উন্নত জীৱনৰ প্ৰয়োজনসমূহ ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১৮ social science lesson 18 class 6 social science question answer assamese medium class 6 AssamQna

উন্নত জীৱনৰ প্ৰয়োজনসমূহ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৮
social science lesson 18
class 6 social science question answer assamese medium
class 6 AssamQna

১। মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি ?  উদাহৰণেৰে সৈতে লিখা ।
উত্তৰ:-
মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ দুই ভাগত ভগাব পাৰি আৰু সেইবোৰ হ'ল
             ব্যক্তিগত প্রয়োজন:- মানুহে নিজৰ ব্যক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে , সেইবিলাকেই হ'ল মানুহৰ ব্যক্তিগত প্রয়োজন । যেনেঃ এজন কৃষকৰ প্ৰয়োজন , এজন চিকিৎসকৰ প্ৰয়োজন ৷
               সামাজিক প্রয়োজন:- সমাজত সুস্থ - সবল আৰু শান্তিপূৰ্ণভাৱে থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা আৰু সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰক সামাজিক প্রয়োজন বুলি কোৱা হয় । যেনেঃ জনস্বাস্থ্যৰ বাবে চিকিৎসালয় , শিক্ষাৰ বাবে বিদ্যালয় ।


২। মানুহৰ জীৱন - ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনেদৰে সহায় কৰে ? শিক্ষকৰ সৈতে আলোচনা কৰি লিখা ।
উত্তৰ:-
মানুহে নিজৰ ব্যক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে , সেইবিলাকেই হ'ল মানুহৰ ব্যক্তিগত প্রয়োজন । যেনেঃ এজন কৃষকৰ প্ৰয়োজন , এজন চিকিৎসকৰ প্ৰয়োজন ৷
        এজন কৃষকৰ প্ৰয়োজন হয় খতি কৰিবৰ কাৰণে ভাল সা - সঁজুলি । প্রাকৃতিক সম্পদসমূহৰ পৰা সহায় পোৱাৰ উপৰিও আৱশ্যকীয় যন্ত্ৰ - পাতিসমূহ সঠিক সময়ত পালে খেতিয়ক আৰু অধিক খাদ্য শস্য উৎপাদন কৰিব পাৰিব । অধিক শস্য পালে খেতিয়কে বজাৰত বিক্ৰী কৰি মুনাফা অর্জন কৰিব আৰু নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিব পাৰিব আৰু লগতে নিজৰ পৰিয়ালৰো অভাৱ অনাটনসমূহ দূৰ কৰিব পাৰিব । এইদৰেই জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে মানুহক সহায় কৰে ।


৩। প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত ল'বা ?
উত্তৰ:-
প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তুলিবৰ বাবে মই তলত উল্লেখিত কামবোৰ কৰিম-
ক) গছপুলি ৰোপণ কৰিম।
খ) জাৱৰ নিষ্কাষণৰ বাবে দাষ্টবিন বা দ গাত ব্যৱহাৰ কৰিম।
গ) পলিথিন বা প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিম।
ঘ) গছ গছনি নিজেও নেকাটো আৰু আনকো কটাত বাধা দিম।
ঙ) পৰিবেশ প্ৰদূষণৰ কু প্ৰভাৱৰ  কথা মানুহৰ আগত ব্যক্ত কৰিম।


৪। শিক্ষানুষ্ঠানৰ পৰা তোমালোকে কেনেদৰে উপকৃত হব পাৰিছা ? বহলাই লিখা ।
উত্তৰ:-
শিক্ষানুষ্ঠান বা বিদ্যালয়ৰ পৰা আমি আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰিছোঁ । শিক্ষক শিক্ষয়িত্ৰীৰ সজ গুণ সজ আদৰ্শ , মানৱীয় গুণৰ বিষয়ে শিক্ষা লাভ কৰিব 1 পাৰিছোঁ । বিদ্যালয়ত পাঠ্যপুথি অধ্যয়নৰ উপৰিও পুথিভঁৰালৰ পৰা বিভিন্ন পুথি অধ্যয়ন কৰি জ্ঞান লাভ কৰিব পাৰিছোঁ । বিদ্যালয়ত অনুষ্ঠিত বছেৰেকীয়া খেল ধেমালিত অংশগ্ৰহণ কৰি শাৰীৰিক , মানসিক , আৰু আধ্যাত্মিক উৎকর্ষন সাধন হৈছে । আমি শিক্ষাগুৰুসকলৰ পৰা সকলো মানৱীয় গুণ আয়ত্ত কৰিবলৈ যত্নবান হোৱা উচিত । এইবোৰ আমাৰ সামাজিক প্ৰয়োজন পূৰণ কৰি এক সুস্থ জীৱন যাপনত বিশেষভাবে সহায় কৰিব ।


৫। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-

(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰে প্ৰয়োজন নহয়।
উত্তৰ:-
অশুদ্ধ।


(খ) আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল।

উত্তৰ:- অশুদ্ধ।


(গ) জীৱন-ধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয়।
উত্তৰ:-
শুদ্ধ


(ঘ) পুথিভঁৰাল জনস্বাস্হ্য বিভাগৰ অন্তৰ্গত বিষয় ।
উত্তৰ:-
অশুদ্ধ।


(ঙ) প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে।
উত্তৰ:-
শুদ্ধ।


(চ) সামাজিক প্ৰয়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো আৱশ্যকতা নাই ।
উত্তৰ:-
অশুদ্ধ।

*

Post a Comment (0)
Previous Post Next Post