শিশু লীলা Lesson 1 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

শিশু লীলা
Lesson 1 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


প্ৰশ্নাৱলী

১) অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া-
ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দুৰী” ।।
       -  কৃষ্ণগীত গোৱা সুন্দুৰীগৰাকী কোন ?
উত্তৰ:-
কৃষ্ণগীত গোৱা সুন্দুৰীগৰাকী নন্দৰজাৰ পত্নী যশোদা ।


খ) ‘কৰ্ণত কুণ্ডল দোলে আতি।’

-  কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে ?
উত্তৰ:-
মাতৃ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে ।


গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
-  ইয়াৰ কাৰ অৰুণ অধৰৰ কথা কৈছে ?
উত্তৰ:-
শিশুৰুপী শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে ।


ঘ) ‘মথনি ধৰিয়া নিষিধি’ ।
-  ‘মথনি শব্দৰ অৰ্থ কি’?
উত্তৰ:-
গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা মাৰি ।


ঙ)‘নোজোড়ে আঈুল দুই জৰী’ ।
-  ইয়াত কাৰ জৰীৰ নাটনি হৈছে ?
উত্তৰ:-
মাতৃ যশোদাৰ জৰীৰ নাটনি হৈছে ।


চ)‘ৰুণ ঝুণ কেয়ৰ কঙ্কণ’।
-  কাৰ কেয়ুৰ কঙ্কণ ‘ৰুণ ঝুণ’ শব্দৰ কথা কোৱা কৈছে ?
উত্তৰ:-
কৃষ্ণ মাতৃৰ যশোদাৰ হাতৰ কঙ্কণৰ ‘ৰুণ ঝুণ শব্দৰ কথা কোৱা কৈছে ।


২) 'শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰ:- 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীত্তন ঘোষা'ৰ অন্তগত 'শীশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে থিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনেযোগ আকষন কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত ভ.তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনি মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যনিভাগ কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মাহনীয় ৰূপ। এয়াযেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।


৩)  শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন ঘোষা’ৰ বিষয়ে চমুকৈ লিখা। 
উত্তৰ:- 
‘কীৰ্ত্তন’ মহাপুৰুষ শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন । ‘কীৰ্ত্তন’ পুথি বৈষ্ণৱ ধৰ্মৰ তথা সাহ্যিতৰ কীৰ্ত্তিস্তম্ভ। বৰ্তমান ‘কীৰ্ত্তন’ ২৭ টা স্বয়ংপুৰ্ণ খণ্ডৰ সমষ্টি ।গুৰুজনাই নাম-প্ৰসংগৰ উপযোগী কৰি ঘোষা আৰু পদসহ এই পুথি ৰচনা কৰে ।ভগৱান শ্ৰী বিষ্ণু আৰু শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা –ৰহস্য আদি ইয়াৰ মূল বিষয়-বস্ত


৪) 'শিশুলীলা' পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰ:- 
'শিশুলীলা' পাঠটি শ্ৰীমন্ত শংকৰদেৱেৰ দ্বাৰা বিৰচিত 'কীতন-ঘোষা'ৰ অন্তগত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পতি পূনব্ৰহ্ম অৱতাৰ । সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰনৰ হেতু সাধাৰন মানৱশিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। 'শিশুলীলা' মহাপুৰুষ শংকৰদেৱৰ  ভগৱত প্ৰেমৰ সুন্দৰ নিদেশন।
               মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূণ 'শিশুলীলা' পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা  পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত । যি জনা পৰম ঈশ্বৰক মহা মহা । যোগী সধিক সকলে *** তপ-যপ কৰিও দশন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ইশ্বৰক একমত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰ মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰমহ্ম কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।
                ভগবান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মাহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সবব্যপ্ত, সবশক্তিমান। কেৱল ভকতিৰ জৰিসতেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে 'শিশুলীলা' পাঠটিৰ তাপয।


৫) ‘তাহাম্ক তনয় মানি বলে।

যদোদা বান্ধত উডুখলে।’ – কথাষাৰৰ অন্তনিৰ্হত 
তাৎপৰ্য বুজাই লিখা।
উত্তৰ:- 
ভগৱান শ্ৰীকৃষ্ণক মাতৃ যশোদাই সাধাৰণ পুত্ৰ বুলি ভাবি উৰাতল বান্ধিবলৈ ধৰিল উদ্যত হোৱা দেখিছে ।

