জীৱন ধাৰণাৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৯
social science lesson 19
class 6 social science question answer assamese medium
class 6 AssamQna
১) প্ৰযুক্তি কাক বোলে? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা।
উত্তৰ:- কোনো কাৰ্য পৰিচালনা আৰু সম্পাদনাৰ বাবে বৈজ্ঞানিক চিন্তা চৰ্চা, আহিলা পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে প্ৰযুক্তি বুলিব পাৰি।
কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তু হৈছে- বাছ, এৰোপ্লেন, ট্ৰেক্টৰ, কম্পিউটাৰ ইত্যাদি।
২ ) আমাৰ জীৱন যাপনৰ মান উন্নয়নত প্রযুক্তিয়ে কেনেধৰণে সহায় কৰিছে লিখা ।
উত্তৰ:- আধুনিক শিক্ষাৰ প্ৰসাৰৰ লগে লগে মানুহে বৈজ্ঞানীকভাৱে চিন্তা চৰ্চা কৰি বিভিন্ন ধৰণৰ আহিলা পাতি তৈয়াৰ কৰিব পৰা হৈছে । এই উন্নত আহিলা পাতি আৰু কৌশল প্ৰয়োগ কৰিয়েই প্ৰকৃতিৰ অৱদান সমূহক আমাৰ উপভোগ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয় । এনেদৰে প্ৰযুক্তিয়ে আমাৰ দৈনিন্দন জীৱনত অহর্নিশে সহায় কৰি আছে ৷ প্ৰযুক্তিয়ে আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে । এতিয়া মানুহে কম সময়তে কম কষ্ট কম খৰচত বহুতো কাম কৰিব পৰা হৈছে । দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে । পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি হৈ পৰিছে । ফলস্বৰূপে বিভিন্ন দেশৰ মাজত বেহা বেপাৰ বৃদ্ধি হৈছে । লগে লগে অৱসৰ বিনোদনৰ বাবে বিভিন্ন সুবিধৰো সৃষ্টি হৈছে । প্ৰকৃতিৰ অৱদান আৰু প্ৰযুক্তিৰ জ্ঞানে মানুহৰ জীৱন ক্রমান্বয়ে উন্নতৰ পৰা উন্নতৰ স্তৰলৈ লৈ গৈছে ।
৩ ) প্রযুক্তি অবিহনে আমাৰ জীৱন - ধাৰণ প্ৰণালী কেনেকুৱা হ'লহেতেন বৰ্ণনা কৰা ।
উত্তৰ:- প্ৰযুক্তি অবিহনে আমাৰ জীৱন - ধাৰণ প্রণালী বহুত লেহেম হ'লহেতেন । আমি খৰতকীয়াকৈ কৰা কামসমূহ লেহেম হ'লহেতেন । প্ৰযুক্তিৰ অবিহনে আমি কাম - কাজসমূহ বহুত কষ্টত সম্পাদন কৰিবলগা হ'লহেতেন । প্ৰযুক্তিৰ জৰিয়তে আমি এটাইৰ পৰা আন ঠাইলে অতি সহজে অতি কম সময়ত যাব পাৰো , যি প্ৰযুক্তিৰ অবিহনে সম্ভৱ ন'হলেহেতেন । দূৰ - দূৰণিৰ খবৰসমূহ প্ৰযুক্তিৰ জৰিয়তে অতি কম সময়ত আমি লাভ কৰিছোঁ , যি প্ৰযুক্তিৰ অবিহনে সম্ভৱ ন'হলেহেতেন ।
৪) নদীৰ পানী প্ৰকৃতিৰ দান। এনেদৰে আৰু কি কি প্ৰকৃতিৰ দান আছে সেইবোৰক আমি কি কামত ব্যৱহাৰ কৰোঁ। ব্যাখ্যা কৰা।
উত্তৰ:- নদীৰ পানী প্ৰকৃতিৰ দান সেইদৰে সূৰ্যৰ মাটি আদিও প্ৰকৃতিৰ দান । পানীক জলসঞ্চিন আৰু বিজুলী সৃষ্টিৰ বাবে আমি ব্যৱহাৰ কৰোঁ । সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰি বিভিন্ন সময়ত কামত প্ৰয়োগ কৰো গছ গছনিৰ পৰা বিভিন্ন আচবাচ পত্র , ঘৰ বন্ধ কামৰ উপৰিও বিভিন্ন কামত ব্যৱহাৰ কৰা যায় । মাটিৰ পৰা পোৱা খনিজ পদার্থক আমি বিভিন্ন সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰোঁ । সেয়েহে আমি কব পাৰো যে মানৱ সভ্যতা প্ৰকৃতি আৰু প্ৰযুক্তিৰ সম্বনয়ৰ ফল ।
৫) খালী ঠাই পূৰ কৰা–
(ক) মানুহৰ ______ কোনো _______ নাই।
উত্তৰ:- অভাৱৰ, সীমা
(খ) জীৱন-ধাৰণৰ মান _____ কৰিবলৈ বিচৰাটো প্ৰতি গৰাকী মানুহৰ স্বাভাৱিক _______।
উত্তৰ:- উন্নত, হাবিয়াস
(গ) মানৱ সভ্যতা হ’ল ______ আৰু ______ ৰ সমন্বয়ৰ ফল।
উত্তৰ:- প্ৰকৃতি, প্ৰযুক্তি
(ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক __________ আৰু _________ কৰি তুলিছে।
উত্তৰ:- খৰতকীয়া, আৰামদায়ক
(ঙ) গোবৰৰ পৰা ________ আৰু সূৰ্যৰ ৰশ্মিৰ পৰা ________ প্ৰস্তত কৰা হয়।
উত্তৰ:- গোৱৰ গেছ, সৌৰশক্তি
৬) অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা-
ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত/সীমাহীন।
উত্তৰ:- সীমিত
খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে/নালাগে।
উত্তৰ:- নালাগে
গ) প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহনিশে সহায় / অসুবিধা কৰি আছে।
উত্তৰ:- সহায়
ঘ) প্ৰযুক্তিৰ সহায় নোলোৱাকৈ/লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে।
উত্তৰ:- লৈ
ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি/অচিনাকি।
উত্তৰ:- চিনাকি
