মিছাইল মানৱ
সপ্তম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ পাঠ ৮
assamese lesson 8
class 7 assamese question answer AssamQna
১) উত্তৰ দিয়া।
(ক) 'মিছাইল মানৱ' নামেৰে কাক জনা যায়?
উত্তৰ:- মিছাইল মানৱ নামেৰে আব্দুল কালামক জনা যায়।
(খ) সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ:- সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হল - ৰোহিনী।
(গ) আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল?
উত্তৰ:- আব্দুল কালামে শেষ নিশ্ৱাস শ্বিলঙৰ ভাৰতীয় ব্য়ৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাতেই মৃত্যক আকোৱালী লৈছিল।
(ঘ) তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন?
উত্তৰ:- তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈ পিতৃ- মাতৃ ,প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষক সকল আদৰ্শ নায়ক।
২) উত্তৰ দিয়া।
(ক) সপোন দেখা , সপোন দেখা ,সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰতিয়েই হ'ল কাম- এই কথাষাৰি কোনে, কাক কৈছিল?
উত্তৰ:- এই কথাষাৰ আব্দুল কালামে অকণিহতক কৈছিল।
(খ) তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল?
উত্তৰ:- তেখেতে সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল।তাত সাৰেং আৰু গঙা চিলনী চৰাই বোৰে আকাশী-পথত উৰি থকা প্ৰচেষ্টাক তেওঁ গভীৰভাবে নিৰিক্ষণ কৰিছিল।
তেওঁৰ এইবোৰ বিষয়ৰ অনুৰাগী আছিল।
(গ) আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল?
উত্তৰ:- আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উৰন্ত চৰাই জাকৰ ৰহস্য়ই প্ৰভাৱান্বিত কৰিছিল ।
(ঘ) মনে -প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল?
উত্তৰ:- মনে- প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰহোৱাটো বিছাৰিছিল।
৩) শব্দৰ লগত অথ মিলোৱা ।
উত্তৰ:- উতক্ষেপন - প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা
প্ৰজ্বলিত - বৰকৈ জ্বলা (জুই)
অভ্যন্তৰীণ - ভিতৰুৱা
বিচক্ষণ - অলংকাৰ
অদম্য - যাক দমাব বা বশ কৰিব নোৱাৰিব
দিগন্ত - দ্গিবলয়, আকাশৰ সীমা
ভূষণ - পাগত, উত্তম
নিৰীক্ষণ - দূৰৈৰ পৰা ভালকৈ চোৱা
৬) তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা ।
উত্তৰ:- জাগ্ৰত- নিন্দা
কৃত্ৰিম- প্ৰাকৃতিক
সুপ্ত-জাগি থকা
সফলতা - বিফলতা
উৎসাহ-নিৰুৎসাহ
অক্ষম- সক্ষম
৭) বাক্য ৰচনা কৰা ।
উত্তৰ:- মণে-প্ৰাণে – মণে -প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল।
শয়নে সপোনে - ৰহিমে শয়নে সপোনে সি এটা ভাল গায়ক হ'ব বিচাৰিছে ।
আকাশী-পথ — ৰকেট খন আকাশী পথত উৰা মাৰিছে ।
অদম্য ইচ্ছা - ৰামৰ এজন ভাল খেলোৱৈ হোৱাৰ অদম্য় ইচ্ছা আছে ।
বিনিময় - জোনবিল মেলাত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান-প্ৰদান কৰা হয়।