   শ্ৰীবিষ্ণুৰ অংশস্বৰুপ ভগৱান কৃষ্ণই মননুষ্য জন্ম লৈ সাধাৰম শিশুৰ দৰে কাৰ্য কৰি নানান লীলা দেখুৱাইছে । মানৱ শিশুৰ দৰে বিভিন্ন দুষ্টামি  কৰিছে । মাকৰ কামত ব্যাঘাত জন্মাইছে । মাক যশোদাই  তেওঁৰ পুত্ৰ ভগৱান বুলি অনুভৱ কৰে যদিও কৃত্ৰিম খঙৰে পুত্ৰক শাসন কৰিছে । শ্ৰীকৃষ্ণই কৰা উৎপাতত থকিব নোৱাৰি তেওঁ হাতত এছাৰি লৈ পুত্ৰৰ পিছে পিছে খেদিুছে । মাতৃৰ দুখা দেখি তেওঁ ধৰা দিছে। এই সুযোগতে যশোদাই পুত্ৰক উৰালচত বান্ধিবলৈ ৰছি লৈছে ।


৬) 'নাহি আদি অন্ত পূৰ্বাপৰ।
     পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।' ---- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰ:-
  'নাহি...............
             .............................ইশ্বৰ'! ---- কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূনব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে।
             ভগৱান শ্ৰীকৃষ্ণই প্ত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু ভান্দৰকো দিছিল। শিশুকৃষ্ণৰ উপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু  শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সোয়েহে যশোদাই তেওঁক বান্ধিব বিছাৰোতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হল। অৱশেষত মাকৰ প্ৰৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই, তেৱেই এই সৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰি জগতৰ সৃষ্টিকতা পূন ব্ৰহ্ম অৱতাৰা


৭)  বাখ্যা কৰা-
   ক) যাক যোগী নাপাৱে ধ্যানত।
       হেন হৰি পলান্ত ভয়ত।।
উত্তৰ:-
  উদ্ধৃত পদফাকি শ্ৰীমম্তশংকৰদেৱ ৰচিত “শিশুশীলী” নামৰ পাঠটিৰ পৰা লোৱা হৈছে ।

  ভগৱানৰ কৃষ্ণইৰ মহাত্ম্য প্ৰকাশ কৰিবলৈ গৈ কবিয়ে উক্ত পদফাকিৰ অৱতাৰণা কৰিছে ।

   শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ অংশ । নানান লীলা-মায়া প্ৰৰ্দশন কৰিবলৈ তেওঁ মনুষ্য জীৱন ধৰিছে । ভগৱান ভক্তৰ অধীন ।  যশোদাই ভগৱান কৃষ্ণক পুত্ৰ হিচাপে পাবলৈ  আকাংক্ষা কৰিছিল । ভক্তৰ ভক্তিত সন্তষ্ট হৈ যশোদাৰ ঘৰত পুত্ৰৰূপে থকি নানা লীলা-খেলা  কৰি সকলোকে আনন্দ প্ৰধান কৰিছিল । ভগৱান ঈশ্বৰৰ এনে অৱস্হা দেখি কবি বিমোহিত বৰ্ণনা কৰিছে যে যিগৰাকী পৰমেশ্বৰক যোগীসকলে ধ্যান কৰিও  ধ্যানত পাব নোৱাৰে সেইজন ভগৱান মাকৰ ভয়তে সন্ত্ৰাসিত হৈ দৰি পলাই ফুৰিছে । এয়া কি মায়া নে ছলনা ধৰাটো কঠিন ।              


(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
   খাইবো আজি কৃষ্ণ তোৰ মাথা।।
উত্তৰ:- 
"ভাণ্ড..........................
            .................................মাথা"।
          উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
             কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।
              শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লবনুৰ টেকেলিবোৰ মজিয়াত চতিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে। যশোদাই জুইৰ পৰা গাখীৰ নমাইথৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে।

 

 (গ) পাচে পাচে যশোদা খেদন্ত।
       ভয়ে লাগ মাৱক নেদেন্ত ।।
উত্তৰ:- 
উদ্ধৃত পদফাকি শ্ৰীমম্তশংকৰদেৱ ৰচিত “শিশুশীলী” নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে ।

এদিনাখন যশোদাৰ কোলাত বহি শিশু কৃষ্ণই দুগ্ধ পান কৰি থকা অৱস্হাতে চৌকাত উতলিবলৈ দিয়া গাখীৰ উতলি পৰিব ধৰাত মাতৃ যশোদাই  পুত্ৰক আধা স্তন পান কৰা অৱস্হাতে কোলাৰ পৰ নমাই দি চৌকাৰ কাষলৈ দৌৰ দিলে । এই কথাত কৃষ্ণৰ খং উঠিল আৰু সেই খংতে দধিৰ ভাণ্ডবোৰ থকা কোঠালৈ সোমাই আহি দধিৰ ভাণ্ডবোৰ শিলেৰে ভাঙি শিকিয়াৰ নমাই আনি নিজেও খালে আৰু বান্দৰকো খোৱালে । উতলা গাখীৰ নমাই থৈ আহি যশোদাই পুত্ৰৰ কাণ্ড দেখি খংতে জ্বলি-পকি উঠিল আৰু পুত্ৰক মাৰিবলৈ হাতত এছাৰি লৈ খ্দি গ’ল। যশোদাৰ মূৰ্তি দেথি কৃষ্ণৰ বৰ ভয় লাগিল আৰু মাতৃৰ হাতৰ পৰা ৰক্ষা পাবলৈ দৌৰি পলাবলৈ ধৰিলে । যশোদায়ো  ধধি ভাণ্ডবোৰ ভাঙি পেলোৱা পুত্ৰক শাস্তি দিবলৈ তেওঁৰ পাছে পাছে দৌৰি খেদি গ’ল।  ইয়াতে ভীতিগ্ৰস্ত হৈ শিশু কৃষ্ণই মাকে যাতে লগ ধৰিব নোৱাৰে তাৰ বাবে বেছি জোৰৰে দৌৰিবলৈ ধৰিছিল ।


