কৃষি, উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২০
social science lesson 20
class 6 social science question answer assamese medium
class 6 AssamQna
১) প্ৰযুক্তিৰ ব্যৱহাৰ মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা ।
উত্তৰ:- আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে মানুহৰ শ্ৰম বহু পৰিমানে লাঘৱ হোৱা পৰিলক্ষিত হৈছে । দৈনন্দিন জীৱন প্ৰণালীৰ উন্নতি সাধন হৈছে । প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত বিভিন্ন দিশত প্ৰভাৱ পেলাইছে । উদাহৰণ স্বৰূপে – কৃষি ক্ষেত্ৰত ব্যাপক উন্নতি হোৱা দেখা গৈছে । ট্ৰেক্টৰ , পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কৃষকসকলে কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে । উন্নতমানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । কৃষি ক্ষেত্ৰত বন নিৰোৱা , শস্য কটা , মৰাণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট লাঘৱ হোৱাৰ লগতে সময় ৰাহি হৈছে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । গৰু ম'হ , হাঁহ , মুৰ্গী , মনী পালনৰ ক্ষেত্ৰতো আজিকালি নানা আধুনিক প্রযুক্তি কৌশলৰ ব্যৱহাৰ হয় ।
২ ) কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে ?
উত্তৰ:- কৃষক সকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ , পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে অধিক মাটি চহাব পৰা হৈছে । জলসিঞ্চন ব্যৱস্থাৰ ফলত বছৰৰ সকলো সময়তে সকলো ধৰণৰ খেতিৰ বাবে পানীৰ যোগান ব্যৱস্থা হৈছে । উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিত অধিক ফচল উৎপাদন হয় । বন নিৰোৱা , শস্য কটা আৰু মৰণা মৰা যন্ত্ৰ ব্যৱহাৰৰ ফলত কৃষকৰ শাৰীৰিক কষ্ট বহু পৰিমাণে লাঘৱ হৈছে ৷ পোক - পতংগৰ আক্ৰমণৰ পৰা শস্যক ৰক্ষা কৰিবলৈ নানাধৰণৰ কীটনাশক দ্ৰব্য আজিকালি দ্রব্য ব্যৱহাৰ কৰা হয় । এই আটাইবিলাক ব্যৱস্থা আৰু সুবিধা আমি প্রযুক্তি কৌশল প্রয়োগ কৰিহে লাভ কৰিবলৈ সক্ষম হৈছোঁহক ।
যিবিলাক বস্তু আমি প্ৰকৃতিৰ পৰা প্রত্যক্ষভাবে লাভ কৰিব নোৱাৰোঁ সেইবিলাক সামগ্ৰী আমি উদ্যোগৰ জৰিয়তে পাওঁ । প্ৰকৃতিৰ পৰা পোৱা কেঁচা সামগ্ৰীসমূহ কাৰখানা বা উদ্যোগত কাৰিকৰি কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি আমাৰ উপভোগ্য সামগ্ৰীলৈ ৰুপান্তৰ কৰা হয় ৷ উদাহৰণস্বৰূপে কুঁহিয়াৰৰ ৰসৰ পৰা চেনি প্রস্তুত কৰা হয় । আমি ব্যৱহাৰ কৰা কাগজসমূহ বাঁহ গছৰ পৰা তৈয়াৰ কৰা হয় । আমাৰ দেশত বিভিন্ন ধৰণৰ উদ্যোগ আৰু কল - কাৰখান আছে । যেনে - চাহ উদ্যোগ , তেল উদ্যোগ , লো - তীখা উদ্যোগ ইত্যাদি । প্ৰযুক্তিৰ সহায়ত উদ্যোগসমূহত কম খৰচতে অধিক উৎপাদন হোৱাৰ লগতে উৎপাদিত সামগ্ৰীসমূহ কৌশলযুক্ত আৰু উন্নত মানৰ হয় ।
৩) কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰে?
