলোক, গুজুক-গাজাক, ঘোটোক-ঘাটাক, মটক-মাটাক, খটক-খাটাক, ভুতুক-ভাতাক, ঢোলোক-ঢালাক, টুপুক-টাপাক, মুচুক-মাচাক।


৫। উত্তৰ দিয়া-


(ক) ভাত উতলাদি ভুতুক-ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱৰা হৈ আছিল?
উত্তৰ:-
ফুচুক-ফাচাক কথা।


(খ) মোলোক দেওঁ কেনেকৈ যাবলৈ ওলাল?
উত্তৰ:-
মোলোক দেওঁ খৰম খটক-খাটাক কৰি যাবলৈ ওলাল।


(গ) মোলোক দেউৱে কেনেদৰে বাট বুলিছিল?
উত্তৰ:-
মুচুক-মাচাক হাঁহি মাৰি।


৬। বিশেষ্য পদবোৰ বিষেশণ পদলৈ নিয়া।
উত্তৰ:-
বন – বনুৱা।
            ৰণ – ৰণুৱা।
            ঘৰ – ঘৰুৱা।
            সাৰ -সাৰুৱা।
           পলস – পলসুৱা।
           বজাৰ – বজৰুৱা।

৭। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা।
উত্তৰ:- 
মুচুক মাচাক – চুচুক চামাক – খুচুক খাচাক – ফুচুক ফাচাক


টুপুক টাপাক – ভুটুক ভাটাক – জুপুক জাপাক – খুটুক খাটাক


কুৰুক কাৰাক – মুৰুক মাৰাক – পুৰুক পাৰাক – ভুৰুক ভাৰাক


চল্চলীয়া – জল্জলীয়া – গলগলীয়া – মলমলীয়া


কিচ্কিচীয়া – মিচ্মিচীয়া – বিজবিজীয়া – চিক্চিকীয়া


৮। কবিতাকেইফাকি পঢ়া আৰু অনুৰূপ শব্দবোৰত( )চিন দিয়া।

(ঘৰ চৰ) ভাঙি নিলে
     বৰদৈচিলাই
ৰহিমলাই কান্দি আছে
    (ইনাই বিনাই)।
(চাউল টাউল) একো নাই
     খৰিবোৰো তিতা
(ছাগলী টাগলী) কেনি গ’ল
    (ছেদেলি ভেদেলি) ভিঠা।


১০। শব্দৰ লগত অৰ্থ মিলোৱা।
উত্তৰ:-
আটা – ঘেঁহুৰ গুড়ি।
            আতা – পিতাকৰ পিতাক।
            কাণ – শুনা ইন্দ্ৰিয়।
             কান – কান্ধ


১১। তলত দিয়া শব্দবোৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা।
       থৰক্ বৰক্, তিৰবিৰ্, খেচ্ খেচ্, গুণ্গুণ্, মচক্ মাচাক্, কেৰ্ মেৰ্, কুল্কুল্, মিচিক্ মাচাক্

(ক) নিজৰা বৈ যায়
        কুল্কুল্ কৈ
ভোমোৰাই উৰি ফুৰে
        গুণ্গুণ্ কৈ।
বতাহত বাঁহ জোপাই
       কেৰ্ মেৰ্ কৰে।
আকাশত তৰাবোৰে
        তিৰ্ বিৰ্ কৰে।

(খ) নপঢ়িলে দেউতাই
         খেচ্ খেচ্ কৰে।
মিচিক্ মাচাক্ হাঁহি মাৰি
        ভাইটি লৰ মাৰে।
আইতা আহে ওচৰ চাপি
         থৰক্ বৰক্ কৰি।
ভণ্টিও আহে বিস্কুট খাই
         মচক্ মচক্ কৰি।

*

Post a Comment (0)
Previous Post Next Post