৮) শিশুলীলা পাঠৰ আধাৰত  শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰ:-
  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'কীতন ঘোষাৰ' অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে। এফালে শিশুকৃষ্ণৰ  দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি- উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱৎ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।
    কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে। দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।
     আনহাতে, শ্ৰীকৃষ্ণৰ  পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম। ভগৱান ভক্তৰ অধীন। ভকতবৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে। মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰি কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিৱলৈ পাহৰা নাই।


৯)  ‘মহাকোপে কোঠা পশিলন্ত’
সিঞ্চিৰাই লৱণু ভুজন্ত।।’ – কোনে অতি খংঙেৰে কোঠাত সোমাইছিল ? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা ।
উত্তৰ:- 
শ্ৰীকৃষ্ণই অতি খঙেৰে কোঠালৈ সোমাই আহিছিল ।

      এদিনাখন যশোদাই কৃষ্ণগীত গাই আনন্দ মনেৰে  দধি

আছিল । এনেতে শ্ৰীকৃষ্ণই দৌৰি মাকৰ কোলাত উঠিল আৰু যশোদাই তেওঁক স্তনপান কৰাবলৈ ধৰিলে । এনেতে যশোদাই পূবেই চৌকাত তুলি থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত যশোদই পুত্ৰক কোলাৰ পৰা নমাই থৈ চৌকালৈ লৰ দিলে । এনেদৰে মাক স্তনপান কৰাবলৈ এৰি চৌকালৈ ৱৰক দিয়া বাবে কৃষ্ণই খঙতে ওঁট কামুৰি দধিৰ ভাণ্ডবোৰ থকা কোঠালৈ সোমাই আহিল আৰু ভাণ্ডবোৰ শিলেৰ ভাঙি, শিকিয়াৰ পৰা নমাই আনি গোটেই কোঠাটোত দধি সিংচৰিত কৰি খাবলৈ ধৰিলে । আধা স্তনপান কৰোৱাত যশোদাৰ ওপৰত খঙৰ বাবেই কৃষ্ণই এইদৰে গোটেই কোঠাটোত দধি সিণচৰিত কৰি পেলাইছিল । 


১০) কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উওৰ:-
কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অবস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল।

ভাষা বিষয়


১১) তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ  সমাথক শব্দ লিখা
উত্তৰ:- 
কৰ্ণ --  কান
      ‌  অৰুণ  --  সূয্য
            দধি  --  দৈ
           বস্ত্ৰ   -- কাপোৰ              
       বদন     --  মুখ
           লৱণু -- মাখন
      কোপ    -- খং, ৰাগ
        দশন   -- দাঁত   
           দুগ্ধ  -- গাখীৰ
          ঈশ্বৰ -- ভগৱান


১২) তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপ লিখ
উত্তৰ:-
তাহাঙ্ক-- তেওঁক
           নোজোৰে -- নাটে
         খসি --  খহি
         ৰহিল --   ৰল
           আসি --   আহি
          ভৈলা --     হল
         আসান্ত --  আহিছে
         শিলায়ে --     শিলেৰে
         কাম্পে --    কঁপে
           মাৱক --   মাকক
         বসি -- বহি
         প্ৰয়াসি-- চেষ্টাকৰা
         খেদন্ত-- খেদিলে


১৩) তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
      অৰুণ
      কঙ্কণ
      কণ
      শ্ৰোণী
      ভাণ্ড
      নিষেধি
উত্তৰ:-

অৰুন : ঋ, ৰ, ষ আৰু 'নʼ ৰ মাজত স্বৰবৰ্ণ থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।
কঙ্কণ : স্বাভাৱিকতে  `ণʼ হৈছে।
কৰ্ণ: ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে শেষৰ `নʼ `ণ ʼ হৈছে।
ভাণ্ড : `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হৈছে।
নিষেধ : ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ  হয়।


১৪) পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰ:-
পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।





*

Post a Comment (0)
Previous Post Next Post