উত্তৰ:- কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ গ্ৰহণ কৰে - কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালিৰ কৃষকে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰিছে।
আগৰ নাঙল, হাল, কোৰ, যুঁৱলি, মৈ ইত্যাদি লৈ খেতি কৰা কৃষকে আজিকালি ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে।
বজাৰত উপলব্ধ বা চৰকাৰী ভাৱে পোৱা উন্নত জাতৰ বীজ আজিকালি খেতিয়কে ব্যৱহাৰ কৰে।
জলসিঞ্চনৰ বহুল ব্যৱহাৰ দেখা যায় যাৰ বাবে কৃষকে বছৰৰ সকলো সময়তে খেতি কৰি লাভম্বিত হোৱা দেখা গৈছে।
৪ ) তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা ।
উত্তৰ:- আমাৰ দেশৰ কেইটামান উদ্যোগ হৈছে – চাহ উদ্যোগ , তেল উদ্যোগ , লো – তীখা উদ্যোগ , কাগজ উদ্যোগ , মৰাপাট উদ্যোগ , প্লাইউড উদ্যোগ , বস্ত্ৰ উদ্যোগ , তাপবিদ্যুৎ কেন্দ্র , জলবিদ্যুৎ ইত্যাদি ।
৫) ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভৱান হ'ব পাৰি লিখা ।
উত্তৰ:- ইণ্টাৰনেটৰ জৰিয়তে আজি আমি বহুত সুবিধা গ্ৰহণ কৰি আছোঁ । ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য - পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি ৷ ই মেইলৰ জৰিয়তে নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলে যিকোনো খবৰ , তথ্য , স্থিৰ ছবি বা ভিডিঅ ছবি প্ৰেৰণ কৰিব পাৰি ৷
৬) চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম উল্লেখ কৰা। সেইবোৰৰ সহায়ত কি কৰা হয় শিক্ষকৰ সহায়ত জানি লোৱা।
উত্তৰ:-
ক) থাৰ্মোমিটাৰ- শৰীৰৰ উষ্ণতা জোখা হয়।
খ) স্টেথ’স্কোপ- হৃদযন্ত্ৰ স্পন্দন জোখা হয়।
গ) আল্ট্ৰা চাউণ্ড- শৰীৰৰ ভিতৰৰ জীৱন্ত ছবি নীৰিক্ষণ কৰা হয়
ঘ) এক্স’ ৰে’- এবিধ বিশেষ ধৰণৰ ৰশ্মি ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰৰ কঠিন অংশ ( যেনে-হাড়, দাঁত) ৰ ছবি লোৱা হয়।
ঙ) চি টি স্কেন- কম্পিউটাৰ আৰু এক্স ৰে সমাহাৰ থকা এই যন্ত্ৰৰ দ্বাৰা শৰীৰৰ ভিতৰৰ কোনো অংশ নিৰীক্ষণ কৰিব পাৰি।
চ) এম আৰ আই- এবিধ যন্ত্ৰ, যাৰ জৰিয়তে বৈদুতিক তৰংগ পাৰ কৰি মগজুৰ ছবি লোৱা হয়।
৭ ) প্রযুক্তিয়ে যাতায়ত ব্যৱস্থালৈ অনা পৰিৱৰ্তনসমূহ আলোচনা কৰা ৷
উত্তৰ:- চকাৰ আৱিস্কাৰৰ পিছৰে পৰা মানুহে বিভিন্ন ধৰণৰ যান - বাহন প্ৰস্তুত কৰি ল'ব পৰা হ'ল । যেনে চাইকেল , ৰিক্সা , মটৰ গাড়ী , ৰে'লগাড়ী আদচি । এৰোপ্লেন , বিদ্যুৎ চালিত ৰে'ল , মেট্ৰ ' ৰে'ল আদিৰ সহায়ত নিমিষতে বহু যোজন বাট অতিক্ৰম কৰাটো সম্ভৱ হৈছে ৷ ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী , সাগৰ , মহাসাগৰ আদিৰ জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিৱহন কৰিব পাৰি ৷
৮) কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে শিক্ষকৰ সহায়ত আলোচনা কৰি লিখা ।
উত্তৰ:- কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে তাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল - কম্পিউটাৰৰ জৰিয়তে আমি অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰো । ইয়াৰ জৰিয়তে ইণ্টাৰনেটৰ সহায়েৰে আমি দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে এতিয়া নিজৰ ঠাইত থাকি আঁতৰৰ শিক্ষা অনুষ্ঠানৰ শিক্ষা লাভ কৰিব পৰা হৈছে । প্রজেক্টৰৰ সহায়ত ডাঙৰ ডাঙৰ চিত্ৰৰ আকাৰে আমি কণ কণ শিশুসকলক সহজতে সকলো বিষয়সমূহ বুজাব পৰা যায় আৰু প্ৰ'জেক্টৰৰ জৰিয়তে তেওঁলোক অতি সহজে বুজিও পায় । অতি কম সময়তে বহুতখিনি বিষয় বুজাব পৰা যায় ।
৯) খালী ঠাই পূৰ কৰা-
(ক) উন্নত _______ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে ______ ফচল উৎপাদন হয়।
উত্তৰ:- মানৰ বীজ, অধিক
(খ) বৰ্তমান সময়ত _______ স্থাপন কৰি ফচলসমূহ বহুদিনলৈ ________ সংৰক্ষণ কৰিব পাৰি।
উত্তৰ:- শীতল ভঁৰাল, সতেজভাৱে
(গ) ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে ______ আৰু ________ কৰিব পাৰি।
উত্তৰ:- সংগ্ৰহ, সংৰক্ষণ
(ঘ) ________ হ’ল পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত কৰা এটা যন্ত্ৰ।
উত্তৰ:- কৃত্ৰিম উপগ্ৰহ
